শিল্পীৰ পৃথিবীত নিৰঞ্জন নায়ক
আন দহজনৰ দৰেই এজন কলেজৰ ছাত্র। কিন্তু আনতকৈ কিছু ব্যতিক্ৰমী চিন্তাৰে অসাধাৰণ প্ৰতিভাৰ আকৰ এই যুৱ শিল্পী গৰাকী হৈছে ডিগবৈ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ছাত্ৰ নিৰঞ্জন নায়ক। চিত্ৰকলাৰ সাধক নিৰঞ্জন নায়ক তিনিচুকীয়া জিলাৰ মানখোৱা চাহ বাগিচা, ৰূপাইৰ বাসিন্দা। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈ গৈছিল “প্ৰত্যেক মানুহেই একো একোজন শিল্পী।” মানৱ মনৰ গভীৰ কোণত লুকাই থকা সেই শিল্পী গৰাকীৰ শিল্প প্ৰতিভাৰ পুলিটোৱে যেতিয়াই বৃক্ষৰ ৰূপ ধাৰণ কৰে তেতিয়াই সৃষ্টি হয় কিছু কালজয়ী শিল্পৰ। ” বহু দিন শুনা নাই , জীয়া শিলে কথা কোৱা”
Read more