কেষ্টো জনী ৰাজ : এক ফ্লপ গল্প- দিগন্তকুমাৰ ভট্টাচাৰ্য
গল্প লিখিবলৈ বহিলে এনেকৈ ভাবিব লাগে – চাল্লা আপুনইছ্ ভগৱান হ্যে! নৱাজউদ্দিন ছিদ্দিকীয়ে তেনেকৈয়ে ভাবে। নৱাজ ভায়ে কলমটো হাতত তুলি ল’লে। মুখত বহু দিনৰ নুখুৰোৱা ডাড়ি। লকডাউনত বাহিৰলৈ যাব লগা হোৱা নাছিল। চুলি-ডাড়িৰতো কথাই নাই, নাকাটিলে-নুখুৰালেও একো নাই। চিগাৰেট এটা জ্বলালে। বেছি চিগাৰেট খাবলৈও ভয়। কিজানিবা নৰোত্তমৰ পাণদোকানখন আকৌ বন্ধ হয়। ওচৰতে ভাড়া কৰি থকা সুবিমল তালুকদাৰৰপৰা আকৌ ধাৰত চিগাৰেট খুজিবলৈ মন নাযাব। পাঁচটা দীঘলীয়া হোপা মাৰি চিগাৰেটটো নুমুৱাই কাণৰ ওপৰৰ অংশত গুজি ল’লে। গল্প লিখিব নৱাজে। চাল্লা ৰাইটাৰবোৰে সঁচাকৈয়ে
Read more