ফটাঢোল

আত্মনিৰ্ভৰ-অমিতাভ মহন্ত

বিয়াৰ এসপ্তাহ পাছতেই অনলে বুজি উঠিছিল যে তাৰ মানুহজনী, মানে নিশাৰ ক’ৰবাত কিবা এটা গণ্ডগোল আছে৷ মানে, ঠিক বুজাবলৈ দিগদাৰ৷ দেখাত সকলো ঠিক, কিন্তু ক’ৰবাত যেন কিবা এটা! বিশেষকৈ অন্তৰঙ্গ মুহূৰ্তবোৰত৷ অৱশ্যে ইমান ভাবি থাকিবলৈ অনলৰ সময়, ধৈৰ্য্য দুয়োটাৰে অভাৱ৷ তথাপিও… বিয়াৰ বিশদিনমান পাছৰ কথা৷ সিদিনা প্ৰচণ্ড বৰষুণ৷ অনলৰ মুড উঠিল খিচিৰি আৰু অমলেট খোৱাৰ৷ কিন্তু এই বৰষুণত কণী কিনিবলৈ যায় কেনেকৈ? দোকানখন প্ৰায় এক কিলমিটাৰ দূৰত৷ তথাপি নিশাক সি তাৰ মনৰ ভাৱ জনালে৷ খোৱা মেজত বহি অনল আচৰিত৷ তাৰ

Read more

মছলা- জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ 

মাহৰ শেষত আদা-নহৰুৰ বাকলি গুচাবলৈ পালে তানসেনৰ আত্মাই দখল কৰি পেলাই মোৰ ভেলটো৷ পিয়াঁজ নহয় যেন উপহাৰৰ জিলিক-মিলিক বাকলিহে গুচাইছোঁ, ইমানেই সুখী হৈ পৰোঁ৷ ক’লা পলিথিনৰ সৰু টোপলাটো মোৰ এজনীয়া সংসাৰৰ পাৰৰ বাহ যেন  পাকঘৰটোত থৈ ইটো কোঠাৰ বিছনাখনত বহি গান আৰু আদা-নহৰুৰ বাকলি সমানে বখলিয়াই আছোঁ৷ আহিল সৰু বাইদেউৰ ফোন, : বাবু, ভিনদেউৰাৰ লগৰ এজন কিবা কামত গৈছিল৷ এতিয়া ঘূৰি আহিবলৈ গাড়ী নাপাব যে তোৰ ৰূমলৈকে যাবলৈ কৈছে৷ অলপ ভালকৈ আদৰ-যতন ল’বি নহ’লে ভিনদেউৰে মনত দুখ পাব৷ এইবোৰ মোৰ

Read more

সুনীল চেট্টীৰ বডি-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

চিনেমা পাগল সময়ৰে কাহিনী এইটো। স্কুলৰপৰা পলাই হলত চিনেমা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল। স্কুলৰ অঘাইটং তিনি চাৰিজন লগ হৈ বাছৰ বডীৰ ওপৰত চহৰলৈ গৈ চিনেমা চোৱাৰ যি আমেজ সেইটো আজিকালিৰ ল’ৰা ছোৱালীয়ে সাধুকথা বুলি ভাবিব। চহৰলৈ দূৰত্ব মাথোঁ‌ সাত কিলোমিটাৰ কিন্তু বাছত সময় লাগে প্ৰায় দেৰ ঘণ্টা। বাছত মানুহ কিমান যাব পাৰে সেইটো ফেভিকল বিজ্ঞাপনৰ ট্ৰাকখনৰ কথা ভাবি অনুমান কৰি লওক। সাত কিলোমিটাৰ ৰাস্তাত দেৰ ঘণ্টা লাগিলে ৰাস্তা কেনেকুৱা হ’ব পাৰে সেইটোও চাগে ইতিমধ্যে আপোনালোকে বুজি উঠিছেই। বাছৰ বডীৰ

Read more

নয়না বুঢ়াগোঁহাই চেণ্ট ইউ এ ফ্ৰেণ্ড ৰিকুৱেষ্ট – উজ্জ্বল দিপ্লু গগৈ

২০১২ৰ গ্ৰীষ্মৰ এটা দিন৷ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ছুপাৰ চিনিয়ৰ হিচাপে দহমান বজাত শুই উঠি আড্ডা দিয়াৰ বাহিৰে বিশেষ কাম নাথাকে৷ জুনিয়ৰবোৰ ক্লাচলৈ যায়, আমি এটা ৰূমৰপৰা আনটো ৰূমলৈ পায়চাৰি কৰি ফুৰোঁ৷ তেনেকুৱা এটা দিনতে ৰূমৰ হেলিকপ্তাৰৰ পাংখা যেন চিলিং ফেনখন কাৰেণ্ট যোৱাৰ কাৰণে “কেৰেৰেৰেক কেৰেৰেক কেৰেক কেক” কৰি ৰৈ গৈছিল৷ গৰমত কাৰ মগজুত জুই লাগিছিল পাহৰিলোঁ, কিন্তু জুই লগাটোৱে কৈ উঠিল, : ব’ল আমি ফেচবুকত ছোৱালীৰ নামত ফেক একাউণ্ট এটা খুলি লগৰকেইটাক অলপ নচুৱাওঁ৷ পৰিকল্পনা পূৰ্ণদ্যোমে চলিল৷ প্ৰথম কাম আছিল নামাকৰণ

Read more

বেয়া খবৰটো-দিম্পল কলিতা

সেইদিনা আছিল সোমবাৰ। কিবা যেন দু-চিন্তা এটাই ৰাতিপুৱা উঠিবৰ পৰাই মোৰ মনত সোমাই লৈছে। কিন্তু কিহৰ বাবে মোৰ এই চিন্তা বিষয়টো উলিয়াব পৰা নাই। এনেকুৱা লাগিছে যেন কিবা এটা হ’ব আজি। এফালে বতৰো বৰ এটা ভাল নহয়। বতাহে ইতিমধ্যে ঘৰৰ সন্মুখৰ মধুৰীআম জোপাত কোবাব ধৰিছে। ঢং কৈ প্ৰচণ্ড শব্দ কৰি এটা ৰূমৰ খিড়িকীখন কোবালে বতাহে। দৌৰি খিড়িকীখন বন্ধ কৰিলোঁ। কি হ’বলৈ গৈ আছে বুজি পোৱা নাই। মা তেতিয়া পাকঘৰত। দুপৰীয়াৰ ভাতৰ যোগাৰত ব্যস্ত। মনৰ খেলি-মেলিখিনি কিয় হৈছে? মাক কওঁ নেকি!

Read more

মই তুমি নে তুমি মই?-পার্থ প্ৰতীম শৰ্মা

দিনটোৰ ব্যস্ততাৰ পিছত গধূলি ঘৰলৈ আহি হাত-মুখ ধুই অলপ ৰেষ্ট লৈ মোৰ নৈমিত্তিক কামফেৰাৰ বাবে সাজু হৈছোঁ। নৈমিত্তিক মানে, এতিয়াতো প্ৰায় প্ৰত্যেকটো কামেই নৈমিত্তিক হৈ পৰিছে। পুৱা উঠা,  ব্ৰেডজাতীয় কিবা এটা খাই গা-পা ধুই অফিচলৈ বুলি ওলাই যোৱা, দিনটো অফিচৰ সময়খিনি কেনেবাকৈ পাৰ কৰি ঘূৰি আহি হোটেলতে সন্ধিয়াৰ চাহকাপ খাই আহি এনেকৈ বহি অলপমান নিচা কৰি ছুইগীত কিবা এটা অৰ্ডাৰ কৰি খাই শুই থাকিম। ভাত দুপৰীয়াৰ অফিচ কেণ্টিনতে যি ভালকৈ খোৱা হয়। তেনেকৈয়ে চলি আছে জীৱন। মদৰ বটলটোৰপৰা মদ অলপ

Read more

লাৱণ্যময়ী : ৰীতা লীণা সোণোৱাল

লাৱণ্যময়ী বৰুৱা! কি সুন্দৰ নাম! বেলেগ নালাগে তেওঁ নামটোৰ প্ৰেমতেই বাৰে বাৰে পৰে। কেতিয়াবা ভতিজাকটোলৈ চাই তাৰ আদৱ কায়দাবোৰ অলপ শিকিবলৈ চেষ্টা কৰে। এই বয়সত কিছুমান কথা নুশুৱাই। তথাপিও তেওঁৰ উৎসাহ নকমে। মানুহজনীৰ ফটোখন চাই কল্পনাত বিভোৰ হৈ পৰে। ভতিজাকটোৱে এদিন সুধিয়েই পেলাইছে, “খুৰা তোমাৰ কি হৈছে দিনভৰ মোবাইলটো খুচৰি থাকা? ৰূমৰ পৰায়ে নোলোৱা হৈছা যে?” তেওঁ বাকৰুদ্ধ হৈ পৰে। যি অৱস্থা তেওঁৰ যৌৱনৰ বেলিকা নহ’ল জীৱনৰ বিয়লি বেলাত সেই অৱস্থাই এতিয়া তেওঁক কাবু কৰি পেলাইছে। ভতিজা বোৱাৰীয়ে বাঢ়ি দিয়া

Read more

ঠিকনা-কাবেৰী মহন্ত

“আদাবাৰী টক লিফ্ট দে দোঁ?” “ন’, থেংকছ্‌..” উপযাচি দিয়া অফাৰটো লোৱাৰ অলপো মন নাছিল নিধিৰ৷ তাই ভালদৰেই জানে এইবোৰ হৈছে সহজ হ’বলৈ চেষ্টা কৰাৰ বাহানা৷ কেইদিনমানৰ পৰা ল’ৰাটোক তাই লক্ষ্য কৰি আছে, সুবিধা পালেই উপযাচি আহি মাত দিয়া, য’তে ত’তে সন্মুখীন হ’লেই আগবাঢ়ি আহি মাত লগোৱা আনকি কেণ্টিনৰ আগত বাছৰ বাবে ৰৈ থাকিলেও সি আহি ওলোৱা হৈছেহি৷ সদায় সদায়তো পৰিস্থিতিবোৰ অকস্মাতে হ’ব নোৱাৰে! নিজকে হিৰ’ বুলি জহাই তাইক ফল’ কৰি থকা নাইতো? বাইকত লিফ্ট দিয়াৰ সাহস কৰিছে যেতিয়া হিৰ’ই নিশ্চয়

Read more

বিভ্ৰান্তি- মৌচুমী গগৈ

ৰক্তিম : হেল্ল’, আপুনি উকীল বিনোদন বৰুৱা নহয় জানো? বৰুৱা : হয়, মই  বিনোদন বৰুৱাই কৈছোঁ। ৰক্তিম : দাদা, মোৰ এটা ডাঙৰ সমস্যা হৈছে, আপুনি সহায় কৰিব পাৰিব নেকি? বৰুৱা : আপুনি মোক প্ৰথমে সমস্যাটো কওকচোন। তাৰপিছত কি কৰিব পাৰোঁ, চিন্তা কৰিম। ৰক্তিম : বিশ্বাস কৰক দাদা, মোৰ কোনো ভুল নাছিল। মোক প্ৰথমে আক্ৰমণ কৰাৰ কাৰণেহে মই নিজকে বচাবলৈ সিহঁতক আঘাত কৰিছিলোঁ, নহ’লে মই আজিলৈকে কাকো গালি এটাও দি পোৱা নাই। মই একেবাৰেই নিৰ্দোষী মানুহ দাদা। মই এতিয়া কি কৰিম

Read more

খুড়ীৰ হাতত কৰ’ণাৰ বিলৈ- ৰাস্না বৰা চতিয়া

কৰ’ণা লকডাউনৰ সময়ৰ কাহিনী মানে একেবাৰে মহাভাৰতেই হ’ব আৰু এইখন। আমাৰ দুই খুড়ী অকণি আৰু মনেশ্বৰীৰ বৰ মিল। কোনেও কাকো একো এৰি নাখায়ো, ক’লৈকো নাযায়ো। দিনটোত দুইজনী, ইজনী সিজনীৰ ঘৰলৈ আহি তামোল-পাণৰ শ্ৰাদ্ধ পাতি কথাৰ মহলা নামাৰিলে পেটলৈ ভাতেই নাযায়। পিচে পুতেকহঁতৰ কাঢ়া নিৰ্দেশ এই লকডাউনত কোনো ঘৰৰ পৰা এখোজো বাহিৰ নহ’বি, পুলিচে কোবাই হাত-ভৰি ভাঙিলে কিন্তু চোৱাত নাই। দুদিনমান দুইজনীয়ে পকী ৱালৰ কাষতে ৰৈ কথা পাতিলে কিন্তু মুখা-মুখিকৈ তামোলৰ বঁটা লৈ বহাৰ নিচিনা সুখ ক’ত পাব। গতিকে নাতিনীয়েকক খাটনি

Read more
1 13 14 15 16 17 84