ফটাপ্ৰশ্ন
১)ৰামানুজ গোস্বামী: এগৰাকী মহিলাই জীয়েকৰ প্ৰতি,জোঁৱায়েকৰ আদৰ-যতনৰ কথা গৌৰৱেৰে কয়, অথচ একেখিনি আদৰ পুতেকে বোৱাৰীয়েকক কৰিলে তেওঁৰ আক্ষেপ হয় কিয় ? উত্তৰঃ- কাৰণ মহিলা সকলে শাহু-বোৱাৰী চিৰিয়েলবোৰ বেছিকৈ চায় যে। ২)মিৰাজুল ৰছিদ: প্ৰেমত পৰি ছোৱালী এজনীক আই লাভ ইউ ক’বলৈ মন মেলিছোঁ। ভাৱিছোঁ ইংৰাজীত হে ক’ম তাইক। ফটহুকাই,অলপ সহায় কৰকচোন । এই মানে “আই লাভ ইউ”ক ইংৰাজীত কি বুলি কয় জনাবচোন। উত্তৰঃ- আপুনিনো ইংৰাজ ছোৱালীহে পালেগৈ নে? ইংৰাজে তিনিশ বছৰ আমাৰ দেশ শাসন কৰাৰ নামত কিমান অত্যাচাৰ কৰিছিল মনত নাই?
Read more