ফটাঢোল

প্ৰেম -অবিনাশ শৰ্মা৷

“প্ৰথম মৰমে যদি সঁহাৰি নাপায় ভালপোৱা কিয় জানো মৰহি যায়৷ ” বিস্ময়ৰ পাতত প্ৰেম দেখোঁ৷ আৱেগ কি নুবুজিলেও নায়ক নায়িকাৰ বিষাদত হুমুনিয়াহ ওলাই৷ ভিতৰত অঙ্কুৰিত হয় প্ৰেমৰ ভ্ৰূণ৷ বিহু গানৰ জানমনি বিৰিণাক বিচাৰি ফুৰে দুচকুৱে৷ চেহ্! পিছে ফিগাৰটোহে কেটেং নহ’লেও চকুত লগা নহ’ল নহয়৷ মাজে মাজে বাহু দুটা ফুলাই চাওঁ৷ আইনাৰ কাষত ৰৈ চুলিবোৰ পাং দিবলৈ চেষ্টা কৰোঁ৷ নাই নিমিলে৷ তেতিয়া অষ্টম শ্ৰেণীত উঠিছোহে৷ ৰ’বহে! বাঃ কৈ কি মুখখন মেলিছে৷ এনেই ক’বলৈ লাজ লাগিছে৷ আমি পঢ়া স্কুললৈ নতুনকৈ এডমিচন লোৱা

Read more

অলপ চাবাচোন-প্ৰণৱ সিংহ

বেকাৰী এখনত মিঠাই কিনি আছিলোঁ৷ হুৰমুৰকৈ সোমাই আহিল এজনী ছোৱালী৷ প্ৰায় মোৰ সমবয়সৰে৷ চকুতেই চকু পৰিল৷ এইচ অন্তৰত খলকনি উঠি যায়৷ মিঠাই লৈ হৈছিলেই মোৰ তথাপি মনৰ জোৰত বোলো অলপ সময় ৰওচোন৷ কিজানিবা কিবা এটা হয়েই৷ আশাইটো জীৱন৷ ছোৱালী জনীলৈ মন কৰিলোঁ ব্যস্তভাৱে ইফালে সিফালে চাই দুই এপদ বস্তু কিনি আছে৷ মাজে মাজে মোলৈয়ো চাই৷ চকুত চকু পৰিলেই বেকগ্ৰাউণ্ডত বাজি যায়, “চকু যায় তোৰে চকুলৈ/ মৰমতে ডুবি যাবলৈ৷ ” মন কৰিলোঁ মোলৈ সঘনাই চাব ধৰিছে৷ মানে “মনমে লাড্ডু ফুটা৷” ৰ’ব

Read more

ফটাপ্ৰেম- অনামিকা গগৈ

মেট্ৰিক পৰীক্ষা দিয়া সময়ৰ কথা। পৰীক্ষাৰ আগে আগে মই আৰু আমাৰ লগৰ ভালেমান কেইজনী ছোৱালী লগ হৈ টিউচন কৰিছিলোঁ গ্ৰামাৰ আৰু অংকৰ ঘৰৰ পৰা তিনি কিলোমিটাৰ মান দূৰৰ জাতীয় বিদ্যালয় এখনত।  যিহেতু ৰাতিপুৱা ছয় বজাৰ পৰা টিউচন থাকে…গতিকে ঘৰৰ পৰা সদায় পাঁচ মান বজাতেই চাইকেল লৈ যাওঁ।   ৰাষ্টাৰ দুয়োফালে চাহৰ বাগান.. ইফালে ঠাণ্ডাৰ দিন তাতে কুঁৱলীৰ মাজে মাজে চাইকেল লৈ এগাল মান সমনীয়াৰ লগত চিঞৰ বাখৰ কৰি যোৱা সময় বোৰেই সুকীয়া আছিল।  এতিয়া যিমান মৰ ঠাণ্ডাটো অনুভৱ কৰোঁ…সেই সময়ত

Read more

বগৰীৰ তলৰ একফেইলা প্ৰেম-ৰেখা ডেকা

মৰমৰ …….. মৰমগিলা লবা । ইতাও যি তুমাক মৰম দিবা পাৰা হৈ আছু ভাবলিয়ে ভাল লাগে । মৰমৰ বুলি কৈ নামটু কিন্তু আগৰদৰে আজিও লবা নল্লু, লাজতে কুচি মুচি যাউং । ভালে আছ বুলি গম পাউং ৰবা সিন্না মালোথেৰ বাটোৰ সিটু পাৰে থাকা বগৰীৰ তলত দেইখচু । কি বা ভাবি মিহি মিহিকে হাঁহি আছলা, বৰ থৌগা হাঁহি দি আছলা । মই ভাবাতু হৈনা নহয় বা, মই আৰ সেটু বুলিয়ে ভাবি লৈছু । ইমান মৰম না মোক লগি ভাবলিয়ে জাইপে দিবাৰ

Read more

সেই চিঠিখন – বাগ্মিতা ৰাজখোৱা বৰকাকতি(বাৰ্বী)

মই তেতিয়া হায়াৰ চেকেণ্ডাৰী প্ৰথম বৰ্ষৰ ছাত্ৰী। থাকোঁ এখন ব্যক্তিগত ছাত্ৰীনিবাসত। গৰমৰ দিনকেইটাত সদায় সন্ধিয়া হোষ্টেলৰ চাঁদৰ ওপৰত বহি গপ মাৰোঁ‌। মাজে মাজে সেইফালে ৰাস্তাৰে পাৰ হৈ যোৱা ল’ৰা দেখিলে সুহুৰি বজাই জোকাওঁ‌। অতি কম সময়ত অঞ্চলটোত আমাৰ হোষ্টেলৰ নাম ৰৈ বৈ যাবলৈ ধৰিলে। দিনে দিনে সেইফালে ফুৰিবলৈ অহা ডেকা ল’ৰাৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। এনেকৈয়ে সেইফালে অহা এজন ল’ৰাৰ চকু মোৰ ওপৰত পৰিল। মই থকা হোষ্টেলটোৰ পৰা নাতিদূৰৈৰ ‘গোস্বামী’ উপাধিৰ ল’ৰাজন দেখাই শুনাই বাৰুকৈয়ে চকুত লগা আছিল। ল’ৰাজন আছিল আমাৰ

Read more

প্ৰেমৰ বাবৰিফুল – চন্দনা শৰ্মা

সেয়া নৱমমান শ্ৰেণীত পঢ়ি থকা সময়ৰ কাহিনী৷ সেইখিনি সময়ত সহপাঠী বহুতেই প্ৰেমৰ জ্বৰত আক্ৰান্ত হৈছিল যদিও মোৰ প্ৰেমক বাদ দি খেল, নাচ আদিতহে আগ্ৰহ আছিল৷ অৱশ্যে নিজে প্ৰেম নকৰিলেও বেলেগৰ মিডোল মেন হোৱাৰ দ্বায়িত্ব পালন কৰি বহুবাৰ ঘৰত পিটন খোৱাৰ ৰেকৰ্ড নথকা নহয়৷ এইখিনি সময়তে বৰ সাংঘাটিক ঘটনা এটা ঘটিছিল৷ এদিন স্কুল বাছৰ বাবে ৰৈ থাকোঁতে হঠাতে পঞ্চম শ্ৰেণীৰ ছাত্ৰ এজন আহি হাতত চিঠি এখন দি গ’ল৷ ইমানদিনৰ অভিজ্ঞতাৰে সেয়া যে প্ৰেমপত্ৰ অনুমান কৰিব পাৰিলোঁ৷ বিগত দিনবোৰত আনৰ বাবে এই

Read more

ফটা প্ৰেম – মিৰাজুল ৰছিদ

সৰুতে মই খুব ৰোমাণ্টিক আছিলোঁ। এই ধৰক বিশ বছৰ বয়স হোৱাৰ পাছতহে মোৰ ৰোমাণ্টিক মনটো নোহোৱা হ’ল। আচলতে সময় নাই দিয়কচোন। কলেজৰ এচাইনমেণ্ট, পৰীক্ষাৰ চিন্তা আদিৰ বাবে ৰোমাঞ্চ কি পাহৰি গ’লো। সৰুতে এইবোৰ ভেজাল নাছিল। সেইবাবে ৮, ৯ বছৰ বয়সত গাঁৱত ময়ে মূল ৰোমণ্টিক ‘বাচ্চা’ আছিলো চাগে। তাইৰ লগত টিভিত শক্তিমান চাওঁতে চাওঁতে কেতিয়া প্ৰেমত পৰিলো গমেই নাপালোঁ। অ’ তাই মানে কোন আগতে জনাই দিওঁ নহয় জানো? তাই আমাৰ কাষৰ ঘৰটোত একেজন মালিকৰ ভাড়াঘৰতে আছিল। টিভি চাই বৰ ভাল পাই

Read more

ফটাপ্ৰেম – নিৰ্মালী বৰমূদৈ

“চিক্স….চিক্স…ছিক্স…………… য়াহু………….. ধোনী…ইউ আৰ দ্য হিৰ’…উই লভ ইউ… জিনকা চিকা…….” গেটৰ মুখৰ পৰাই চিঞৰ আৰু হুলস্থুল শুনি ৰ’বই নোৱাৰিলো। দৌৰ মাৰি বাঁহতৰ ভিতৰ পালোগৈ। হোষ্টেলৰ পৰা প্ৰায়ে ৰবিবাৰে বাৰ ঘৰলৈ আহোঁ‌। বা থাকে গুৱাহাটী লাচিত নগৰত। ইফালে মোৰ কলেজ আকৌ উত্তৰ গুৱাহাটীত। ৰবিবাৰে লাগতিয়াল বজাৰকেইটা কৰি আহি বাৰ ঘৰত সোমাই দুপৰীয়াৰ ভাতসাজ খাই যাওঁ‌। এইয়াই মোৰ হোষ্টেলীয়া জীৱনৰ ডায়েৰী। ভিতৰত গৈ দেখিলোঁ‌ ভাগিনটো টিভিটোৰ একেবাৰে সন্মুখত ৰিমৰ্টতো মুখত কামুৰি লৈ থিয় হৈ আছে। সাংঘাতিক ৰোমাঞ্চকৰ খেল চলি আছে। ভাৰত জিকিবলৈ

Read more

ফটা প্ৰেম : জ্ঞান বৰদলৈ

অভিনবৰ বাবে বহু আকাংক্ষিত আজিৰ দিনটো৷ আজি দেবলিনাৰ বাৰ্থ ডে৷ দুয়ো প্ৰেমিক প্ৰেমিকাই আজি দিনটো বিশেষ ভাৱে উদযাপন কৰাৰ প্লেন৷ সেই বাবেই চহৰৰ অভিজাত ৰেষ্টুৰেণ্টখনত কালি সন্ধিয়াই গৈ অভিনবে এখন টেবুল বুক কৰি আহিছে আৰু বাৰ্থ ডেৰ বাবে কিবা অলপ স্পিছিয়েল এৰেঞ্জ কৰি আহিছে৷ তাতে আকৌ মুম্বাইত পঢ়ি থকা দেবলীনাৰ পেহীয়েকৰ জীয়েকজনীও তাইৰ লগত অহাৰ কথা, গতিকে প্ৰগেম আৰু স্পিছিয়েল। ৰাতিপুৱাই ডাঢ়ি, চুলিকেইডাল কাটি আহোঁ বুলি স্কুটাৰখন লৈ অভিনব ঘৰৰ পৰা ওলাই আহিল৷ ঘৰৰ পৰা ওলাই গলিটোৰ সন্মুখ পাওঁতেই কোনোবা

Read more

ফটাপ্ৰেম – ৰাজশ্ৰী শৰ্মা

স্কুলীয়া জীৱনত প্ৰেমত নপৰা মানুহ বহুত কমেই আছে চাগৈ। তাৰ কিছুমানৰ প্ৰেমে সফলতাৰ মুখ দেখে আৰু মোৰ দৰে ভঙা-ছিঙা লোহা প্লাষ্টিক টাইপ কপালৰবোৰৰ বাৰে বাৰে ফটাপ্ৰেমেই মেইন। স্কুলৰ সময়ত ল’ৰা চাওঁ আৰু দুই এজন। পিছে মোৰ চেহেৰা আৰু মুখ মেলিলেই পেলপেলোৱা স্বভাৱৰ বাবে মানুহে দূৰৰপৰা চালেও এবাৰ কথা পাতি আৰু কথা পতাৰ সাহস নকৰে। সেই সময়তে আৰম্ভ হৈ গ’ল মোৰ একপক্ষীয় প্ৰেম এজন ল’ৰাৰ লগত। আমাতকৈ বহুত ডাঙৰ আছিল, আমি দূৰৰ পৰা দেখোঁ মাজে মাজে। সেই সময়ত ওলোৱা কেলিবাৰ বাইক

Read more
1 11 12 13 14 15 31