কৃত্ৰিম কাহিনী প্ৰধান গীত হিচাবে বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী -ড° চাহিন জাফ্ৰি
লেখকৰ নাম নোহোৱা অনাখৰী লোকসকলৰ মুখে মুখে চলি অহা কাহিনী প্ৰধান গীতৰ আদৰ্শত আধুনিক যুগৰ কবিসকলে দুই এটা কাহিনীগীত ৰচনা কৰা দেখা যায়। আধুনিক কবিসকলে ৰচনা কৰা এই গীতত কাহিনী প্ৰধান গীতৰ প্ৰায়বোৰ বৈশিষ্ট্য পৰিদৃশ্য হ’লেও এইবোৰক বিশুদ্ধ বা অবিমিশ্ৰ কাহিনী গীতৰ শাৰীত পেলাব নোৱাৰি। এই জাতীয় কবিতাক সমালোচকসকলে কৃত্ৰিম কাহিনী প্ৰধান গীত বা কৃত্ৰিম বেলাড হিচাবে অভিহিত কৰিছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোকো কৃত্ৰিম কাহিনী প্ৰধান গীত বা বেলাডৰ আখ্যা দিব পাৰি। প্ৰথমতেই ইয়াত
Read more