ফটাঢোল

মূল: নগাভূমিৰ অসম্পূৰ্ণ গল্প,লেখক : অৰুণ কাঞ্জিলাল, অনুবা- বিবেকানন্দ চৌধুৰী

প্ৰত্যেক ৰে’লযাত্ৰাৰ এটা গল্প থাকে। বিশেষকৈ নিশাৰ যাত্ৰাবোৰত। পূবভাৰতত ৰে’লগাড়ী চলাৰ প্ৰস্তুতি পৰ্বৰ পৰাই ইয়াৰ সৈতে গল্প সাঙোৰ খাই গৈছে। যেনে ধৰক, ট্ৰেইনৰ বাষ্পচালিত ইঞ্জিন বা লোকোমোটিভ কলিকতালৈ বহন কৰি আনি আছিল ‘কেডগ্ৰি’ নামৰ এখন জলযানে, বাট ভুল কৰি সেইখন ওলালগৈ অষ্ট্ৰেলিয়া। সেই জাহাজখনকে ১৮৫৪ চনমানত যেতিয়া কলকাতালৈ লৈ অনা হ’ল, ইতিমধ্যেই ভালেখিনি পলম হৈ গৈছে। বিপত্তিৰ তালিকাত আছে জাহাজডুবাৰ ঘটনাও। এইছ এম এছ গুডউইন নামৰ যিখন জাহাজত ৰে’লৰ দবাবোৰ আহিছিল, সেইখন হুগলি নদীৰ মোহনাত ছ্যাণ্ডহেডৰ ওচৰত ডুবি যায়। এই

Read more

মূল :নূপুৰ (পাজেব), লেখক,জৈনেন্দ্ৰ কুমাৰ, অনুবাদ-মিতালী নাৰায়ণি

বজাৰত এবিধ নতুন ধৰণৰ নূপুৰ সমাদৃত হৈছে। সেইযোৰ পিন্ধাৰ পাছত ভৰি দুখন বৰ শুৱনি দেখি। তাৰ পটীবোৰ ইমানেই নমনীয় যে পিন্ধোতাৰ ভৰিত সুন্দৰকৈ খাপ খাই পৰে। ওচৰে-পাজৰে সৰু-ডাঙৰ সকলোৰে ভৰিত সেইধৰণৰ নূপুৰে দেখিবলৈ পাব। এজনীয়ে পিন্ধিলে নে নাই আনজনীয়েও পিন্ধিবলৈ ল’লে। এইদৰে দেখাক দেখি সেইযোৰ নিপিন্ধাকৈ থকাটোৱে বৰ টান হৈ পৰিল। আমাৰ মুন্নীয়েও ক’লে, “দেউতা, ময়ো নূপুৰ পিন্ধিম।”  চাওকচোন, কিবাকৈ চাৰিবছৰীয়া হৈছেহে, আকৌ বোলে নূপুৰ পিন্ধে! মই ক’লোঁ, “কেনেকুৱা নূপুৰ?” তাই ক’লে, “ৰুকমন আৰু শীলাই পিন্ধাৰ নিচিনা।” মই ক’লোঁ, “হ’ব

Read more

মূল: চিকাৰ,গল্পকাৰ : হুমায়ূন আহমেদ,অনুবাদ- কলচুম বিবি 

সি নিঃশব্দে খোজ কাঢ়িছে।  যেতিয়া খোজকাঢ়ে বতাহ পৰ্যন্ত নকঁপে। নৈঃশব্দৰ অগাডেৱা কিন্তু মতি বুঢ়াই পায়। অন্ধ মানুহৰ এইটোৱেই এটা সুবিধা। এওঁলোকে বতাহ শুঙিয়েই বহুত কথা কৈ দিব পাৰে। আজিও পাৰিলে। মূৰটো ঘূৰায়েই ক’লে, : কোন গৈছে? আজৰফ নেকি?  আজৰফে উত্তৰ নিদিলে। যি নিঃশব্দে খোজ কাঢ়ে সেইজনে পটকৈ উত্তৰ দিব বুলি আশা কৰা নাযায়। মতি বুঢ়াই আশাও কৰা নাই। দ্বিতীয়বাৰ মাতিলে,  ‘আজৰফ, ঐ আজৰফ ভাই।’  আজৰফে এইবাৰো মাত নিদিলে। তাৰ পোহনীয়া বক চৰাইটোৱেহে মাতিলে। বক চৰাইটিৰ বয়স মাত্ৰ পোন্ধৰ মাহ কিন্তু

Read more

মূল : জোঁৱাইৰ উপাখ্যান,লেখক : শুকদেব চেটাৰ্জী, অনুবাদ-পংকজ কুমাৰ নেওগ

এখন বেচৰকাৰী দামী হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগ। দুটা ষ্টেন বহুৱাৰ পিছত নিতাই বাবু দুদিন আই, চি, ইউত থাকিব লগা হ’ল। আজি তেওঁক জেনেৰেল ৱাৰ্ডলৈ অনা হৈছে। ষ্টেন লগোৱাৰ পিছত শৰীৰটো যথেষ্ট সুস্থ অনুভৱ কৰিছে। কথা-বতৰা পাতি ভাল পোৱা মানুহজনে ইফালে সিফালে মানুহক অলপ মাত লগাব পাৰি আনন্দিত হ’ল। কাষৰ বিছনাখনতে আছে অজিত বাবু। তেওঁ ভালভ্‌ মেৰামতি কৰাবলৈ আহিছিল; সকলোবোৰ ভালে ভালে হৈ গৈছে। তেখেতৰ বুকুত যন্ত্ৰপাতি লগোৱা আছে যদিও মানুহজন এতিয়া সুস্থ যেনেই ভাৱ হয়। দুয়োজনৰ মাজত কথা-বতৰা আৰম্ভ হ’বলৈ বেছি

Read more

মূল: চাকৰ আৰু কুকুৰ,লেখক :শশীকান্ত সিং, অনুবাদ- পূৰবী এম কটকী

চাকৰটোৱে কুকুৰটোক ক’লে,  : অভিনন্দন, তোৰ ভাগ্য মুকলি হ’ল।  কাইলৈৰ পৰা তোৰ নাম শ্বেৰু হৈ যাব। : তেতিয়া মই গুজৰিবলৈ ল’ম, মোৰ মাজলৈ চিকাৰ কৰিব পৰা ক্ষমতা আহি যাব, মোৰ নখবোৰ ক্ষুৰধাৰ আৰু মজবুত হৈ যাব। কুকুৰটো সুখী হৈ উঠিছিল, চাকৰটোও প্ৰফুল্লিত হৈছিল। : সকলো লাহে লাহে হৈ যাব, অতিকমেও নামটো সলনি হ’লতো। পৰিবৰ্তন ৰাতিৰ ভিতৰতে নহয়। তই সৰুৰে পৰা কুকুৰ আছিলি, লাহে লাহে সিংহ হৈ যাবি। : মই কি কৰিব লাগিব? : একো নাই, মালিকক দেখাৰ লগে লগে নেগুৰ

Read more

মূল কবিতা: বালভাষিতম,কবি: নবনীতা দেব সেন,ভাষান্তৰ-মুনমুন সৰকাৰ

বালভাষিতম/শ্ৰাৱণ ১৩৮৫ যেতিয়াই তোমাক দেখোঁ মোৰ বুকুত সেই যে নিৰ্বাসিত, গৃহহীন, ফুটপাথৰ, তিনিসাজ অনাহাৰে থকা ছোৱালীজনীয়ে ভীষণ গোলমাল আৰম্ভ কৰে জোঁট লগা চুলিত লাখ লাখ ওকণিয়ে পিৰপিৰায়৷ শুকান ছাল ফাটি অকস্মাত তেজ ওলায় তাইৰ গগন ফটা চিঞৰত আমাৰ ফালে কাউৰী এটাও ভুমুকি নামাৰে। কেৱল তোমাক দেখিলেই কেৱল তোমাক দেখিলেই বুকুৰ ভিতৰৰ সেই বোধহীন, উলঙ্গ শিশুটোৱে ধূলি খেলিবলৈ এৰি “দিয়া মৰম দিয়া” বুলি ক্ষুধাৰ্ত চিঞৰ মাৰি ফেঁকুৰি ফেঁকুৰি দুহাত আগবঢ়ায়। তাকেই শুনি বাটৰ কুকুৰ, কাউৰীয়ে টনা আজোৰা বন্ধ কৰি জাবৰৰ দ’মৰ

Read more

এখন অস্বস্তিকৰ বিছনা (মূল : গি দ্য মোপাচাঁ) : অনুবাদ : বিবেকানন্দ চৌধুৰী

শৰতৰ এটা দিনত মোৰ কিছুমান বন্ধুৰে সৈতে চিকাৰ অভিযান এটাত ওলাই মই পিকাৰ্ডিৰ এটা প্ৰাসাদত গৈ আছিলোঁ। মোৰ বন্ধুকেইজন আছিল কিছু ধেমেলীয়া ধৰণৰ, মানে কিবাকিবি গণ্ডগোল কৰি থৈ আহুকালত পেলাই ৰং চাই ভাল পোৱা। মই অৱশ্যে এওঁলোকৰ সঙ্গ বেচ উপভোগেই কৰিছিলোঁ। মই উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে মোক ৰজাৰ দৰে আদৰিলে। সেই মূহুৰ্ততে মোৰ মনত সন্দেহৰ বীজ ৰোপণ হ’ল। তেওঁলোকে বন্দুকেৰে গুলী ফুটালে, মোক সাৱটি ধৰিলে, আৰু ইমান হৈ-চৈ কৰিলে যে তেওঁলোকে যেন মোক লৈ  সাংঘাতিক আমোদজনক কিবা পাঙি থৈছে।

Read more

নিউটনৰ ভুল সূত্ৰ (গল্পকাৰ : হুমায়ূন আহমেদ) – অনুবাদ : কলচুম বিবি

অমৰবাবু “ৰূপেশ্বৰ নিউ মডেল হাইস্কুল”ৰ বিজ্ঞানৰ শিক্ষক। অমৰনাথ পাল, বি এছ ছি ( অনাৰ্ছ, গ’ল্ড মেডেল) বৰ ছিৰিয়াছ ধৰণৰ শিক্ষক। স্কুলৰ ছাৰসকলৰ আচল নামৰ বাহিৰেও একোটা নকল নাম থাকে। ছাত্ৰমহলত সেই নামেৰেই তেওঁলোক পৰিচিত হয়। অমৰবাবু স্কুলত ‘ঘড়ী ছাৰ’ নামেৰে পৰিচিত। তেওঁৰ বুকুৰ পকেটত এটা ঘূৰণীয়া আকাৰৰ ঘড়ী আছে। ক্লাছত প্ৰবেশ কৰাৰ আগতে দৰ্জাৰ সন্মুখত ৰৈ ঘড়ীত সময় চাই লয়। ক্লাছ শেষ হোৱাৰ ঘণ্টা দিয়া মাত্ৰকে আকৌ ঘড়ী উলিয়াই সময় চায়। তেতিয়া যদি তেওঁৰ ভ্ৰু কোঁচ খাই তেন্তে বুজিব যে

Read more

মূল: দৰৱ,লেখক: হৰিশংকৰ পৰসাই,অনুবাদ- মিতালী নাৰায়ণি

কবি ‘অনঙ্গ’ৰ অন্তিম ক্ষণ সমুপস্থিত হৈছিল৷ চিকিৎসকসকলে কৈ দিছে যে তেওঁ বেছিতকৈ বেছি এঘণ্টামানৰহে আলহী৷ অনঙ্গৰ সহধৰ্মিনীয়ে চিকিৎসকসকলক অনঙ্গক এনে কোনো দৰৱ দিবলৈ অনুৰোধ কৰিলে যাতে তেওঁ কমেও পাঁচ ছয়ঘণ্টা জীয়াই থাকে আৰু বিয়লিৰ ৰে’লেৰে আহি পাবলগীয়া পুতেকক লগ পায়৷ চিকিৎসকসকলে ক’লে যে কোনোধৰণৰ দৰৱে তেওঁক এঘণ্টাতকৈ অধিক সময় জীয়াই ৰাখিব নোৱাৰে৷  সেই সময়তে অনঙ্গৰ বন্ধু আহিল৷ তেওঁ ক’লে,  : মই এওঁক আৰামত কেইবাঘণ্টাও জীয়াই ৰাখিব পাৰিম৷ চিকিৎসকসকলে হাঁহি মাৰি ক’লে,  : এয়া অসম্ভৱ কথা৷ বন্ধুৱে ক’লে,  : বাৰু মোক

Read more

মূল: অসহমত,লেখক : হৰিশঙ্কৰ পৰছাই,অনুবাদ-পূৰবী কটকী

এয়া মাত্ৰ দুজন ব্যক্তিৰ কথোপকথন।  : ভাৰতীয় সেনা আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ কৰি লাহোৰৰ দিশে আগবাঢ়িছে। : হয়, শুনিছোঁ ছাউনীলৈ আগবঢ়া পাকিস্তানী সেনাক ৰখাবলৈ এয়া জৰুৰী৷ : একো জৰুৰী নহয়, যি ঠাইত তেওঁলোকে যুদ্ধ কৰিলে, তাত কৰিব লাগে নে য’তে ত’তে সোমাব লাগে?  : অঁ, সেইফালে আগবাঢ়িব নালাগিছিল৷ : কিন্তু মই কৈছোঁ, কিয় আগবাঢ়িব নালাগিছিল? সেইফালৰ পৰা হেঁচা দিলে এইফালে তোমাৰ বাপেকেও ৰখাব পাৰিবনে তেওঁলোকক? : তেনেহ’লেতো সেইফালেই আগঢ়াই ঠিক হ’ল৷ : ঠিক হ’ল, ঠিক হ’ল! কিবা বুজি পোৱানে ইয়াৰ অৰ্থ

Read more
1 3 4 5 6 7 22