ফটাঢোল

মানৱাধিকাৰ (মূল: ড. নৰেন্দ্ৰ কোহলী ) অনুবাদ: ধ্ৰুৱ

“দেশত মহিলা অলপো সুৰক্ষিত নহয়৷ তেওঁলোকৰ বিৰুদ্ধে অপৰাধ বাঢ়ি গৈ আছে৷ ” তেওঁ ক’লে “ কাৰণ? ” মই সুধিলোঁ৷ “ অপৰাধীয়ে শাস্তি নাপায় বাবে সিহঁতৰ সাহস বাঢ়ি যায় আৰু সিহঁতক দেখি অন্য অপৰাধীৰ সৃষ্টি হয়৷ ” “তেন্তে সমাধান কি? ” “কঠোৰ শাস্তি৷ ” “মানে? ” “ধৰ্ষনকাৰীক মৃত্যুদণ্ড দিব লাগে৷ ” তেওঁ ক’লে৷ “ যেতিয়া ধনঞ্জয় চেটাৰ্জীক মৃত্যুদণ্ড দিয়া হৈছিল আপুনিও মমবাতি জ্বলাই,  চৰকাৰে অপৰাধীক শুদ্ধ হ’বলৈ সুবিধা নিদিয়ে ফাঁচীকাঠত ওলোমাই দিয়ে ইত্যাদি ইত্যাদি কৈ চৰকাৰৰ বিৰুদ্ধে বহুত কিবা কিবি কৈছিল৷

Read more

পাপ (গল্প : লেখক হুমায়ুন আহমেদ) ভাষান্তৰ-মুনমুন সৰকাৰ শইকীয়া

মহাশয় আপোনাক এটা ভয়ংকৰ পাপৰ গল্প কওঁ নে? পাপ কাৰ্য ময়ে কৰিছিলোঁ৷ ইচ্ছাকৃতভাৱে কৰা নাছিলোঁ৷ মানুহজনীৰ কাৰণে কৰিবলগীয়া হৈছিল৷ স্ত্ৰীৰ কাৰণে পৃথিৱীত বহুত পাপ কাৰ্য সংঘটিত হৈছে৷ মানুহৰ আদি পাপটোও আদি মানৱী হাৱাৰ কাৰণে সংঘটিত হৈছিল৷ আপোনাক এইবোৰ কথা কোৱা অৰ্থহীন৷ আপুনি নিজেই জনা বুজা মানুহ, আদি পাপৰ গল্প আপুনি নাজানিলে কোনে জানিব? যি কি নহওক মূল গল্পলৈ আহোঁ৷ মই তেতিয়া মাধবখালি ইউনিয়নত শিক্ষকতা কৰিছিলোঁ৷ গাওঁখনৰ নাম আছিল ধলা৷ ধলা গাঁৱৰ প্ৰাইমাৰী স্কুলৰ শিক্ষক৷ নতুনকৈ বিয়া পাতিছোঁ৷ মানুহ গৰাকী লগতেই

Read more

পঞ্চলিছ টকা মাহিলী (মূল- আৰ কে নাৰায়ণ৷ )-অনুবাদ: শ্ৰী অনুৰূপ মহন্ত৷

শান্তা লাহে লাহে বেছ অধীৰ হৈ পৰিছে, তাই আৰু বেছি সময় শ্ৰেণীত উপস্থিত থাকিব নোৱাৰে৷ তাই ইতিমধ্যেই মাটিৰে খেলা বস্তু বনোৱা, গান গোৱা, ড্ৰিল কৰা, আখৰ আৰু সংখ্যা লিখা আদি শেষ কৰি এতিয়া কেঁচিৰে ৰঙীন কাগজ কাটি আছে৷ যেতিয়ালৈকে শিক্ষয়িত্ৰী বাইদেৱে কেঁচি সামৰি আখৰ লিখিবলৈ নকয় বা স্কুলৰ ছুটী নহয়, তাই এতিয়া এইটোৱেই কৰি থাকিব লাগিব৷ শান্তাই সময়নো কিমান হৈছে জানিবলৈ আগ্ৰহী হৈ পৰিছে৷ তাই কাষতে বহা লগৰজনীক সুধিলে “পাঁচ বাজিল নেকি? ” “হ’ব পাৰে! ” লগৰ জনীয়ে ক’লে৷ “নে

Read more

শকত আৰু ক্ষীণ (মূল: এণ্টন চেখভ) – ভাবানুবাদ: ৰাজশ্ৰী শৰ্মা

দুজন বন্ধু, এগৰাকী শকত আৰু আনজন ক্ষীণ। দুয়ো এবাৰ নিক’লাভস্কি ৰে’ল ষ্টেচনত মুখামুখি হ’ল। শকত মানুহজনে এইমাত্ৰ ষ্টেচনতে দুপৰীয়াৰ আহাৰ কৰি উঠিছিল। তেওঁৰ তেল লাগি থকা ওঁঠ দুটা বৰকৈ জিলিকিছিল তেতিয়া। তেওঁৰ গাৰ পৰা আঙুৰেৰে বনোৱা দামী শ্বেৰী আৰু ফ্লিউৰ’ দে’ অৰেঞ্জী নামৰ দামী পাৰফিউমৰ সুবাস বিয়পি পৰিছিল। সেই সময়তে আকৌ ক্ষীণ মানুহজনো আহি ৰে’লৰ পৰা নামিছিল মাত্ৰ। তেওঁৰ দুয়োখন হাততে ডাঙৰ ভ্ৰমণৰ লেডাৰৰ মোনা, টুপী থোৱা ঘূৰণীয়া বেগ আৰু বিভিন্ন ধৰণৰ সৰু বৰ মোনাৰে ভৰ্ত্তি। ফলত হাত দুখন প্ৰায়

Read more

জেলেপীৰ পাক (মূল: বাংলা, লেখিকা: মাধৱী ভট্টাচাৰ্য) – ভাবানুবাদ: নীলাক্ষি দেৱী ডেকা

দিনটোৰ খাটনিৰ শেষত নিজৰ দুইকোঠলীয়া ফ্লেটৰ দুৱাৰমুখত ৰৈ ডোৰবেল বজাওঁতে বজাওঁতে সিঞ্চনৰ আঙুলি বিষাই গ’ল তথাপিও দুৱাৰখন খোল নাখালে। প্ৰেৰণা তেনেহলে কি ঘৰত নাই নেকি? আগতেতো কাহানিও এনেকৈ সিঞ্চনক নোকোৱাকৈ কলৈকো নাযায়! নে একো নোকোৱাকৈ মাকৰ ঘৰলৈ গ’ল! অৱশেষত নিৰুপায় হৈ কাষৰ ঘৰৰ ডোৰবেল বজাবলৈ বাধ্য হ’ল সিঞ্চন। “নবৌ, আমনি দিলোঁ বেয়া নাপাব। তেতিয়াৰ পৰাই বেল বজাই আছোঁ প্ৰেৰণাই দুৱাৰ খোলাই নাই। ক’ত গৈছে আপোনাক কিবা কৈ গৈছে নেকি?” “নাই। মোকতো একো কৈ যোৱা নাই তাই। তুমি তাইলৈ এবাৰ ফোন

Read more

যাৰ মই মোমায়েক (মূল: শৰদ যোশী) – অনুবাদ: মিতালী নাৰায়ণি

এগৰাকী ভদ্ৰলোক বাৰানসী পালেগৈ। ষ্টেচনত নমাৰ লগে লগে ল’ৰা এজন তেওঁৰ ফালে দৌৰি আহিল। “মোমাইদেউ! মোমাইদেউ!” বুলি ল’ৰাজনে পলকতে মানুহজনৰ ভৰি চুই সেৱা কৰিলে। ল’ৰাজনক ভদ্ৰলোকে চিনি নাপাই সুধিলে, “তুমি কোন?” “মই মুন্না। আপুনি মোক চিনি পোৱা নাই নেকি?” “মুন্না?” ভদ্ৰলোকে মনত পেলাবলৈ চেষ্টা কৰিলে। “হয় হয়, মুন্না। আপুনি মোক পাহৰি গ’ল মোমাইদেউ! অৱশ্যে এয়া ইমান অস্বাভাৱিকো নহয়, লগ পোৱাৰো বহুবছৰ হ’ল নহয়!” “পিচে, তুমি ইয়াত যে? কেনেকৈ?” “মইতো আজিকালি ইয়াতে থাকোঁ।” “অ’, হয় নেকি!” “হয়।” মোমায়েকে তেওঁৰ ভাগিনীয়েকৰ লগত

Read more

অপ্ৰেম পত্ৰ (মূল – সুনীল গঙ্গোপাধ্যায়) – ভাবানুবাদ: মুনমুন সৰকাৰ শইকীয়া

পাৰ্টি জমি উঠিছে দুপৰীয়াই। সৰু এপাৰ্টমেণ্ট। এটাত প্ৰায় ১২-১৪জন মানুহ, পাকঘৰৰ দায়িত্ব লৈছে পুৰুষসকলেই। বিদেশলৈ আহিলেই সকলো পুৰুষেই ৰন্ধা বঢ়া শিকি লয়। মণ্টুৱে ভাল বিৰিয়ানী ৰান্ধে। বন্ধুসকলৰ যিকোনো এঘৰত খোৱা বোৱাৰ আয়োজন হ’লেই মণ্টুক মতা হয়। মণ্টুৰ ইমানেই ৰন্ধা বঢ়াত নিচা যে সেই সময়ত সি পত্নীকো পাকঘৰত সোমাবলৈ নিদিয়ে। আজিজ, নিপুৱে মাছ বাছি আছে, পাচলি কুটিছে, প্ৰত্যেকৰ হাতত বিয়েৰৰ বটল নতুবা চিগাৰেট। মহিলাসকলে সাজি-কাছি ড্ৰয়িং ৰুমত বহি প্ৰাণ খুলি শাৰী, গহণা, কোনে নতুন গাড়ী ল’লে, কোনে বন্ধত স্বদেশলৈ যাব তাৰেই

Read more

অশ্লীল (মূল : হৰি শংকৰ পৰসাইৰ ‘অশ্লীল’) – অনুবাদ : মিতালী নাৰায়ণি

অশ্লীল সাহিত্যৰ প্ৰচুৰ প্ৰচাৰ হোৱা বুলি চহৰখনত হাঁহাকাৰ লাগিল। খবৰ-কাকত, বা-বাতৰি আৰু নাগৰিকসকলৰ মতে বাটৰ দাঁতিত মুকলিকৈ অশ্লীল কিতাপবোৰ বিক্ৰি হৈ আছে। দহ-বাৰজন সমাজসেৱী যুৱকে এটা দল গঠন কৰিলে আৰু য’তেই এনেধৰণৰ সাহিত্য দেখে তাৰপৰাই কাঢ়ি আনি সেইবোৰৰ ৰাজহুৱাকৈ দহন কৰিব বুলি তেওঁলিকে ঠিৰাং কৰিলে। তেওঁলোকে এখন কিতাপৰ দোকানৰ খানা-তালাচী কৰি বিশ-পঁচিশখনমান অশ্লীল কিতাপ জব্দ কৰিলে। প্ৰত্যেকজনৰে হাতত দুই বা তিনিখনকৈ কিতাপ আছিল। দলটোৰ দলপতিয়ে ক’লে – “আজিতো পলমেই হৈ গ’ল! কাইলৈ সন্ধিয়া খবৰ-কাকতত জাননী দি পৰহিলৈ কোনো ৰাজহুৱা স্থানলৈ

Read more

ঘড়ী (মূল লেখক: শ্ৰীযুত সুনীল গঙ্গোপাধ্যায়) – অনুবাদ: মুনমুন সৰকাৰ শইকীয়া

মোৰ হাতঘড়ীটো কোনে চুৰ কৰিছে মই নাজানো। ৰাতি ঘৰলৈ ঘূৰি অহা অলপ দেৰি হৈছিল, টোপনিৰ জাল ভগা নাছিল, দুখলপীয়া বাছৰ খিৰিকীৰ কাষত বহিবলৈ পোৱাটো বৰ সৌভাগ্যজনক, তাতে আকৌ ঠাণ্ডা বতাহ, টোপনি নহাকৈ পাৰেনে? আহিবই, ইয়াত আচৰিত হবলগীয়া কি আছে? তদুপৰি বাছত ঘড়ী পিন্ধি শুৱাত আপত্তি কৰিবলগীয়া একো নাই। টোপনি ভাগিলত দেখিলোঁ ‌গাড়ী পেট্ৰোল পাম্পত আহি ৰৈছে, বেয়া লগা নাই, এটা চিগাৰেট জ্বলালোঁ‌। বাছত বহি চিগাৰেট হুপিবলৈ পোৱাটোও বৰ মজাৰ। সময়টো চাবলৈ লওঁতেই গম পালোঁ‌ ঘড়ীটো কোনোবাই খুলি লৈ গ’ল। নামি

Read more

ই-মেইল আইডি (মূল: ৰাজীৱ আনন্দ) – পুৰবী এম কটকী

গধূলিৰ পৰা বহি বহি ৰাতি হৈ গ’ল। চিকুৱে উত্তেজিত মুখ আৰু খেলিমেলি হৈ থকা চুলিখিনিৰে সৈতে মাক-দেউতাকৰ কোঠাত সোমাল। মাক দেউতাকে শুৱলৈ লৈছিলেই। ভনীয়েকে বিচনাতে পৰি থমাচ হাৰ্দিৰ উপন্যাস ‘ফাৰ ফ্ৰম দা মেদনিং ক্ৰাউদ’ৰ হিন্দী অনুবাদ ‘কোলাহল চে দূৰ’খন পঢ়ি শেষ কৰাৰ কাষ চাপিছিল। : তুমি ইমান দেৰিলৈকে লেপটপৰ সম্মুখত কিয় বহি আছিলা? চিকুৰ অৱস্থাটো দেখি মাকে আচৰিত ভাৱে চাই সুধিলে। তুমি আজি কালি লেপটপৰ সম্মুখত বহি কি কৰি থাকা চিকু? : আৰে মা নুসুধিবা মই এনেকুৱা হ’ব বুলি ভৱাই

Read more
1 9 10 11 12 13 22