ফটাঢোল

অনলাইন প্ৰেম – মিতালী চহৰীয়া

এই যে “অনলাইন প্ৰেম”, শব্দটোৱেই যেন এক বৃহৎ এক মায়াজাল৷ তাতে এই অনলাইন প্ৰেমৰ মায়াজালৰ মকৰাজাল খনৰ কথা বুজিয়ে নাপাওঁ৷ মোৰ দৰে বেঙীজনীয়ে এই মকৰাজাল খনত বান্ধ খাই পৰিবলৈ সময় নালাগিলেই৷ ফেচবুকত একাউণ্ট খোলাৰ আৰম্ভণিৰ কেইদিনমানৰ পিছৰ কথা৷ বন্ধু বেছিকৈ হোৱাই নাই তিনিশ মান হৈছিল৷ তেতিয়া মই নাৰ্চিং ট্ৰেইনিং কৰি থাকোঁতে ভাড়া ৰুমত আছিলোঁ৷ লাহে লাহে ফেচবুকৰ নিচা লাগিব ধৰিলে, যিহেতু নাৰ্চিং পঢ়াৰ একদমেই ইনটাৰেষ্ট নাছিল মোৰ৷ সেইকাৰণে ফেচবুকটো টাইমপাছৰ ধুনীয়া আহিলা হৈ পৰিল৷ মাজে মাজে দুই এখন ফটো আপলোড

Read more

ফটাপ্ৰেম – সুপ্ৰিয়া সূত্ৰধাৰ

ফেচবুকত প্ৰশ্ন আৰু উত্তৰৰ আমোদজনক খেল এখন চলি থাকে৷ সকলোৱে কিবাকিবি প্ৰশ্নৰ উত্তৰ দি থকা প্ৰায়ে দেখোঁ৷ মই কোনোদিনে দি পোৱা নাছিলোঁ৷ কালি অলসভাবে ফেচবুক খুঁচৰি থাকোঁতে হঠাৎ এটি প্ৰশ্ন আহিল৷ প্ৰশ্নটো আছিল, “এনে কি উক্তি আছে, যি আপোনাৰ জীৱনৰ আদৰ্শ হিচাপে গঢ় লৈ উঠিছে?” মই ভাবিলোঁ ইয়াৰ উত্তৰটো আজি মই দিম৷ দিলোঁ উত্তৰটো৷ দিয়াৰ লগে লগে দেখোঁ মোৰ ফেচবুক বন্ধু-তালিকাৰ কেইজনমান ভব্য-গব্য ব্যক্তিয়ে সেই উত্তৰক খুব শলাগিছে৷ উত্তৰটো আছিল, “Don’t cry for anything… search, and you can get substitute…”

Read more

ফটাপ্ৰেম – হেমন্ত কুমাৰ বৰা

প্ৰথম প্ৰেম বুলি পাতনি মেলিছো যদিও, টেকনিকেলি সেয়া কিজানি এই অধমৰ দ্বিতীয় বা তৃতীয় প্ৰেমহে হ’ব৷ পাঠকে সেয়া পঢ়ি উঠি নিজেই সিদ্ধান্ত ল’ব৷ আমুকা এনেও অলপ অকালপক্ব, আবতৰতে পকা ফল, সকলো কামতে দৰকাৰতকৈ বেছি আগবঢ়া৷ চাৰিবছৰমান বয়সতে দাদাক ঘৰৰ ওচৰৰ এল. পি. স্কুললৈ অহা যোৱা কৰা দেখা পাই, ঘৰত কাকো নোকোৱাকৈ, মনে মনে হাতত ছিলেট এখন লৈ ময়ো স্কুল ওলাইছিলোগৈ৷ হেড মাষ্টৰকে ধৰি, অন্যান্য মাষ্টৰসকল, ঘৰৰ পৰা মাতি অনা ককা আৰু খুৰায়েও বুজাই বঢ়াই ঘৰলৈ ওভতাই নিব নোৱাৰিলে৷ বৰঞ্চ মোৰ

Read more

ফটাপ্ৰেম – চবিনা ইয়াচমিন

তেতিয়া মই চাগে তৃতীয়মান শ্ৰেণীত৷ মিথুন আৰু অমিতাভৰ চিনেমা খুব চাওঁ যদিও মোৰ আটাইতকৈ প্ৰিয় অভিনেতা আছিল গোবিন্দ৷ সেইকণ বয়সতেই কত যে সপোন! দেউতাৰ সেই সময়ত কিবা এটা ডাঙৰ অসুখ হৈছিল৷ কি হৈছিল তেতিয়াও নাজানিছিলো আৰু আজিও ভালকৈ গম নাপালো৷ কিন্তু প্ৰায় এশ দিন মান ডিব্ৰুগড় মেডিকেলত থাকি চিকিৎসা কৰাওঁতেহে আৰোগ্য হৈ উলটিছিল৷ দেউতা উলটি অহা পোন্ধৰ, বিশ দিন হৈছেহে, মা টিউবেলৰ পাৰত পৰিল৷ থাকিল ভৰিখন ভাঙি৷ যোৰহাটত চিকিৎসা কৰাই ভাল নহ’ল৷ পুনৰ ডিব্ৰুগড় মেডিকেল যাব লগা হ’ল৷ সেইবোৰ বহুত

Read more

ফটা প্ৰেম – ৰাজীৱ শৰ্মা

আয়তীৰ মংগলধ্বনি আৰু হৰিনামৰ মাজত আন দহজনীৰ দৰেই মোৰো ঘৰখনলৈ প্ৰৱেশ ঘটিছিল৷ পদূলিমূৰতে চাৰিওটা ভৰি ধুৱাই গামোছাৰে মচি কপালত ৰঙা তিলক লগাইছিল ঘৰৰ মুখ্য মানুহগৰাকীয়ে৷ আয়ৈ! মোক লৈ ঘৰখনৰ সকলোৰে কি আলহ-উদহ৷ সৰু-ডাঙৰ সকলোকে একোলা একোলাকৈ ল’বলগীয়া হৈছিল সেইদিনা৷ সকলোৱে মোক ইমান আদৰ- সাদৰ কৰা দেখি চকুপানী নিগৰিছিল আনন্দত৷ মাটিত থ’লে পৰুৱাই খাব, মূৰত ল’লে ওকনিয়ে খাব এনে ভাবত স্বামীয়ে মোক অনবৰতে তীক্ষ্ণ নজৰত ৰাখিছিল৷ গাত ধূলিকণা এটা পৰা দেখিলেও কোমল কাপোৰেৰে মচি দিছিল আলসুৱাকৈ৷ কিজানিবা মই দুখ পাওঁ অথবা

Read more

শেষ পত্ৰ – মণিষা কাকতি

মৰমৰ প্ৰিয়তম, মৰম ল’বা। তোমালৈ বুলি এইখনেই মোৰ অন্তিম চিঠি। আজিৰপৰা হয়তো আৰু তোমাক দেখা নাপাম, পালেও নেদেখা ভাও জুৰিম। কাৰণ মই অসহায়, অংগীকাৰবদ্ধ। ‘তুমি’ আৰু ‘ঘৰৰ মানুহ’ – যিকোনো দুটাৰ মাজত মই ঘৰৰ মানুহখিনিকে বাছি ল’লোঁ। মোক ভুল নুবুজিবা প্ৰিয়তম। জানো! এইমুহূৰ্তৰপৰাই তোমাক ‘প্ৰিয়তম’ কোৱাৰ অধিকাৰ মই হেৰুৱাই পেলাইছোঁ। কিন্তু তুমি আমৰণ মোৰ প্ৰিয়তম হৈয়ে থাকিবা। অন্তৰৰ নিভৃত কোণৰ স্বীকাৰোক্তি এয়া। নাজানো কিয়! আজি কলমটো বাৰে বাৰে থমকি ৰৈছে। জীৱনৰ শেষ দিনকেইটাত আহি উপনীত হোৱা মানুহক যেনেদৰে স্মৃতিয়ে বাৰে

Read more

ফটা প্ৰেম – পাৰ্থ প্ৰদীপ বৰা

এতিয়া বয়স হ’ল৷ আমি ৰেডিও যুগৰ মানুহ৷ প্ৰেমপত্ৰ যুগৰ মনিষী৷ আৰু প্ৰেমপত্ৰ নদীত উটুৱাই চকুপানীৰ নৈ বোঁৱাই দিয়া দেৱদাস! …..এনে কাহিনী এটা৷ মোৰে কাহিনী৷ হাতুৰী বটালী কলেজত কবিতা লিখোঁ৷ এবছৰ জুনিয়ৰ এগৰাকীয়ে গান গায়৷ মই গীতিকাৰৰ ভাও দিলোঁ৷ ফাংচনত অমুকাই লেখা গান গাই দিয়ে তাই৷ ফটাপ্ৰেম! ! ডেৰশ চিঠি৷ দহ এঘাৰ বাৰহে মুখামুখি কৈ কথা পাতিলোঁ! ! পাছ কৰি দক্ষিণাত্য পালোঁগৈ৷ ছোৱালীয়ে তালৈকে চিঠি দিয়ে ‘প্ৰিয়তম’ বুলি৷ ময়ো দিওঁ৷ তাই অসম চৰকাৰৰ ইঞ্জিনিয়াৰ হল৷ এবাৰ লেণ্ডফোনত ফোন কৰিলে ৷ আগ

Read more

ফটা-প্ৰেম – মিৰাজুল ৰছিদ

প্ৰেমগুটি ওলোৱাৰ বয়স তেতিয়া৷ প্ৰেমত পৰিলে হেনো গালে-মুখে প্ৰেমগুটি ওলায়৷ অৱশ্যে মোৰ ক্ষেত্ৰত ওলোটা হৈছিল৷ আগতে প্ৰেমগুটি ওলাইছিল আৰু তেতিয়া মোক দানা দিবলৈ কোনো ছোৱালী নাছিল জীৱনত৷ লগৰ বোৰে সান্তনা দিছিল, “আৰে ভাই! টেনচন নল’বি, চাই থাক তোৰ যিমানটা প্ৰেমগুটি ওলাইছে গালত সিমানজনী গাৰ্লফ্ৰেণ্ড পাবি৷ ১০০ শতাংশ গেৰেণ্টি”৷ মই ল’ৰাটো বৰ পজিটিভ, আফটাৰঅল মোৰ ব্লাড গ্ৰুপো ‘বি’ পজিটিভ৷ ভাৱিলোঁ হয়, নিশ্চয় এনে এটা দিন আহিব যিদিনা মিৰাজৰ গাৰ্লফ্ৰেণ্ড আঙুলিৰ মূৰত কোনো কাৰণত গণনা কৰি শেষ কৰিব পৰা নাযাব৷ দিন বাগৰিল৷

Read more

ফটাপ্ৰেম – অনুৰূপ মহন্ত

প্ৰথম কলেজলৈ যোৱাৰ দিনাই আমি ইজন সিজনৰ চকুত পৰিছিলোঁ৷ আন বিলাকতকৈ মই অলপ সোনকালে কলেজ গৈ পাইছিলো আৰু তাইও আহিছিল৷ চুটি চাপৰ যদিও বেচ ধুনীয়া চেহেৰাৰ, লগতে আহিছেও সাজি-কাচি৷ আমাৰ দৰে ডেকাৰ প্ৰথম দেখাতে বুকুৱে ‘ঢৰক ঢৰক’ কৰিবই৷ ক্লাছ ৰুমৰ বাহিৰতে ৰৈ আছিল তাই, হয়তো লগৰ কেইজনী অহালৈ অপেক্ষা৷ মই সৰুৰে পৰাই লাজকুৰীয়া স্বভাৱৰ আছিলোঁ৷ তাতে আকৌ আমাৰ বিভাগো বেলেগ, শাখাও বেলেগ আছিল বাবে মাত দিবলৈ সাহস কৰিব নোৱাৰিলো সেই দিনা৷ ইফালে ইমান ধুনীয়া ছোৱালীয়েনো আমাৰ দৰে গাঁৱলীয়া ল’ৰাক ক’ত

Read more

ফটা প্ৰেম – হৃষিকেশ ডেকা

যৌৱনে আমনি কৰাৰ বয়স৷ মনে মোৰ লগৰী বিচাৰে৷ মনত নানা কল্পনা, কেনেবাকৈ এজনী পতাই লগৰবোৰৰ দৰে ডেটিং মৰাৰ ভাগ্যনো কেতিয়াকৈ আহিব, কেতিয়ানো গাতে গা লগাই বহি এষাৰ মনৰ কথা পাতিবলৈ পাম! এনেকুৱা ভাৱনা এটালৈ ফেচবুকাই থাকোঁতে কিমান ৰাতি হ’ল গমেই পোৱা নাছিলো৷ ধুনু ধুনু ছোৱালীবোৰৰ প্ৰফাইল খুঁচৰি ভাললগা কেইজনীৰ লগত নিজকে ৰিজাই থাকোঁতেই ফোনটো বাজি উঠিল৷ অচিনাকি নম্বৰ এটাৰ পৰা ফোন৷ প্ৰথমবাৰ ৰিচিভ নকৰিলো৷ দ্বিতীয়বাৰ আকৌ ফোন৷ ৰিচিভ কৰিলো৷ ফোনত ছোৱালীৰ মাত৷ মাতটোও চিনাকি নহয়৷ মই সুধিলো- কোন ? ছোৱালী-

Read more
1 24 25 26 27 28 31