ফটাঢোল

নাইট ডিউটি- মানসী বৰা

শিৱসাগৰত শিক্ষকতা কৰি থকা দিনবোৰত নিজৰ কর্তব্য শেষ কৰি যেতিয়া ঘৰলৈ আহিবলৈ বুলি লওঁ মনতে ভাবো ,সোনকালে গাড়ীখন পালেই হ’ল  আৰু ।কাৰণ,শিৱসাগৰৰ সেই নিৰ্দিষ্ট (বকতা) অঞ্চলটোত এখন গাড়ী কেনেবাকৈ ধৰিব নোৱাৰিলে পিছৰখনৰ বাবে আধাঘন্টাতকৈও বেছি সময় ৰ’ব লগা হয় ।তাতে স্কুলৰ পৰা মূল পথলৈ এছোৱা বাট খোজ কাঢ়ি ওলাব লগা হয় । গাড়ীখন সময়ত পালে মনত অপাৰ আনন্দ লাগে । গাড়ী বুলিবলৈ ক’লে সেইফালে অৱশ্যে মেজিক, গ্রাম্যটেক্সী এইবোৰেই চলে । বহিবলৈ আসন নাথাকিলে গ্রাম্য টেক্সীখনতে মানুহ উলমিও যাব লগা হয়

Read more

প্ৰেম আৰু লটিঘটি-দিলীপ আৰ কাকতি

প্ৰেম কৰি লটিঘটি হোৱা বহুত লোক আছে। মোৰেই দুজন বন্ধুক প্ৰেম নিবেদন কৰিবলৈ যাওঁতে প্ৰেমিকাৰ পৰিয়ালে বান্ধি থৈছিল। কিন্তু প্ৰেমৰ সমন্ধ নথকাকৈ প্ৰেমৰ নামত লটিঘটি হোৱা লোকৰ সংখ্যা বহুত কম। তাতে আকৌ এবাৰ দুবাৰ নহয় তিনিবাৰ। হয় মই তিনিবাৰকৈ পিঠি বহল হোৱাৰপৰা বাচি আহিছোঁ য’ত মই এবাৰো প্ৰেমিক নাছিলোঁ। ১/ দশম শ্ৰেণীৰ কথা। ৰাতিপুৱা স্কুললৈ খোজকাঢ়ি গৈ আছোঁ। হঠাতে দুজন যুৱক বাজাজ ছুপাৰ স্কুটাৰ এখনেৰে মাজৰাষ্টাতে আগভেটি ধৰিলে। এজন পাঁচফুটীয়া কিন্তু আনজন ওখপাখ দেখিলেই ভয় লগা। আহিয়েই কথা বতৰা নাই

Read more

অচিন চিনাকি-বাগ্মিতা বৰকাকতি

বন্ধু-বান্ধৱ বা পৰিয়ালৰ লগত আড্ডাত বহিলে হোৱাই নোহোৱাই বিভিন্ন কাহিনী শুনিবলৈ পাওঁ। তাৰে কিছুমান কাহিনী সদায় মনত থাকি যায়৷ এনে এটা কাহিনী মোৰ নিজৰ সৰু  মামীৰ। কাহিনী মানে একদম সঁচা ঘটনা, যিটো এতিয়া বিশ্বাস কৰিবলৈকে টান, কিছুলোকে হয়তো ভাবিব পাৰে এনেকুৱাও হ’ব পাৰে নেকি! ঘটনাটো আজিৰপৰা প্ৰায় ত্ৰিশবছৰমানৰ আগৰ৷ মোৰ মামীয়ে বিয়াৰ আগৰেপৰা মৰিগাঁও চিভিল হস্পিটেলত নাৰ্চৰ চাকৰি কৰিছিল। মামী বৰ আজলী আৰু সৰল আছিল৷ মামীৰ মাকৰ ঘৰ আছিল একদম ভিতৰুৱা গাঁৱত। বিয়াৰ বয়স হোৱাত ঘৰৰ মানুহে মামীৰ কাৰণে দৰা

Read more

লটিঘটি আৰু মই – ভূপালী দেৱী

মই আৰু লটিঘটি এটা মু্দ্ৰাৰ ইপিঠি সিপিঠি যেন ৷ এটাই আনটোক এৰি থাকিবয়েই নোৱাৰে ৷                                                             (১) এদিন কি হ’ল কলেজ যাবলৈ সময় হৈছে, মই বোলো গাটোকে অলপ তিয়াই আহোঁ‌৷ ঠাণ্ডাৰ দিন৷ সেইবুলি বাথৰুমত সোমাই চিঞৰি চিঞৰি গান গাই গাটোত কিবাকে পানী ঢালি আছোঁ। পানী গাত পৰিছেনে বাথৰুমৰ বেৰত পৰিছে তাৰ কোনো ঠিকনা নাই৷ তেনেতে  ভিতৰৰপৰা মায়ে মাত লগালে,  : এইটো পাগল হ’ল নেকি ও কেনেকৈ টেটু ফালি মৰিব ধৰিছে৷  মই বাথৰুমৰপৰাই উচ্চ স্বৰত ক’লোঁ, : পাগল হোৱা নাই ৰ’বা

Read more

দেশে বিদেশে কিছু অভিজ্ঞতা-কনচেং বুঢ়াগোহাঁই

ইনচিয়’নৰ ইমিগ্ৰেচন অফিচত এঘণ্টা ধৰি বহি আছোঁ। কি যে এখন দেশ, কি যে আমাৰ মানুহবোৰ, সততাৰ কোনো নাম গোন্ধ নাই৷ মাথো কেনেকৈ ফাঁকি মাৰি পইচা খাব পাৰে তাৰেহে যেন চিন্তাত মজি থাকে৷ ইনচিয়’ন এয়াৰপৰ্টৰ ইমিগ্ৰেচন খিৰিকীত মোক ক’লে যে, : আপোনাৰ পাছপর্টখন স্কেনিং মেচিনটোৱে পঢ়িব পৰা নাই আপুনি সৌ অফিচটোত ৰিপর্ট কৰক। সেই বুলি কাউণ্টাৰৰ এমূৰে থকা অফিচ এটালৈ অফিচাৰজনে আঙুলিয়াই দেখুৱালে। দেখুওৱা ধৰণেৰে অফিচটোলৈ আহি অন্য এজন অফিচাৰক মোৰ সমস্যাটোৰ বিষয়ে অৱগত কৰিলোঁ৷ সেইযে আহিলোঁ এঘণ্টাৰ ওপৰ হ’বৰ হ’ল

Read more

সৌন্দৰ্য্য সচেতনতা-উজ্জ্বল দিপ্লু গগৈ

সেইকেইদিন আমাৰ ঘৰত উদুলি-মুদুলি পৰিৱেশ৷ পেণ্ডেলৰ মানুহ পালেহি নাইৰপৰা আৰম্ভ কৰি মানুহ মতা লিষ্টখনত কাৰোবাক পাহৰিছোঁ নেকি হিচাপ কৰালৈকে সৰু-বৰ একপ্ৰকাৰৰ হুলস্থূলেই বিয়পি পৰিছিল৷ আমাৰ বংশতে এটা চামৰ সকলোতকৈ ডাঙৰ ল’ৰা/ডাঙৰ নাতি হ’লোঁ মই৷ গতিকে পৰিয়ালৰ সকলোৰে মোৰ বিয়াখনক লৈ হেঁপাহ এটা আছিল৷ সময়টো ২০১৮ চনৰ জানুৱাৰীৰ শেষৰ ফালে, তেতিয়া বিয়ালৈ কেইদিনমান বাকী৷ বিয়া বুলি কাম কৰোঁতে অৱস্থা কাহিলপ্ৰায় হৈছিল৷ মাহীয়ে এদিনাখন হঠাৎ ক’লে, : দৰা বুলি অকণমান চাফাকে নাথাক কিয়নো! নখবোৰত নেমু এচকল কাটি মাৰগৈচোন যা, চাফা হ’ব৷ কথাটোৱে

Read more

ভূতৰ লগত এৰাতি-বৃতুল শৰ্মা

অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলত কটোৱা দিনৰ এটা ঘটনা। আমাৰ মাজৰে এজনৰ (নাম উল্লেখ নকৰোঁ) সকলো কথাতে মাত্ৰাধিক ওফাইদাং মৰা স্বভাৱটো আমাৰ বাবে অসহ্যকৰ আছিল। আমি সকলোৱে মিলি তেওঁক এসেকা দিবলৈ ঠিৰাং কৰিলোঁ। দিন-বাৰ ঠিক কৰা হʼল। গধূলিতে আমাৰ মাজৰ এজনে গৈ আড্ডা মৰাৰ চলেৰে এখন খিৰিকী খুলি থৈ আহিল। তাৰপিছত দুজনে সোনকালে ভাত খাই উঠি সম্পূৰ্ণ দুঘণ্টাযোৰা মেক্আপেৰে এক্কেবাৰে কন্ধৰ নিচিনা ৰূপ এটা লʼলে। বন্ধুজন চিলমিল টোপনিতপৰা আনুমানিক সময়ৰপৰাই এজনে গৈ তেওঁৰ ৰূমৰ ওচৰত মাজে মাজে শিকলি এডাল জোকাৰি অলপ

Read more

স্মৰণীয় যাত্ৰা-জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ

১) কি হৈছে? বাছত উঠিয়েই খালী চিট পাই বহি ল’লোঁ। যাত্ৰা আৰম্ভ হ’ল৷ কিবা এটা ভাবি ভাবি গৈ আছোঁ৷ এটা পাকত মোৰ সন্মুখৰ চিটটোৰ পাছফালৰ স্পঞ্জ এৰাই যোৱা গাঁতটোত আঙুলি এটা সোমোৱাই খুচৰি খুচৰি কিবা এটা ভাবি ভাবি গৈ আছোঁ৷ হঠাৎ মন কৰিলোঁ, সন্মুখৰ চিটৰ মানুহজনে মোলৈ ঘূৰি ঘূৰি চাই আছে৷  চিনাকি নেকি মনত পেলাবলৈ যত্ন কৰিলোঁ৷ বাৰে বাৰে ঘূৰি ঘূৰি চায়৷ কথা কি? মই মুখখন ৰুমাল উলিয়াই এপাকত মচি ল’লোঁ কিজানি কিবা লাগিয়ে আছে৷ আৰাম্ভণিতে ভালদৰে চাইছিল লাহে লাহে

Read more

য’তে বাঘৰ ভয় তাতে ৰাতি হয়-চায়া ভৰদ্বাজ

অতীতক নাযাবা পাহৰি বুলি কথা এষাৰ আছে। সুখ আৰু দুখ জীৱনৰ এৰাব নোৱৰা অংগ, ঠিক মুদ্ৰাটোৰ ইপিঠি সিপিঠি স্বৰূপ, স্মৃতিবোৰে অতীতক পাহৰিব নোৱাৰাকৈ ধৰি ৰাখে। অতীত ৰোমন্থন কৰি কেতিয়াবা হাঁহোঁ, হাঁহিবোৰে দুখবোৰ ঢাকি ৰাখে, নোপোৱাৰ দুখতকৈ পোৱাৰ আনন্দখিনিৰ মোল বেছি। স্মৃতিৰ জোলোঙা খুলিলে স্কুলীয়া দিনৰ কথাবোৰ বেছিকৈ মনলৈ আহে, যিবোৰে এতিয়াও মোক হাঁহিৰ খোৰাক দিয়ে। যদিও ঘটনাটোৰ লগত বাঘৰ কোনো সম্পৰ্ক নাই, কিন্তু সিদিনা আতংকত পলাইছিলোঁ বাঘৰ ভয়ত পলোৱাৰ দৰেই। উজনি অসমৰ ডুমডুমাত আমাৰ ঘৰ, ল’ৰালিৰ কালচোৱা ডুমডুমাতে কটাইছোঁ। তেতিয়া

Read more

আকৌ এবাৰ শৰাইঘাট-শ্রী খনিন্দ্র ভূষণ মহন্ত 

ইঞ্জিনীয়াৰিঙত পঢ়াসকলে ভালকৈয়ে জানে যে, সেই চাৰিটা বছৰত আমি ইঞ্জিনীয়াৰিঙৰ বাদে আন সকলো কথাই শিকিবলৈ চেষ্টা কৰোঁ। ‘পঢ়া-শুনা’ বোলা কামটো ‘ক’-কাৰিকুলাৰ এক্টিভিটি’তহে কিবাকৈ ৰৈগৈ! একপ্রকাৰৰ অলিখিতি নিয়ম বুলি ক’লেও বৰ এটা বঢ়াই কোৱা নহ’ব নিশ্চয়। ঠিক তেনেকুৱা এটা সময়ৰ কথা। পাৰ কৰি অহা পাঁচটা ষাণ্মাসিকৰ অভিজ্ঞতাৰে পুষ্ট হৈ তেতিয়ালৈ বুজি উঠিছিলোঁ যে ‘জার্ণেল’ লিখিবিলৈ কমেও এসপ্তাহ সময় লাগে। আচলতে লিখা বুলি যে কৈছোঁ, অকল লিখোঁহে। ভিতৰত হাতী-ঘোঁৰা-বাঘ-ভালুক কি থাকে সেইবোৰত মূৰ ঘমোৱাৰ পৰা বহুদূৰত থাকোঁ। এবাৰ এখন ‘জার্ণেল’ত এনেকুৱাও হৈছে

Read more
1 17 18 19 20 21 70