ফটাঢোল

পেণ্ডেল-যোগেশ ভট্টাচাৰ্য

গজৰাম হাতীকাকতি নামৰ এটা হাতী আৰু পৰুৱাধৰ বৰুৱা নামৰ এটা পৰুৱা নলেগলে লগা বন্ধু আছিল। ইমান ভাল বন্ধু যে একেখন কাঁহীতে ভাত খায়। হাতী য’লৈকে যায় পৰুৱাও তালৈকে যায়। হাতীয়ে পেট কমাবলৈ জীমলৈ যায়। পৰুৱা শ্লিম যদিও হাতীৰ লগত জীমলৈ যায়। সি হাতীক ডাম্বেল ধৰি দিয়ে, হাতীয়ে চিলিং মাৰিলে সি কঁঁকালত ধৰি ডাঙি দিয়ে। এনেদৰেই দুয়ো একেলগে সুখে সন্তোষে জীৱনৰ আধাতকৈ বেছি সময় পাৰ কৰিলে। হাতীৰ পুতেকৰ বিয়াত পৰুৱা বৰুৱাই নিজৰ ফেমিলিৰ গোটেই পৰুৱাবোৰৰ সহায়ত খাদ্যবস্তুৰ যোগাৰ কৰি দিয়াৰ লগতে

Read more

পলৰীয়া-ৰীতা লীনা সোণোৱাল

বিভাসৰ মাজে মাজে মানুহজনীলৈ মনত পৰে। টেবুলত বহি কাম কৰি থাকিলেও তাৰ এনেকুৱা লাগে যেন মানুহজনী এইমাত্ৰ আহি তাৰ কাষত বহিলহি। গিৰিয়েকৰ নামত থকা ব্যক্তিগত ঋণটো পৰিশোধ কৰি মানুজনী ভাগৰি পৰিছিল। দীঘলকৈ উশাহ টানি বহি লোৱা মানুহজনীলৈ চাই সি মুগ্ধ হৈছিল সদায়। এতিয়া মানুহজনী ক’ত কেনেকৈ জীয়াই আছে তাৰ ভাবিবলেও মন নাযায়। অতীতৰ কিছু সময়ক কেতিয়াবা জোৰকৈ মচি পেলাব পাৰিলেই ৰক্ষা পোৱা যায়। সি গুচি অহাৰ পাছত মানুহজনীয়ে তাক বিচাৰিছিল নে নাই সি নাজানে। কাৰণ মানুহজনীৰ লগত থকা সকলো সংযোগ

Read more

পত্নী প্ৰেমৰ বিড়ম্বনা-নয়নজ্যোতি বৰঠাকুৰ

: হেৰা, তুমিও মানে বান্দৰৰ আগত কল এথোক দিলে যেনেকৈ খায়, তেনেকৈ খাইছা হে! ইফালে আকৌ সেইটো এৰিলোঁ বুলি যিহে ফিটটো মাৰি থাকিবা, তাতকৈ এইবোৰ মিছা কথা ক’বই নালাগে। অৰ্তকিতে হোৱা বাক্যবাণত বিনোদৰ থৰকাচুতি হেৰাই গ’ল। হয়, সি পাণ খাবলৈ এৰিছিল, কিন্তু আজি ঘৰলৈ জেঠায়েকৰ ল’ৰা হেমন্তই পাণ এৰাটো গম নাপাই বাবেই দহখনমান বান্ধি আনিছিল। তাৰেই সোৱাদ লওঁতে পাহৰিয়ে গৈছিল কথাটো। কিন্তু পত্নী মায়াই কথাটো ৰাতিপুৱাৰেপৰা লক্ষ্য কৰি আছিল। বিনোদে অলপ সহজ হ’বলৈ চেষ্টা কৰি ধেমেলীয়া সুৰত ক’লে, : হেৰা,

Read more

ফেচবুক, বন্ধুত্ব আৰু কিছুমান-ৰাজশ্ৰী শৰ্মা

আহিনৰ ৰাতিপুৱা, এটোপ দুটোপ নিয়ৰৰ টোপাল চোতালৰ আগৰ দুবৰি বনত। বতাহত শাৰদীয় দুর্গা পূজাৰ যেন গোন্ধ। ৰাতিপুৱা চকু মেলিয়েই মবাইলটো খুলিলোঁ। ফেচবুকটোত ৰাতিপুৱা ছয়বজাতেই মানুহৰ ভিৰ। কোনোবাই যদি শেৱালি ফুলৰ ফটো দিছে, কোনোবাই আপডেট দিছে “#উজাগৰী ৰাতি” বুলি। এঙামুৰি এটা লৈ গা পা ধুই আহি চাহ একাপ খাই কালি গধূলি মই লিখা শাহু বোৱাৰীৰ মনোমালিন্যৰ গল্পটোত কিমান লাইক কমেণ্ট পালোঁ বুলি আকৌ এবাৰ ফেচবুকটো খুলিলোঁ। পাইছোঁ, আঠশ মান লাইকেই আহিছে! কমেণ্টো পাঁচশ মান। “চুই গ’ল”, “অসাধাৰণ” ইত্যাদি মন্তব্যৰে ভৰি পৰিল

Read more

শ্যামলাল কলৈ গ’ল!-বিন্দু ৰাজবংশী কলিতা

“ঐ, তই ইয়াতে বহ। মই উভটি নহালৈকে ইয়াৰপৰা এখোজো নলৰিবি। মোৰ বেলেগ কাম এটা আছে। আধাঘণ্টামান লাগিব।” চন্দ্ৰক দীঘলীপুখুৰীৰ ফুটপাথৰ ওপৰৰ জিৰণি ঘৰৰ চিট এটাত বহুৱাই মনোজ আতৰি গ’ল। কোনোদিনে গুৱাহাটী মহানগৰ নেদেখা, একো আওভাও নোপোৱা চন্দ্ৰৰ অলপ ভয়ো লাগিল। অসহায় অৱস্থাটো তাৰ মুখখনত প্ৰকট হৈ পৰিল। তাৰ চকুৰ পতা দুটাই তিলমানো জিৰণি নোলোৱাকৈ মহানগৰৰ ৰাজপথৰ ব্যস্ততাবোৰ গণিবলৈ আৰম্ভ কৰিলে। সি যেন বহি বহি চিনেমা এখনহে চাই আছে। মাজে মাজে বতাহৰ দৰে তীব্ৰ বেগত পাৰ হৈ যোৱা পদপথৰ যাত্ৰীৰ গচকত

Read more

সোঁৱৰণী-হেমন্ত কাকতি

সিদিনা ৰবিবাৰ বুলি আমাৰ বেডৰূমৰ আলমাৰীটোৰ ভিতৰৰ কাপোৰবোৰ অলপ থানথিত লগাওঁ বুলি উলিয়াই লৈছিলোঁ৷ আচলতে এওঁলোকৰ কাপোৰৰ ভিৰত মোৰ বাবে আলমাৰীটোত ঠাই প্ৰায় নাইকিয়া৷ সেয়ে চুকৰ ফালে চেল্ফ এটা উলিয়াই জেগা অকণ দখল কৰি ৰাখোঁ বুলিয়েই তাৰ পৰা মোৰ বয়বস্তু স্থানান্তৰিত কৰি দিয়া নাছিলোঁ৷ ল’কাৰত কিবা খুচৰি থাকোঁতে হঠাৎ মোৰ পুৰণি সোঁৱৰণীখনত হাত লাগিল৷ সেইখন নোচোৱা এটা যুগ হ’ল৷ কিবা এটা ভাবি সেইখন উলিয়াই আনি পঢ়াত লাগিলোঁ৷ সোঁৱৰণী পঢ়ি বুজি পোৱা টান, কেৱল এটা কথা সৰুৰে পৰাই জানিছিলোঁ যে শনি,

Read more

নিৰুদ্দেশ সময় : দিগন্ত কুমাৰ ভট্টাচাৰ্য

বাৰণ্ডাতে চকীখনত বহি আছোঁ। আগতে সন্মুখৰ ৰাস্তাটোৰে পাৰ হৈ যোৱা দুই-চাৰিজনে মাত দি গৈছিল। ওচৰৰ বৰুৱা-শৰ্মাহঁতে দেখিলে ভিতৰলৈ আহি কিছু সময় বহিছিলও কেতিয়াবা। বৰুৱা ঢুকাল। শৰ্মাৰ বেমাৰ। বিছনাতে বেছি সময় পাৰ কৰে। ঘৰৰ ওচৰতে এখন পাৰ্ক আছে। পাৰ্ক বুলি ক’ব নোৱাৰি। মুকলি চৰকাৰী ঠাই এটুকুৰা। লোকেল ‘এমএলএ’জনে কিবাকিবি দুখনমান লোহাৰ স্থায়ী চকী লগাই, দুজোপামান ফুলৰ গছ ফুলাই নাম দিছিল -‘উদ্যান’। আমি কেইজনমানে আবেলি তাত বহিবলৈ যাওঁ। সুখ-দুখৰ কথা পাতোঁ। মনটো সজীৱ অনুভৱ কৰোঁ। সেই কেইজনমানৰ দুজনমান নোহোৱা হ’ল। এজন-দুজন বিছনাত

Read more

খানা আঁচনি-ৰিমঝিম বৰঠাকুৰ

মিনি স্কুললৈ যায়। যায় মানে গৈছিল, সেই প্ৰাক্‌ কৰ’ণাৰ দিনতে। এতিয়াতো কেইবামাহো ধৰি স্কুলবোৰত বন গজিল, মানে স্কুলবোৰ ক’ভিড কেয়াৰ চেণ্টাৰ হ’ল। আকৌ কেতিয়া ল’ৰা-ছোৱালীয়ে দৌৰি-ঢাপৰি স্কুললৈ যাব পাৰিব সেয়াও অনিশ্চিত বৰ্তমানলৈকে। বাৰু, সেইবোৰ কথা বাদ দিছোঁ। এতিয়া আহিছোঁ মিনিৰ কথালৈ। মিনি স্কুললৈ গৈছিল। কি পঢ়ে, কি নপঢ়ে সেইটো পিছৰ কথা, কিন্তু তাই স্কুললৈ যায়। অহ এতিয়া আকৌ প্ৰশ্ন আহিব মিনি কোন? মিনি হ’ল আমাৰ/আপোনাৰ ঘৰৰ ওচৰৰে চাহ-সম্প্ৰদায় লোক এজনৰ কন্যা। দেউতাকে দিনটো দিন-হাজিৰা কৰি যিকণ ঘটে সেইকণ চুলাইত উৰুৱাই

Read more

নৰেন কলিতাৰ স্মাৰ্ট ফোন-ঋতুপৰ্ণ শৰ্মা 

অৱশেষত নৰেনদাই নতুন স্মাৰ্ট ফোন এটা ল’লে। নৰেনদা মানে নৰেন কলিতা। আমাৰ চুবুৰিতে তেওঁলোকৰ ঘৰ। স্বাস্থ্য বিভাগত কাম কৰে নৰেনদাই। স্বাস্থ্য বিভাগত কাম কৰিলেও নৰেনদাৰ স্বাস্থ্য বৰ এটা ভাল নহয়। ইয়াৰ মূলতেই হৈছে সন্ধিয়া সন্ধিয়া তেখেতে এটুপি ধৰাৰ স্বভাৱটো। তেওঁ পিচে তল নপৰে। তেওঁ বোলে মানুহটো ভালেই। লগৰবোৰেহে জোৰকৈ খুৱাই দিয়ে। যত দোষ নন্দ ঘোষ! নৰেনদাৰ পুৰণা ফোনটোক লৈ বৌহঁতৰ বৰ আপত্তি। তাতে এতিয়া কৰ’ণা মহামাৰী আৰম্ভ হোৱাৰেপৰা লকডাউন দিয়াত ল’ৰা-ছোৱালী দুটাকো অনলাইন ক্লাছৰ বাবে বৰকৈ প্ৰয়োজন হোৱাত নৰেনদাই নতুন

Read more

বিয়ালৈ কিমান বাট-পার্থ প্ৰতীম শৰ্মা

ছোৱালীজনী দেখাই-শুনাই, কামে-বনে সকলো ফালৰ পৰাই পাকৈত বুজিছে। যেতিয়াৰ পৰা দেখিছোঁ, যেতিয়াৰ পৰা বুজিছোঁ, তেতিয়াৰ পৰাই তাইক ভাল লাগে। চাগে বহুতৰে ভাল লাগে! কিন্তু সমস্যা হ’ল- তাইৰ হেনো প্ৰেম, বিয়া এইবোৰলৈ ভয়। প্ৰেম, বিয়া এইবোৰলৈ সকলোৰে কিঞ্চিৎ কিঞ্চিৎ ভয় থাকেই দিয়কচোন। পিচে এইৰ কেচটো অলপ বেছিয়েই বেলেগ। বিশ্বাসঘাটকতা। সম্পৰ্ক আৰু মানুহ দুয়োকে একেলগে ভাঙি পেলাব পৰা ঘটনাবোৰৰ ভিতৰত সম্ভৱতঃ আটাইতকৈ ভয়ানক ঘটনাই হৈছে বিশ্বাসঘাটকতা। ছোৱালীজনীৰ কাহিনী শুনি ময়ো কান্দিছিলোঁ। আপোনালোকেও কান্দিব, মই জানো। জনা হোৱাৰ পৰা তাই এজন ল’ৰাক বৰ

Read more
1 21 22 23 24 25 78