ফটাঢোল

বেপাৰ- পার্থ প্ৰতীম শৰ্মা

ভূমিকম্প অহা দেখি দৌৰাদৌৰিকৈ চকীখন পাৰি কিতাপ মেলি বহি ল’লোঁ। মই বোলো কোনোবাই মোক “ওলাই আহ, ভূমিকম্প আহিছে” বুলি মাতিবলৈ আহিব, মই ক’ম, : বহিবলৈ দেচোন। গৈ আছোঁ।  তাৰপিছত, একো কষ্ট নকৰাকৈ মানুহে মোক মোক জুনিয়ৰ সন্দিকৈ নাম দি দিব। মোৰ কথা বাতৰিকাকতত ওলাব, ফটো সহকাৰে। প্ৰত্যেকটো নিউজ চেনেলে বাতৰি পঢ়িব,  “চাওক, এই অধ্যয়নপিপাসু যুৱকজনলৈ, কিদৰে ভূমিকম্পয়ো কাঢ়ি নিব পৰা নাই তেওঁৰ মনোযোগ, এক্সক্লিউচিভলি আমাৰ চেনেলত…” ইণ্টাৰভিউত মোক সোধা হ’ব,  : সেই সময়ত তোমাৰ অনুভৱ কেনে আছিল? মই মিছাকৈ এক্টিং

Read more

যমপুৰী-হিতেশ বি বৰুৱা

নগেনে কালি ৰাতি সপোনত যমপুৰী পালে। নগেনে গৈ যমৰজাক দেখা পাই সুধিলে, :  আপুনি কোন? আপোনাৰ মানুহে মোক ধৰি-বান্ধি কিয় লৈ আহিছে ইয়ালৈ? যম ৰজাই ক’লে, : মই ধৰ্মৰ ৰজা,পাপ বেছি হ’লে আৰু আয়ুস নাথাকিলে মই মোৰ মানুহ পঠাই যমপুৰীলৈ আনো। : বাৰু বুজিলোঁ, কিন্তু মোৰ হেৰিটো মানে (মাইনা পেণ্টটো) আপোনাৰ সৈন্য বায়ুদেৱে কিয় লৈ আহিলে দুদিন আগতেই। সেইটোৱে মোৰ একমাত্ৰ বিয়াত কিনা হেৰিটো আছিল। আজিলৈকে সেইটোৰে কাম চলাই আছিলোঁ। সেয়ে মই থানাত কে’ছ দিম বুলি গৈছিলোঁ কিন্তু আপোনাৰ মানুহে

Read more

প্ৰহেলিকা-গীতাশ্রী শইকীয়া কলিতা

ইপাৰ শিপাৰ নেদেখা সেউজ ঘাঁহনিদৰা বতাহত হালিছে জালিছে। বতাহত ঘাঁহৰ বগা বগা ফুলবোৰ এপাহ দুপাহ উৰিছে। তাৰ মাজে মাজে খিলখিলাই উৰ্বশী দৌৰি ফুৰিছে। পাছে পাছে নিৰ্মল। প্ৰেমত পাগল এহাল ডেকা গাভৰু। সমাজৰ সকলো নিয়ম নীতি আওকাণ কৰি কেৱল দুয়ো দুয়োৰে সান্নিধ্যত মগন। ইজনে সিজনক মৰম কৰিবলৈকে যেন জন্ম তাঁহাতৰ। দৌৰি দৌৰি এসময়ত নিৰ্মলে পাছফালৰ পৰা ধৰিলে উৰ্বশীক। বতাহতে এপাক তাইক ঘূৰাই দুয়ো ঘাঁহনি দৰাত বাগৰি পৰিল। উৰ্বশী ঘাঁহনিত বহি ল’লে, আৰু উৰ্বশীৰ কোলাত মূৰ থৈ নিৰ্মল শুই পৰিল। আবেলিৰ কোমল

Read more

এটা টি-চাৰ্টৰ আত্মকথা : হিমাংশু ৰাজখোৱা

মই এটা-টি চাৰ্ট। মোৰ জন্ম চুৰাট চহৰৰ এটা কাপোৰৰ কাৰখানাত। তাৰ পৰা অনেক দূৰ আহি মহানগৰীৰ এখন অত্যাধুনিক মলত মোৰ যৌৱন অতিবাহিত কৰিলোঁ। খুব আনন্দেৰে দিনবোৰ পাৰ হৈ আছিল। পিচে হঠাৎ এদিন মই বিক্ৰী হৈ গ’লোঁ! মোৰ ক্রেতাজনৰ হাতত ধৰি তেওঁৰ ঘৰ নামৰ ১৪ বাই ১৪ ৰূমটোলৈ অহাৰ পাছত মই গম পালোঁ ভদ্ৰলোক এজন অবিবাহিত ডেকা ল’ৰা। মই বুজি পালোঁ আজিৰপৰা মোৰ প্ৰভু এই কলেজীয়া ডেকাজনেই। গোটেই ৰাতিটো এটা ষ্টীলৰ আলমাৰিত মোক সুমুৱাই ৰাখি পিছদিনা আগবেলাতেই প্ৰথমবাৰৰ বাবে মোৰ মালিকে

Read more

দুঃসময়ৰ মাজতে কামিনী, বিনোদ, তনয়া, অকণ ইত্যাদি -দেৱাংগ পল্লৱ শইকীয়া

সময় এতিয়া দুঃসময়। প্ৰতিটো দিনেই এটা নতুন বেয়া খবৰ। প্ৰতিটো দিনেই অনিশ্চয়তাৰ বুকুত। শংকা আৰু হতাশা এতিয়া খোজত। তথাপি হাঁহিবলৈ পাহৰিলে হ’বনে? সকলো দুঃসময় পাহৰি আমাক আহৰি লাগে অকণমান হাঁহিবলৈ। বিশেষজ্ঞসকলৰ মতেও ৰোগ উপশম কৰাত বিশেষকৈ মানসিক অস্থিৰতা আৰু হতাশাৰ মহৌষধ হাঁহি! দুঃসময়ৰ মাজতে ফটাঢোল ওলাব। কিঞ্চিত হ’লেও বহুতৰে মানসিক অন্ধকাৰৰ বাটত পোহৰ দিব। পুৰণা লেখা এটাকেই পঢ়ক। অকণমানো যদি মনটো ভাল লাগে এনেহেন সময়ত! : কামিনীক চিনি পাইছিল নে? : কামিনীক আপোনাক দিব নোৱাৰিম দাদা… ব্যৱসায়ীসকলৰ মূল অস্ত্ৰ জিভা।

Read more

টাইম মেচিন -যোগেশ ভট্টাচাৰ্য

“পাঁচবছৰ আগলৈ…” এইবুলি কৈ অভিজিতে আঙুঠিটো পকাই দিলে, আৰু মুহূৰ্ততে অন্তৰ্ধান হৈ গ’ল। অভিজিতে প্ৰায়েই কেমেৰা লৈ পাহাৰ বগাই বগাই বনৰীয়া ফুলৰ ফটো তুলি ফুৰিছিল। তেনেদৰে ঘূৰি ফুৰোঁতে এদিন অকস্মাৎ অভিজিতে সেই অদ্ভুত আঙুঠিটো গুহা এটাৰ শিলৰ মাজত বিচাৰি পাইছিল, আৰু কৌতূহলবশতঃ নিজৰ আঙুলিত পিন্ধি পকাই দিওঁতে আৱিষ্কাৰ কৰি পেলাইছিল আঙুঠিটোৰ সময়ৰ লগত খেলিব পৰা শক্তি। তিনি চাৰিবাৰমান আঙুঠি পকাই অতীতলৈ গৈ আকৌ উভতি অহাৰ পিছত অভিজিতে আঙুঠিটো সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি মনে বিচৰা সময়লৈ গুচি যাব পৰা হৈ গৈছিল। হয়তো

Read more

নদীদ্বীপ মাজুলীত দুৰাতি-প্ৰণৱ কুমাৰ বৰা

বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলী। সত্ৰনগৰী মাজুলী। যদিও ল’ৰালিৰে পৰা শুনি আছোঁ মাজুলী মাজুলী বুলি, তথাপিও মাজুলী যোৱাটো হৈ উঠাগৈ নাছিল।হঠাতে যোৱা বছৰৰ শেষৰ ফালে মাজুলী যোৱাৰ সুযোগ মিলিল। নৱেম্বৰৰ আৰম্ভণিতে বন্ধু তথা সহকৰ্মী হিমাংশু ৰাজখোৱাই সুধিলে,  : মাজুলী যায় নেকি? মই বোলো, : হঠাতে কিয়?   হিমাংশুৰ  উত্তৰ, : কিয় মাধৱ আৰু টুটুৰ বিয়া নহয় নেকি! ফটাঢোলৰ সকলোকে মাতিছে দেখুন।  তেতিয়াহে মনত পৰিল, হয়তো গোৱালপাৰাৰ মাধৱে মাজুলীৰ টুটু পামেগামক বৰমালা পিন্ধাব ৩০ ডিচেম্বৰত। সেই উপলক্ষ্যে ফটাঢোলৰসমূহ সদস্যকে নিমন্ত্ৰণ জনাইছে (এইখিনিতে উল্লেখ

Read more

ধৰুৱা পুৰাণ-ধূৰ্জ্যোতি কাকতি

সৰুতে এটা কবিতাত পঢ়িছিলোঁ, “সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ”৷ কিন্তু ডাঙৰ হৈ গম পালোঁ, ধৰুৱাৰ সুখ থাকক নেথাকক ধৰুৱাই কিন্তু বহুতৰ সুখ নোহোৱা কৰে৷ ধাৰ এনেকুৱা এটা বস্তু যিটো কাৰোবাৰ দুখ শুনি দিয়া হয় আৰু তাৰপাছত টকা ঘূৰাই নোপোৱালৈকে নিজৰ দুখ হৈ থাকে ৷ ইয়াত ধৰুৱা মানে বাৰু মই কিবা বিপদত পৰি, কেতিয়াবা কাৰোবাৰ পৰা ধাৰ লোৱা মানুহৰ কথা কোৱা নাই, তেনে বিপদ সকলোৰে আহিব পাৰে৷ ইয়াত মই ক’ব খুজিছোঁ নিচাগ্ৰস্ত ধৰুৱাৰ কথাহে, মানে যাৰ বাবে ধাৰ লোৱাটো প্ৰয়োজন

Read more

DU হোষ্টেলৰ ভূত-প্ৰিঞ্চিপ্ৰিয়া ফুকন

মাজৰাতি জুনুক্ জুনুক্ জুনুক্‌কৈ পায়েলৰ শব্দ কৰিডৰত বাজি থকাৰ দৰে লাগিল৷ কাণ পাতি শুনিও ধৰিব নোৱাৰিলোঁ সঁচাই কোনোবা নে মোৰ কাণৰ ভুল৷ ৰীতা অলপ আঁতৰত টোপনিত লালকাল৷ আমাৰ দুজনীয়া কোঠাটোত বিছনাকেইখন একলগ কৰা আছে৷ তাইক জগাম বুলিও নজগালোঁ, মিছাতে ভয় খাব৷ ভুলতে শুনিলোঁ যেন লাগিল৷ বাহিৰত চিপ-চিপীয়া বৰষুণো দি আছে লগতে মেঘৰ গাজনি৷ এনেয়ো ডিব্ৰুগড়ৰ বতৰ সেমেকা৷ বাগৰ সলাই শুবলৈ লৈ আকৌ পায়েল পিন্ধি কোনোবা দৌৰি যোৱা শুনিলোঁ৷ ম’বাইলটো খেপিয়াই আনি চালোঁ সময় ২ বাজিছে৷ শব্দটো লাহে লাহে কৰিডৰৰ ইটো

Read more

সোণপাহীৰ সোণসেৰীয়া কথা-মনজিৎ

১) সোণমইনা : যিমান যি হ’লেও তুমি তোমাৰ ভুলটো কেতিয়াও স্বীকাৰ নকৰা আৰু ন! সোণপাহী : আৰে তোমাক বিয়া পাতি ডাঙৰ ভুল কৰিলোঁ বুলি স্বীকাৰ কৰিছোঁ, তাতকৈ আৰু কি ভুল স্বীকাৰ কৰিম হে! ২) পুনঃ বন্ধুত্ব মিলনৰ খেলটো ঘৰতে খেলি চ‍াওঁ বুলি সোণপাহীক সুধিলোঁ বোলো মোক প্ৰথম দেখোঁতে কি মনলৈ আহিছিল? সোণপাহীয়ে অলপ চিন্তা কৰিলে (মই বোলো ৰোমাণ্টিক কথ‍া ওলাব চাগৈ দেই) তভক মাৰি গহীনাই ক’লে, :  শিৱসাগৰ ASTC-ৰ সমুখত আঁহত গছ জোপাৰ তলত ব্লেক জিন্স, পেৰট কালাৰ চাৰ্ট, উদলেন্দৰ

Read more
1 11 12 13 14 15 84