ফটাঢোল

সহোদৰ-অমিতাভ মহন্ত

: ইন্দুদা, তই বোলে মোৰ পিছত পুলিচ লগাইছ?  -: চা, মোৰ তোৰ ওপৰত মূৰটো গৰম হৈ আছে। তোক এইবোৰৰ উত্তৰ দিয়াৰ কোনো দৰ্কাৰ আছে বুলি মই নাভাবোঁ‌। : বাঃ…পুলিচ লগাবি তই আৰু উত্তৰো নিদিবি। বঢ়িয়া দাদাগিৰি দেখোন তোৰ। : চা পিকু, মই যি কৰিছোঁ‌ মোৰ ঘৰ সংসাৰ বচাবলৈ কৰিছোঁ‌। তই নিজেতো কাজিয়া লাগি ধ্বংস হ’লিয়েই, এতিয়া মোৰ ঘৰ সংসাৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগি গৈছ। : তোৰ লগত লাগি মই একো ফূৰ্তি নাপাওঁ। উত্তৰপাৰৰ মাটিখিনি ভালে ভালে মোৰ নামত লিখি

Read more

সাহিত্যৰ জয়-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

গল্পটোৰ আৰম্ভণি কৰিবলৈ লৈ ৰমনী হাজৰিকা এখন্তেক থমকি ৰ’ল।কোনখিনিৰ পৰা আৰম্ভ কৰিলে গল্পটো পাঠক সমাজৰ মাজত জনপ্ৰিয় হ’ব সেইটো পুনৰবাৰ ভাবি ল’লে,অকল জনপ্ৰিয় হ’লেই নহ’ব বিপুল সমাদৃতও হ’ব লাগিব তেখেতৰ এই নতুন গল্পটো।এই গল্পটোৰ লগত তেখেতৰ সন্মানৰ কথাৰ লগতে গল্পটো বিচৰা আলোচনীখনৰ সন্মানৰ কথাও জড়িত হৈ আছে।পৰিকল্পিতভাবে আগনাবাঢ়িলে মুখ থেকেছা খোৱাৰ সম্ভাৱনাও নথকা নহয়।আগৰ দিনৰ কথা বেলেগ আছিল,আজিকালি ডিজিটেল মাধ্যমৰ ব্যৱস্থাটো সহজলভ্য হোৱাৰ পিচত লিখা মেলা কৰি ভাল বেয়াৰ ফিডবেক তৎক্ষণাত পোৱা যায়,গতিকে সাৱধানে আগবঢ়া মঙ্গল। আৰতি দেৱীক এবাৰ ক’ৰবাত

Read more

লাই হালে জালে-মাধুৰীমা ঘৰফলীয়া

গাঁও দুখনৰ ঠিক সীমাতে জানটো। এক কথাত ক’বলৈ গ’লে জানটোৱেই গাঁও দুখনক ভাগ কৰিছে। হওঁতে প্ৰধান পথত জানৰ ওপৰত পকী দলং এখন আছে যদিও লাহেশ্বৰী, ৰূপালীহঁতৰ দৰে জানটোৰ আশে পাশে থকা মানুহবোৰে ইপাৰ সিপাৰ হ’বলৈ ঘৰৰ কাষতে সাঁকো সাজি লৈছে। মানুহবোৰে বিশেষ দৰকাৰ নহ’লে সকলোবোৰ আহ-যাহ সাঁকোৰেই কৰে। এডোখৰ বাট ঘূৰি-পকি পকী দলঙেৰে যাবলৈ এলাহ কৰে।  খৰালি কালত একাঁঠুমানহে পানী ভাৰ বৈ লৈ থকা জানৰ পাৰটো গৰু ছাগলীৰ আদৰ নোপোৱা ঘাঁহ-বনেৰে ভৰি থাকে। মাজে মাজে ক’লা কচু। জানৰ পাৰত গজা

Read more

ৰিয়েল-ঈশান জ্যোতি বৰা

কিছুমান মানুহে ইমান মনোযোগেৰে কৰ্মব্যস্ততা প্ৰদৰ্শন কৰে যে, তেওঁলোকৰ কাষত থিয় হৈ থকাটোও এটা অস্বস্তিদায়ক যন্ত্ৰণা হৈ পৰে৷ অচিনাকি দ্বিধা এটা উপজে৷ জানোচা, আমাৰ উপস্থিতিয়ে মানুহজনৰ মনোযোগত ব্যাঘাত জন্মায়! জানোচা, আমাৰ উশাহ-নিশাহৰ শব্দই মানুহজনৰ চেতনাত অশান্তিৰ সৃষ্টি কৰে৷ বেজবৰুৱাৰ জীয়েক অমৃতাই যেতিয়া চিতল মাছৰ নেলুটোত টেপা এটা দি, পিছমুহূৰ্ততে নিজৰ সোঁবাহু মেলি মাছটোক ওপৰলৈ দাঙি, মৎস্য-চিকাৰৰ বিৰল আনন্দ উদ্‌যাপন কৰি আছিল, কাষতে ৰৈ থকা বেজবৰুৱাৰ মনটোতো তেনেজাতীয় দুশ্চিন্তাৰ পৰিচিত সোঁত এটা কুলুকুলু ধ্বনিৰে বৈ গৈছিল৷ অথচ বেজবৰুৱাই স্বচক্ষু আৰু স্বকৰ্ণৰে

Read more

“১৯৪৭” এটা প্ৰেম কাহিনী-ৰীতা লীনা সোণোৱাল

প্ৰেমত পৰাটো সহজ কথা নহয়। যিজনে প্ৰেম কৰে তেওঁ বুজে প্ৰেম কি বস্তু। তেওঁক যদি মই বেলেগ পৰিস্থিতিত বেলেগ ধৰণে লগ পালোঁ হয় তেন্তে কাহিনী হয়তো অন্য দিশেৰে আগবাঢ়িল হয়। কিন্তু আমাৰ কাহিনীত আশাপ্ৰদ একো নাছিল। আছিল মাথো কিছু ক্ষণৰ বিহ্বলতা। তেওঁ পিতাক শেষবাৰৰ বাবে লগ কৰিবলৈ আহিছিল। পিতাৰ ভৰি চুই এবাৰ সেৱা কৰিছিল। মই তেওঁলৈকে চাই আছিলোঁ। তেওঁ ডাঙৰকৈ চকুদুটা মেলি মোলৈ এবাৰ চালে। মই চকু তললৈ নমাই দিছিলোঁ। যন্ত্ৰণাই মোক কঁপাই তুলিছিল। পিতাৰ মতে মই সীতাৰ তুল্য। এজন

Read more

ইটছ অল বিজনেছ – পার্থ প্ৰতীম শৰ্মা

বাহিৰত মানুহৰ শাৰী দেখি আমাৰ কাকতিদাই তবধ মানিলে। ঔ আই, তাৰমানে আমাৰ দত্তই দিয়া খবৰটো সঁচা। অৱশ্যে আজিলৈ দত্তই দিয়া প্ৰতিটো খবৰ সঁচা হৈয়েই ধৰা দিছে। তথাপিও কাকতিদা অভিজ্ঞ মানুহ হোৱাৰ বাবে খুপি খুপি খোজ দিয়ে। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। ইতিমধ্যে তেওঁ এই গোটেই প্ৰজেক্টটোৰ বিষয়ে যিমান পাৰি পঢ়ি আহিছে। প্ৰজেক্টটোৰ ফেচবুক পেজটোৰপৰা আৰম্ভ কৰি তাৰ ফলোৱাৰৰ দিতেইলছলৈ কাকতিদাই সকলো বিচাৰি উলিয়াইছে। গ্ৰউথ বহুত ভাল। কিন্তু প্ৰজেক্টটোৰ কাৰ্যপ্ৰণালী সম্পৰ্কত কাকতিদাই একো শুংসূত্ৰ উলিয়াবপৰা নাই। দত্তক সোধাত দত্তয়ো তেওঁক “আপুনি

Read more

বুদ্ধিয়ক চোৰ-জয়ন্ত গগৈ

কলেজৰ ল’ৰাৰ হোষ্টেলটো চহৰৰপৰা এক আওহতীয়া ঠাইত থকা হেতুকে বহু ছাত্ৰই হোষ্টেলত নাথাকি কলেজৰ ওচৰতে ভাৰাঘৰ লৈ থাকিবলৈ লৈছিল। কলেজৰপৰা অলপ দূৰত ডাঙৰ অসম আৰ্হিৰ ঘৰৰ এটা পাৰ্টত দ্বিজেনদা, অবিনাশদা, ৰবীন, লুকু আৰু মোক ধৰি আমি পাঁচজনে ভাৰা লৈ আছিলোঁ। ঘৰটোৰ অন্য পাৰ্টত নেপকোৰ কেৰাণী চাংমাইদা, দিলীপদা আৰু ড্ৰাইভাৰ ৰূপমদাহঁত আছিল। আমাৰ দুজনমানৰ ক্লাছৰ সময়বোৰ বেলেগ বেলেগ হোৱাৰ বাবেই ৰূমৰপৰা যোৱা-অহাত প্ৰায়ে ইফাল-সিফাল হৈছিল। ইফালে দুপৰীয়া আহাৰ খাবলৈ নেপকোৰ দাদাকেইজন প্ৰায়ে ৰূমলৈ আহিছিল। কেতিয়াবা কামৰ হেঁচা পৰিলে সন্ধিয়া সময়তহে ৰূমলৈ

Read more

চোৰ- কমলেশ দাস

দত্তই আত্মীয় এজনৰ শ দাহন কাৰ্য সামৰি তেওঁৰ স্কুটিখনেৰে শ্মশানৰ পৰা উভতিছে। গাত মেৰিয়াই থোৱা আছে এখন চাদৰ।  বতাহ লাগি চাদৰখনৰ এটা ফাল উৰি আছে৷ ঠাণ্ডা বতাহে তেওঁৰ মুখমণ্ডলো কোবাই গৈছে। বজাৰত সোমাই দত্তই দেখিলে, দুই-এখন নাম থকা পাণ দোকানৰ বাহিৰে বাকীবোৰ বন্ধ। এইবোৰ পাণদোকানতে মদপীয়ে মুখশুদ্ধি কৰে। তাতেই নিচাসক্ত দুজনমানে উষ্ণ দেহেৰে  শীতক চেলেঞ্জ দিছে। চাৰিআলিৰ বিখ্যাত মিঠাইৰ দোকানখনৰ কাষৰপৰাই  ল’ৰা এজনে দৌৰিছে। ল’ৰাজন বাৰ-তেৰ বছৰ বয়সৰ যেন লাগিছে। ইমান ঠাণ্ডাতো দেহত মাত্ৰ ছাৰ্ট এটা৷ ছাৰ্টৰ ক’লাৰ পিছফাললৈ ওলমি

Read more

ভাৰ-গায়ত্ৰী প্ৰান্তিক শৰ্মা

: গোসাঁনী..অ’ আই…মই যাওঁ অ’। দুৱাৰখন জপাই ল। কান্ধৰ দাঙডালতে বজাৰলৈ নিবলগীয়া মোনা দুয়োখন দুয়োফালে ওলোমাই আকাশলৈ চাই কপালতে হাত দুখন লগাই সেৱা এটা কৰি বাপেক ওলাই যায়। বাপেকে ভাত খাই থৈ যোৱা কাঁহীখন সামৰি মজিয়াখনত পানী দুচলুমান ছটিয়াই অঁতাই থকা আইজনী বাপেকৰ মাতত লৰালৰিকৈ ওলাই আহে। বাঁহৰ দুৱাৰখনতে ভেজা এটা দি পিন্ধি থকা পুৰণি ৰং যোৱা চোলাটোতে তিতা হাতখন মচি মচি আইজনীয়ে বাপেক যোৱাৰ ফালে আমন-জিমনকৈ চাই ৰয়। চকু দুটা কৰুণ হৈ উঠে তাইৰ। সদায় হোৱাৰ দৰে আজিও বুকুখনত

Read more

পিকনিক-নীলাক্ষি কাকতি

: এবাৰ চোৱানা মোৰ ফালে। মই তোমাক বহুদিন ধৰি এটা কথা ক’ব বিচাৰি আছোঁ৷ : কি–কি– অঁ -অঁ কোৱা নীলা ৷ কোনোমতে কঁ‌পা কঁ‌পা মাতেৰে ৰাজীৱে ক’লে৷ : মোৰ ওচৰত আহা আকৌ৷ : আ–আহি-ছোঁ৷ কোৱা কোৱা৷ থপ৷ ৰাজীৱে পিঠিত কিবা এটা বিষ অনুভৱ কৰিলে৷ হাৰে! এয়া কি? এয়া দেখোন সি তাৰ বিচনাত! নীলা ক’ত গ’ল? মানে সি সপোন দেখি আছিল! এয়া দেখোন মাকে বেলনা মাৰিডাল লৈ তাৰ সন্মুখত মা কালীৰ অৱতাৰ লৈ থিয় হৈ আছে!  : অ কটা নিধক৷ কাক

Read more
1 16 17 18 19 20 78