ফটাঢোল

স্খলন- অনামিকা চৌধুৰী

“হেৰি শুঞ্চেনা দক, মাজনীৰ ঠকা সোণাযোৰ সোণাৰীয়ে কালি দিম বুলি কৈছে, বৰৰ(দৰা) চেইন দেলোঁ দিব বলে, আপ্নি দকনৰ পৰা আহোঁতে লৈ আইভ৷ ” হুঁ বুলি সঁহাৰি দি জীৱন দোকানী বিড়ি হুপি হুপি আকৌ চিন্তাত মগ্ন হৈ পৰিল৷ বিয়াত নিমন্ত্ৰণী মানুহ কিমান হ’ব, তেলৰভাড়ত (জোৰণ) দৰা ঘৰৰ কিমান মানুহ আহিব, বৰৰ(দৰা) লগত কিমান মানুহ আহিব, মাছ – মাংস, দাইল-চাউল পৰা আৰম্ভ কৰি কি খুৱাব, কিমান পাচলি লাগিব কিমান খৰচ হ’ব মনৰ ভিতৰতে আকৌ এবাৰ সকলোবোৰ হিচাপ নিকাচ কৰি চালে৷ বিয়ালৈ বেচি

Read more

প্লট-নাজিয়া হাচান

স্বামী আৰু ল’ৰা ছোৱালীহালক ক্ৰমে অফিচ স্কুললৈ বুলি বিদায় দি শ্ৰীমতী ৰহমানে কলমটো মূৰত টুকুৰীয়াই টুকুৰীয়াই কিবা এক বিষয় লিখিম বুলি বহী এখন লৈ বহি লয়। মাজে মাজে তেওঁ মোবাইলটোও লিখা মেলাৰ চৰ্ত ফর্মবোৰত ব্যৱহাৰ কৰিবলৈ লয়। কিন্তু নিৰিবিলি সেই সময়খিনিত লিখিবলৈ ল’লেও, তেওঁৰ মূৰত শব্দৰ এটা শব্দয়ো পিছে ভুমূকি নামাৰেহি। মনলৈ যে তেওঁৰ ভাব ভাষা একেবাৰে কেতিয়াও নাহে তেনে নহয়। আহে, আহিয়েই থাকে। কিন্তু কেনেকুৱা সময়ত যে সেই শব্দৰ মালাডাল তেওঁৰ মনত জুলি থাকেহি তাকেই লৈ শ্ৰীমতী ৰহমানৰ এই

Read more

অমানিশা- হেমেন ডেকা

আন্ধাৰত মানুহ কেইজনমান থিয় হৈ আছে৷ সম্পূৰ্ণ আন্ধাৰ বুলিব নোৱাৰি৷জোনৰ পোহৰ অলপ আছে যদিও বাঁহনিৰ বাবে এই ঠাইখিনি আন্ধাৰে আৱৰিছে৷ সাধাৰণতে ভাত খোৱাৰ পিছত ৰাস্তাই ৰাস্তাই অকণমান টহল দিওঁ৷ পুৰণি অভ্যাস৷ আজিও সেই উদ্দেশ্যেৰে গৈ আছিলো৷মানুহ কেইজনক দেখি ৰৈ ভালকৈ চালো৷মানুহ চাৰিজন৷দুজন ৰাস্তাৰ সোঁমাজত৷ এজনে ফোনত খুব ক্ষীণ মাতেৰে কথা পাতিছে৷ ওচৰতে চাৰিচকীয়া এখন ৰখাই থোৱা আছে৷ মনত কিবা এটা সন্দেহ সোমাল৷ইহঁতৰ হাব-ভাব সুবিধাজনক নহয় নেকি? বাঁহনিৰ তলত ৰৈ আছে কিয় ইমান সময়? মতলব কি? ছাগলী চোৰৰ দল নহয়তো!এনেধৰণৰ বেবেৰিবাং

Read more

লেবেল-ৰূপজ্যোতি নাথ

তাৰ আচল নামটো আছিল অখিল হালৈ৷ পিছে ৰাইজে তাৰ নামটোৰ পিছত এটা নতুন উপাধি লগাই দিলে৷ তাৰ পিছৰ পৰাই সৰুৰ পৰা ডাঙৰলৈ সকলোৱে তাক দেখিলেই সি নুশুনাকৈ কয়- ঐ সৌটো চা, অখিল লেবেল আহিছে৷ আৰম্ভণিতে “হালৈ” উপাধিটো গুছি “লেবেল” হৈছিল৷ লাহে লাহে মানুহৰ মুখত অখিল নামটো‍ও হেৰাই শেষত ৰ’লগৈ “লেবেল৷ ” অখিল এতিয়া লেবেল নামেৰেহে প্ৰখ্যাত৷ হয় পিছে, ৰাইজে তাক লেবেল উপাধি দিয়াৰ যুক্তিযুক্ত‍তা নথকাও নহয়৷ জীৱনত আজিলৈকে চাগে সি কোনো এটা কথাও বঢ়াই নোকোৱাকৈ থাকিব পৰা নাই৷ এক‍ক দহ

Read more

হেইচ কুট কুট- স্বাগতা শইকীয়া

        হৰি নিলে নিলে         বেলি দিলে ভাটি         বজাই গৰখীয়া বীন বাই ৰাতি         উৰি যাওঁ পুৰি যাওঁ         ডালে ধৰফৰাই         গুটি ধৰফৰাই………..  : কানুক চুলে, ৰবিয়ে কানুক চুলে, কানু তই মৰিলি…….. আহঃ আহঃ….. খিৰিকিৰ ফাঁকেৰে কানু-ৰবি-পখিলাহঁতৰ খেল চাই বিভোৰ হৈ থকা আজলিয়ে পিছফালৰপৰা তাইৰ চুলিকোছাত কোনোবাই  টানি ধৰাত চিৎকাৰ কৰি উঠিল৷ :অজীৰ্ণৰ জাত তোক কিমান বাৰ ক’লোঁ খিৰিকীৰ কাষলৈ

Read more

বোৱতি পানীৰ মাছ  গল্প-নয়নমনি হালৈ

অৱশেষত উপাসনাৰ সৈতে যিটো দুৰ্ঘটনা ঘটিব বুলি মই শংকা কৰিছিলোঁ, সেয়াই ঘটিল৷ বাইকৰ পিছফালে তাইক বহুৱাই টলৌ-টলৌকৈ ঘূৰি ফুৰাৰ কথা আমাৰ বহু পুৰণি৷ তাই আৰু মই একেটা চুবুৰীৰে মানুহ, একেলগে ডাঙৰ হোৱা৷ মই যেতিয়া নতুন বাইকখন কিনি সিহঁতৰ চোতালত থিয় কৰাই ‘টেন..টে..না..’ বুলি চিনেমা ষ্টাইলত প’জ এটা দিলোঁ, সেইদিনাৰ পৰাই দৰাচলতে আমাৰ চিনেমা আৰম্ভ হৈ গ’ল৷ তাই জেদ ধৰিলে মই তাইক বাইক চলাবলৈ শিকাবলৈ লাগে৷ আমি সৰু চহৰৰ মানুহ, মানুহৰ মনবোৰো বৰ সৰু সৰু৷ ৰাস্তাই-ঘাটে তাইক বাইক শিকাই ফুৰিলে কোনোবাই

Read more

ধাৰ(অণু গল্প)- উৎপল জোনাক হাজৰিকা

“আআই!” নিজৰ স্ফীত উদৰত হাত থৈ ভিক্ষাৰ হাত মেলি দিয়া বোবা বলিয়া মানুহজনীক দেখি ‘মা’ শব্দটো শুনিবলা উন্মুখ হৈ থকা বাসৱীৰ নিজকে ভিক্ষাৰী যেন লাগিল। গাড়ীৰ দৰজা খুলি তাইক টানি কাষত বহোৱাই বাসৱীয়ে ড্ৰাইভাৰক আদেশ দিলে, “ব’লা।” ☆ ★ ☆ ★ ☆  

Read more

মৎস্যস্পৰ্শ-নিংকু নিশা নেওগ

কালি মানুহজনৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হৈ গৈছে৷ মানুহজনৰ হাঁহি থকা ফটোখনৰ সন্মুখত ঢিমিক-ঢিমিক কৈ মিঠাতেলৰ চাকিগছি আৰু ধূপদানিত ধূপ দুডালমান এতিয়াও জ্বলি আছে৷ সেয়া মানুহজনীয়েই ৰাতিপুৱা জ্বলাই থৈ যোৱা৷ বগা কাপোৰ এযোৰ পিন্ধি আলহী আৰু মিতিৰ-কুটুমৰ মানুহবোৰৰ আঁৰ লৈ লৈ মিনতি বৰমাই হুমুনিয়াহ কাঢ়ি ফুৰিছে৷ মাজে মাজে চকুৰ কোণত আহি থমকি ৰোৱা মানুহজনৰ স্মৃতিবোৰে মিনতি বৰমাৰ ডিঙিটোত সোপা মাৰি ধৰোঁ যেন কৰি পেলাইছে৷ বুকুখন যেন অসম্ভৱ ধৰণে উদাসীন হৈ পৰিছে৷ হোমৰ জুইত সাক্ষী কৰি যাৰ হাতত ধৰি তেওঁৰ জীৱনে সুঁতি সলাইছিল

Read more

নাথুৰ সংসাৰ-ৰূপাংকৰ চৌধুৰী

দূৰৰ পাহাৰৰ পৰা বৈ অহা নৈখন নাথুৰ গাওঁখনৰ মাজেৰে বৈ গৈছে৷ আঘোণত ধাননি নোদকা হয় আৰু নৈখন শুকাই-খীনাই যায়৷ পকা আঘোণৰ ভৰা পথাৰৰ মাজেৰে বিলাস ভ্ৰমণত ওলাই গ’ল নাথু৷ সাৰথি দেউতাকৰ পুৰণি ৰেলী চাইকেলখন৷ ডিঙিত ওলমাই লৈছে ফিলপছৰ ৰেডিঅ৷ ফুল চাউণ্ডত চলি আছে এটাৰ পিছত আনটো সুৱদি পুৰণি অসমীয়া গীত গীতিমালিকা অনুষ্ঠানত৷ প্ৰত্যেক গীতৰ লগত নাথুৰ আৱেগ জড়িত হৈ আছে৷ কোনোবাটো যদি সুখৰ আন কোনোবাটো গীতে কিছু বিষাদ ঢালি দিয়ে নাথুৰ চিন্তাত৷ চাইকেল চলাই গৈ আছে নাথু এক মধ্যম গতিত৷

Read more

লহমাৰ শেষত-নীলাঞ্জনা কাশ্যপ

ৰঞ্জিতাৰ বিয়ালৈ মাজত মাত্ৰ এসপ্তাহ বাকী৷ সেয়ে ৰঞ্জিতাৰ মাহীয়েক বাসৱী আজি ৰাতিপুৱাই আহি পাইছেহি৷ আহিয়েই মাহীয়েকে ৰঞ্জিতাৰ বিয়াৰ কাপোৰ, গহনা চাবলৈ ৰঞ্জিতাৰ মাক মলয়াক খাটনি ধৰিছেহি৷ মলয়াই ভনীয়েকক কাপোৰ আৰু গহনা দেখুৱাবলৈ তেওঁলোকৰ ভিতৰৰ ৰুমলৈ মাতি লৈ গ’ল৷ বাসৱীক বিছনাখনতে বহিবলৈ দি মলয়াই আলমাৰিৰ পৰা কাপোৰ আৰু সোণৰ গহনা চেট দুটা উলিয়াই আনি বিছনাখনতে থ’লেহি৷ বাসৱীয়ে পাট-মুগাকে আদি কৰি কেইবাজোৰো বিভিন্ন ডিজাইনৰ মেখেলা-চাদৰ আৰু সোণৰ গহনাৰ চেট দুটা অতি আগ্ৰহেৰে হাতেৰে চুই চাইছে, প্ৰশংসা কৰিছে৷ চোৱাৰ শেষত আলমাৰিত থোৱাৰ দায়িত্ব

Read more
1 32 33 34 35 36 78