ফটাঢোল

নাম বিভ্ৰান্তি – ধৰিত্ৰী শৰণীয়া

প্ৰেম আৰু মোৰ মাজত যেন এক এৰাব নোৱাৰা সম্বন্ধ আছে। বাৰে বাৰে প্ৰেমত পৰো মই! কেতিয়াবা যদি ৰাস্তাৰে খৰ খোজেৰে দেউতাকৰ লগত ফোনত উচ্চস্বৰত কথা পাতি আহি থকা চছমা পিন্ধা ল’ৰাটোৰ প্ৰেমত পৰো আৰু কেতিয়াবা সাতমাইলত পাছলি বেচা ল’ৰাটোৰ! কোনোদিন হয়তো শুক্ৰেশ্বৰ মন্দিৰৰ ওখ-পাখ পাহোৱাল ডেকা পূজাৰীজনে মোৰ বুকুত ক’ব নোৱাৰাকৈয়ে অবুজ প্ৰেমৰ জোৱাৰ তোলে। আজি লিখিবলৈ লোৱা প্ৰেম কাহিনীটো হ’ল মোৰ ডিগ্ৰী পঢ়া সময়চোৱাৰ। ব্যক্তিগত কাৰণত আগতে পঢ়া কলেজখনত এদমিচন নল’লো। মামাই এবছৰ এনেয়ে যাব বুলি “পাণ্ডু কলেজত” লেট

Read more

ফটা প্ৰেম – মানসী হাজৰিকা

মফচলীয় চহৰখনলৈ নতুনকৈ আহিছোঁ আমি তেতিয়া।আমি অহাৰ কেইদিনমান পিছতে কাষৰ মানুহ ঘৰেও ছাদখন মৰা কাম সমাপ্ত কৰিয়েই ঘৰ ল’লে। বস্তু- বাহানি অনা দিনা মোৰ সমান বয়সৰ ল’ৰা এটাই ঘৰৰে কিবা বস্তু এপদ ডাঙি “মই শক্তিমান” বুলি চিঞৰি অহা মোৰ চকুত পৰিল। কালক্ৰমত সেইজনাই গৈ মোৰ দৰা কইনা, লুকা ভাকু, চোৱা চুই, অন্তাক্ষৰী খেলাৰ লগ হ’লগৈ। পাঁ‌চঁ বছৰৰ পৰা প্ৰায় এঘাৰ বছৰমান বয়সলৈকে আমাৰ খেলা ধূলা যতি নপৰাকৈ অব্যাহত থাকিল। তাৰ মাজতে আমাৰ খেলাৰ মাজে মাজে আমাৰ মাহঁ‌তৰ কথাৰ পৰা আমি

Read more

জীৱনৰ মধুৰতম স্মৃতি – চবিনা ইয়াচমিন

কাহিনীটো জীৱনত পাহৰিব নোৱাৰোঁ৷ কৃষ্ণ! বিলৈ চাগৈ ইয়াকেই কয়৷ সৰুৰে পৰা আজিকোপতি সলনি নোহোৱা অভ্যাসটো হ’ল সদায় নিজৰ দায়িত্ব সময়ত নিজে পালন কৰিমেই৷ লাগিলে জীৱনলৈ হাজাৰ ধুমুহা আহক৷ সেইটো অত দিনে ভাল কথা বুলি ভাবি আছিলোঁ যদিও এতিয়া কথাবোৰ ভাবিলে খংহে উঠে৷ মানে কেতিয়াবা নিজৰ কাম সময়ত কৰি শেষ নকৰাটো ভাল৷ দায়িত্ব পালন কৰোঁতে নিজৰ বিপদৰ দিশটোও মন কৰিব লাগে৷ মই সেইবোৰ কিন্তু চিন্তা কৰিবলৈ আহৰি নাপাওঁ৷ মানে কুকুৰৰ নেজ হাজাৰ পোনালেও বেঁকা যি বেঁকাই থাকিবতো৷ তেতিয়া মই মহাবিদ্যালয়ৰ ছাত্ৰী৷

Read more

সেই নিশাটোৰ প্ৰেম কাহিনী- চুইটলেনা দাস

খুব সম্ভৱ এই কাহিনীটো ২০১১ চনৰ। তেতিয়া মই বি.এত নতুনকৈ এডমিছন লৈছোঁ। মোৰ বাক বিয়া দিয়া হৈছিল বোকাখাতলৈ। সেয়ে মাজে সময়ে বাৰ ঘৰলৈ মোৰ অহা যোৱা চলিয়েই থাকিছিল। বাৰ ঘৰত থকা সময়ৰে কথা। সিহঁতৰ ঘৰৰ ওচৰৰে বেংগলী সম্প্রদায়ৰ মানুহ এঘৰৰ ডাঙৰ পুতেকৰ বিয়া আছিল আৰু আমাৰ ঘৰতো নিমন্ত্ৰণ জনাইছিল। সেয়ে মইও বিয়া খাবলৈ গ’লো। দৰা ঘৰৰ সকলো মানুহে আমাক বৰযাত্ৰীৰ লগত যাবলৈ লগ ধৰিলে। আমিও মানুহঘৰৰ কথা পেলাব নোৱাৰি যাবলৈ সাজু হ’লো। কইনাৰ ঘৰ নগাঁৱত। সন্ধিয়া ৭ মান বজাত বৰযাত্ৰী

Read more

মোৰ ফটাৰো ফটা প্ৰেম – হিয়া শৰ্মা

প্ৰেমনো নাহে কাৰ জীৱনলৈ! সকলোৱে এবাৰ হ’লেও প্ৰেমৰ পথত উজুটি খায়েই। মোৰো তেনেকৈ উজুটি খাইয়ে প্ৰেম ফাটি চিৰাচিৰ কিমানবাৰ যে হৈছিল তাৰ হিচাপ নাই। তেতিয়া মই ক্লাছ নাইনমানত পঢ়ি আছোঁ। মনটো পখিলা উৰাদি উৰিয়েই থাকে। তাতে আকৌ স্কুললৈ কাঢ়া ইস্ত্রি মাৰি মেখেলা-চাদৰ পিন্ধি যোৱাৰ কোব কি চাবা! এই উৰণীয়া মনটো যে ধৰি ৰখাৰ উপায় নাই। তেতিয়া আকৌ মোৰ সাধাৰণ মানুহবোৰ ভালেই নালাগে। চেলিব্রেটিবোৰকে ভাল পাওঁ‌। আজি যদি যতীনদাক ভাল লাগে, কাইলৈ আকৌ ৰবিদাক। দেখিবলৈ সিহঁতৰ নিচিনা যদি ল’ৰা দেখো, মোৰো

Read more

ফটাপ্ৰেম – পঞ্চী প্ৰিয়া দাস

কাহিনীটো ২০১০ চনৰ। মই তেতিয়া দশম শ্ৰেণীত পঢ়ি আছিলোঁ। সৰুফুটীয়া আছিলোঁ কাৰণে স্কুলত কোনেও ভালপাওঁ বুলি নক’লে। তাতে হেড ছাৰে আমাৰ ঘৰলৈ সঘনে অহা-যোৱা কৰিয়েই থাকে। কেনেবাকৈ ঘৰত গম পালে পিঠিৰ ছাল চিগিব বুলি নিজেও কুচি-মুচি থাকোঁ। সকলোৱে কেৱল, “তোমাক যে একেবাৰে ভণ্টীয়েই পাতিলোঁ আৰু” বুলিহে কয়। লগৰকেইজনীৰ আকৌ “ল’ৰাবন্ধু” সলনি হৈয়েই থাকে। কেতিয়াবা ভাবোঁ, মইনো বাৰু দেখিবলৈ ইমান বেয়ানে! ঘৰৰ মানুহে টিউশ্যনো একেবাৰে ওচৰতে দিছিল। আমাৰ ঘৰৰ পৰা এটা ঘৰ পাৰ হৈয়ে ছাৰৰ ঘৰ। দূৰৈত টিউশ্যনৰ কৰাৰ কথা কেতিয়াবা

Read more

ফটাপ্ৰেম – শংকৰজ্যোতি বৰা

সেইজনা তেতিয়া নগাঁৱত পলিটেকনিকত পঢ়ি আছে৷ পলি বয়জ হোষ্টেলৰ পিছফালেই এখন ডাঙৰ কবি বাৰী আৰু তাৰ পিছফালেই আমাৰ নগাঁও কমাৰ্চ কলেজ৷ মই তেতিয়া কলেজৰ পৰা ওলোৱা বহুত দিন হ’ল যদিও প্ৰায় সন্ধিয়া কলেজৰ মুখত আড্ডা দিবলৈ যাওঁ৷ ‘বিবিচি’ বাবলুদা পাণ দোকানীক নুসুধিলেও সি দিনটোৰ সেইখিনিত হোৱা কাহিনীবোৰ অনৰ্গল বকি থাকে৷ বাবলুদাৰ মুখতে সেইজনাৰ বিষয়ে শুনিছিলোঁ৷ বোলে তামাম চেনি পোৱালি এটাই পলি হোষ্টেল তালফাল লগাই আছে৷ ‘চশমিছ’ ল’ৰাটো দেখা-শুনাৰ লগতে স্বভাব চৰিত্ৰ ভালেই যদিও তাৰ বাবেই হোষ্টেলৰ কোনো ল’ৰা প্ৰেমত পৰিব

Read more

ফটাপ্ৰেম – জীমণি গগৈ

মানুহৰ জীৱনকালত এই সুবিশাল পৃথিৱীখনত কেতিয়াবা সৰু বস্তু এটা থ’বলৈকো ঠাই অকণ নোহোৱা হয়! মাটি-পানী-বায়ু-অগ্নি কোনেও মানুহক সুৰক্ষা দিব নোৱৰা অৱস্থা একোটাৰ উদ্ভৱ হয়। ক্লাছ নাইটত পঢ়োঁ তেতিয়া। সন্ধ্যাবেলিকা এনেয়ে ৰাস্তাত খোজকাঢ়ি ঘৰলৈ উভতিছোঁ। গেটখন খুলি ভিতৰ সোমাবলৈ লওঁতেই বিপৰীত ফালৰপৰা কোনোবা এজনে মাত দিলে – “শুনা…” ঘূৰি চাই দেখোঁ চাইকেলত উপবিষ্ট মোৰ লগৰ অলিৰ ককায়েক। নামটো? নামটো বাৰু এতিয়াই নকওঁ, থাকক। অলিয়ে মতা ঘৰুৱা নামটো “জীকুদা”। “এইখন লোৱা” – কথা নাই বতৰা নাই জীকুদায়ে বগা খাম এটা আগবঢ়াই দিলে।

Read more

ফটাপ্ৰেম – দিম্পল কলিতা

মন্দিৰৰ সন্মুখতে লগালোঁ বেনাৰখন, অলপ আগতে প্ৰেছৰ চিনাকি ল’ৰাজনে সেইখন দি গ’ল। “নৱজোৱান যুৱক সংঘৰ উদ্যোগত বহাগী উৎসৱ”। এইবাৰৰ বেনাৰখন বেচ ডাঙৰ হৈছে মানে এইবাৰ বিহু হিট আমাৰ। ৰাতিৰ আন্ধাৰতে গোটেইকেইটাই মিলি বেনাৰখন লগালোঁ। আন্ধাৰৰ বাবে বেনাৰখনত থকা কণ্ঠশিল্পী কেইজনৰ মুখকেইখন স্পষ্টভাৱে দেখা নাছিলোঁ। কিন্তু মই জানো যে তাতে থকা ছোৱালী কণ্ঠশিল্পী কেইজনীৰ এজনী হ’লেও মোৰ পচন্দ হ’বই। পাঁচজনী ছোৱালী কণ্ঠশিল্পীৰ পৰা এজনী মোৰ চকুত নপৰিব নে! পৰিব পৰিব!কাইলৈ ৰাতিপুৱা সিহঁতৰ চকুত চকু দিম। বিহুলৈ আৰু বেছিদিন নাই। চান্দা তোলা

Read more

আধৰুৱা প্ৰেম – মিৰাজুল ৰছিদ

এতিয়াও মনত পৰিলে বুকুখন বিষায়। অহ্! আচলতে বুকুখনতকৈ গালখনহে বেছি বিষায় । কেইবছৰমান আগৰ কথা। প্ৰেমৰ নামত ছোৱালী বিচাৰি হাবাথুৰি খাই আছিলোঁ। নাই কোনেও পাত্তা নিদিয়ে। মোৰ ঠাইত আন কোনোবা হ’লে আশা এৰিয়েই দিলেহেঁতেন। কিন্তু এনে অৱস্থাতো মই আশা এৰি নিদিলোঁ। মই ল’ৰাটো বৰ পজিটিভ; আফটাৰঅল মোৰ ব্লাড গ্ৰুপো বি পজিটিভ। মনতে থিৰাং কৰিলোঁ লাগিলে পঢ়া-শুনাত সময় কমকৈ দিম আৰু অধিক সময় ছোৱালী এজনী বিচাৰিবলৈ খৰচ কৰিম। মুঠতে প্ৰেম মইয়ো কৰিম, সেয়া খাটাং। ডেইজী! হয়,তাইৰ নাম ডেইজী আছিল। আমাৰ ঘৰৰ

Read more
1 21 22 23 24 25 31