বাল্মিকী বৰুৱাৰ আত্মজীৱনী – ডo সৰোজ কাকতি
দুৱাৰ খুলি দিব পাৰিলেই সকলো সমস্যাৰ সমাধান হয়। এপদ এপদকৈ বস্তুবোৰ শব্দ নুঠাকৈ আৰু বাহিৰলৈ নিব লাগে আৰু ভাৰ বান্ধি আনিব লাগে। তেতিয়াৰ দিনত গাড়ী, টেম্পো এইবোৰ নাছিল নহয়। মানুহে যিদৰে উৰিফুৰা চৰাইবোৰৰ কোনো চিন্তা ভাৱনা নাই বুলি ভাবে, চোৰ বিলাকৰো তেনেকৈ চিন্তা ভাৱনা নাই বুলি ভাবে। চৰাইবোৰেহে জানে ৰ’দ, বতাহ, বৰষুণ, শীত, শিলাবৃষ্টি, ধুমুহা, চিকাৰী, চিকাৰী চৰাই, আদিৰ পৰা কেনেদৰে জীৱনটো বচাই বচাই চলিব লাগে। চোৰ বোৰেও তেনেকৈ নিজৰ জীৱনটো হাতৰ মুঠিত লৈ চলিব লাগে। ঘৰৰ ভিতৰৰ পৰা আন্ধাৰে
Read more