গাৰ্হস্থ্য- অসীমা শইকীয়া দত্ত
বিয়া হোৱাৰ পিছত চিনেমাই চিৰিয়েলে ৰোমাণ্টিক যোৰাবোৰ দেখিলে মোৰ নিজৰ দেৱে ৰাহি মিলোৱা টচ মুগাৰ যোৰাটো তন্ন তন্নকে চাওঁ। দেহি ঐ ৰোমাণ্টিক বুলিবলে জেগাই নাই কেনিও দুইটাৰে৷ হোমৰ জুইত ঘিউ ঢালি দেৱে যি কুৰা জুইক সাক্ষী কৰি বান্ধি পঠালে, সঁচ নুনুমালে৷ বৰনামঘৰৰ চাকিৰ দৰে কাললে ৰ’ল ঘৰতো আহি। প্ৰথম এদিনেই চিনেমাৰ দৰে হৈছিল কেচটো। মই গেট খুলি বাটত। পিছে পিছে শহুৰৰ পুতেক। মোৰ পিছে পিছে কথা কৈ গৈ হঠাৎ মাজতে মাত বোল নাই। বাওঁফালে ঘূৰি পিছলৈ চালোঁ বহু দূৰলৈকে ৰাষ্টাটো
Read more