ভূপেনদাৰ গীতত শ্ৰেণীবৈষম্যহীন সমাজৰ সপোন (‘দোলা হে দোলা’ গীতৰ বিশেষ উল্লিখনসহ)- ড° চাহিন জাফ্ৰি
বিশ্ববিশ্রুত শিল্পী ড° ভূপেন হাজৰিকা একাধাৰে গীতিকাৰ, সুৰকাৰ, গায়ক, কথাছবি নির্মাতা, কবি, সংস্কৃতিৰ পূজাৰী, মানৱদৰদী, সমন্বয়ৰ বাহক আৰু অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী আছিল৷ তেওঁৰ বহুমূলীয়া সৃষ্টিৰাজি অসমবাসীৰ বাবে এক অমূল্য সম্পদ। বিশেষকৈ সংগীত জগতত ড° ভূপেন হাজৰিকাৰ অৰিহণা অপৰিসীম৷ তেওঁ প্ৰথমৰ পৰাই সংগীতৰ দ্বাৰা সমাজৰ উন্নতি কৰিবলৈ যত্ন কৰিছিল। তেওঁ জাতি-ধর্ম-ভাষাৰ বিভেদক পাহৰি সকলােৰে মনত ভ্রাতৃত্ববােধ জগাই তুলিবলৈ চেষ্টা কৰিছিল। গীতক মাধ্যম হিচাবে লৈ তেওঁ শোষক-শোষিতৰ মাজৰ প্রাচীৰ ভাঙি সাম্যবাদ প্রতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিছিল। দুখীয়া- নিপীড়িত মানুহৰ মুক্তিৰ সপোনক বাস্তৱৰূপ দিবলৈ
Read more