দুটা কণমানি গল্প : আদিত্যজ্যোতি বৰঠাকুৰ
(১) ৰমণী ‘চেল্ফড এম্পলয়ড’৷ বুদ্ধিত বৃহস্পতি, অতি সিয়ান ৰমণীৰ কামৰ অভাৱ নাই৷ পঢ়া শুনাৰ ক্ষেত্ৰত বৰ বেছি মাথা মাৰি ভাল চাকৰি বাকৰি এটা কৰাৰ ধাণ্ডাত নথকা ৰমণীৰ আৰ্থিক অৱস্থা আন দহটা ডেকা ল’ৰাতকৈ ভাল৷ তাৰ বাবে উপাৰ্জনটোৱেই মূল কথা৷ এইহেন বিহুৱে তালৈ লৈ অনা উপাৰ্জনৰ সুবৰ্ণ সুযোগ সি হেৰুৱাব নোৱাৰে৷ এইবেলি বিহুত গাঁৱৰ ল’ৰা ছোৱালী এজাক গোটাই চহৰত হুঁচৰি মৰাৰ পৰিকল্পনা ৰমণীৰ৷ চহৰৰ নিৰ্বাচিত কিছুলোকৰ ঘৰলৈহে হুঁচৰিৰ দল লৈ যাব ৰমণীয়ে৷ হুঁচৰিৰ দলৰ প্ৰস্তুতি তুংগত…ৰমণীয়েও নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷
Read more