ফটাঢোল

মই ভি তো বাপ বনিম – ডলী তালুকদাৰ

: বাইদেউ, আপুনি আজিৰ পৰা গকুলক আপেল, কল নিদিব। মই বেয়া পাইছোঁ তাক দিয়াত।  জুহিয়ে মুখখন ফুলাই মোক ক’লে। : কিয় দিব নালাগে? তোমাকো দিওঁ দেখোন ফলমূল! গকুলক বাৰু দুটা ফল বেছিকৈ দিওঁ। তাৰ কাৰণটো তুমি জানাই দেখোন জুহি। নাপায় দেই এনেকে ক’বলৈ। : নহয় বাইদেউ, মই হিংচা কৰা নাইতো কিন্তু গকুলটো এক নম্বৰ হাৰামী আছে ৰে! একদম বদমাছ আছে। মানুহক বৰকৈ ঠগে আৰু আপোনাকো ঠগে সদায়। : না বাইদো। এই জুহি বহুত ঝুঠি আছে। বহুত ঝুঠ কয়। মোক একদম

Read more

দ্যা প্ৰপ’জেল-ৰিমঝিম বৰঠাকুৰ

: ঐ ছোৱালী এবাৰ ভাল পাই চাবি নেকি? : নাচাওঁ। : চা না বেহ্, মাত্ৰ এবাৰ। কিয় নহয় কথাবোৰ হিন্দী চিনেমাৰ দৰে, বিশেষ এটা ভংগীমাত তাইলৈ চাই কোৱা কথাকেইটাত মালবিকাই ৰিপ্লাই দিলে, : চা, মানস তোক ভাল পাবলৈ মোৰ অলপো মন নাই, মাত্ৰ এবাৰ নালাগে, তোৰ মুখখন চাই থাকিবলৈ এক ছেকেণ্ডো মন নাই। চাওঁ গুচ এতিয়া ইয়াৰ পৰা। আৰু শুন কেতিয়াবা নিজৰ ভাষাও ব্যৱহাৰ কৰিবিচোন প্ৰপ’জ কৰিবলৈ। চকুকেইটা ঘোপা কৰি জইন লগা চেলাউৰিকেইডাল কোঁচ খুৱাই মালবিকাই কথাকেইটা কৈ স্কুটিখন ষ্টাৰ্ট

Read more

লটিঘটি- দ্বীজেন তামুলী

খুবসম্ভৱ নব্বৈৰ দশকৰ কোনোবা এটা দিনৰ কথা৷ চাৰিওপিনে কেৱল আলফা আৰু আৰ্মিৰ গণ্ডগোল এফালে আলফাৰ বিচৰণ আনফালে আৰ্মিৰ তালাচী৷ য’তেই আলফাৰ সন্ধান পাই তাতেই ওলাই গৈ আৰ্মিসহিতে প্ৰাক্তণ আলফা। কৰায়ত্ত কৰি দুই এজনক হত্যা নকৰাও নহয় সমান্তৰালভাৱে দোষী নিৰ্দোষী ৰাইজৰ ওপৰৰত চলি থাকে অকথ্য নিৰ্যাতন৷ দুই এজনে আত্মসমৰ্পণ কৰি ৰাতি আৰ্মিৰ লগত আহি গাঁ‌ওখনৰ যিকেইঘৰ মানুহৰ ঘৰত ভাত খাই গৈছিল তেওঁলোকৰ ঘৰত উৎপাত আৰম্ভ কৰিলে৷ বোলে আলফাক কিয় ভাত দিয়া৷ এইফালে ৰাতি আহি দুজনমান ওলাব,  : অ’ খুৰীদেউ আমি দিনটো

Read more

কবি সন্মিলন-ৰঞ্জিত কুমাৰ শৰ্মা

“এনেকৈ লকডাউন, সান্ধ্যআইন এইবোৰ হৈ থাকিলে কি দেশ চলে? পাৰ্টি-চাৰ্টিও কৰিব নোৱৰা দিন আহিল৷ এনেকৈ আৰু ফুট গধূলিতে ঘৰত সোমাই থাকিব পাৰি নে?” বিৰক্ত হোৱা বিজয়ে কাকতিলৈ ফোন লগালে-  : দাদা, কিবা এটা কৰকহে৷ কাকতি আচৰিত হ’ল৷ বিজয়ে বাৰু কি কৰিবলৈ কৈছে? তেওঁ একো বুজিব নোৱাৰি সুধিলে, : তুমি কি কৰিবলৈ কৈছা? তোমাৰ কিবা হৈছে নেকি? মই হ’লে একো বুজা নাই! বিজয়ৰ উত্তৰ-  : আপুনিও মাজে-সময়ে বৰ বেলবুং হৈ যায়হে৷ : তুমি ভালকৈ ক’লেহে বুজিম৷ বুজাই কোৱাচোন৷ কাকতিয়ে পুনৰ ক’লে৷

Read more

গাখীৰ চোৰৰ বিলৈ – অভিজিৎ গোস্বামী 

স্নাতক শ্ৰেণীত থকা সময়ৰ ঘটনা। বাংগালোৰত যথেষ্ট গাখীৰ পোৱা গৈছিল আৰু তাৰ লগতে দৈ, বাটাৰ, মিল্ক আদিৰো যথেষ্ট পৰিমাণে চাহিদা আছিল। প্ৰায়বোৰ মানুহেই দৈ, বাটাৰ, মিল্ক আদি যিকোনো সময়তে খাব পাৰিছিল কাৰণ সহজলভ্য আছিল। এই গাখীৰৰ পৰা হোৱা প্ৰায়বোৰ বস্তু আৰু গাখীৰৰ বাবে নন্দিনী নামৰ এটা ব্ৰেণ্ড কৰ্ণাটকৰ সবাতোকৈ ডাঙৰ আৰু পুৰণি আছিল। বেছি সংখ্যক মানুহৰ প্ৰথম পচন্দ নন্দিনীয়ে আছিল। তেওঁলোকৰ জনপ্ৰিয়তাৰ আৰু এটা প্ৰধান কাৰণ আছিল প্ৰতি  ২ কিঃ মিঃ অন্তৰে অন্তৰে একোখনকৈ কোম্পেনীৰ নিজা আউটলেট আছিল। সেইবিলাক কোম্পেনীৰ দ্বাৰা

Read more

মাইনা তুমি জুই-জয়ন্ত দাস

: ছাৰ, ভিতৰলৈ সোমাব পাৰোঁনে? অফিচৰ পিয়ন মোহিতৰ চিনাকি মাতটো শুনি প্ৰশান্তই ফাইলৰ পৰা চকু আঁতৰাই তেওঁলৈ চালে৷ : আহা আহা সোমাই আহা, বহা৷ কোৱা কেনে আছা? : ভালেই আছোঁ ছাৰ৷ পিচে আপোনাৰ মোবাইলটো লগত আছেনে? চোলা আৰু পেণ্টৰ জেপত মোবাইলটো বিচাৰি নাপাই প্ৰশান্তই মোহিতক ক’লে, : ছেঃ গাড়ীতে এৰি থৈ আহিলোঁ নেকি, নহ’লেনো ক’ত যাব পাৰে! : ছাৰ, আপুনি আজি মোবাইলটো অনাই নাই৷ ঘৰতেই এৰি আহিছে৷ এইমাত্ৰ বাইদেৱে মোক ফোন কৰি কথাটো আপোনাক জনাবলৈ কৈছে৷   মিচিকিয়া হাঁহি মাৰি মোহিতে

Read more

বিভ্ৰান্তি-অৰবিন্দ গোস্বামী

মানুহজনক যোৱা এসপ্তাহ ধৰি মণ্টুমণি দত্তই নিৰীক্ষণ কৰি আছে। কিন্তু মানুহজনে প্ৰকৃততে কি কৰে অথবা মানুহজনৰ প্ৰকৃতি কেনেকুৱা, এই সম্পৰ্কে তেওঁ এটা সঠিক সিদ্ধান্তলৈ আহিব পৰা নাই। কিন্তু এটা কথা সত্য যে মানুহজন যে কোনোবা উগ্ৰপন্থী সংগঠনৰ বা অপৰাধ জগতৰ সৈতে জড়িত সেয়া নিশ্চিত। সেয়া তেওঁৰ এই সাতদিনৰ কাৰুকাৰ্যবোৰে প্ৰতিপন্ন কৰিছে।  মণ্টুমণি দত্ত আহিছিল গুৱাহাটী মহানগৰীত এটা চাকৰি বিচাৰি। পঢ়া-শুনা শেষ কৰি ঘৰত নিবনুৱা হৈ বহি থকা কথাটো মণ্টুমণিৰ বাবে বৰ সহিব নোৱাৰা যান্ত্ৰণা আছিল। সেই সময়ত চৰকাৰী চাকৰিও নাই।

Read more

বিয়া খোৱাৰ মজা – বাগ্মিতা ৰাজখোৱা বৰকাকতি

আগদিনা সন্ধিয়া খুড়ী শাহু আহি ক’লে, : বাগ্মী, কাইলৈ আমাৰ হেমাহঁতৰ সৰু ছোৱালীজনীৰ বিয়া আছে নহয়, যাবানে? মই অকলে যাম, তুমিও ওলাবা৷ হেমা খুড়ীৰ সম্বন্ধীয়া ভাগিনী৷ মোকো বিয়ালৈ নিমন্ত্ৰণ দি গৈছিল যদিও পাহৰি গৈছিলোঁ৷ বিয়া এখন বহুতদিনৰ মূৰত খাবলৈ পাম বুলি মনটো ভাল লাগি গ’ল৷ এনেও বিয়া খাই মই ভালেই পাওঁ৷ তাতে লকডাউন বুলি বছৰটো গ’ল বিয়া এখনো নোখোৱাকৈয়েই! সেয়ে বিয়া এখন খাবলৈ পালে বেয়া নহয় বুলি মনটোতে ফুৰ্তি লাগিল  কিন্তু ভাল লগাৰ দুটা আৰু কাৰণ আছিল৷ প্ৰথম নতুনকৈ চিলোৱা

Read more

মিচ ইউনিভাৰ্চ-ৰঞ্জু হালৈ মুনি

: এইয়া আমাৰ মঞ্চত বিউটি উইথ ব্ৰেইন ৰঞ্জু হালৈ মুনি। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰি হলটো ৰজনজনাই গ’ল। ফ্লাচবোৰে চকু চাট মাৰি ধৰিছে।দেশৰ নামী-দামী ফেশ্বন ডিজাইনাৰ, সাংবাদিকেৰে ভৰি আছে গোটেই হলটো। মইহে কিবা আনকমফৰ্টেবল ফিল কৰি আছোঁ‌। আই মিন কপোৰযোৰ কিবা দেহত লিপিট খাই ধৰিছে। উশাহ ল’বলৈও পৰা নাই। ইফালে চেণ্ডেলযোৰৰ কথা নকলোৱেইবা। যিহে ওখ। এবাৰটো ৰেম্পত ৱাক কৰি থাকোঁ‌তেই তিনিলুটি খাই পৰিছোঁ‌। ভাগ্যে কেমেৰামেনজনে ঘপহকৈ তুলি দিলে। মানুহবোৰলৈ চাই সেমেনা-সেমেনিকৈ হাঁ‌হি ৱাক কমপ্লিট কৰিলোঁ‌। এতিয়া প্ৰশ্নোত্তৰ শিতান আছে, ইয়াত

Read more

খতৰৌ কে খিলাড়ী – পদ্মলোচন ভৰদ্বাজ

আজিৰ দিনত এইবোৰ ধেমালি কৰিলে নিউজ চেনেলত ৰঙা বৃত্তৰ মাজত স্থান পোৱাৰে সম্ভাৱনা অধিক৷ আমাৰ সেইখিনি সময়ত বাতৰি, টক শ্ব’, বিচাৰ আদি সকলোবোৰ সাধাৰণতে বন্ধ কোঠাৰ এচাৰিৰ পিটনেই সামৰি লৈছিল৷ তেনে এটা ঘটনাৰ কথাই ক’বলৈ লৈছোঁ৷ পঞ্চম নে ষষ্ঠ মানত (সঠিককৈ পাহৰিছোঁ) পঢ়ি থাকোঁ। আমাৰ স্কুলৰ বাহিৰত বাবুলৰ আইচক্ৰিমৰ বাকচটোৰ ওচৰত গভট্ বয়জৰ গেটখনৰ সন্মুখত ৰাষ্টাৰ এইটো পাৰে এজোপা গছত এটা কদো বাহ আছিল৷ সৰু ল’ৰা-ছোৱালীৰ গাৰ্জেনবোৰো ঠিক সেইখিনিতে গছৰ ছাঁত লৰা-ছোৱালী নিবলৈ আহি ৰৈ থাকে। আমি কেইটামানে স্কুলৰ ভিতৰত

Read more
1 12 13 14 15 16 70