ফটাঢোল

কৌতুক – সুজাতা বৰুৱা

” থুলুক আৰু এটা ৰাসায়নিক গাজা ” প্ৰশাসনৰ তৰফৰপৰা মাজে সময়ে এই পলিথিনৰ মোনাসোপা বন্ধ কৰাৰ একোটাহঁত ধুম উঠে , কথাটো বাৰু মন কৰিছেনে ? ই এক বছেৰেকীয়া উৎসৱৰ দৰে ।মাজে মাজে জক উঠে আৰু দুদিনমানৰ পাছতে পাম্প যোৱা বেলুনটোৰ দৰে হয়গৈ । এই কামটো বা চেষ্টাতো আছলতে প্ৰশাসনৰ তৰফৰ পৰা নহৈ আমাৰ ফালৰপৰাহে হব লাগে । মানে এইযে পলিথিনৰ মোনাৰ প্ৰচলন বন্ধ কৰাটো , তাৰ কথাই কৈছোঁ । কাৰণ আমি নিজেও জানো যে পলিথিনৰ মোনাবোৰ পৰিবেশৰ বাবে কিমান ক্ষতিকাৰক

Read more

কৌতুক – উৎপল জোনাক হাজৰিকা

চূণখোৱা পজিটিভ মাইণ্ডৰ মানুহ৷ কয়, হওক হওক, ভাললৈকে হৈছে; ভাল ভাল বুইছে, পাব লাগে পাবলাগে৷ সিদিনা ইচকুটিখন লৈ বাটৰ কাষত ৰৰৈয়ানিমূৰে কপালে হাত দি বহি আছে৷ চূণখোৱাঃ হেৰি, কি হ’ল আপোনাৰ? ৰৰৈয়ানীঃ দেখা নাই, এক্সিডেন্ট৷ চূণখোৱাঃ হওক হওক ভাললৈকে হৈছে৷ ৰৰৈয়ানীঃ কি? ইমান দুখ পাইছো উঠিবকে পৰা পৰানাই৷ চূণখোৱাঃ ভাল ভাল বুইছে, পাব লাগে পাব লাগে৷ ৰৰৈয়ানীঃ কটা নিধক! ☆★☆★☆  

Read more

কৌতুক- লোকেশ্বৰ পাটগিৰি

এজনী ছাগলী ভয়ত হাবু দাবু খাই হাবিলৈ তামাম দৌৰি আছে৷তাকে দেখি এটা নিগনিয়ে সুধিলে : “কি হ’ল হে ভন্টি কিয় ইমানকৈ দৌৰি আছা?জগিং কৰি আছা নেকি ?” ছাগলী :-” বন্ধু, হাবিত পুলিচে হাতী ধৰিবলৈ আহিছে সেইকাৰণে দৌৰিছো৷” নিগনি :- “অ ! তাতে আকৌ তোমাৰ কি গৰজ পৰিল দৌৰিবলৈ?তুমিতো ছাগলীহে ?” ছাগলী :- “এইখন ভাৰতবৰ্ষ হয় ভাই । ধৰা পৰিলে,২০ বছৰ অফিচ-কাছাৰি ঘূৰি ফুৰিব লাগিব, হাতী নহয় ছাগলী বুলি প্ৰমাণ কৰিবলৈ।” এই কথা শুনিয়েই নিগনিও ছাগলীৰ লগত সমানে দৌৰিব ধৰিলে ৷

Read more

গেঞ্জী চোৰ – জয়ন্ত শৰ্মা

দাদাৰ হোষ্টেলীয়া দিনৰ কথা। দাদা তেতিয়া তামাম পপুলাৰ। কলেজৰ প্ৰগ্ৰেম বিলাকত নাটক কৰে, গানগায়। ।।আচলতে দাদাৰ মনটো খুবেই ভাল । হোষ্টেলৰ সকলোকে নিজৰ পৰিয়ালৰ ভাই ককাইৰ দৰে ভাবে। সেয়ে বাহিৰত ধুই মেলি দিয়া নিজৰ জোখৰ গেঞ্জি পালেই নিজৰ পিন্ধি থকা লেতেৰাটো থৈ সেইটো পিন্ধি লয়। তাকেই কোনোবা ঠেক মনৰ টুটকীয়া কপটীয়াই দাদাৰ জনপ্ৰিয়তাত ঈৰ্ষান্বিত হৈ দাদাক “গেঞ্জি চোৰ” উপাধি প্ৰদান কৰে। হ’লেও দাদা দিলদাৰ মানুহ ।কাকো বেয়া নাপায়। স্বভাৱো পৰিবৰ্তন নকৰে।দাদাই হোষ্টেলত থকা দিন কেইটাত কেতিয়াও গেঞ্জি কিনি নাপালে যদিও

Read more

কৌতুক – সঞ্জীব মজুমদাৰ

ডাক্তৰৰ চেম্বাৰৰ দৃশ্য : ডাক্তৰজনে মানুহজনীক মুখত থাৰ্মোমিটাৰটো ভৰাই মনে মনে থাকিবলৈ ক’লে। ডাক্তৰৰ কথামতে, মুখত থাৰ্মোমিটাৰটো ভৰোৱাৰপিছত, মানুহজনী কিছু সময় মনে মনে থাকিল। পতিগৰাকীয়ে কথাটো মন কৰিলে আৰু ডাক্তৰকক’লে, “চাৰ, এই যাদুকৰী বস্তুটোৰ কিমান দাম ? মোকো এটা লাগিছিল। ☆★☆★☆

Read more

কৌতুক – হিমাংশু ৰাজখোৱা

ৰাজখোৱাৰ বিয়া। কাপোৰ-গহনা, মিঠাই, মাছ, মাংস ভাগে ভাগে বস্তুৰ লিষ্ট বনাইছে। বেলেগ বেলেগ বিভাগৰ সুকীয়া সুকীয়া মানুহে বনাই দিয়া লিষ্ট অনুসৰি সংশ্লিষ্ট বিভাগৰ বিশেষজ্ঞ সকলক বজাৰলৈ পঠিওৱা হৈছে। সেইমতে বস্তু আহি ঘৰ ভৰি পৰিছে। যথাসময়ত ৰান্ধনিয়ে দিয়া পাচলিৰ লিষ্ট লৈ ৰসেশ্বৰ মামাই পাচলি বজাৰ ঘূৰি ঘূৰি বস্তু লৈ ঘৰ পালেহি। অনান্য পাচলিৰ লগতে চাৰিটা ফিটফিটিয়া বস্তা দেখি ৰভতলিত থকা আটায়ে সুধিলে- :: “এইকেইটাত কি আছে? ” দীঘলকৈ উশাহ এটা লৈ মামাই পকেটৰ পৰা পাচলি বজাৰৰ লিষ্টখন উলিয়াই ক’লে- ” 20

Read more

কৌতুক – অনুৰাধা দেৱী

শিক্ষকঃ কোৱাছোন , অৰ্জুন ,আমেৰিকাৰ ৰাস্ট্ৰপতিৰ নাম কি? অৰ্জুনঃ মই নাজানো চাৰ৷ শিক্ষকঃ এই সাধাৰণ প্ৰশ্নটোকে নাজনানে৷ অৰ্জুনঃচাৰ , মই প্ৰশ্ন এটা সুধো৷ শিক্ষকঃ সোধা, মই নজনা কথা সুধিলে বৰ ভাল পাওঁ৷ অৰ্জুনঃ চাৰ আমাৰ গাওঁৰ গাওৱুঢ়াজনৰ নাম কি? শিক্ষকঃমই আকৌ তোমাৰ গাওঁৰ গাওবুঢ়াৰ নাম কেনেকৈ জানিম৷ আৰু মই জানিলে কি লাভ হ’ব? অৰ্জুনঃ আপুনি ওচৰৰ গাঁওখনৰ গাওঁবুঢ়াজনৰ নামটোকে নাজানে৷মই আকৌ আমেৰিকাৰ ৰাস্ট্ৰপতিৰ নাম কেনেকৈ জানিম, আৰু জানিলে বা মোৰ কি লাভ হ’ব৷ ☆★☆★☆

Read more

কৌতুক – উৎপলা কৌৰ

দত্ত বৰ কৃপণ। এইটো দত্তৰ বিয়াৰ পাছৰ ঘটনা। বিয়াৰ কেইদিনমানৰ পাছত যে ঘৈণী মানে কইনাবোৰ মাকৰ ঘৰত থাকিবলৈ যায় যোৱা আৰু দৰাটোৱে ঘূৰাই আনিবলৈ যোৱাৰ নিয়ম এটা আছে নহয়! তেনেকুৱা নিয়মৰ অজুহাতত যথা সময়ত দত্তই পত্নীক আনিবলৈ গল। যাওঁতে মাকে ক’লে বোলো নতুন মিতিৰ, মিঠাই অকন লৈ যাবি। খালি হাতে গৈ বোৱাৰীৰ আগত মোৰ নাক কান নাকাটিবি। ‘হব দে’ বুলি সি ওলায় গ’ল। যোৰহাটৰ ভাল মিঠাই দোকান এখনত সোমাই দত্তই এটাৰ পাছত এটাকৈ অৰ্ডাৰ দি দহটা লালমোহন খালে। খাই বৈ

Read more

চচমা–মমিতা দাস

গাৱঁৰ ধনী মানুহ এজনে তেওঁৰ কেইজনমান বন্ধুৰ লগত তেওঁৰ নিজৰ গাড়ীৰে বনভোজ খাবলৈ গ’ল। মানুহজনে গাড়ী নিজে চলাইছিল। লগৰ বন্ধু কেইজনে সম্মুখৰ গ্লাছ খনেৰে একো দেখা পোৱা নাছিল । কিন্তু মানুহজনে বাটটোৰ গাত বোৰৰ পৰা বচাই আৰামত গাড়ী খন চলাই নিছিল। বন্ধু কেইজনে আচৰিত হৈ মানুহ জনক সুধিলে। বন্ধু , সম্মুখৰ আইনা খনেৰে আমি একো দেখা নাই । তুমি ইমান ধুনীয়াকৈ কেনেকৈ গাড়ী চলাইছা ? মানুহজনে কলে “কি ক’ম বন্ধু , মোৰ এই পাহৰি যোৱা স্বভাৱটোৰ বাবে এতিয়ালৈকে প্ৰায় ৯৫১

Read more
1 27 28 29 30 31 32