বৃষ্টি আনয়নৰ লগত জড়িত বিভিন্ন ধৰণৰ লোকবিশ্বাস-কলচুম বিবি
প্ৰাচীন কালৰেপৰা আমাৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে কিছুমান ৰীতি-নীতি, আচাৰ-অনুষ্ঠান প্ৰচলন হৈ আহিছে। এই ৰীতি-নীতি, আচাৰ-অনুষ্ঠানৰ আধাৰ হৈছে লোকবিশ্বাস। ব্যক্তিৰ জীৱন-মৃত্যু, আকাশ-পৃথিৱী, ৰ’দ-বৰষুণ, জীৱ-জন্তু সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিশ্বাসসমূহৰ বাবেই লোকসমাজত বিভিন্ন ধৰণৰ আচাৰ-অনুষ্ঠান এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ প্ৰচলিত হৈ থাকে। মানৱ সভ্যতাৰ লগত বৰষুণৰ ওতঃপ্ৰোত সম্পৰ্ক। কৃষিৰ লগত জড়িত লোকসকলৰ বাবে ই এক অধিদৈৱিক শক্তি। যাৰ বাবে তেওঁলোকে বৰষুণ বিচাৰি যজ্ঞত হোম দিছিল। অনাবৃষ্টিৰ ফলত যিদৰে খৰাং হয় সেইদৰে অতিবৃষ্টিৰ ফলতো মানৱ জীৱন বিপদাপন্ন হয়। কৃষি কাৰ্যৰ সময়ত যাতে বৰষুণ
Read more