ফটাঢোল

ক্লকৱৰ্ক (মূল: হাৱাৰ্ড ব্ৰেচলিন) – অনুবাদ : অলকেশ ভাগৱতী

(ঘটনাৰ পটভূমি দ্বিতীয় মহাযুদ্ধৰ সময়ৰ লণ্ডন চহৰ) চহৰখনৰ এক ব্যস্ত ৰাজপথৰ কাষতেই থকা দোকানখনৰ সন্মুখৰ সৰু খিৰিকীখনত চাৰিওকাষে কাগজ কিছুমান নুৰা কৰি কৰি আঠা মাৰি দিয়া হৈছে৷ যুদ্ধৰ এই ভয়াবহ সময়ত শত্ৰুৰ বিমানে কৰা বোমাবৰ্ষণৰ শব্দত খিৰিকীৰ কাঁচবোৰ ভাঙি নাযাবলৈ এয়া এক সাধাৰণ ব্যৱস্থা৷ দোকানখনৰ সোঁমাজতে থকা বাকচটোৰ পিছপিনে ঠিয় হৈ চশমা পিন্ধা এজন ক্ষীণকায় লোকে গ্ৰাহকক আকৰ্ষণ কৰিব পৰাকৈ ঘড়ীবোৰ সজাবলৈ আৰম্ভ কৰিছে৷ তেওঁ নিজ কামত ইমানেই মগ্ন যে লণ্ডন চহৰৰ এই ৰাতিপুৱা এটা নতুন দিনৰ বাবে ওলাই অহা

Read more

চৰকাৰী ভোজ (মূল: কমল কিশোৰ বাৰ্মা কন্নৌদ) – অনুবাদঃ-পূৰৱী এম কটকী

এখন দেশ আছিল, দেশতটো ৰজা থাকেই। গতিকে সেইখন দেশটো আছিল। তাত চৰকাৰো আছিল, চৰকাৰখনত গাঁৱৰ পঞ্চায়তৰ পৰা প্ৰধানমন্ত্ৰীলৈকে সকলো নিযুক্ত আছিল। তেওঁলোকে জনতাৰ উন্নতিৰ কাৰণে জনতাক বহুতো অধিকাৰ দিছিল। উদাহৰণ স্বৰূপে জীয়াই থকাৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, নপঢ়াকৈ উত্তীৰ্ণ হোৱাৰ অধিকাৰ ইত্যাদি ইত্যাদি … চাবলৈ গ’লে তেওঁ জনকল্যাণকাৰী ৰজা আছিল, গতিকে তেওঁৰো কিছুমান অধিকাৰৰ প্ৰয়োজন আছিল। সেইবাবে তেওঁ নিজৰ বাবেও কিছুমান অধিকাৰ নিৰ্ণয় কৰি লৈছিল…যেনে, কেলেঙ্কাৰীৰ অধিকাৰ, দালালীৰ অধিকাৰ, ভোট বেংকৰ অধিকাৰ, বিপক্ষৰ প্ৰতিটো কথাকেই মিছা বা বেয়া বুলি কোৱাৰ অধিকাৰ,

Read more

খং (মূল: অনুপ শুক্লা) – অনুবাদ: প্ৰণীতা গোস্বামী বৰঠাকুৰ

সভাখন ঠিকে-ঠাকে চলি আছিল। চাৰৰ হঠাৎ কিবা কথাত খং উঠি গ’ল। এনেয়ে তেওঁ খং উঠিলে কেতিয়াও কাৰোলৈ ভ্ৰূক্ষেপ নকৰে, যি মন যায় কৰি পেলায়। কেতিয়াবা বিনাকাৰণত খঙত পৰি তেওঁ কাবাদী খেলিবলৈ লাগি যায়। কিন্তু অনাহকত খং কৰাটো তেওঁৰ সিমান ভাল নালাগে। ভাবে, খং নকৰি তেওঁ কেৱল পাৰিশ্ৰমিক লৈহে আছে! খঙৰ ভমকত তেওঁৰ বিবেকবোৰ কৰ্পূৰৰ দৰে উৰি গ’ল। আৰু অলপ গধুৰ বিবেক, যি উৰি যাব নোৱাৰিলে সেয়া তললৈ নামি আঁঠুৰ মাজত লুকাই ৰ’ল। মূৰৰ পৰা আঁঠুলৈ নামি যোৱাৰ সময়ত সেই বিবেকে

Read more

মাত্ৰ এটোপাল পানী (মূল: মাৰ্ক চেৰ্নফ) – অনুবাদ: নিৰ্মালী বৰমূদৈ

এসময়ত এগৰাকী মহিলাই মৰুভূমিত নিজকে হেৰুৱাই তিনিদিন ধৰি পানী নোখোৱাকৈয়ে কটাইছিল। তেওঁৰ ডিঙি শুকাবলৈ আৰম্ভ কৰিছিল, ঠিক তেনেতে ১০০ মিটাৰ মান আঁতৰত এটা হ্ৰদ দেখা পালে- “হ’ব পাৰে নেকি? নে কিবা প্ৰতিবিম্ব?” নিজকে কৈ উঠিল তেওঁ। শেষবিন্দু শক্তিকণ গোটাই লৈ কোনোমতে ঢলি নপৰাকৈ তেওঁ হ্ৰদটোৰ ফালে গ’ল আৰু তৎক্ষণাত ধৰিব পাৰিলে যে এইয়া কোনো মৰীচিকা নহয়, বৰঞ্চ ই এটা ডাঙৰ, পৰিস্কাৰ পানীৰে পুষ্ট এটা হ্ৰদ য’ত গোটেই জীৱনটো হেঁপাহ পলুৱাই পানী খাব পাৰিব। যিসময়ত তেওঁ এটোপাল পানীৰ কাৰণে আতুৰ হৈ

Read more

এপিয়লা চাহ – অনুবাদ:নীলাক্ষী কাকতি (মূল:কেথেৰিন মেঞ্চফিল্ড)

ৰ’জমেৰী ফেলক একে আষাৰতে ধুনীয়া বুলি ক’ব নোৱাৰি৷ যদি তেওঁৰ মুখমণ্ডলক ভাগ ভাগ কৰা হয় তেতিয়া তেওঁক মৰমলগা বুলি ক’ব পাৰি—-কিন্তু কোনে এই সাহ কৰিব? তেওঁ গাভৰু, বুদ্ধিমতী, আধুনিকা, দামী পোচাক পৰিহিতা। তেওঁ চহৰৰ এখন সম্ভ্ৰান্ত ঘৰৰ মহিলা৷ ফিলিপৰ সৈতে বিবাহৰ চিন স্বৰূপে তেওঁলোকৰ এটা পুত্ৰ সন্তান আছে৷ ৰ’জমেৰীৰ ঘৰৰ পাৰ্টিসমূহত চহৰৰ নামী-দামী অভিজাত লোকসকল আৰু তেওঁৰে আৱিষ্কাৰ কিছু ‘আচহুৱা’ জ্ঞানী ব্যক্তিয়ে ভীৰ কৰে৷ চহৰৰ দামী দামী দোকানবোৰ ৰ’জমেৰীৰৰ আগমনত প্ৰাণ পায় উঠে৷ প্ৰশংসাৰ তৈলমৰ্দনে তেওঁৰ মন প্ৰাণ চুই যায়৷

Read more

শুধৰণি – অনুবাদ : পূৰবী এম কটকী (মূল কাহিনী :- হৰিশংকৰ পৰছাই)

এটা জনকল্যাণ সন্থাৰ কিছুমান সদস্যই সন্থাৰ দ্বাৰা পৰিচালিত কামত অসন্তুষ্টি প্ৰকাশ কৰিলে। কামবোৰত শুধৰণি হ’ব লাগে। সন্থাটো বৰবাদ হ’বলৈ ধৰিছে, সন্থাটোক এনেদৰে ডুবিবলৈ দিব নোৱাৰি।মুঠৰ ওপৰত সন্থাটোক ৰক্ষা কৰিব লাগে, কামবোৰত শুধৰণি কৰিব লাগে, নাইবা এই সন্থা ভংগই কৰি দিব লাগে। সন্থাৰ অধক্ষ্যই সুধিলে, “কোন কোন সদস্যই নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে?” দহজন সদস্যই নিজৰ অসন্তুষ্টি ব্যক্ত কৰিলে। অধক্ষ্যই ক’লে, “আমাক সকলোৰে সহযোগিতাৰ প্ৰয়োজন। সকলো যাতে সন্তুষ্ট হয়, তেনেধৰণৰ কাম কৰাহে উচিত। আপোনালোক দহজনে সন্থাত কি কি শুধৰণি বিচাৰে কৃপা কৰি

Read more

স্বত্ব ৰক্ষা – অসমীয়া ভাবানুবাদ : ৰাজশ্ৰী শৰ্মা (মূল হিন্দী: মুন্সী প্ৰেমচন্দ)

মীৰ দিলাৱৰ আলী চাহাবৰ এটা দীঘল কজলা ঘোঁৰা আছিল, চোঁৱৰো দীঘল তাৰ। মানুহক তেওঁ বৰ গৰ্বত শুনাইছিল তেওঁ হেনো জীৱনৰ আধা উপাৰ্জন ঘোঁৰাটোৰ নামটেই খৰচ কৰিছে। পিছে আচলতে সেইটো চিপাহী পল্টনৰ পৰা উলিয়াই দিয়া ঘোঁৰা আছিল। পল্টনৰ বিষয়াই তাক চাগে নিজৰ লগত ৰখাটো উচিত বুলি নাভাবি বিক্ৰী কৰি দিছিল। মীৰ চাহাব আছিল আদালতৰ মহৰি। ঘৰো চহৰৰ বাহিৰত।আদালতলৈ তিনি মাইল দূৰ, গতিকে জন্তু এটাৰ বৰ প্ৰয়োজন। এইটো ঘোঁৰা সেয়ে সুবিধাত পাই লৈ থ’লে। যোৱা তিনি বছৰে সি মীৰ চাহাবক সেৱা কৰিছে।

Read more

এক কোটি বছৰ তোমাক দেখা নাই – অনুবাদঃ ছা-হা-বা হাৰ্টি (মূলঃ মহাদেব সাহা)

এক কোটি বছৰ হ’ল তোমাক দেখা নাই এবাৰ তোমাক চাবলৈ পাম এই নিশ্চয়তাটো পালে- বিদ্যাসাগৰৰ দৰে মইও সাঁতুৰি পাৰ হ’ম ভৰা দামোদৰ … কেইবা হাজাৰবাৰ পাৰ হ’ম ইংলিশ চেনেল; তোমাক এবাৰ চাবলৈ পাম এই ভৰসা পালে অনায়াসে অতিক্ৰম কৰিম এই কাৰাগাৰৰ প্ৰাচীৰ, গুচি যাম নাগৰাজ্য পাতালপুৰীত কিংবা বোমাৰু বিমান উৰা শঙ্কিত চহৰত। যদি জানো তোমাক এবাৰ চাবলৈ পাম তেতিয়াহ’লে উত্তপ্ত মৰুভূমি অনায়াসে খোজকাঢ়ি পাৰ হ’ম, কাঁটাতাৰ পাৰ হ’ম সহজতে, লোকলজ্জা পাহৰি গুচি যাম যিকোনো সভাত, নতুবা পাৰ্ক আৰু মেলাত; এবাৰ

Read more

এজন ব্যস্ত দালালৰ ৰোমাঞ্চ (মূল: অ’ হেনৰী) – অনুবাদ: নীলাক্ষী কাকতি

যেতিয়া থমাচ মেক্সুৱেলে নিজৰ ব্যক্তিগত সহায়িকা মিচ লেজলীৰ সৈতে ৰাতিপুৱা ৯:৩০ বজাত একেলগে অফিচত প্ৰৱেশ কৰিলে, তেতিয়া কেৰাণী পিটচাৰে অকণমান উৎসুকতাৰে মূৰ তুলি চালে৷ পিটচাৰক সুপ্ৰভাত জনাই খৰ খোজেৰে মেক্সুৱেলে নিজৰ কোঠাৰ ফালে এনেদৰে দৌৰা-দৌৰিকৈ সোমাই গ’ল যেন তেওঁ অফিচৰ ফাইলসমূহৰ ওপৰত জঁপিয়াইহে পৰিব৷ মিচ লেজলী অফিচত প্ৰায় এবছৰ ধৰি কাম কৰি আছে৷ সাধাৰণ সহায়িকাতকৈ তেওঁ কিছু বেলেগ৷ তেওঁ অতি সাধাৰণ পোচাক পৰিধান কৰে৷ কোনোধৰণৰ গহণা নিপিন্ধে৷ সেইদিনা তেওঁ এযোৰ ধোঁৱা বৰণৰ পোচাক পিন্ধিছিল৷ মূৰত আছিল ভাটৌৰ পাখি লগোৱা টুপী৷

Read more

তেওঁৰ পচন্দৰ দেশখন (মূল: অমিতাভ ঠাকুৰ) – অনুবাদ: প্ৰণীতা গোস্বামী বৰঠাকুৰ

সেইখন দেশ তেওঁৰ বৰ পচন্দৰ আছিল। সেইখন দেশত জন্ম লাভ কৰাৰ বাবে তেওঁ নিজকে ভাগ্যবান বুলি ভাবিছিল। ইয়াৰ অন্তৰালত এটি বিশেষ কাৰণো আছিল। সেইখন দেশত সম্পূৰ্ণ স্বাধীনতা আছিল, আছিল ন্যায়; বিশেষকৈ মানুহৰ। সকলো বস্তু স্বাধীন, আৰু প্ৰতিজন লোকো স্বাধীন। ইয়াৰোপৰি প্ৰতিটো সংস্থা আৰু সংগঠনো সম্পূৰ্ণ স্বতন্ত্ৰ আছিল। অৰ্থাৎ যাৰ যি ইচ্ছা তাকে ক’ব পাৰিছিল, যাক গৰিহণা দিবলৈ মন যায়, দিব পাৰিছিল। যাৰ, য’ত, যেনেকৈ উটি-ভাঁহি যাবলৈ মন যায়, যাব পাৰিব। এইদৰেই মানুহৰ ৰূপত জন্ম লোৱাৰ বাবে যেনেধৰণে স্বাধীন হোৱাৰ সংকল্প

Read more
1 14 15 16 17 18 22