ফটাঢোল

ন্যায়…দ্যা জাষ্টিচ – ৰামানুজ গোস্বামী

“কাঠমাণ্ডু টাইগাৰ্ছ” প্ৰডাকছনৰ দ্বিতীয় নিবেদন – ন্যায়…দ্যা জাষ্টিচ – ৰামানুজ গোস্বামী সত্যমেৱ জয়তে। আপ্ত বাক্যশাৰীৰ তলতেই নিজ আসনত উপবিষ্ট ন্যায়মূৰ্তিগৰাকীয়ে গোচৰটোৰ শুনানী শুনাবলৈ তৎপৰ হ’ল। স্থান – গুৱাহাটী উচ্চ ন্যায়ালয়। – তামাম গৱাহো ঔৰ চবুটো কৌ মদ্দে নজৰ ৰখতে হুৱে, আদালত এই সিদ্ধান্তত উপনীত হয় যে যোৱা ৩১ জুলাইৰ বৰ্ষামুখৰ মধ্যনিশাত আচামী মিথুন চলিহাই তেওঁৰ ঘৰৰ পৰিচাৰিকা তগৰ ছেত্রীক সুৰামত্ত অৱস্থাৰে তাইৰ শোৱনি কোঠাত সোমাই ধৰ্ষণ কৰি হত্যা কৰে। কাঠগড়াত ঠিয় হৈ থকা মিথুন চলিহাৰ (অভিনয়ত : বঙ্গদাদা মিথুন চত্রৱৰ্ত্তী)

Read more

ভাড়াঘৰ – হিতেশ বি বৰুৱা

ৰাজশ্ৰী প্ৰডাকচনৰ শেহতীয়া নিবেদন। ভাড়াঘৰ প্ৰযোজনা: ৰাজশ্ৰী শৰ্মা কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: হিতেশ বি বৰুৱা। অভিনয়ত: দীপাংকৰ চৌধুৰী অনুৰূপ মহন্ত মাধুৰ্য্য গোস্বামী হৃষীকেশ ডেকা ভাস্কৰ বৰ ডেকা তবিবৰ ৰহমান নিৰ্মালি বৰমূদৈ ববিতা বৰুৱা পৰ্দাৰ লাইট জ্বলাৰ লগে লগেই ফটাঢোল প্ৰডাকচনৰ ল’গ’টো উজ্জ্বল হৈ ওলাব আৰু ধূপ ধূনাৰে পৰ্দাখন ঢাকি ধৰিব। বেকগ্ৰাউণ্ডত হৰেক ৰকমৰ মানুহৰ শব্দ, কোনোবা পোহাৰীয়ে মাছ ল’ব নে বুলি চিঞৰাৰ পৰা কোনোবা সৰু ল’ৰাই চিঞৰি চিঞৰি গান গোৱা শুনা যাব। ধোঁৱা আঁতৰি যোৱাৰ লগে লগে দেখা যাব এটা

Read more

মুখা (The Mask) – অনুৰূপ মহন্ত

ৰাজশ্ৰী প্ৰডাকচন প্ৰেজেণ্টছ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: নৱাগত অনুৰূপ মহন্তৰ অভিনয়ত: হেমন্ত কাকতি বিজয় মহন্ত ৰিণ্টুমণি দত্ত ৰামানুজ গোস্বামী গিতালী শইকীয়া দত্ত আৰু অন্যান্য চৰিত্ৰ সমূহ পৰ্দাৰ ৰিল আৰম্ভ হোৱাৰ লগে লগে তিনিডাল মান ধূপ জ্বলাই এগৰাকী নাৰীৰ ছাঁ এটাই নাচি থকা দেখা যাব আৰু মুখা – The musk টাইটেল টো অহাৰ লগতে এসোপা মুখা পিন্ধা মানুহে নাচি থাকিব। লাহে লাহে পোহৰ কমি আহিব । মুখা…..The Mask দৃশ্য-১ (কাহিনী আৰম্ভ হৈছে ফ্লেছ বেকেৰে) যোৰহাটৰ তিতাবৰৰ ফালৰ এখন ভিতৰুৱা গাঁও। সেইদিনা

Read more

‘ক’লা শণিবাৰ; ব্লেক চেটাৰডে’ – অভিজিত কলিতা

ৰাজশ্ৰী প্ৰডাকচনচৰ নিৱেদন:- =ক’লা শণিবাৰ; ব্লেক চেটাৰডে’= ধেন- তেনেনননন………………. প্ৰযোজনা, পৰিচালনা, লিৰিকচ, সংগীত, কণ্ঠ, কাহিনী, চিত্ৰনাট্য, সংলাপ, চিনেমাটোগ্ৰাফী, পোহৰ, একচন, কৰিঅগ্ৰাফী, VFX, আন বাকী যি যি আছে :- অভিজিত কলিতা   অভিনয়তঃ- সকলো মুল পুৰুষ চৰিত্ৰ:- অভিজিত বচ্ছন সকলো মুল নাৰী চৰিত্ৰঃ- পল্লৱী ভাডুৰী বচ্ছন জুনিঅৰ আৰ্টিষ্ট:- হেমন্ত কাপুৰ, দেৱজিত খান, হিতেশ কুমাৰ, অঞ্জন ছিদ্দিক্কি, অনুৰূপ দেৱগন, সৌৰভ খেৰ, মাধুৰ্য ভাটীয়া, শ্ৰীডলী, তৃ‍ষ্ণা কাইফ, নিৰ্মালী কাপুৰ, তবিবৰ চোপ্ৰা, মৌচুমী ফাৰ্নাণ্ডেজ, ৰিমঝিম ৰবাৰ্টচ, কাবেৰী খান্না, কমলা পাডুকণ, চবিনা স্বোৱাৰজেনেগাৰ, প্ৰনীতা জ’লি,

Read more

ফটা পোষ্টাৰ নিকলা হিৰো–ডলী তালুকদাৰ

ৰাজশ্ৰী ক্ৰিয়েচনৰ নিৱেদন মৰিলেহে তোমাক পাহৰিম কাহিনী, চিত্ৰনাট্য, পৰিচালনা, সংলাপ, সহকাৰী প্ৰযোজনা, কন্ঠ ডলী তালুকদাৰ। সহকাৰী পৰিচালক মাধুৰ্য্য গোস্বামী। সঙ্গীত পৰিচালনা, কণ্ঠ হেমন্ত কাকতি (৩০ টাৰো অধিক পুৰস্কাৰেৰে সন্মানিত) কাষ্টিং ডিৰেক্টৰ দেৱজিত শইকীয়া একচন দিম্পল কলিতা চাউণ্ড অনুৰূপ মহন্ত এডিটৰ ভাস্কৰ দাস স্পট বয় হিতেশ বি বৰুৱা স্পট গাৰ্ল মিতালি চহৰীয়া কষ্টিউম ৰীতা শইকীয়া কৰিঅ’গ্ৰাফী পল্লৱী কলিতা সহকাৰী কৰিঅ’গ্ৰাফী উৎপলা শইকীয়া লাইট অনুৰূপ মহন্ত খাদ্য যোগান জিতু শৰ্মা ষ্টাণ্ট মেন অশোক হুজুৰী মেকআপ পূৰ্ণময়ী মেধি সহকাৰী জিতা ফুকন হেয়াৰ ষ্টাইলিষ্ট

Read more

মিছন গিবন – ৰিমঝিম বৰঠাকুৰ

ৰাজশ্ৰী প্ৰডাকচন চিত্ৰনাট্য, কাহিনী, পৰিচালনা- ৰিমঝিম বৰঠাকুৰ অভিনয়ত- চি আই ডিঃ ৰাজকুমাৰ ঠাকুৰীয়া, হেমন্ত কাকতি আৰু ইনফৰ্মাৰঃ মাধুৰ্য গোস্বামী (গাঠলু) পেটুৱাঃ বিজয় মহন্ত, কণটিঃ ৰিণ্টুমণি দত্ত, কণটিৰ ঘৈণীঃ চবিনা য়াছমিনৰাজেনঃ দেৱজিত শইকীয়াআইটেম গাৰ্ল/হিৰোইন – নিৰ্মালি বৰমুদৈ। ইংৰাজী R আখৰটো এক বিশেষ ষ্টাইলত ওলাই কৰণ জোহৰৰ চিনেমাত বজাৰ দৰে গীটাৰৰ শব্দৰে চিনেমাৰ নেম কাষ্টিং দেখুওৱা হ’ব। দূৰৰপৰা ভাহি আহিছে জিলিৰ ‘চেৰেক চেৰেককৈ’ শব্দ। লাহে লাহে কোৰ আৰু চিপাৰেঙেৰে মাটি খান্দি থকাৰ দৰে শব্দ এটাও পৰিস্ফূত হৈছে।। ক্ৰমাৎ শব্দটো ওচৰ পোৱাহি যেন

Read more

আমাৰ গাওঁ – মাধুৰ্য্য গোস্বামী

ফটা বেনাৰৰ শেহতীয়া নিবেদন: আমাৰ গাওঁ প্ৰযোজনা: ৰাজশ্ৰী শৰ্মা কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা: মাধুৰ্য্য গোস্বামী শিল্পী সকল: মণ্ডল বুঢ়া: হেমন্ত কাকতি বিজয়: বিজয় মহন্ত মুজিবৰ : সঞ্জীৱ ভট্টাচাৰ্য্য আৰু অন্যান্য চাইড ৰ’ল সমূহ। শ্বট- ১) গাঁ‌ৱৰ এঘৰত গধূলিৰ মেল। মেল মানে মণ্ডল বুঢ়াই (হেকাদা ) এপাল ল’ৰা-ছোৱালীক কাহিনী শুনাই আছে। কাহিনীও আকৌ এলাপেচা নহয়। বুঢ়াই ডেকাকালত ম’হ এটাক শিঙত ধৰি বগৰাই দিয়া, ফান্দ পাতি বাঘ ধৰা টাইপৰ কাহিনী। কিন্তু জনাই জানে, ৰাতি কুকুৰে খেদোতে বুঢ়াই কিমানদিন ধূতিতে সৰুপানী এৰিছে। বুঢ়াই

Read more

গোলাপী গেং – তবিবৰ ৰহমান

ৰাজশ্ৰী প্ৰডাকচন কাহিনী, চিত্ৰনাট্য, পৰিচালনা : তবিবৰ ৰহমান কাৰিকৰী নিৰ্দেশক : ৰিণ্টুমণি দত্ত অভিনয়ত: মিতালী চহৰীয়া মৌচুমী গগৈ তৃষ্ণা ভূঞা গীতিমল্লিকা গগৈ নীলাক্ষি কাকতি কমলা দাস প্ৰমুখ্যে নাৰীবাহিনী সদানন্দ ভূঞা অঞ্জন সাধনীয়াৰ অনুৰূপ মহন্ত মাধুৰ্য্য গোস্বামী হিতেশ বৰুৱা প্ৰমুখ্যে পুৰুষ বাহিনী আৰম্ভণীত দুডাল ধূপ জ্বলি উঠে, আৰু ধূপৰ ধোঁৱাত গোটেই স্ক্ৰীণ ধোঁৱাময় হৈ পৰে। ধোঁৱা কাটি যোৱাৰ লগে লগে এটি গীত বেকগ্ৰাউণ্ডত বাজি উঠে। টু জবু জবু মুঝুকো পুকাৰে মই দৌৰি যাম তোমাৰ কাষলৈ দৃশ্য ১ : নীলাক্ষি কাকতিয়ে “কুৰবান” ফিল্মৰ

Read more

দেৱী – তৃষ্ণা সোনোৱাল

ফটাঢোল ফিল্মছ প্ৰেজেন্টছ্ ‘দেৱী’ প্ৰযোজনা: ৰাজশ্ৰী এচ কাহিনী চিত্ৰনাট্য সংলাপ : তৃষ্ণা এচ (পৰ্দাত প্ৰথমে প্ৰযোজনা সংস্থাৰ লগ জিলিকে, ফাটি থকা ঢোল এটাৰ পৰা আলু পুলি এটাই ইংৰাজী এচ আকৃতিত গজালি মেলে।) টেক ১: ধোঁৱাময় এটা পৰিবেশ, প্ৰডিউচাৰে ইমানেই ধোঁৱা দিছে যে দৰ্শকো চকু মোহাৰি ল’বলৈ বাধ্য। লাহে লাহে ধোঁৱা আঁতৰে, দেখা যায় শুধ বগা সাজ পিন্ধা এগৰাকী নাৰী। চুলি মেলি ধ্যানৰত। চাৰিওফালে নৰ-নাৰীৰ হাতজোৰ কৰি উপস্থিতি। নাৰীয়ে চকু মেলে। নৰনাৰী-জয় দেৱী মাৰ জয়। দেৱী মাই একো নকৈ মুখৰ পৰা

Read more

3 Idiots: তিনি সিদ্ধ – তৃষ্ণা টি ভূঞা

ফটাঢোল ফিল্মছ প্ৰেজেন্টছ্ ‘3 Idiots : তিনি সিদ্ধ’ প্ৰযোজনা-ৰাজশ্ৰী প্ৰডাকচন হাউছ আনলিমিটেড কাহিনী, চিত্ৰনাট্য , সংলাপ- তৃষ্ণা টি ভূঞা পৰ্দাত ৰাজশ্ৰী প্ৰডাকচনৰ চিগনেচাৰ গ্ৰাফিক্স-কালী মাৰ ধুম তানা ধুম তানা নৃত্যৰে ডাঙৰকৈ চিনেমাৰ টাইটেল ভাঁহি উঠে৷ টাইটেল আৰু অভিনেতা অভিনেত্ৰীৰ লগতে সমূহ কৰ্মবৃন্দৰ নামবোৰ ইংৰাজী, হিন্দী, উৰ্দু, তাইৱান, হীব্ৰু আদি ১৫০ টা মান ভাষাৰে দেখুৱওা হয়৷ এক বিশেষ সতৰ্কীকৰণ মেচেজৰ ঢেটেঙ ঢেটেঙ মাতৰ লগতে হস্পিটাল বেডত দেৱজিত শইকীয়া দাৰ ৰুগ্ন মুখ এখনৰ ক্লোজআপ৷ শইকীয়া দা- ৱেইচে তো মেৰা নাম চকীয়া হে

Read more
1 4 5 6 7 8