এক আছিল বুঢ়া-বুঢ়ী – মাধুৰিমা ঘৰফলীয়া
পুৱাৰ নিয়ৰবোৰ তেতিয়া এটুপ দুটুপকৈ পৰি আছিল। বাৰীৰ ঢাপত থকা বাঁহৰ বেৰাকেইখনত বহি শালিকীকেইজনীমানে পাখীবোৰ ফুলাই জুপুকা মাৰিবহি আছিল। ঠাণ্ডাই সিহঁতৰ মাতৰো তীক্ষ্ণতা কমাই আনিলে। ঘৰৰ মানুহবোৰ তেতিয়াও কম্বলৰ উমৰ মাজতে মাত্ৰ শইকীয়াহে হোলাং এডাল লৈ শাকনিবাৰীৰ লাই-কবিৰ গুৰি খুচৰি আছে। -উহ কি যে ঠাণ্ডা অ’ কস্মিনকালে এনেকুৱা ঠাণ্ডা পৰা নাছিল দেই। শাকনিবাৰীৰ গাতে লাগি থকা কাপোৰ মেলা ডাংডালত কাপোৰ মেলিবলৈ আহি শইকীয়ানীয়ে ভোৰভোৰাই উঠিল। -হেৰা তোমাৰ এই কস্মিনকালে নেদেখা ঠাণ্ডাটো যোৱা অলপ বছৰৰ পৰা বাৰে বাৰে অহা যেন লগা
Read more