ফটাঢোল

প্ৰস্তুতি পৰাশৰৰ বিয়াত – বিকাশ শইকীয়া

কটনত হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা সময়ৰ কথা ৷ অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰৰ ভায়েক প্ৰবাহন পৰাশৰ আমাৰ লগত পঢ়ে ৷ বায়েকৰ বিয়া ৷ নিমন্ত্ৰণ পালো ৷ তাৰিখটো পাহৰিলোঁ। ঘৰৰ ওচৰৰ পাজৰৰ মানুহৰ আগত বুকু ফিন্দাই আছো ৷ প্ৰস্তুতি পৰাশৰৰ বিয়ালৈ যাম ৷ বিশ্বাস নকৰা কেইটাক বিয়াৰ নিমন্ত্ৰণী পত্ৰ দেখুৱাইছো ৷ মুঠৰ ওপৰত চেলিব্ৰেটি টাইপ ফিলিঙ আহি গৈছে ৷ নিমন্ত্ৰণী পত্ৰত উল্লেখ থকামতে অভ্যৰ্থনাৰ সময় বিয়লি দুই বজাৰ পৰা ৷ মই বহুত ‘পানচুৱেল’ মানুহ ৷ বেলতলাৰপৰা চিটিবাছত উঠি ১-৪৫ বজাত শিলপুখুৰী

Read more

নৌকা-বিহাৰ – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

নলগা জেঙত লগা কাম কৰি বা গছত গৰু উঠা টাইপৰ কথা ভাবি কেতিয়াবা খুব ভাল লাগে ৷ আৰু জনাই জানে, এই অকৰাৰ এবাৰ যদি মৈত উঠে সহজে নামিব নুখুজে ৷ পিছে দুখৰ কথা দৰকাৰী কামতহে তেনেদৰে মৈত উঠা নহয় ৷ বহুবছৰ আগতে মোৰ মন গ’ল আমাৰ কাষৰ টিহু নৈত ভুটভুটী চলাবলৈ ৷ চলোৱা মানে সৈন্য-সামন্ত লৈ একেবাৰে ৰাজকীয় কায়দাত নৌকা বিহাৰেই ৷ আজিকালি এনে এটা ধাৰণাৰ প্ৰসাৰ প্ৰায়েই শুনো যদিও আমাৰ দৰে আওহতীয়া ঠাইত সেই সময়ত ই একেবাৰে গছত গৰু

Read more

তিনি যুৱকৰ সাধু – বন্দিতা গগৈ বৰা

বহুবছৰৰ আগৰ কথা ,প্ৰায় ইংৰাজৰ দিনৰে কথা বুলি চকুচৰহা সকলে কয় ,পিছে ইতিহাসবিদসকলে এই তথ্য ভুল বুলিও কয় ।কাৰণ যি যুৱক তিনিজনৰ কথা কবলৈ ওলাইছো।তেওঁলোক এখন অভিযান্ত্ৰিক কলেজৰ সমসাময়িক ছাত্ৰ আছিল । ইংৰাজৰ দিনত অসমত অভিযান্ত্ৰিক কলেজ হোৱা নাছিল সেয়ে যুৱকেইজনৰ আচল বয়সটো কবপৰা নাযাব । তেওঁলোকৰ তিনিজনৰ এজন বেছি ছিনিয়ৰ আৰু এজন মধ্যম ছিনিয়ৰ আৰু এজন জুনিয়ৰ আছিল । ধৰি লওঁক তেওঁলোকৰ নাম ,মিহিৰাম ,চেনিৰাম আৰু কুঁহিৰাম । অৱশ্যে তেওঁলোকৰ উপাধিৰেও চিনাকি দিব পাৰি যেনে কলিতা ,দত্ত,শৰ্মা । এওঁলোক

Read more

ফিলিং শ্লিম – ঐশ্বৰ্য অমিতাভ

আজি পুৱাৰেপৰা মনতো অলপ ভাল লাগি আছে ৷ কিবা কয় নহয় বোলে ফিলিং শ্লিম শ্লিম….. তেনেকুৱা ৷ আচলতে পুৱা গা-পা ধুই গোসাঁইঘৰ অটোৱা কামতো কৰোঁতেই কথাটো অনুভৱ কৰিলোঁ ৷ এইবাৰ আৰু মোক কোনে পায়! ইমান আশাৰে বাট চাইছিলো খীণাবলৈ, এতিয়াতো মজাই মজা ৷ শকত হোৱা বাবে পিন্ধিব নোৱাৰা হোৱা মৰমৰ কাপোৰ বোৰলৈও সাউৎকৈ মনত পৰি গ’ল ৷ মনটো একেবাৰে সাতখন-আঠখন….. তথাপিও কৰণীয় খিনি কৰি গ’লো ৷ পুৱা দৌৰাদৌৰি হয় বাবে ঠাই মচিবৰ বাবে বটল এটাত পানী থৈ তাৰেই মচি কাপোৰখন

Read more

মূৰ্খ – বৰ্ণালী ডেকা

২০১১ চনৰ কোনোবা এটা দিনৰ ঘটনা, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ ৷ জীৱনত প্ৰথমবাৰ চাকৰিৰ বাবে পৰীক্ষা দিব যাম ৷ পৰীক্ষা কেন্দ্ৰ উলুবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল ৷ গুৱাহাটীত নতুন, তাতে বিশ্ববিদ্যালয়ৰ পৰা বহুত দূৰ হয় ৷ গতিকে সময়তকৈ দুঘণ্টামান আগেয়ে গৈ হাজিৰ হ’লোগৈ ৷ প্ৰথমবাৰ এনেকৈ কিবা পৰীক্ষা দিম কাৰণে এনেয়ে অলপ ভয় খাই আছোঁ, তাতে আকৌ গেটত এটাই লম্ভিলেই নহয় ৷ বোলে অকলে আহিছা, পঢ়িছানে, নাম কি, ঘৰ ক’ত বহুত কিবা-কিবি প্ৰশ্ন ৷ মনে মনে ভাবি আছো গেটখন কেতিয়া

Read more

মহিষাসুৰৰ হাঁহি – প্ৰীতিশা গোস্বামী

মোৰ স্মৃতিৰ টোপোলা মেলি উলিয়াই অনা এই হাঁহিটো দুৰ্গা দেৱীয়ে নিধন কৰা মহিষাসুৰৰ হাঁহিৰ তুলনাত কোনো গুণে কম নহয়। ক’ব পাৰি সাইলাখ একে!! অত্যন্ত ভয়ঙ্কৰ…যেন দহ মুৰীয়া অসুৰৰ অট্টহাস্য। সকলোৱে বুজাকৈ অলপ বহলাই কওঁ, এই হাঁহিৰ ৰহস্য। শীতৰ দিন তেতিয়া । আইতা ঢুকোৱাৰ অশৌচ পালন কৰি আছিলোঁ । আইতা বৰদেউতাৰ ঘৰত আছিল বাবে সকামৰ সকলো কাম-কাজ তাতেই চলিছিল। ঘৰৰ আঁতৰত থকা খুড়া-খুড়ী, পেহা-পেহী, দাদা-ভাইটিৰে ঘৰ ভৰপূৰ তেতিয়া। সেইকেইটা দিনত স্কুল অথবা পঢ়া-শুনা নাছিল যিহেতু আমি পিলিঙাকেইজনে দিন-ৰাতি একাকাৰ কৰি কেৱল

Read more

পলায়ন – সোণটো ৰঞ্জন বৰুৱা-

নলে-গলে লগা বন্ধু এটা মোৰ… সিহঁতৰ ঘৰলৈ গৈ এনেও ভালেই লাগে, গতিকে খানা খাবলৈ মাতিলে নোযোৱাৰ তো কথাই নাই৷ সেইদিনা সময়তকৈ আগতেই টিকা দাঙি ভঙা চাইকেল চুটাই দিলো এক কিমিমান দূৰৈত থকা সিহঁতৰ ঘৰলৈ৷ ৰাতি খাই বৈ শেষ কৰি ইয়াৰ ৰুমতে আড্ডা দি থাকোঁতেই তাৰ ভনীয়েকে মোক বাহিৰৰ পৰা মতা শুনি ওলাই গ’লো৷ মোক দেখি চিধাই ক’লে- “ব’লা “ ম‌ই বোলে হেৰ’- “ক’লৈ যাৱ ৰাতিখন? ? ? “ “আৰে…! ! মোক নিম কোৱা নাছিলা জানো? ? এতিয়াই মাঁহত ভিতৰত বিজি

Read more

সংগীত চৰ্চা- মানৱেন্দ্ৰ কুমাৰ শৰ্মা

মই মেট্ৰিক দিয়াৰ পিছত দেউতাই ভাবিলে যে কলেজলৈ যোৱা দিনলৈ মই ঘৰত বহি এনেয়ে সময় নষ্ট কৰাতকৈ কিবা এটা কৰা ভাল৷ কি কৰিম সেইটো ভাবি দেউতাই ঠিক কৰিলে, সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত গান শিকাৰ সমান ভাল কাম আৰু একোৱেই হ’ব নোৱাৰে৷ দেউতাৰ কথা মানেই কাম৷ গতিকে পিছ দিনা পুৱা কাউৰীয়ে কা কা নৌকৰতেই মোক বিছনাৰ পৰা উঠাই দি দেউতাই ক’লে, ’ওলা৷ ’ মই ওলালোঁ৷ আমাৰ ঘৰৰ পৰা দুই কিল’মিটাৰ মান দূৰৈৰ এঘৰত সোমালোঁ৷ আমি যাওঁতে তেওঁলোক শুই উঠাই নাছিল৷ আমি

Read more

চোৰ – হিমাংশু ৰাজখোৱা

চোৰ বিচাৰি গৈছেনে কেতিয়াবা? এনে দুৰ্ভাগ্য হৈছেনে কেতিয়াবা? যোৱা শতিকাৰ শেষৰ দশকটোৰ শেষৰ বছৰকেইটাৰ কোনোবা এটা৷ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আমাৰ পৰম পূজনীয়া মাতৃদেৱী, বিভাগীয় নিৰ্দেশনা মৰ্মে ঘৰৰ পৰা 300 কি মি আতৰলৈ ৬ মহীয়া প্ৰশিক্ষণৰ বাবে যোৱাত ঘৰত কেৱল মই আৰু কানসমনীয়া ভাইটো৷আশানুৰুপ ভাবেই সেই ৬ টা মাহ সেইখন আৰু ঘৰ হৈ থকা নাছিল, দুই ভাইৰ সমস্ত বন্ধুবৰ্গ, বন্ধুবৰ্গৰ…বন্ধু….এই সকলোবোৰ মিলাই সেই দিনবোৰত আমাৰ ঘৰটো আছিল সদ্য যৌৱন প্ৰাপ্ত এদল উচ্ছৃঙ্খল যুৱকৰ আড্ডা! তেনেকুৱা কোনোবা এটি দিনতেই আমাৰ চিনাকি আমাতকৈ

Read more

খৰিচাৰ ৰস – অসীমা শইকীয়া দত্ত

স্কুললৈ যাবলৈ লৈছো মুৰত আইতাৰ তেল জেপজেপীয়াকৈ সানি বনফুল তেলৰ বটলতো হৈ তেতিয়া৷ আম তল, বগৰি তলৰ পৰা যোৱা মন স্কুলত বহাই নাই তাতে আকৌ গাঁৱৰে খুৰা এজনৰ কি শাসন৷ সদায় পুৱা তেওঁ দাঁত ব্ৰাছ কৰি কৰি গোটেই গাওঁ ভ্ৰমে কোনে কোনে পঢ়িছো চাবলৈ৷ এদিন ঘৰৰ চোতালত ৰ’দ লৈ মই, সন্মুখত মেলা কিতাপ৷ কাৰোবাক দেখিলে অকনৰ ঘৰ নগৰত গাওঁ নহলে গোহালিৰ গৰু কেইটা চাই ভাবি থাকো ইহঁতৰ ঠেং ইমানবোৰ কিয় হল৷ মৌখিকত যে কেৱল এটা গৰুৰ চাৰিটা ঠেং অমুক টা

Read more
1 67 68 69 70