ফটাঢোল

আফটাৰ অল মই এটা ধদুৱা ল'ৰা – নাজিফ হাজৰিকা

: বাবা উঠ আকৌ, চাৰে নটা বাজিল দেখোন। এতিয়ালৈকে মায়ে আহি চাৰিবাৰমান জগালে। এটা চকু মেলি ঘড়ীটোলৈ চাই দেখিলোঁ ৯:৩৭। লগালগ উঠি দাঁতব্রাছ কৰি, মুখ ধুই চাহ একাপ খাই এমাহমান নোধোৱা জিনছ পেন্টটো পিন্ধি ল’লোঁ । গা-নোধোৱাও আজি চাৰি দিনমান হ’ল। এসপ্তাহ ধৰি পিন্ধি থকা স্পৰ্টিংটো গাত সুমুৱাই বাইকখন লৈ ঘৰৰ পৰা ওলাই আহিলোঁ। মদনৰ দোকানত বাইকখন ৰখাই : দে মদন, পেকেট এটা দে। – ১৫ টকা এটা উলিয়াই মদনক দি ক’লো। মদনে KP ৰ পেকেট এটা ছিঙি দিলে। জৰ্দাখিনি

Read more

'এডজাষ্ট(মেণ্ট)' –  দিগন্ত কুমাৰ ভট্টাচাৰ্য

 হৰিহৰ মৌজাদাৰে নাতিয়েকৰ হাতত ধৰি শ্ৰেণীকোঠাৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে আমাৰ হালৈ ছাৰ একে জাঁপে থিয় হৈছিল। আমি ছাৰ কোঠালৈ অহাৰ লগে লগে সদায় থিয় হৈছিলোঁ। ছাৰেও যে কাৰোবাক দেখি থিয় হ’ব পাৰে আমি ভাবিবও পৰা নাছিলোঁ। মৌজাদাৰৰ নাতিয়েকৰ ভৰিত জোতা আছিল। আঁঠুলৈকে ঢাক খাই ৰখা বগা মোজা আছিল। পিঠিত লৈ অহা বে’গটো ৰঙচঙীয়া আছিল। হাতত পানী খাবলৈ ফ্লাস্ক এটাও আনিছিল। আমি ৰ’ লাগি চাই ৰৈছিলোঁ। হালৈ ছাৰে তেতিয়াই মোক কৈছিল, -‘তই পিচৰ বেঞ্চখনত বহগৈ যা। ফাৰ্ষ্ট বেঞ্চৰ এইটো

Read more

কঙালী – অভিজিত কলিতা

গোটেই ৰাতিটো সাৰে আছিল সি, বৰ কষ্টেৰে। পিছে পুৱতি নিশা তাক কেতিয়া টোপনিয়ে হেঁচা মাৰি ধৰিলে সি গমেই নেপালে। ভেলাঘৰত  এইবাৰ সি প্ৰথম নিশা কটাইছে, শিশুৰ পৰা যুৱক হোৱাৰ প্ৰথম ঢাপ। পিচে তাৰ কুমলীয়া দেহাই মনৰ সমানে দৌৰিব পৰা নাই। হঠাৎ প্ৰচণ্ড উঁকিৰ শব্দত সি খকমকাই উঠিল, লগৰবোৰে ইতিমধ্যে নদীখনৰ ফালে দৌৰ মাৰিলেই! ঘোঁপ মৰা এন্ধাৰ খিনি অলপ পাতল হ’লেও কুৱলীৰ ঢাকনি খোল খোৱাই নাই। টোপনিৰ জালত কোন ফালে কি একো বুজিব নোৱাৰিলেও গাত থকা এড়িয়া চাদৰ খন পেলাই সিও

Read more

হাই-ফাইভ – অমিতাভ মহন্ত

ডেচমণ্ড হেইনচ্ ক্ৰীজত৷ ভাৰতীয় বলিং আক্ৰমণক তচ্‌নচ্ কৰি আকৌ এটা অৰ্ধশতকৰ দিশে অগ্ৰসৰ হৈছে৷ কপিলদেৱৰ নতুন অভাৰৰ প্ৰথম ব’লটোতেই এটা দৃষ্টিনন্দন স্কোৱেৰ কাট্,  ব’ল বীটচ্ দ্যা ফিল্ডাৰ ফৰ য়েট এনাদাৰ ফ’ৰ৷ অভাৰৰ দ্বিতীয়টো ব’ল,  হেইনচ্‌ৰ ক্ৰছ শ্বট্,  বল বতাহত৷ শ্ৰীকান্ত বলৰ পিছে পিছে দৌৰিছে,  এণ্ড ইটচ্ এ চুপাৰ্ব কেটচ্৷ হেইনচ্ আউট৷ ভাৰতীয় দল আনন্দত আত্মহাৰা৷ সকলো প্লেয়াৰ পথাৰৰ মাজলৈ দৌৰি আহিছে৷ শ্ৰীকান্ত আৰু কপিলদেৱে দুই হাত তুলি উভয়ৰে হাতৰ তলুৱাত জোৰে মাৰি দিলে৷ অলপ ডাঙৰ হ’লো৷ গম পালোঁ তেনেকৈ মৰাটোক

Read more

ইতি – ঈশানজ্যোতি বৰা

অইনদিনা পুৱা শোৱাপাটীৰ পৰা উঠি শ্ৰীযুত বীৰেশ্বৰ পাটগিৰিয়ে “নাৰায়ণ”, “নাৰায়ণ” বুলি তিনিবাৰ মন্ত্ৰোচাৰণ কৰে। পদ্মাসনত বহি মন্ত্ৰোচাৰণ কৰি থকা সময়ত তেওঁৰ দুয়োটা নয়ন পবিত্ৰ ভাৱনাত জাপ খাই থাকে, আনহাতে নমস্কাৰৰ ভংগীমাত থকা দুয়োখন হাতে কঁপালৰ গাঁঠি স্পৰ্শ কৰি থাকে। নেদেখাজনৰ ওচৰত ভকতিৰ ভাৱ পূৰামাত্ৰাই নিবেদন কৰি লোৱাৰ পাছতহে তেখেতে দিনটোৰ বাকী কামবোৰত হাত দিয়ে। পিচে আজি দেখোন হাইঠা মাটিত পৰিল! নাৰায়ণ, পদ্মাসন, ভকতি- এইবোৰৰ  আজি কাষেই নাচাপিল শ্ৰীযুত পাটগিৰি। দুৰন্তগতিৰে গৈ তেওঁ হাঁহৰ গঁড়ালকেইটাৰ সন্মুখত থিয় হ’ল। এটা-এটাকৈ আঙুলিৰ মূৰত

Read more

প্ৰজাপতি – ঋতুপৰ্ণা মহন্ত

উজ্জ্বল কমলা ৰঙৰ শাৰীখনত সেউজীয়া, ক’লা ৰঙৰ ফুটফুটীয়া এসোপা ফুল। আঁচলৰ ফালে ফুলৰ পৰিমাণটো অলপ বেছিকৈ আছে। পৃথিৱীৰ কোনোবা ফুলনিত এনেকুৱা ফুল আছে নে নাই নাজানো, কিন্তু এতিয়া এই ফুলখিনিয়ে শাৰীখন বৰ শুৱনি কৰি তুলিছে। অনলাইনযোগে মগাই অনা শাৰীখনৰ পেকেটতো খুলি লৈ অথনিৰেপৰা লুটিয়াই বগৰাই চাই আছোঁ। মনটো ভাল লাগি গৈছে। মই যেনেকুৱা হ’ব বুলি কল্পনা কৰিছিলো, শাৰীখন একেবাৰে তেনেকুৱা। এইখনৰ সৈতে কি গহনা মিলিব বাৰু? মোৰ চকুৰ আগেদি গহনাৰ চেটবোৰ এটা এটাকৈ পাৰ হৈ যাবলৈ ধৰিলে। অৱশেষত ব্লেক মেটেলৰ

Read more

দেউতাৰ বিয়া – দেৱজিত শইকীয়া

চা ৰসেশ্বৰ, বিয়াখন তই পাতিবই লাগিব৷ কথা ইমানেই,  চেলবেলাই থাকি লাভ নাই মুঠতে বিয়াৰ যোগাৰ কৰ৷ গাঁৱত ৰজনজনাই যাব লাগিব৷ গাওঁবুঢ়া দাইতিৰ কথাত ৰসেশ্বৰে বোলে ককাইদেউ, ল’ৰাহঁতে শুনিলে কি ক’ব?  সিহঁতে গম নোপোৱাকৈ মনে মনে কিবাকৈ মিলাই থব নোৱাৰিনে? গাঁওবুঢ়াই বোলে এতিয়া সেইবোৰ ভাবি লাভ নাই৷ কইনা আনোঁতেই ভাবিব লাগিছল৷ মাজতে লাহনে মাত দিলে বোলে ডিঙিটো তিয়াবলৈ কিবা এটা যোগাৰ কৰিবি৷ বিয়া বুলি ক’লে ডেকাবোৰে সেইটুপি ধৰি ফুৰ্তি কৰে৷ আমি কিয় নকৰিম৷ বোধেশ্বৰে লাহনক ধমক দি বোলে তোক চাই আছো, 

Read more

মই, সি আৰু এখন উদভ্ৰান্ত পৃথিৱীৰ এটা নিমিলা অংক – পৰী পাৰবীন

বাস্তৱৰ বহিঃপৃষ্ঠ: নিয়ন লাইটৰ পোহৰেৰে চহৰখনত ছাঁ-পোহৰৰ ৰেখা অঁকা সময়ৰ কথা। ঘৰমুখী মানুহৰ ব্যস্ততাই দিনান্তত চহৰখনক আকৌ এবাৰ প্ৰাণ দিছে। মোক গাড়ীতে এৰি নয়ন ৰাস্তাৰ কাষৰ ডিপাৰ্টমেন্টেল ষ্টোৰখনলৈ সোমাই যায়। বহুদেৰিয়েই হ’ল, নয়ন অহা নাই। ৰৈ ৰৈ আমনি লগাত মই ফেচবুকত অৰ্থনীতিৰ ওপৰত লিখা নিবন্ধ এটাৰ ওপৰত চকু ফুৰাই আছো। দিনৰ অত্যধিক গৰমক জুৰ দিবলৈকে হয়তো কিনকিনকৈ বৰষুণ এজাকো নামি আহিল। খোলা খিৰিকীখনেৰে হাতখন উলিয়াই কিবা অজান আৱেশত মই বৰষুণৰ টোপালবোৰ চুই থাকিলো। ষ্টেৰিঅ’ত হিন্দী বোলছবিৰ পুৰণি গান এটা বাজি

Read more

সাম্প্রতিক অপ্রিয় বাস্তব – দিব্যজ্যোতি চৌধুৰী

হোটেল “সোৱাদ”ৰ সন্মুখত এখন ধুনীয়া কাৰ ৰ’লহি। ড্রাইভিং চিটৰপৰা এজন সুদৰ্শন যুৱক নামি আহিল। যুৱকে হোটেলৰ কাউণ্টাৰৰ ফালে খোজ ল’লে। : গৰম চিঙৰা হ’ব নেকি?     যুৱকে কাউণ্টাৰত বহি থকা মানুহজনক সুধিলে।  কাউণ্টাৰত বহি থকা মানুহজন অলপ যেন আচৰিত হ’ল! হয়তো তেওঁ দামী মিঠাইৰ কথা সুধিব বুলি ভাবিছিল! : হ’ব, বহক।     কাউণ্টাৰৰ মানুহজনে ক’লে। : নাই নবহোঁ। আপুনি দহটা গৰম চিঙৰা বনাই থওক। মই এক ঘণ্টাৰ পিছত আহি আছো। কিমান হ’ব দহটা চিঙৰাত?     যুৱকে সুধিলে।

Read more

গিয়েৰলেছ পিকনিক – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

যোৱা কেইদিনমানৰ পৰা শনিবাৰৰ ৰাতিবোৰ ভালকৈ টোপনি যাব পৰা নাই। ঘৰৰ সন্মুখেদি অহা-যোৱা কৰি থকা পিকনিক দলবোৰৰ বাবেই মোৰ এই দুৰাৱস্থা। যিটো ভলিউমত মিউজিক চিষ্টেমবোৰৰ চাউণ্ড দিয়ে, মা কচম, সাংস্কৃতিক সন্ধিয়া যেন লাগে। ৰাতিপুৱা ৩টা মান বজাৰ পৰা যোৱাবোৰৰ উৎপাত আৰম্ভ হয় আৰু ৰাতি ১২টা মানলৈকে ঘূৰি অহাবোৰৰ উৎপাত চলিয়েই থাকে। যোৱা দেওবাৰে পুৱাই সাৰ পোৱা কাৰণে সোনকালে উঠি বাৰাণ্ডাতে বহি পিকনিক পাৰ্টিবোৰেই চাই আছিলো।নতুন ট্ৰেভলাৰ গাড়ী এখন কম ভল্যিউমত মহেন্দ্ৰ হাজৰিকাৰ গান বজাই গৈছে। “মোৰে বান্ধৈ ঐ, মেলি দেচোন,মেলি

Read more
1 68 69 70 71 72 78