ফটাঢোল

ৰাজধানী এক্সপ্ৰেছত এৰাতি- ডাঃ পাৰ্থসাৰথি ভূঞা 

কিছুদিনৰ আগতে ৰাজধানী এক্সপ্ৰেছত সৰু যাত্ৰা এটা কৰিব লগা হৈছিল৷ নগাঁৱৰ চাপৰমুখৰ পৰা ডিব্ৰুগড়৷ ট্ৰেইন চাপৰমুখ আহি দহমান বজাত পোৱাৰ কথা আছিল৷ পিছে মোবাইলতে চাই গম পালোঁ ট্ৰেইনখন প্ৰায় তিনি ঘণ্টা পলমকৈ চলি আছে৷ মোৰ লগত পিছে আৰু তিনিজন মানুহ যোৱাৰ কথা আৰু তাৰে এজনৰ গাড়ীৰে আমি চাপৰমুখলৈকে যোৱাৰ পৰিকল্পনা কৰা আছিল৷ নগাঁৱৰ পৰা চাপৰমুখলৈ মাত্ৰ আধা ঘণ্টা মান লাগে৷ যিহেতু ড্ৰাইভাৰ জনে আমাক থৈ আকৌ উভতি আহিব সেয়ে দহমান বজাতে চাপৰমুখলৈ যাত্ৰা কৰিলোঁ৷ ষ্টেছন পাই পেচেঞ্জাৰ ৱয়েটিং ৰুম বিচাৰি

Read more

ৰং দে’ তু মহে- পৰিস্মৃতা বৰদলৈ

আমাৰ বুধুকণৰ মনত এইবাৰ বৰ ৰং৷ নহ’বইবা কিয় ৰঙিলীক বিয়া কৰোৱাই অনাৰ পাছতে এইবাৰ প্ৰথমটো হোলী৷ এনেই হোলী বুলিলেই আমাৰ বুধুকণৰ আছে অলেখ কাহিনী৷ কিন্তু কাহিনী থাকিল বুলিয়েই এইবাৰৰ হোলীয়ে ইতিহাস ৰচিবই লাগিব৷ বিয়া কৰাই আনিছে যাক, নামেই যাৰ ৰঙিলী৷ গতিকে ৰং নলগাই পাৰেনে? নেখেলি পাৰেনে হোলী? পাছে আমাৰ ৰঙীয়াল ৰঙিলীক যে বুধুকণে কেনেকৈ তাৰ জালত কেনেকৈ পেলালে,তাৰো এক ৰঙীন কাহিনী আছে৷  কৈছো শুনক৷ এবাৰ কি হ’ল সৰস্বতী পূজাৰ দিনাৰে কথা৷ আমাৰ ৰঙিলী তেতিয়া ক্লাছ নাইনত নে টেনত হ’বপায়৷ মুখে,ওঁঠে,গালে

Read more

হোষ্টেলৰ দিনৰ বন্ধুৰ অত্যাচাৰ-অভিজিৎ গোস্বামী

ৰাইজৰ হোষ্টেলৰ দিনৰ কথাবোৰ শুনি মোৰ ক্ষেত্ৰতো হোৱা বন্ধুৰ অত্যাচাৰ বা নিৰ্দোষ ধেমালি কিছুমান মনত পৰি থাকে৷ কিছুমান দিশৰপৰা চালে মই এই বিভাগত অলপ দুৰ্ভগীয়া৷ কাৰণ অসমৰ বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে বহু এনেকুৱা আনন্দৰ পৰা বঞ্চিত হোৱা বুলি নিজেই কেতিয়াবা অনুভৱ হয়৷  মই গ্ৰেজুৱেচন বাংগালোৰত কৰা দিনৰে কথা৷ আমি ৮ জন বন্ধু একেলগে আছিলোঁ৷ প্ৰায় ৮ বছৰ মান৷ মই আছিলোঁ নিজৰ কাম সময়মতে কৰি বহি থকা মানুহ৷ আমাৰ সকলো কামৰে নিৰ্দিষ্টকৈ তালিকা বনাই লগাই থোৱা হৈছিল৷ কামবিলাক বিভিন্ন

Read more

বিয়া খোৱাৰ আমেজ-মন্দিৰা শৰ্মা

এতিয়া মাঘ ফাগুন মাহ, বিয়াৰ বতৰ। বিয়া বুলি ক’লে মনটো কিবা ভাল লাগি যায়। আত্মীয় স্বজন, বন্ধুবৰ্গৰ লগতে বিভিন্নজনক লগ পোৱা যায়। ৰীতি- নীতি, হাঁহি-ফূৰ্তি, নাচ-গানেৰে, ভৰপূৰ সময়। তাৰ মাজতে আকৌ আমাৰ মহিলা সকলৰ সাজোন কাচোনে বিশেষ প্ৰাধান্য পায়। পৰিয়ালৰ কাৰোবাৰ বিয়া বুলি ক’লেতো কথায়ে নাই। নতুন মেখেলা চাদৰ বা শাৰী কিনাটো বাধ্যতামূলক হৈ পৰে। আৰু নো কি? পুৰণা কাপোৰ পিন্ধি বিয়া খাব পাৰিনে কিবা? মুঠতে বিয়া বুলি ক’লে এক মিঠা আমেজ। মইও এই সকলোবোৰ ফূৰ্তিৰ অংশ হৈ বৰ ভাল

Read more

নাৰীৰূপী নৰ – সাক্ষ্যৰ জ্যোতি মহন্ত

ইউনিভাৰ্চিটিত পঢ়ি থকাৰ দিনৰ কথা, লাঞ্চ ব্ৰেকৰ সময় আছিল। ডিপাৰ্টমেণ্টৰ পৰা ওলাই মই, অাকাশ, লক্ষ্য, শিৱ আৰু লগৰ কেইবাটামান “ৰংঘৰ চাৰিআলিতে” হ’লোঁ। শিৱই ক’লে – “ব’ল ব’ল অভিনন্দন যাওঁ, চাহ তাহ কিবা এটা খাওঁগে৷” প্ৰতিটোৱে প্ৰায় 4/5 কাপ মান চাহ খাই খাই এঘন্টা মান লেকচাৰ মাৰি মাৰি পইছা দিবলৈ আহিছিলোহে…. আকাশে ক’লে – “ঐ সুমনৰ ওচৰত থকা ছোৱালীজনী চা…মজা লাগিছে বে” লক্ষ্য – “ওমম…ভাল লাগিছে৷” ধীৰাজ – “তাকে পিছ ফালৰ পৰাই ইমান ধুনীয়া লাগিছে সন্মুখৰ পৰাটো চাগে আৰু চালিয়া।” আকাশ

Read more

লটিঘটি- বাগ্মিতা ৰাজখোৱা বৰকাকতি(বাৰ্বী)

 শৈশৱত ঘটি যোৱা কিছুমান ঘটনা মনত পৰিলে হাঁহি ৰখাব নোৱাৰোঁ৷ কেতিয়াবা ভাৱ হয় ময়ো এনেকুৱা আছিলোঁনে! তাৰ মাজত বহুত কথা নিজৰ বহুত ভালকৈ মনত থাকে আৰু আন কিছুমান বেলেগে মনত পেলাই দিলেহে মনত পৰে৷ আজি তেনে এটা কথাই মনলৈ আহিছে যিটো মনত পৰিলে লাজতো পাওঁয়েই, নিজলৈ দয়াও ওপজে৷  মোৰ মা-দেউতাৰ স্থায়ী ঠিকনা যদিও কামপুৰ আছিল মাৰ চাকৰিসূত্ৰে আমি কাৰ্বি আংলং আৰু নগাঁও জিলাৰ দাঁতিকাষৰীয়া বৈঠালাংছ’ নামৰ এখন সৰু ধুনীয়া ঠাইত বাস কৰিছিলোঁ৷ কামপুৰলৈ আমি বিহু, পূজা, পৰিয়ালৰ কাৰোবাৰ বিয়া-বাৰু, সকাম

Read more

মোবাইলৰ এলাৰ্মত টোপনি হৰণ – তবিবৰ ৰহমান

কিছুদিনৰ আগৰ ঘটনা। ৰাতি ভাত খায় মোৰ ৰুমলৈ আহিছোঁ। সেই সময়তে দুবছৰীয়া ভতিজীজনীয়ে মোৰ ৰুমলৈ আহিল। আহিয়েই তাই মোৰ মোবাইলটো বিচাৰিলে। মই মোবাইলটো বেয়া হোৱা বুলি কৈ টিভিটো লগাই মটু পট্লু চাব  দিলোঁ যদিও টিভি নোচোৱা হৈ তাই কান্দিবলৈ ধৰিলে। তাইক কেৱল মোবাইলহে লাগে।  তাইক মোবাইল চাবও দিব নোৱাৰি, চাব দিলে খুচৰি খুচৰি কৰবাৰ কিবা কৰি দিয়ে। শেষত উপায় নাপায় সৰু মোবাইলটোৰ ৰিংটন দি ল’বলৈ দিলোঁ। কিছু সময় সেইটোৰ লগত খেলি তাই  যাবলৈ ওলাল। তাইক থৈ আহি কিছু সময় ফাং

Read more

প্যাৰ কা দুচমন (ফ্লপ শ্ব) -কুশুমাঞ্জলী শৰ্মা

বয়স এঘাৰ মান চলি থকা দিনৰ কথা৷ ৰোল নং এক আছিল টেলেকা চকুৱা, চুলি ঠৰঙা আৰু ৰোল নং দুই আছিল জপৰা ছুলিয়া, খৰিকাৰ দৰে হাত ভৰিৰে ফৰিং এজনীৰ৷ তাতে চকু দুটা পিতল চকুৱা৷ ফৰিঙৰ কিতাপ টেলেকাই এদিন খুজি নিলে, তাৰ পিছদিনা ঘূৰাই দি কিবা বস্তু আছে বুলি কৈ কাষৰ পৰা দৌৰ৷ প্ৰভূ কিনো আছে কিতাপৰ ভিতৰত? থৰ থৰকৈ ভয়নে আবেগত কঁপি কঁপি ফৰিঙে লগৰ জনীক দেখুৱালে৷ হয়, সেইদিনত পাণপাতত শৰেৰে হনা লাভচিন নাছিল৷ কিন্তু এষাৰ ভয়ানক কথা আছিল, :-আই লাভ

Read more

শনি -শাণ্ডিল্য মহন্ত

একে আষাৰে ক’বলৈ গ’লে মই সৰুৰে পৰাই বৰ শান্ত-শিষ্ট৷ এতিয়া অলপ ঠাণ্ডা পৰিছোঁ যদিও আমুকাই ভালেখিনি বয়সলৈকে অঘাইতঙৰ টেগটো গাৰ পৰা এৰুৱাবলৈ মন কৰা নাছিলোঁ পিছে৷ সৰুকালৰ সেই আঁঠুমূৰত মৰাঠাৰি ভঙা বীৰত্বৰ চিন ঘৰৰ আগফালৰ বাৰাণ্ডাৰ চকীকেইখনত থকা নেলীয়া কটাৰীৰ ঘাপৰ দাগ আৰু আগদাঁত এটাৰ ভগা চুকটোৱে এতিয়াও সগৌৰৱেৰে বহন কৰি আছে৷ বাৰু এইবোৰ কথা পিছে পৰে হৈ থাকিব৷ ক’বলৈ ওলাইছোঁ মোৰ মামাৰ বিয়াৰ সময়ত ঘটা ঘটনা এটাৰ বিষয়েহে৷ বিয়া বুলি কওঁতেই আকৌ কেঁচুৱাকালতে কৰা সৰু কেচ এটালৈহে মনত পৰিছে৷

Read more

এক্স প্লাচ ওৱাই ইজুকুৱেলটু এ চি – অংকুমনি ডেকা

শিৰোনাম দেখি ভাবিছে চাগৈ কিনো এয়া৷ মানে সৰুতে অংকত “ধৰা হ’ল” লৈছিলোঁ যে ইয়াতো ধৰি ল’ব লাগিব৷ ধৰা হ’ল এক্স এজন ল’ৰা, ওৱাই এজনী ছোৱালী৷ এতিয়া সেই দুটা যোগ হ’ব লাগিছিল, নহ’ল৷ হ’ল পূৰণ৷ ইয়াত আকৌ যোগেৰে এযোৰ প্ৰেমিক -প্ৰেমিকা আৰু পূৰণেৰে ভাই -ভনীক বুজোৱা হৈছে৷ গতিকে ৰাইজসকল ওপৰোক্ত “ধৰা হ’ল”বোৰ বুজিবলৈ পঢ়ি চাব লাগিব মোৰ লটিঘটিটো৷ মোৰ মানে লটিঘটিটো বুজিবলৈ হ’লে অলপ পাতনি জুৰিব লাগিব৷  এতিয়া প্ৰেম মানে কি কওকচোন ৰাইজ? আমি এই শব্দটো শুনিলে এক শৰীৰত বেলেগ বিক্ৰিয়া

Read more
1 29 30 31 32 33 70