বাওনা বৰুৱাৰ মহাজীৱনী-ড° সৰোজ কাকতি
তিনিদিনৰ পাছত মই কোৱা মতেই দুয়ো স্বামী-স্ত্ৰী আশ্ৰমলৈ আহিল। ঘৈণীয়েক বৰ ধুনীয়া, লাহিকৈ শৰীৰ, মিহিকৈ কঁকাল, উন্নত বক্ষ, মৃণালৰ দৰে বাহু, হৰিণীৰ দৰে চকু, এনে সৰ্বসুলক্ষণা ছোৱালীজনী যে সন্তানহীনা হ’ব তাক ভাবিবই নোৱাৰি। অলপ সোধ-পোচ কৰাৰ পাছত জানিব পাৰিলোঁ সন্তান নহোৱাৰ বাবে ছোৱালীজনীৰ কোনো দোষ নাই, দোষ পুৰুষজনৰহে। চিকিৎসাৰ প্ৰয়োজন গিৰীয়েকৰহে। কিন্তু ছোৱালীজনীৰ চিকিৎসা নকৰিলেতো নহ’ব, কৰিবই লাগিব। : শুনা পুত্ৰ, তুমি পূৰ্ব জন্মত এগৰাকী প্ৰখ্যাত এডভোকেট আছিলা আৰু আইনৰ বলত এগৰাকী মাতৃৰ বুকু সুদা কৰি তেওঁৰ সন্তানক আঁতৰাই ৰাখিছিলা।
Read more