ফটাঢোল

চকা – ড° সমাদৃতা গোস্বামী

দেওবাৰৰ দিনটোত বাপেক পুতেক হালৰে মোবাইল ফোনটোক লৈ টনা আজোৰা লাগে৷ কথাটো মই বুজিব নোৱাৰোঁ৷ কেতিয়াবা দুয়োটাই একেলগে মোবাইল ফোনটোলৈ চাই খুকখুকাই হাঁহে৷ ইমান পঢ়া-শুনা কৰিলোঁ যদিও ফোনটোত হাঁহিবলগীয়া ইমাননো কি ৰসাল কথা থাকে সেয়া মই আজিও নুবুজিলোঁ৷ মই গ’লে পৰিৱেশটো এনে কৰে যেন ৰকেট চায়েঞ্চৰ কথাহে দুয়োটাই মোবাইলত পঢ়ি আছে! সিহঁতে কি চায় জনাৰ ইমান উপায় নাই৷ সুধিলেও ল’ৰাই কয়, : যোৱা তুমি ভাত ৰান্ধাগৈ৷ : যোৱা তুমি চাহ বনোৱাগৈ৷ : যোৱাচোন যোৱা ফ্ৰেন্স ফ্ৰাই বনাই আনা৷ দেউতাক আৰু

Read more

অসম বন্ধ – অসমী গগৈ

আজি প্ৰায় এমাহেই হ’বৰ হ’ল, ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত কেইচলামান টিনপাতেৰে চালি সাজি থাকিবলৈ লোৱাৰ। পথালিয়ে তেৰ ফুট আৰু দীঘলে ছফুটমানৰ এই ঠাইকণ পাবলৈও কি হাঁহাকাৰ কৰিবলগা নহৈছিল! সৰুৰেপৰা একেলগে খেলি ডাঙৰ হোৱা নকুলৰ লগত হতাহতি পৰ্যন্ত লাগিব লগা হৈছিল। হয়, এই সময়ত সকলোৱে সকলোবোৰ কৰিবলৈ সাজু, মূৰ গুজিবলৈ যেতিয়া এটুকুৰা ঠাইৰ কথা আহি পৰে। সিও সকলো সীমা অতিক্ৰম কৰিবলৈও ৰাজী আছিল। কেইবাদিনো ধৰি নেৰা নেপেৰাকৈ বৰষুণ দি আছিল। গোটেইখন বোকা। চোতালখনতো কঠীয়া ৰুব পৰাকৈ বোকা। খাবলৈ নাপাই গৰুবোৰে হেম্বেলিয়াই

Read more

গুপ্তধন – ৰূপম কলিতা

গধুলি চ’কৰ পৰা আহি থাকোঁ‌তে খুদি খুৰাই আমাক লগ পাই কাইলৈ সিহঁতৰ ঘৰলৈ যোৱাৰ কথা ক’লে৷ আমাক লগতলৈ এক গোপন মিচনত নামিব৷ আমিও বৰ উৎসাহেৰে হ’ব বুলি কৈ আহিলোঁ৷ আমি মানে শান্তণু, নিলয় আৰু মই৷ খুদি খুৰা এসময়ত স্বাধীনতা বিচাৰি অৰণ্যত যোৱা সংগ্ৰামী বাহিনীৰ সদস্য আছিল৷ পিছত আত্মসম্পৰ্ণ কৰি ঘৰলৈ আহি সা-সংসাৰত মগন হ’ল৷ এই খুদি খুৰাকে আমি এসময়ত বৰ ভয় কৰিছিলোঁ ৷ মাহঁ‌তেও খুদি খুৰাক কৈ থৈছিল:- “আমাৰ চলি কেইটাই কিবা বেয়া কাম কৰা দেখল্লি পিটবা খুদি বাপু”– বুলি৷

Read more

বিকাশ – সোণটো ৰঞ্জন বৰুৱা

কালি তাক লগ পাইছিলোঁ, সৰু চাহৰ দোকান এখনত সি চাহ খাই থকা অৱস্থাত। প্ৰথমে দূৰৰ পৰা দেখি সি হয়নে নহয় বিশ্বাস হোৱা নাছিল, কিন্তু ওচৰলৈ গৈ দেখিলোঁ হয়, সিয়েই হয়। পিছফালৰ পৰা তাৰ কান্ধত চাপৰ এটা মাৰিলোঁ। সি তৎক্ষণাত ঘূৰি চালে। সি কিবা কোৱাৰ পূৰ্বেই মই প্ৰশ্ন কৰিলোঁ, : কি হে, তুমি ইয়াত চাহ খাই আছা আৰু চাৰা দুনিয়াই তোমাৰ অপেক্ষাত ৰৈ ৰৈ পাগল হৈ গৈছে। কিমান বছৰ হৈ গ’ল, এবাৰ হ’লেওতো মুখ দেখাব পাৰা ন? সি একাগ্ৰতাৰে মোৰ কথা

Read more

ভয় – ঊষা মহন্ত

নতুনকৈ সজা কোৱাৰ্টাৰটোৰ কোঠালিকেইটা ঘূৰি পকি চাই ময়ুৰীয়ে কোৱাৰ্টাৰৰ সংলগ্ন বাৰীখনলৈ চকু দিলে। বাৰী মানে এটা আহল বহল চৌহদ। বাৰী পাতিব পৰা যাব। কোৱাৰ্টাৰটোৰ সন্মুখত প্ৰায় ২০ মিটাৰমান দূৰত পূবা পশ্চিমাকৈ পকী ৰাষ্টাটো। তাৰ সিপাৰে এখন সৰু সুৰা হাবি। সৰু ডাঙৰ গছ আৰু বনৰীয়া লতাই ছানি ধৰা হাবিখনত বিভিন্ন চৰাই চিৰিকতিৰ মাত তাই শুনিবলৈ পালে। কাষত দুটা কোৱাৰ্টাৰ দুফালে আছে যদিও বৰ্তমান তাত মানুহ নাই। গতিকে কিছুদিনলৈ অলপ অকলশৰীয়া যেন লাগিব। একো নহয়, পাৰিব তাই থাকিব। ৰঞ্জিত আছেই। মাকৰ ঘৰৰ

Read more

পৰীবাৰ দ্বিতীয় বিবাহ – পৰী পাৰবীন

এই যে পৰী বাইদেউজনী! কিনো চিন্তা কৰি থাকে ওৰকে নাপাওঁ। সিদিনা অফিচলৈ আহি টেবুলত বেগটো থৈ ধামকৈ বহি পৰি চকীখনতে চকু মুদি ৰ’ল। দেখিলেই জনা যায় যে কিবা দুঃশ্চিন্তাত আছে। মই ওচৰ চাপি গ’লোঁ, বেছি ব্যক্তিগত কথা সুধি থাকিবলৈ বেয়াও লাগে, তথাপি চকুৰ আগতে ধৰফৰাই থকা দেখি নোসোধাকৈ নোৱাৰিলোঁ, : কি হৈছে বাইদেউ? এনি প্ৰবলেম? : নক’বা আৰু বুইছা পলাশ? সমস্যা গভীৰ। : কি গভীৰ সমস্যা হ’লনো? পাৰে যদি খুলি কওকচোন। : মানুহজনৰ পৰা নহৈছে আৰু। : আও! সেই ঠাণ্ডা

Read more

দৰকাৰ হ’ব পাৰে! – জ্যোতিৰূপম দত্ত

: কিয়? কিয় উলিয়াইছা সেইখন? বজ্ৰকঠিন মাতষাৰ শুনিয়েই য’তে আছিলো তাতেই তধা লাগিলো৷ মোৰ হাতত ৰঙচঙীয়া পুৰণা ফটা কাগজ এখন৷ চকুত প্ৰশ্নবোধক চিন! : সেইখন থৈ দিয়াচোন৷ বাকী কামবোৰ কৰাগৈ যোৱা৷ এইখনৰ ব্যৱস্থা ময়েই কৰিম৷ শ্ৰীমতীয়ে প্ৰায় বিবৰ্ণ কাগজখিলা কাঢ়ি লৈ টেবুলখনৰ একাষে থৈ দিলে৷ আজি দেওবাৰৰ দিন৷ মোৰ বাবে সপ্তাহটোৰ ব্যস্ততম দিন৷ সপ্তাহটোৰ আনকেইটা দিন একেবাৰেই গতানুগতিক৷ ঘৰ বা কৰ্মক্ষেত্ৰ, কতোৱেই কোনো উত্তেজনা নাই৷ প্ৰাত্যহিক কামখিনি কৰি নিয়মমাফিক কাৰ্য্যালয়লৈ গৈছো, কাম কৰিছো, ছুটিৰ পাছত বজাৰ সমাৰ কৰি উভতিছো৷ পিছে

Read more

কান্দোন: এটা ভৌতিক গল্প – দিগন্ত কুমাৰ ভট্টাচাৰ্য

শব্দটো পৰহি ৰাতি দহমান বজাত শ্ৰীমতীয়ে শুনিলে। আচলতে শব্দ নহয়, কেঁচুৱাৰ কান্দোন। শ্ৰীমতীৰ মতে অলপ অলপ সময়ৰ ব্যৱধানত পাঁচমিনিটমানৰ ভিতৰত তিনি-চাৰিবাৰমান হেনো কান্দিছিল কেঁচুৱা এটাই। ক’ৰপৰা আহিল কেঁচুৱা! : সঁচাকৈ কেঁচুৱাৰ কান্দোন নে? কনফাৰ্মড্ তুমি? নে মেকুৰীৰ চিঞৰ? – সুধিলোঁ এওঁক। : কি ফাল্টু কথা কোৱা হে? কেঁচুৱাই ‘আঁ’ বুলি চিঞৰ এটা মাৰিলেও বুজি পাওঁ সেয়া যে বাচ্ছাই চিঞৰিছে। দুটাকৈ ল’ৰা ডাঙৰ কৰিলোঁ নিজ হাতে। কথা সোধে। পৰহি আমাৰ ঘৰটোত প্ৰথম দিন আছিল, প্ৰথম ৰাতি আছিল। দিনটোৰ ব্যস্ততাৰ বাবে ন’মান

Read more

হেলমেট – বৈদুৰ্য্য বৰুৱা

“অ’ আই…অহ…” এ.এচ.আই. বাগলাৰীয়ে হামি এটা মাৰি হাত দুখন ওপৰলৈ মেলি পিঠিটো অলপ বেঁকা কৰি গাটো ইফালে ঘূৰালে, “আমনি লাগিছে আৰু! কেইটা বাজিল অ’ দীন?” বাগলাৰীয়ে কাষত ৰৈ থকা চিপাহীজনক সুধিলে এনেয়ে। চিপাহীজনে কাষৰ চি.আৰ.পি কেইজনৰ লগত ভগা ভগা হিন্দীতে হাঁহি হাঁহি কিবা আড্ডা মাৰি আছিল৷ হিন্দীভাষী চি.আৰ.পি কেইজনে মুখত হাত দি লাঠীকেইডাল ৰাস্তাৰ ওপৰত খুন্দিয়াই হাঁহিছিল।ডিউটি শেষ হোৱাৰ সময়ত মনটো অলপ ফৰকাল হৈ পৰিছে চি.আৰ.পি কেইজনৰো। তাতে গাড়ী মটৰৰ আহযাহ কমি আহিছে কাৰণে তালাচী চলাব লগীয়াও হোৱা নাই। “দহটা

Read more

…….. – অমিতাভ মহন্ত

– হেল্লো নিনাদ…. – হুমম…. – টাইৰ দাম কিমান জাননে? – কি??? – টাই টাই। তহঁতে যে ডিঙিত বান্ধি ফুৰ সেয়া টাই। নিনাদে কাণৰ পৰা ম’বাইলটো গুচাই স্ক্ৰীণত সময় চালে৷ তাৰ পিছত চকুৱে মুখে চুড়ান্ত বিৰক্তি একগোট কৰি লৈ চিঞৰি উঠিল, – অই বান্দৰী, পাগল হ’লি নেকি তই? এই ৰাতি তিনিটা বজাত টাইৰ দাম?? মাথা নষ্ট হোৱা নাইতো তোৰ?? নিনাদৰ বিৰক্তিক নামমাত্ৰও গুৰুত্ব নিদিয়াকৈ কন্বকীয়ে আকৌ সুধিলে, – অ’ পাগলেই হৈছোঁ বুজিছ৷ দাম কিমান? – কি দাম? – টাইৰ৷ –

Read more
1 57 58 59 60 61 78