ফটাঢোল

আভিজাত্য – উৎপলা শইকীয়া

অফিচৰ বিশেষ অনুষ্ঠানতহে সাধাৰণতে পিন্ধা বাদামী ৰঙৰ ফ্ল’ৰেল প্ৰিন্টৰ শাৰীখন শ্ৰাৱণীয়ে বৰ পৰিপাটিকৈ পিন্ধি ঘৰৰ তলাটো মাৰি ওলাই আহিল। পদ পথটো পাৰ হৈ ৰাস্তাৰ সিটো পাৰ পাওঁতে তাই আনদিনাতকৈ অলপ বেছি সময় ল’লে, কাৰণ আছিল তাই আটোমটোকাৰিকৈ ৰখা তাইৰ একমাত্ৰ ওখ ছেণ্ডেলযোৰ। এপাতৰ ফিটাডালৰ ছিগো ছিগো অৱস্থা। আজি বহুদিনৰ মূৰত লগ পাব তাইৰ এসময়ৰ হোষ্টেলৰ ৱালমেট নিমিক মানে নিমিষা দত্তক। যাৰ লগত এসময়ত দাঁতত ভাতটো লাগিলেও সেই অনুভৱৰ ভাগ বতোৱাৰা কৰিছিল দুয়ো। ৱালমেট যদিও বিষয় একে আছিল বাবে দুয়ো আছিল

Read more

এক্সেপচনেল – পৰিস্মিতা বৰদলৈ

ৰাতিপুৱাতে নিউজপেপাৰখন হাতত লৈ চাহকাপত চুমুক দিছো মাত্ৰ৷ তেনেতে গেটখনৰ কৰ্কশ শব্দটোৱে মোৰ মনোযোগত যতি পেলালে৷ মূৰ তুলি চাই দেখোঁ আমাৰ হেৰম্ব দাৰ ল’ৰা ডেভিদ৷ এইটো ল’ৰাৰ নামটো সদায়েই মনত থাকে মোৰ বেলেগবোৰৰ নাথাকিলেও৷ হেৰম্ব দাই বৌৰ গাত লেঠা হ’বৰে দিনাখনৰেপৰাই এক্সেপচনেল নাম বিচাৰি কম হাবাথুৰি খালেনে বাৰু? সন্তান ল’ৰা হ’লে কি কি নাম দিব বা ছোৱালী হ’লে একা? তাকে লৈ নাম চিলেক্ট কৰোঁতে কৰোঁতে এখন মহাকাব্য লিখিব পৰা হ’লগৈ৷ ইংৰাজী, হিন্দীকে আদি কৰি কোৰিয়ান,স্পেনিছ যিকোনো ভাষাৰে হিৰো হিৰোইনৰো নামো

Read more

চাইকেল – অভিজিত কলিতা

প্ৰথমতে অচিন নম্বৰ এটাৰপৰা অহা মেচেজটো দেখি কাৰোবাৰ ধেমালি বুলিয়েই ভাবিছিলো। “Please look out for a half open Post Box.” কি আচৰিত মেচেজ! গুৰুত্ব নিদিওঁ বুলিয়ে ভাবিছিলোঁ। কিন্তু তাৰপাছত একেটা মেচেজকে বাৰে বাৰে অহা দেখি অলপ গুৰুত্ব সহকাৰে ল’বলৈ বাধ্য হ’লোঁ। হোৱাটচ এপতো আহিছে। একেটা মেচেজকে আহি আছে, সদায়। পুৱা সাত বজাত অৱধাৰিতভাৱে মেচেজটো আহে, পঠাওঁতাৰ নাম বা নাম্বাৰ একো নাই। কোনোবাই কিবা হেকিং কৰাৰ চেষ্টা কৰিছে নেকি? মোক হেকিং কৰি কি পাব কোনে? কিয় কোনোবাই মোৰ পিছত লাগি সময়

Read more

কৰ্পোৰেট-অমিতাভ মহন্ত

আবেলি চাৰিটামানত এয়াৰপোৰ্টৰ পৰা ওলাই আহি গাড়ীত বহিলোঁ৷ ইয়াৰ পৰা বাহিৰে বাহিৰে হোটেললৈ৷ হোটেলত চেক্ ইন কৰিয়েই গা পা ধুই সৰুকৈ পেগ এটা সাজু কৰি লেপটপ অন কৰিছিলোহে মাত্ৰ, সেই সময়তেই ইন্টাৰকমটো বাজি উঠিল৷ ফোনটোৰ সিপাৰে এটা মিঠা নাৰীকন্ঠ৷ – গুড ইভিনিং চাৰ৷ হোটেল গ্ৰেণ্ড অবেৰয়লৈ আপোনাক স্বাগতম জনাইছোঁ৷ কি মিঠা কন্ঠ! তাতে আকৌ অসমীয়াত স্বাগতম জনাইছে৷ মনটো ভৰি পৰিল৷ – আৰে আপুনিও অসমীয়া৷  ভাল ভাল৷ আকৌ এটা মিঠা হাঁহি৷ উফফ্! – মোক তুমি বুলিয়েই ক’ব চাৰ৷ মই আপোনাতকৈ সৰু

Read more

‘কইনা মোৰ ….’-দিগন্ত কুমাৰ ভট্টাচাৰ্য

বহুতেই ভাবে, মই হেনো মেগনিফাইং গ্লাছ এযোৰ দুই চকুত লগাই লৈ যাওঁ ছোৱালী চাবলৈ গ’লে। ছোৱালী চোৱা মানে কইনা চাবলৈ যোৱাৰ কথা বুজাইছোঁ। সেই গ্লাছযুক্ত দুচকুৰ কাৰণেই হেনো মোৰ কোনো এগৰাকীকে পচন্দ নহয়। বহুতে ‘সি নো এনে কি ৰণবীৰ কাপুৰৰ দৰে ধুনীয়া যে আলিয়া ভাট এগৰাকী পাব’, ‘সি নো কি এনে অৰ্মত্য সেনৰ দৰে নোবেল বঁটা বিজয়ী পণ্ডিত যে যিজনীকে বিচাৰে, পাই যাব’ – এনেধৰণৰ মন্তব্য দিয়ে। মই নিৰৱে শুনি যাওঁ। এবছৰমান আগতে মোৰ স্কুলৰে দিনৰ বন্ধু এজনক লগ পালোঁ।

Read more

ছাঁ – বৈদুৰ্য বৰুৱা

এই কেইদিন যি অসহ্য গৰম পৰিছে! উঃ! তাক আৰু নতুনকৈ কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই। আকাশ, বতাহ সকলো গৰম। প্ৰখৰ ৰ’দৰ উত্তাপত সকলো জীৱন্ত প্ৰাণী বাদেই গছ বিৰিখেও ত্ৰাহি মধুসূদন দেখি গৈছে। উৎকট গৰমত থাকিব নোৱাৰি নিশা অলপ বাহিৰলৈ ওলাই আহিছিলো। হয়তো নিশা চাৰে নমান হৈছিল। ভাবিলো আধাঘণ্টামান ফুৰি ভাত খাই শুমগৈ আৰু। ঘৰৰপৰা যিহেতু পাৰ্কখন বেচি দূৰ নহয়, সেইকাৰণে যিকোনো সময়তে পাৰ্কখনলৈ গৈ অলপ মুকলি শীতল বতাহ সেৱন কৰিবলৈ মোৰ এটা সুবিধা আছে। আৰু কেৱল ময়েই নহয়। বিশেষকৈ গৰমকালি

Read more

গোপন সূত্ৰ – ঈশান জ্যোতি বৰা

“ভেজাল সুৰাৰ বিতৰ্কিত ব্যৱসায়ীকো লাগে বিধানসভাৰ টিকট ৷” অসমৰ সংবাদ, ২১ মাৰ্চ,বিহঢলাঃ এক গোপন সূত্ৰৰ তথ্য মতে,কেইবাটাও কেলেংকাৰিত জড়িত বিহঢলা অঞ্চলৰ সদাবিৰ্তকিত সুৰা-সম্ৰাট শ্ৰীযুত কালীৰাম কলিতাই এইবেলি জনপ্ৰতিনিধি হোৱাৰ মন মেলিছে ৷ বিধানসভাৰ টিকট বিচাৰি শ্ৰীযুত কলিতাই সঘনাই ৰাজধানীলৈ অহা-যোৱা কৰি থকাটো আমাৰ দৃষ্টিগোচৰ হৈছে ৷ কোৱা বাহুল্য যে এইজন কালীৰাম কলিতাৰ শিক্ষাগত অৰ্হতা মেট্ৰিক ফেইল৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এবাৰ নকল প্ৰশ্নকাকতৰ যোগান ধৰি শিক্ষাৰ্থী আৰু স্থানীয় ৰাইজৰ লপা-থপা খোৱা শ্ৰীযুত কলিতাৰ গৰু চুৰিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰখনতো বিশেষ খ্যাতি আছে৷  উল্লেখ্য

Read more

বহুবল্কী-গীতিকা শইকীয়া

“বুইছ ন-ছোৱালী, আজি মানে খুৰায়েৰাই টিউচনৰ পৰা আহোঁতে বাটতে সিখন গাঁৱৰ কানাই মাছুৱৈয়ে দিলে নহয় এক্কেবাৰে জঁপিয়াই থকা নাৰ-ভাঙোন মাছ অলপ। মানে দুইকেজি মানেই হ’ব! খুৰায়েৰে আকৌ দিনৰ মাছ ৰাতিলৈ নাখায় যে! ৰাতিলৈ আনিবই, সেয়ে কণ বিলাহী-চিকৰা আলু দি এখন আঞ্জা বনালো, ঔটেঙা-খুদ চাউল পিচি লৈ তেলত পাঁচফুৰ, কেঁচা জলকীয়া ফালি দি বনোৱা জোলখন, আকৌ ভাবিলো চব দেখোন টেঙায়েই হ’ল, সউ ল’ৱাটোৱে নাখায়, সেয়ে ভাততে আলু দুটা সিজাই লৈ আদা-নহৰু-পিঁয়াজ, জালুক পটাত পিহি লৈ অকণমান খুদ চাউলৰ গুড়ি দি জালুকীয়া

Read more

ইমান সহজ এই প্ৰেম – নয়নমণি হালৈ

বিনন্দ শইকীয়া চৰুক সুধি চাউল বহুওৱা মানুহ নহয়। সেয়ে তেওঁ বীৰদৰ্পে হুংকাৰ দিলে- ‘এই বিয়া কেতিয়াও হ’ব নোৱাৰে’। দেউতাকৰ বজ্ৰকঠিন ঘোষণাত জীয়েক অৰ্চনাৰ মুখৰ মাত হেৰাল। কেৱল চকুৰে ধাৰাষাৰ বাৰিষাৰ ঢল নামি আহিল। সাজ নালাগোতেই অৰ্চনা কুমাৰীয়ে সেইদিনা ৰোহঘৰত পৰিল। পৰিল যি পৰিলেই, মাকৰ কাকূতি-মিনতিয়েও তাইক সেইদিনা ভাতৰ পাতত বহুৱাব নোৱাৰিলে। অৱশ্যে মাকে তাইক আশ্বাস দিলে, ‘মাজনী, ইমান ভাঙি পৰিব নালাগে। নাৰিকলৰ দৰে দেউতাৰৰ বাহিৰখনহে টান, ভিতৰখন একেবাৰে কোমল। তেওঁ জানো তোৰ অহিত চিন্তা কৰিব! কথাবোৰ ওলাইছেহে, সিদ্ধান্ত হোৱা নাই

Read more

উপলক্ষ্য – অসমী গগৈ

দিনজোৰা ব্যস্ততাৰ অন্তত ঘৰখন নিতাল মাৰেগৈ মানে নিশা দুপৰ হলগৈ। মানুহটোৱে ক’ম ক’ম বুলি ভাবি থকা কথাটো ক’বলৈ সুযোগেই নাপালে। মানুহটো চহকী মানুহঘৰৰ বনকৰা মানুহ। কেতিয়াৰ পৰা সি মানুহঘৰত কাম কৰি আছে তাৰ নিজৰে মনত নাই। তাৰ পিতাকো আছিল এইখন ঘৰৰে বনকৰা মানুহ। সৰুৰে পৰা পিতাকৰ সৈতে অহা যোৱা তাৰ এইখন ঘৰলৈ। প্ৰকাণ্ড চৌহদটোৰে প্ৰকাণ্ড ঘৰখনক লৈ তাৰ কৌতূহলৰ অন্ত নাছিল।  তাৰ কি সৰু চহৰখনৰ প্ৰায়বোৰ মানুহৰ বাবেই ঘৰখন এক কৌতূহল। ওখ পকীবেৰেৰে ঘেৰা বাটৰ পৰা একোকে নেদেখা ঘৰখনৰ প্ৰতি

Read more
1 61 62 63 64 65 78