জগেও ভাঙে, ৰঙেও ভাঙে – নীৰুজা বৰা
ঘৰ আহি পাওঁতেই ল’ৰাটোৱে সুধিলে, : মা, কেনে পালে? মাকৰ মুখৰ মাত নাই। মুখখন গোমোঠা কৰি ইফাল-সিফাল কৰি আছে। দেউতাকে ল’ৰাটোক বেলেগ এটা কোঠালৈ মাতি আনি মাকে নুশুনাকৈয়ে কৈছে, : মাৰে, সিহঁতৰ ঘৰত চাহকাপো নল’লে। ইমান সুন্দৰকৈ যতনাই দিলে মানুহ ঘৰে। কি কাৰণে মাকে এনেখন কৰিলে জানিব নোৱাৰি, বাপেক-পুতেক দুয়োজন বিবুদ্ধিত পৰিল। আচলতে আজি পুতেকৰ অনুৰোধত, পুতেকে আঁতৰৰপৰা দেখি পচন্দ কৰা ছোৱালীজনী চাবলৈ মানুহ এঘৰলৈ গৈছিল। মাকৰ অনিচ্ছা, কাৰণ ছোৱালীৰ ঘৰখনৰ লগত তেওঁলোকৰ ষ্টেটাছ নিমিলে। তথাপি পুতেকৰ কথা পেলাব নোৱাৰি
Read more