বাটৰ শিলগুটি-কাবেৰী মহন্ত
জোৰেৰে অহা বৰষুণজাকৰ পৰা বাচিবলৈ গায়ত্ৰী আৰু মই ইউনিভাৰ্চিটিৰ বাছখনৰ পিছ দুৱাৰেদি জঁপিয়াই উঠিলোঁ৷ জৰাজীৰ্ণ বাচখন পুৰণা এম্বেছাদৰৰ দৰে চলি আছে৷ এনেকুৱা জোৰৰ বৰষুণত কেতিয়াবা ভিতৰতে ছাতি মেলিব লগা হয়৷ সেইদিনাও একেই অৱস্থা, শেষৰ বেঞ্চখনৰ মাজত বহিলোঁ যদিও গায়ত্ৰীয়ে নিজৰ চুইছ দিয়া ফল্দিং ছাতিটো খুলিবলৈ উলিয়ালে৷ “..আউছ্…!” লৰা এটাই বিৰক্তিৰে কৈ উঠিল৷ “ছ’ৰি.. ছ’ৰি..” গায়ত্ৰীয়ে ছাতিটো ততাতৈয়াকৈ জঁপাই থ’লে৷ দুইজনীয়ে দুইজনীৰ চকুলৈ মূহূৰ্তৰ বাবে চাই মুখ টিপি হাঁহিলোঁ লুকাই লুকাই৷ “ফুটিল নেকি?” মই ফুচফুচাই তাইক সুধিলোঁ৷ “নাই, বাদ দে.. চাই
Read more