ফটাঢোল

অনুস্বৰং বিসৰ্গং সংস্কৃতঃ – জয়দ্বীপ

শৰ্মা খুৰাৰ তিনিজনী ছোৱালী, এজন ল’ৰা, ডাঙৰ দুজনী ছোৱালীৰ বিয়া হৈ গৈছে, সৰু ছোৱালী আৰু ল’ৰাজন এতিয়াও স্কুলীয়া ছাত্ৰ। ডাঙৰ জোঁ‌ৱাই সংস্কৃতত বিশাৰদ, লগতে কলেজ এখনত অধ্যাপনা কৰা এজন পণ্ডিত ব্যক্তি। খুৰাৰ মাজু জীয়েক দেখাত অতীৱ সুন্দৰী। হ’লে কি হ’ব জীয়েকে কলেজত পঢ়ি থাকোঁ‌তেই কলেজৰ গেটৰ বাহিৰত আড্ডা মৰা এক লাবেলদাৰ আত্মবিশ্বাসী পালছাৰৱালাৰ প্ৰেমত পৰি এদিনাখন ঘৰৰ পৰা চম্পটুছ মাৰিলে। প্ৰথমতে খুৰাই কেইছটো মানি ল’বপৰা নাছিল যদিও পিছলৈ উপায়বিহীনে মানি ল’লে। সৰু জোঁ‌ৱাইৰ ঘৰৰ অৱস্থা ভালেই যদিও, লিখা-পঢ়াতহে ঠন ঠন

Read more

খালত সোমোৱা চেল্ফি – কুকি কল্পিতা মহন্ত

যোৱাবছৰৰ ছেপ্টেম্বৰ মাহৰ কথা। মোৰ হোষ্টেলৰ দৰ্জাৰ মুখতে থকা ৰুমৰ আৱাসী, মোৰ সুখ দুখৰ লগৰী, ৰাতিপুৱাৰপৰা গধূলিলৈকে যাৰ লগত দুৱাৰখন মেলি বাৰ্তালাপ কৰি কৰিয়ে কটাওঁ, চাহ ভাত চব একেলগে খাওঁ, আমাৰ সকলোৰে মৰমৰ সুকণ্যা বা গৱেষণাৰ কাম সামৰি হোষ্টেল এৰি একেবাৰে ঘৰলৈ যাবলৈ ওলাল। ইতিমধ্যে মোৰো গৱেষণাৰ কাম শেষ হওঁ হওঁ। ময়ো অলপ দিনৰ পাছত হোষ্টেল এৰাৰ কথা। যিমানেই হোষ্টেল এৰিবৰ সময় চমু চাপি আহিছিল সিমানেই কিবা হোষ্টেলৰ ৰুমটোৰ প্ৰতি মোহ বাঢ়ি আহিছিল। সুকণ্যা বা আমাৰ আটাইকেইজনীৰ ভিতৰত সোনকালে যাবলৈ

Read more

পেদেল মাৰি মাৰি – মিনতি মহন্ত

বহু বছৰৰ আগৰ কথা। সৰুতে হেনো মই মাটিৰ ভালুকৰ দৰে আছিলো। কোনোবাই কিবা এষাৰ ক’লে টেপেককৈ কেইবাটাও উত্তৰ দিছিলো। তাৰমানে ইমানেই কথাচহকী আছিলো। বলে নোৱাৰা শিল দাঙিবলৈ বিচৰাৰ দৰে। আজিকালিৰ তুলনাত আমাৰ দিনত বহুত কম বয়সতে ছোৱালীক বিয়া দিয়া হৈছিল। (ছোৱালী মানেই হাৰমাল বুলি ভবা হৈছিল চাগৈ) সেই পাল্লাত মইয়ো পৰিলো। সেইকাৰণে সন্তানৰ মাতৃ হোৱাৰ পাছতো মনবোৰ চঞ্চল হৈ আছিল। ল’ৰাই কৰা কামবোৰ কৰিবলৈ বৰ মন গৈছিল। কিবা দেখিলেই হ’ল, শিকি বা কৰিহে গাটো শাঁত পৰিছিল। সেয়া আছিল অসমত প্ৰথম

Read more

তীখৰ পূৰাণ – সুষ্মিতা দাস

তীখৰে আজিকালি গাড়ী চলাব পৰা হ’ল৷ মানে তাৰ ১৮ বছৰ পাৰ হ’ল বাবে আজিকালি ৰাস্তাত গাড়ী উলিয়াব পৰা হ’ল৷ মনৰ উলাহত আজিকালি তীখৰে দেউতাকক অফিচলৈ থ’বলৈ যায়৷ এনেই তীখৰে ভালেই গাড়ী চলায়৷ স্পিড লিমিট ৪৫-৫০ ৰ ভিতৰতে ৰাখে৷ বাওঁকাষেৰে অভাৰটেক কৰাৰ স্বভাৱ তাৰ নাই৷ চিগনেল মানি চলে আৰু গধূলি হ’লে পাৰ্কিং লাইট জ্বলাই ৰাখে৷ কিন্তু কথাটো হ’ল যে তীখৰে গাড়ী চলালে ইংৰাজী গানহে বাজে মিউজিক চিষ্টেমত৷ কিবা বোলে সেই লিংকিন পাৰ্কৰ গান(?) আৰু বোলে কিবা বোলে শনাহীটোৰ নাম কি আছিল,

Read more

যৌথ ব্যৱসায় – সুকুমাৰ গোস্বামী

কিছুদিনৰ আগতে মাৰ্কেট ভিজিটৰ বাবে ৰঙিয়ালৈ গৈছিলোঁ। ডিলাৰ এখনৰ ওচৰত বহি কথাৰ মহলা মাৰি থাকোঁতে দেখাত অজলা ধৰণৰ এজন পুৰুষ আৰু এগৰাকী মহিলাই ব্যৱসায়িক প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰিলে। পুৰুষজনৰ তুলনাত মহিলাগৰাকীৰ পিন্ধন ওৰণ যথেষ্ট মাৰ্জিত আৰু কথা বতৰাও যথেষ্ট সপ্ৰতিভ। নিজকে পতি পত্নী বুলি চিনাকি দি আগমনৰ উদ্দেশ্য বেকত কৰিলে। উদ্দেশ্য আছিল ধুপকাঠী বিক্ৰী কৰা। সহজ সৰল চহা অসমীয়া দম্পত্তীৰ এই ব্যৱসায়িক প্ৰচেষ্টাক উদগনি জনোৱাৰ সৰ্বোত্তম উপায় হিচাপে সকলোৱে তেওঁলোকৰপৰা ধুপকাঠী কিনাৰ সিদ্ধান্ত ল’লো আৰু উপস্থিত থকা চাৰি পাঁচজন মানুহে সমস্ত

Read more

হোদাংৰ বস্ত্ৰহৰণ – প্ৰান্তৰ ভাগৱতী

যোৱাটো শতিকাৰ সত্তৰ আশী দশকমানৰ কথা। আমি সৰুতে শুনিছিলোঁ। তেতিয়া গাঁওবোৰত প্ৰায়বোৰ মানুহ যাৰ খেতি মাটি বেছি আছিল তেওঁলোকৰ ঘৰত এজন হালোৱা মানুহ ৰাখিছিল। কিছুমান মানুহ হালোৱা খাটিবলৈ দূৰদূৰণি গাঁৱৰ কাৰোবাৰ ঘৰত আছিলগৈ আৰু পিছলৈ সেইখন গাঁৱতে বিয়া বাৰু পাতি তাৰেই বাসিন্দা হৈছিল। আমাৰ ওচৰৰ গাঁও এখনলৈ তেনে এজন লোকে আহি এঘৰত হালোৱা খাটি আছিলহি। সেই মানুহজনৰ নাম আছিল মদন। তেওঁ এজন ভাল কামিলা আৰু সৰবৰহী লোক আছিল। গাঁৱৰ সকলো অনুস্থানত তেওঁ ভাগ লৈছিল। বিহু, ভাওনা, সবাহ, বিয়া বাৰু সকলোতে

Read more

এখন বিয়া, জলকীয়া আৰু মই – ৰঞ্জু হালৈ মুনি

বহুদিনৰ পৰা কইনা থ’বলৈ যোৱাৰ হেঁ‌পাহ এটা আছিল। মূলতঃ কইনা থ’বলৈ যোৱাৰ অনুভৱটোনো কেনেকুৱা সেইটো জানিবলৈকে মোৰ আগ্ৰহটো জাগিছিল। পিছে মোৰ হাতলৈ সুযোগটো আহিল আমাৰ ডাঙৰ বাৰ বিয়াৰ সময়ত।কইনাৰ লগত গৈ মোৰ যিহে নগুৰ নাগতি খন হ’ল কি কম! আপোনালোকক বুলিহে কৈছোঁ ।চাব দেই কি হৈছিল। বাৰ বিয়া ঠিক হোৱাৰ পিছত এদিন ভিনদেউ আহিল নিজৰ দুজনমান বন্ধু আৰু ভিনদেউৰ সৰু ভায়েকটো লগত লৈ। ভায়েকটো আকৌ মস্ত চেলেপু। তাৰ কথা শুনি আছিলোঁ , এতিয়া দেখি বিশ্বাস হৈছে সি এটা মস্ত কামোৰ।

Read more

চোৰক মোৰে পালে – অগ্নিভ দত্ত

সেইয়া আছিল আজিৰপৰা ২৫ বছৰ মান আগৰ কথা। জীৱনত বৰ এটা আশা তাশা নাছিল, তথাপিও পালোগৈ ইঞ্জিনিয়াৰিং কলেজ, কিবাকৈ ইঞ্জিনিয়াৰ বনি যাব পাৰোৱেই নেকি বুলি। কটনৰ ছাত্ৰাবাসত থাকোঁতেই অলপ চলপ গম পাইছিলো যে ছাত্ৰাবাসত কি কি হয়। সেই কাৰণে ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰাবাস সোমোৱাৰ আগতে অলপ ভূ ভা লৈ গম পাইছিলো যে তাত আখৰ ভাল হলে বোলে ছিনিয়ৰৰ নোট, চেচনেল আদি লিখা মেলাত অলপ সহায় কৰি দিব লাগে প্ৰথম বৰ্ষৰ ছাত্ৰই। মানে বৈদ্য কামোৰ কাম এটা দি দিয়ে জুনিয়ৰক৷ মই আকৌ

Read more

শ্বপিং মল – মন্দিৰা শৰ্মা

মহিলাসকলৰ বাবে বজাৰ কৰাটো যেন এক জন্মস্বত্ব অধিকাৰ। বজাৰ কৰা বুলি ক’লে বৰ ঠিক নহ’ব চাগৈ? ‘শ্বপিং’ বুলি ক’লে হে শুনিবলৈ বেছি ভাল লাগে। ইমান ভাল লগা কাম এটাৰ ষ্টেণ্ডাৰ্ড বুলিও কথা এটা আছেতো। লগৰ দুজনীমানৰ আগত শ্বপিং কৰিবলৈ যাওঁ বুলি ক’বলৈকে কিমান ভাল লাগে। ইমান যে শ্ৰুতিমধুৰ হয়। মহিলাসকলৰ এই অধিকাৰটো আৰু বেছিকৈ সাব্যস্ত কৰিবলৈ সুবিধা কৰি দিয়াত বিভিন্ন কোম্পানীবোৰেও যেন উঠি পৰি লাগি গ’ল। দোকানে দোকানে ঘূৰি ঘূৰি কষ্ট নোহোৱাকৈ শ্বপিং কৰাৰ সুবিধা কৰি ‘শ্বপিং মল’ নামৰ প্ৰতিষ্ঠানবোৰ

Read more

মাহী – কমলা দাস

মাহীয়ে স্কুলত চাকৰি কৰিছিল। চাকৰি কৰিলেও ৰাতিপুৱাই উঠি বাহিবন কৰি, গাই খীৰাই,কাপোৰ কানি ধুই মেলি, চাউল এমুঠি সিজাই ল’ৰা ছোৱালীকো খুৱাই বোৱাই স্কুললৈ পঠায় আৰু নিজেও নাকে কাণে এমুঠি গিলি, কাষলতিৰ চেপাত বেগখন লৈ স্কুললৈ বেগাই বেগাই দৌৰাৰ নিচিনাকৈ খোজ কাঢ়ি কোনোমতে সময়ত গৈ পায়গৈ আৰু! ঘড়ীটোলৈ চকু দিবলৈ সময় নাথাকে। ৰেডিঅ’ৰ অনুস্থানবোৰৰ লগত সময় মিলাই চলি থাকে। সেই কাৰণে কিবা শুনক নুশুনক ৰাতিপুৱাই ৰেডিঅ’টো লগাই থৈ দিয়ে। তেনেদৰেই এদিন ব্যস্ত দিনপঞ্জীৰ মাজেৰে কোনোমতে নাকে কাণে এমুঠি গুজি কাষলতিত বেগখন

Read more
1 28 29 30 31 32 53