ফটাঢোল

ভিলেইন – তৃপ্তি মাধুৰী বৰগোঁ‌হাই

“ঐ, তোৰ হিৰ’লে ৰওঁতে ৰওঁতে আমাৰ ফালে জিৰ’ হ’ব..” ” — এ ৰহ ঔ এইজনী” চকুদুটা ডাঙৰ কৰি উত্তৰ দিয়াত বৰ্ষা মনে মনে ৰ’ল। “তোক কথা এটা ক’বলৈ আছে, স্কুল যোৱাৰ আগত দলঙৰ আগত ৰ’বিচোন, একেবাৰে ‘ইম্পৰটেণ্ট’ কথা।” — চকলেট এটা হাতত দি সি কোৱা কথা কেইশাৰীয়েহে মোৰ অধৈৰ্য মনটোক ধৰি ৰাখিছিল৷ “বৰ্ষা, তই থেন-থেনাই থাকিব নালাগে, তই যা স্কুললৈ, মই গৈ আছোঁ৷” বেল পৰাৰ আগে আগে কোনোমতে স্কুল পোৱাৰ আশাত তাই কোবা-কোবিকৈ গুচি গ’ল৷ মই ৰৈ গ’লোঁ, মনত কেৱল

Read more

প্ৰথম প্ৰেম – স্মৃতিৰেখা দাস

প্ৰথমতেই কৈ থওঁ‌ যি ক’ম সঁচা ক’ম, সঁচাৰ বাহিৰে একো নক’ম। সেয়া প্ৰেমক প্ৰথম প্ৰেমে বুলিবয়ে পাৰি, যদিও আজিলৈ বিভিন্ন সময়ত বিভিন্নজনৰ প্ৰেমত পৰি আহিছোঁ। সেয়া লাগে হৃত্বিকে হওক, সনু নিগমে হওক বা চলমান খানে হওক। মোৰ বয়স তেতিয়া ১৩/১৪ বছৰমান হ’ব চাগে, ঠিক মনত নাই। মামাহঁতৰ ঘৰ ওদালগুৰি জিলাৰ হৰিশিঙাত। অষ্টম শ্ৰেণীৰ পৰীক্ষা দি উঠাৰ পিছত মামাহঁতৰ ঘৰলৈ গৈছিলোঁ। কেইদিনমানৰ পিছত মাজু মামায়ে ঘৰলৈ থ’বলৈ আহিল। ৰাতিপুৱা গা-পা ধুই, খাই বৈ ষ্টেচনলৈ আহিলোঁ। যথা সময়ত ট্ৰেইনত উঠি আহি আছোঁ,

Read more

ডাবল ইনকামৰ অংক – দীপাংকৰ চৌধুৰী

“কোনে জানে তোমাৰ সপোন হ’বনে পূৰণ আকাশতে থকাজনে  লিখে কপালৰ লিখন।” এৰা নাজানে বুইছেনে কোনেও নাজানে, কেতিয়া কাৰ সপোন ক’ত কেনেকৈ পূৰণ হয়। আশাত বন্দী আমিবোৰে মানে মোৰ নিচিনা বৰলাবোৰে বিয়া পাতিবলৈ ছোৱালী এজনী বিচাৰি নেটৱৰ্ক মিলাই থাকোঁ। বিয়া ঘৰ, ফাংছন আদিৰ বাহিৰেও ফেচবুকো সাৰি নাযায়। বাকী নৰ’লগৈ SSA ৰ প্ৰশিক্ষণো। এই প্ৰশিক্ষণসমূহ বৰিং  যদিও আমাৰ লগৰ বৰলা মাষ্টৰ কেইটাৰ তাতো আশাৰ চাকি এগছি ধিমিকধামাককৈ জ্বলি থাকে। পাই যাম নেকি চকুৱে বিচাৰি ফুৰা সেই বিশেষগৰাকী। সেইবাবে প্ৰশিক্ষণ বুলি ক’লেই আমাৰ

Read more

ফটাপ্ৰেম – মৃদুলা গগৈ

বহুতদিনৰ আগতে এটা বিহুগীত আছিল । ” প্ৰথমতে পাতিছিলোঁ মৰমত ভনী কথাদিলে হ’ব বোলে জীৱন সংগিনী…..” এনেকুৱা এটা আশাতে মইও বহুত দিন ৰৈ আছিলোঁ। পিছে নহ’লগৈ। কিয় ৰৈছিলোঁ তাকে লিখিছোঁ এইবাৰ। হায়াৰ ছেকেণ্ডেৰী পাচ কৰি কলেজলৈ আহিলোঁ। কলেজ ঘৰৰ পৰা দূৰত গতিকে হোষ্টেলত আছিলোঁ । ঘৰত থাকোতে একেবাৰে শান্ত শিষ্ট ছোৱালী জনী হোষ্টেলত থাকিবলৈ লোৱাৰ লগে লগে সাংঘাতিক  পৰিৱৰ্তন হলোঁ। পৰুৱাৰ পাখি গজিলে হোৱা পৰিৱৰ্তনৰ দৰেই। সুবিধা পালেই উৰি গৈ জুইতো পৰি দিয়া বিধৰ। ইমান পৰিৱৰ্তনৰ বতাহ বলি থকা সময়ছোৱাত

Read more

ফটা প্ৰেম – চাহিন জাফ্ৰি

কলেজীয়া জীৱনত এদিন ধুনীয়া ল’ৰা এটা মোৰ ভাল লাগিছিল। ভাল মানে ‘লাভ এট ফাৰ্ষ্ট চাইট’ আৰু দেই। কলেজৰ পৰা ওলাই আহোঁতে গে’টৰ সন্মুখত ব্লেক পালচাৰ খন লৈ ৰৈ থকা সেই মিঠা বৰণীয়া লৰাটো দেখিয়েই কিবা এটা ভাল লাগি গ’ল। ক্লিন চেভ কৰা নাছিল সি, সামান্য দাঢ়ি গজা দুখন গাল আৰু গভীৰ চকু দুটা…! সঁচাই কিবা এটা ভাল লাগিল মোৰ। ল’ৰাবোৰৰ ক্লিন চেভ ফেচ এনেয়ো পছন্দ নহয় মোৰ, একেবাৰে গুচোৱা পিঁয়াজটোৰ নিচিনা লাগে। মানে সেই বিশেষ ঠাইখিনি জোখতকৈ বেছি বগা হৈ

Read more

দাঁত – অভিজিত দত্ত

দুটা গোপন কথা – (কোনেও কাকো নক’ব দেই) ১। আজিৰপৰা দহবছৰৰ আগতে মোৰ অৱস্থা হাড়ে ছালে লগা আছিল। ২। মোৰ দাঁতৰ অৱস্থা সৰুৰেপৰাই বেয়া। আগদাঁতটো ভঙা। নিম্নোক্ত ঘটনাটো ঘটাৰ এমাহমানৰ আগতে স্থায়ীভাৱে মই দাঁতটো লগাইছিলো। এইবাৰ ঘটনাটোৰ বিষয়ে পঢ়ক – ২০০৯ চন। বিয়াৰ বয়স হ’ল। মা-দেউতাহঁতে ছোৱালী চোৱা আৰম্ভ কৰিছে। মোৰো দাম্পত্য জীৱন এটা কল্পনা কৰি মনটো ৰাইজাই কৰি আছে। মোৰ প্ৰেম কৰিবলৈ নহ’ল। (আচলতে বহুজনীক অফাৰ দিছিলো, কোনেও গ্ৰহণ কৰা নাছিল) গতিকে মই মা-দেউতাই ছোৱালী এজনী ঠিক কৰি দিব

Read more

ফটাপ্ৰেম – চাহিন জাফ্ৰি

যাদু তেৰী নজৰ…খুচবু তেৰা বদন.. তু হা কৰ …য়া না কৰ তু হে মেৰী ‘কিৰণ’ তু হে মেৰী “কিৰণ”….!! গানটো ফুল ভলিউমত বাজি আছে।গুৱাহাটীৰ পৰা নগাওঁ অভিমুখে আহি থকা ট্ৰেভেলাৰখনত মই। এনেকুৱা গানবোৰ কিয় লগায় বাৰু?? মনটো যে উৰি গ’ল অতীতৰ কোনোবা এটা সোণোৱালী দিনলৈ….!! নৱম শ্ৰেণীৰ পৰীক্ষা দি উঠিছোঁহে।এমাহৰ গৰম বন্ধ। মাহীৰ ছোৱালী চুমীৰ লগত সিহঁতৰ ঘৰলৈ গ’লোঁ, কেইদিনমান থকাকৈ। ঘটনাটো বাটত গৈ থাকোঁতেই ঘটিল। বাচখনত ভীৰ আছিল। ঠেলা-হেঁচাৰ মাজতে মোৰ গাত আহি খুন্দা খালে এটা সুন্দৰ-সুঠাম যুৱকে। মিচিকিয়া

Read more

এজ ইজ জাষ্ট এ নাম্বাৰ – মিতালি চহৰীয়া

:: ঐ তই বিয়ালৈ ওলাবিনে? পিং পিং পাং জাং ছু এইবোৰ কি ভাষাৰ ভিডিঅ’ চাই থাকানো। মোৰ শুনি থাকিবলৈয়ে অসহ্য লাগে। :: হাঃ হাঃ এবাৰ চাবিচোন তই কোৰিয়ান ড্ৰামা, পাগল হৈ যাবি , কি কিউট কিউট এক্টৰ, এক্টিংয়েই চাবানে ৰোমান্সেই চাবা। মই যে একদম ফিদা হৈ গৈছোঁ। :: থ’ থ’ তোৰ এইবোৰ কিউট ৰোমান্টিক। এনেইচোন বৰ আকৌ বিয়েৰড বয় লুকহে ভাল পাৱ। কৰবাত দেখিলেই কৱ আহি ঐ জাননে কি মজা দাড়িয়া ল’ৰা এজন দেখিলোঁ। :: ষ্টপ ষ্টপ ষ্টপ…. মই এতিয়াও

Read more

বৰলাৰ প্ৰেম – মণিকা এম কাশ্যপ

তেৰা বন যাওংগা… একেবাৰে লেটেষ্ট গানৰ শব্দত অনুজ টোপণিৰ পৰা সাৰ পাই গ’ল। এলাৰ্ম টিউন ৰোমাণ্টিক নাৰাখিবনো কিয়? তাৰ জীৱনো এতিয়া ফেচবুকৰ কৃপাত কবিৰ সিঙতকৈ কম ৰোমাণ্টিক নহয়! তিনি মাহৰ আগতেই ফেচবুকত চিনাকি অনন্যাৰ লগত এতিয়া তাৰ দুৰ্ঘোৰ প্ৰেম!আগত তালৈ হোৱাটচ এপত আহিছিল “অমুক মন্দিৰত পূজাৰীক আজি ভগৱানে সপোনত দেখাইছে…, এই মেছেজটো ১০ জনলৈ ফৰৱাৰ্ড কৰক ন’হলে বিপদ অনিবাৰ্য”। আজিকালি অনুজৰ গ্ৰহ নক্ষত্ৰ ভাল দিশত। ৰাতিপুৱাই “জানু উঠিলা! গুড মৰ্ণিং”… এনেদৰেহে আৰম্ভ হয়। তাৰ প্ৰেম, ভালপোৱা মিঠা নোহোৱা কাটা বিস্কুটৰ

Read more

Differential Equation আৰু মোৰ প্রেম – খনিন্দ্র ভূষণ মহন্ত

উচ্চতৰ মাধ্যমিক প্রথম বর্ষটো ফটুৱামি কৰি থাকোঁতেই কেতিয়ানো পাৰ হৈ গ’ল তলকিবই নোৱাৰিলোঁ। প্রথম প্রথম কলেজলৈ গ’লে ‘হাৱা’ এটা লাগেই দিয়কচোন। অমুকাকো সেইজাক বতাহে বাৰুকৈয়ে কোবাই থৈ গৈছিল। গতিকে পঢ়া-শুনা ‘ক’-কাৰিকুলাৰ এক্টিভিটি’ত থৈ কৰবীকেইজোপাৰ তলত আড্ডা দিয়া, ‘বৃন্দাবন’ত বহি ৰঙীন পখিলা চোৱা এইবোৰ আছিল নিত্য-নৈমিত্তিক কাম। ফলত, পৰীক্ষাহলত কলম কামুৰি বহি থকাৰ বাদে বেলেগ উপায় নাছিল। কিবাকৈ উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ জপনাখন পাৰ হোৱাৰ পাছত নিজেই নিজক কথা দিলোঁ, “এনেকৈ নহ’ব। পঢ়িব লাগিব। নহ’লে গোটেই ধুনু মাইনাহঁতৰ সন্মুখত নাক-কাণ কটা

Read more
1 13 14 15 16 17 31