ফটাঢোল

আমাৰ ছালখনৰ উজ্জলতা ধৰি ৰখাৰ উপায় – ডাঃ বিজিতা চুতীয়া

আমাৰ ছালখন হৈছে সৌন্দৰ্যৰে অন্য এক আকৰ্ষণ। ছালখন বয়সৰ চাপৰ পৰা মুক্ত কৰি ৰাখিবলৈ ছালৰ যত্ন লোৱাটো অত্যন্ত জৰুৰী। বয়স বঢ়াৰ লগে লগে ছালৰ বলিৰেখা বা ছালখন ওলমি যোৱা দেখা যায়। এয়া অনিবাৰ্য প্ৰক্ৰিয়া। কিন্তু আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে ছালখন উজ্বল আৰু কমনীয় কৰি ৰখাৰ লগতে সৌন্দৰ্যশালী হৈ থাকিব পাৰোঁ। ছালৰ প্ৰভাৱ পেলোৱা কাৰক সমূহঃ ছালখন স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ’লে আমি ছালখনত প্ৰভাৱ পেলোৱা কেতবোৰ কাৰকৰ বিষয়ে আগতে জানি ল’ব লাগিব । সেই সমূহ হৈছে – ১) বয়সৰ লগে লগে

Read more

সমাজ আৰু নাৰী – ভাৰতী পাঠক

‘হে নাৰী, তুমি নিজকে নিচিনা কিয় তোমাৰো আছে নিজৰো অস্তিত্ব, নিজৰ শক্তি। প্ৰতি খোজতে অৱহেলিত নিষ্পেসিত হ’লেও নিজৰ মহানতাৰে তুমি সদায় মহিয়সী।’ ‘নাৰী’ ঈশ্বৰৰ এক মহান সৃষ্টি। যাৰ অবিহনে এখন সমাজ অসম্পূৰ্ণ। নাৰীক ত্যাগ, ধৈৰ্য আৰু সাহসৰ প্ৰতীক হিচাপে মান্যতা দিয়া হয়। হিন্দু শাস্ত্ৰত নাৰীক ‘দেৱী’ বা ‘শক্তিৰ অধিষ্টাত্ৰী’ হিচাপে পূজা কৰা হয়। কিন্তু বিচাৰ্যৰ বিষয়টো হল ‘দেৱী’ ৰ স্থান দি পূজাৰ পিছতো হিন্দু সমাজ ব্যৱস্থাত নাৰীৰ প্ৰতি ইমান শোষণ কিয়? পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত নাৰীক বহু ক্ষেত্ৰত ভোগ্য আৰু পন্য

Read more

বাৰিষাৰ অনুভৱ : ঔ ফুলাৰ বতৰ – কৰবী দুৱৰী

বৰষুণ বাৰিষাৰ অবিচ্ছেদ্য অংগ। কেতিয়াবা মুষলধাৰে, কেতিয়াবা কিনকিনিয়াকৈ বাৰিষাৰ দিনকেইটাত বৰষুণ থাকেই। এয়া যে খেতিৰ বতৰ, উকা পথাৰখন সেউজীয়া কৰি তোলাৰ বতৰ। খেতিয়ক ৰাইজৰ কিমান যে হেঁপাহ বাৰিষাক লৈ! বাৰিষাৰ বৰষুণক লৈ সৃষ্টি হৈছে অসংখ্য কবিতাৰ। বাৰিষাই কঢ়িয়াই সৃষ্টিৰ উন্মাদনা, নতুনৰ সম্ভাৱনা। ভৱিষ্যতৰ ভাতমুঠি যোগাৰ কৰিবলৈ এই দিনকেইটাত ল’ৰাৰপৰা বৃদ্ধলৈকে সকলো পথাৰত ব্যস্ত হৈ  পৰে। কাহিলী পুৱাতেই শোৱাপাটি এৰি  বলধহাল মেলি কান্ধত নাঙলটো লৈ কৃষকসকল আগবাঢ়ে পথাৰলৈ বুলি। গৃহিণীসকলেও ততাতৈয়াকৈ ঘৰৰ কাম-বন কৰি গৃহস্থলৈ জলপানৰ টোপোলাটো লৈ পথাৰলৈ বুলি খোজ

Read more

হাঁহি আৰু হাঁহিৰ লাভালাভ – মনালিছা পাঠক নেওগ

“তোমাৰ হাঁহি আৰু মোৰ বাঁহী… যদি মিলি একেলগ হয়। কোৱাচোন হ’বনে নহ’ব আমাৰ হাজাৰ সুখ ৰাহি…” আপোনাৰ এটা প্ৰাণ খোলা ধুনীয়া হাঁহিয়ে আপোনাৰ জীৱনৰ কঠিনতকৈ কঠিন অসম্ভৱক সম্ভৱ কৰি তোলে। লগতে আপোনাৰ মুখমণ্ডলৰ সুন্দৰ হাঁহিটি দেখি কিমানজনৰ যে দিনটো শুভ হৈ পৰে! আপুনি জানেনে হাঁহিৰ এনে ধৰণৰ লাভালাভ আছে যে আপোনাক সুস্বাস্থ্যবান কৰি তুলিব পাৰে। বিশ্বাস হোৱা নাই নহয়! ঠিক আছে তেন্তে, আহক জানোঁ আপোনাৰ হাঁহিটিয়ে আপোনাৰ স্বাস্থ্য ভালে ৰখাত কেনেদৰে সহায় কৰে। টেনশ্যনৰপৰা মুক্তি : দিনটোৰ দৌৰা দৌৰি আৰু

Read more

হাঁহি : এক প্ৰিয়তম উপলব্ধি – গায়ত্ৰী চাহু

হাঁহি হৈছে মানুহৰ শৰীৰৰ সৰ্বাঙ্গতে‍ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পৰা এক ছন্দময় আঙ্গিক। হাঁহিয়ে আমাৰ সৰ্বশৰীৰতে এক শিহৰণ অথবা ঢৌ বা পুলক সৃষ্টি কৰি মন আৰু মগজুত তৃপ্তিৰ যোগান ধৰে। হাঁহি হ’ল আমাৰ মনত সৃষ্টি হোৱা আবেগৰ ঢৌ, যেন বহাগৰ ধুনীয়া গধুলিৰ ৰং অথবা সাগৰৰ অযুত উৰ্মিমালাৰ উৎসৱ। হাঁহি জীৱনৰ অনাবিল সুখ আৰু সন্তুোষ্টিৰ ধাৰক আৰু বাহক। laughing itself is a response to certain external or internal stimuli. Laughter can arise from such activities as being tickled, or from humorous stories

Read more

অসমীয়া ব্যংগ সাহিত্যৰ বিষয়ে অলপ কথা – মনোহৰ দত্ত

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া ব্যংগ সাহিত্যলৈ যি অৰিহণা আগবঢ়াই গ’ল, সেয়া আজিও সজীৱ হৈ আছে। তথাপি ‘অসমীয়া ব্যংগ সাহিত্য’ৰ দিশটো সবল নহয় বা বৰ্তমান সময়ত ইয়াৰ বিশেষ আৰু সঠিক চৰ্চা দেখা নাযায়। ফলত ঐতিহ্যপূৰ্ণ ধাৰাটোৰ পৰাও অসমীয়া পাঠক আঁতৰি গৈছে৷ ভিন্ন কাৰণত ‘ভোকেন্দ্ৰ বৰুৱা’ৰ দৰে তীক্ষ্ণ গল্প আজি নাই৷ এই স্থৱিৰতাক আমি কিদৰে গতিশীল কৰিম, সেয়া এক জটিল প্ৰশ্ন। এতিয়া বিষয়টো এনে পৰ্যায় পালেগৈ যে ব্যংগ সাহিত্য আচলতে কি – তাৰ সৈতে আমাৰ পৰিচয় নোহোৱা হৈ পৰিল৷ অ’ত, ত’ত ব্যংগ

Read more

বাঁহৰ লগত জড়িত অসমৰ বসন্তকালীন উৎসৱ – কলচুম বিবি

অসমীয়া লোকসমাজত বাঁহগছজোপাই অতীতৰেপৰা এক সুকীয়া স্থান দখল কৰি আহিছে। ঘৰ সজা কামৰপৰা আৰম্ভ কৰি জেওৰা-জপনা দিয়া, মাংগলিক অনুষ্ঠান, উৎসৱ-পাৰ্বন, ৰন্ধন প্ৰকৰণতো বাহঁগছজোপাই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসম এখন কৃষিভিত্তিক ৰাজ্য। ইয়াত পালন কৰা উৎসৱ-অনুষ্ঠানৰ বেছিভাগেই মূলতঃ কৃষিকেন্দ্ৰিক। ইয়াৰ ভিতৰত বসন্তকালীন উৎসৱসমূহ উল্লেখযোগ্য। বসন্তকালত পালন কৰা উৎসৱসমূহৰ ভিতৰত ব’হাগ বিহু অন্যতম আৰু এই ব’হাগ বিহুৰ অনুষংগতেই অতীতৰেপৰা বাঁহৰ সৈতে সংযুক্ত বিভিন্ন উৎসৱ-অনুষ্ঠান পালন কৰা হৈছে। তাৰ ভিতৰত ভঠেলি, সোৰি, পাৰ নাচৰ, ঝাপেৰী গোসাঁইৰ বিয়া, বাঁহ গোসাঁইৰ পূজা, লামজা, গড়ভাঙা,

Read more

চন্দ্ৰযান-২: ইছৰোৰ এক অভূতপূৰ্ব সাফল্য – অনামিকা বড়া

মানৱ সভ্যতাই প্ৰথম ভুমুকি মৰা দিনৰ পৰা আজিলৈকে সভ্যতাৰ ইতিহাস খুঁচৰিলে আমি দেখা পাঁও যে বিভিন্ন অভাব, সৃষ্টি, আৱিষ্কাৰ, উদ্ভাৱনৰ মাজেৰে আহি আজিৰ অৱস্থা পাইছেহি। অঘৰী অৱস্থাৰ পৰা আৰম্ভ কৰি জুইৰ আৱিষ্কাৰে আনি দিয়া আমূল পৰিবৰ্তনৰ পিছৰে পৰা মানৱ সভ্যতাৰ উত্তৰণ ঘটিয়েই আছে, য’ত বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ প্ৰয়োগে উত্তৰণৰ হাৰ বৃদ্ধিত দ্ৰুত অৰিহণা যোগাইছে। নজনাক জানিবৰ বাবে জীবশ্রেষ্ঠ মানুহৰ যি হাবিয়াস, তাৰেই ফলশ্ৰুতিত জ্ঞান আহৰণৰ ক্ষেত্ৰই পৃথিবীক পাৰ হৈ সৌৰজগত, মহাকাশ পাইছেগৈ। অন্য উন্নত দেশসমূহৰ লগতে তৃতীয় বিশ্বৰ দেশ ভাৰতবৰ্ষইও

Read more

সাধুকথা : এটি আলোচনা – ববিতা শৰ্মা

সাধুকথা অসমীয়া লোক সাহিত্যৰ এক আপুৰুগীয়া সম্পদ৷ জোনাক নিশা চোতালত পাটি পাৰি বিচনীৰ জুৰ লৈ আইতাৰ মুখৰ সাধু শুনাৰ আমেজেই সুকীয়া আছিল। পিছে এতিয়া সেই ৰামো নাই অয্যোধ্যাও নাই৷ আগৰ দিনৰ সাধু শুনাৰ চিনাকি ছবিখন আজি ধূসৰ হ’ল। প্ৰতিযোগিতাৰ দৌৰত ব্যস্ত নাতি-নাতিনীৰ সাধু শুনাৰ আহৰি নোহোৱা হ’ল৷ যান্ত্ৰিক যুগত যন্ত্ৰলৈ পৰিৱৰ্ত্তিত হোৱা মানুহৰ ঘূণে ধৰা মনবোৰত সম্পৰ্কৰ মূল্যও নোহোৱা হ’ল৷ একক পৰিয়ালৰ ধাৰণা সৰ্বজন গ্ৰহণীয় হোৱাত পৰিয়ালবোৰ ভাঙোনমুখী হ’ল পৰিৱৰ্তনৰ ধামখুমীয়াত পৰি আধুনিক যুগৰ আইতাবোৰৰ মুখৰ সাধুকথা হেৰাই গ’ল৷ একেদৰে

Read more

নাৰী তুমি অনন্যা – মৌচুমী গগৈ

এই ধৰাত ভগৱানৰ সুন্দৰ সৃষ্টিসমূহৰ ভিতৰত অন্যতম হৈছে নাৰীসকল।এগৰাকী নাৰীয়ে জীয়ৰীকালত পিতৃ-মাতৃৰ ঘৰখন আৰু পৰৱৰ্তী কালত স্বামীৰ ঘৰখন সুখ আৰু সমৃদ্ধিৰে উপচাই তোলে। তেওঁলোকে জীৱনটোত কেইবাটাও স্তৰৰ মাজেৰে নিজকে এগৰাকী সফল পত্নী হিচাপে, এগৰাকী দায়িত্বশীল মাতৃ হিচাপে, এগৰাকী আদৰ্শৱান বোৱাৰী হিচাপে সমাজৰ আগত প্ৰমাণ কৰি দেখুৱাব লগা হয়। পৃথিৱীৰ আটাইতকৈ মোহনীয়া দৃশ্যটোৱেই হৈছে, এগৰাকী নাৰীৰ মুখৰ আপোনভোলা হাঁহিটো। এটি মোহনীয় হাঁহিৰে হাজাৰ ক্ৰোধত থকা মানুহৰো অন্তৰ নিমিষতে জয় কৰিব পাৰে।এগৰাকী নাৰীৰ অবিহনে এখন ঘৰ কেতিয়াও সৌন্দৰ্যশালী হ’ব নোৱাৰে।সেয়ে ইংৰাজসকলে কৈছে,

Read more
1 12 13 14 15 16 27