ফটাঢোল

চিন্তামণি–দেৱজিত শইকীয়া

দৈনিক কৰিয়েই থাকোঁ‌, তথাপি আজি ‘চিন্তা’ শব্দটোৰ বিষয়ে চিন্তা কৰিবলৈ মন গ’ল৷ প্ৰকৃততে এই ‘চিন্তা’ বস্তুটোনো কি? ই বৰ চিন্তনীয় বিষয়৷ বহু চিন্তা চৰ্চা কৰি শেষত ভাবিলোঁ‌ কিনো অযথা চিন্তাবোৰ কৰি আছোঁ‌? কিন্তু সকলো চিন্তাই অযথা হয় জানো? বহু চিন্তাই মানুহক এজন চিন্তাশীল ব্যক্তিলৈ ৰূপান্তৰিত কৰে আনহাতে বহু চিন্তাই মানুহক মানুহৰ শাৰীতকৈও তললৈ নমাই দিয়ে৷ পিচে চিন্তা নকৰাকৈ জানো মানুহ থাকিব পাৰে? সেইটোও চিন্তনীয়৷ তেনেহ’লে ‘চিন্তাৰ’ ওপৰত একো চিন্তা নকৰোঁ‌ বুলি নিচিন্তভাবে মনে মনে বহি থাকিম বুলি থাকিলেও পাৰিম জানো?

Read more

মাথোঁ তোমাৰ বাবে : ৰূপাংকৰ চৌধুৰী

পাহাৰীয়া নদীখনৰ লগতে নদীৰ দুয়োফালৰ ওখ-চাপৰ পাহাৰবোৰ কেমেৰাৰ ফ্ৰেমত সুন্দৰকৈ আহি গৈছে। পাহাৰৰ সেউজীয়া আৰু নদীৰ নীলাত হেঙুলীয়া আভা সানি দিয়া আবেলিৰ বেলিটো পশ্চিমৰ আকাশত মাৰ যাবলৈ ওলোৱা এই বিশেষ মুহূৰ্তটো সাঁচি ৰাখিবলৈ সুদূৰ গুৱাহাটীৰ পৰা অৰুণাচলৰ ছাংটি ভেলী পাইছে সুভাষ। সুভাষ-সুভাষ বৰ্মন। গুৱাহাটীৰ এক বেচৰকাৰী টেলিকম প্ৰতিস্থানৰ বিষয়া। ফটোগ্ৰাফী সুভাষৰ নিচা। বিশেষকৈ নতুন নতুন পাহাৰীয়া ঠাইবোৰলৈ গৈ ফটো উঠোৱাৰ চখ সুভাষৰ। ব্যস্ত কৰ্মসূচীৰ পৰা সময় উলিয়াই সুভাষে পাহাৰ ভ্ৰমণত ওলাই আহে কেৱল এই হাবিয়াস পূৰণ কৰিবলৈ। কংক্ৰিট অৰণ্যৰ পৰা

Read more

ঈশ্বৰৰ মোহভংগ-কল্পনা শৰ্মা

এহাতেৰে বুন্দিয়া লাড়ুৰ টোপোলা এটা আৰু আনখন হাতেৰে দকচি দকচি পাঁচকেজিমান হৈ বাটে বাটে চেৰেলিয়াই, বতিয়াই অহা ভোকোলা এন্দুৰটোক  নেগুৰত ধৰি টানি চোচৰাই নি গৈ গৈ আমাৰ মৰমৰ গণেশ বাবা কৈলাশৰ ঠিক দুৱাৰমুখ পাওঁ পাওঁ হৈছেহে আৰু, এনেতে মুখামুখি হ’ল আমাৰ ইঞ্জিনীয়াৰ প্ৰভু বিশ্বকৰ্মা ককায়েকৰ। দূৰৈৰপৰাই বিশ্ব ককায়েকক দেখি গণ্ণু বাবাই ভাবিলে বোলে ৰক্ষা, ঘৰলৈ এইখণ্ড বাট ককায়েকৰ হাতীটোতে উঠি যাব পাৰিব যেনেতেনে। দুয়ো ওচৰা ওচৰি হোৱাত বিশ্ব কাইটিয়ে বোলে, : কিহে গণ্ণু ভাইটি, তেনেই ঘামি জামি জুৰুলি জুপুৰি হৈ

Read more

দাসৰ বচন-প্ৰথম ভাগ : অভিজিত দাস

১) প্ৰথম প্ৰেম আৰু আদৰ্শ খুব কম মানুহেহে ধৰি ৰাখিব পাৰে ২) পত্নীৰ শাহু-শহুৰ প্ৰীতি আৰু ৰাজনৈতিক দলৰ জনকল্যাণ নীতি প্ৰায় একেই৷ ৩) (ফেচবুকত) লাইক দিলেহে লাইক পায়, কমেণ্ট দিলে কমেণ্ট পায়৷ ৪) ফেচবুকৰ লবী আৰু বৰলাকালৰ হবি প্ৰায় একেই৷ প্ৰথমটোৰ বাস্তৱ দুনীয়াত লটিঘটি আৰু আনটোৰ বিয়াৰ পাছত দুৰ্গতি৷ ৫) আপুনি ফেচবুকত যিমানেই মেণ্টৰ বা এডমিন হৈ নাফালক কিয়, অফিচত বছে আৰু ঘৰত পত্নীয়ে কিন্তু আপোনাক ফালিবই৷ ৬) ভাৰ্চুৱেল জগতৰ ক্ৰাচ আৰু বজাৰৰ চালানী মাছ একেই৷ ওচৰ চাপিলেহে গম পোৱা

Read more

কণামাকৰী-নয়নমণি দত্ত নেওগ

ৰাতিপুৱা সোনকালে শুই উঠি মন্দিৰাই বেলেগ কোনো কাম নকৰি এহাতত পিন্ধিবলগীয়া কাপোৰকেইটা আৰু আনখন হাতত বাল্টিটো লৈ বাথৰূমত সোমায়। উদ্দেশ্য দ্বীপৰাজক লগ কৰাৰ। আনদিনা হোৱা হ’লে মন্দিৰাই দেওবাৰ দিনটোত ন বজাৰ আগলৈকে শুই উঠাৰ নামকেই নলয়। কিন্তু আজি দিনটো তাইৰ বাবে স্পেচিয়েল। তাইক লগ পাবলৈ যে দ্বীপৰাজে কিমান কুটুৰিব লাগে তাৰ কোনো হিচাপ নাই। ভালপাওঁ বুলি কোৱা এমাহ পাৰ হৈ গ’ল যদিও মন্দিৰাই দ্বীপৰাজৰ আগত এতিয়াও সহজ হ’বলৈ বহুখিনি বাকী। যেতিয়াই তাই দ্বীপৰাজক লগ কৰিবলৈ যায়, তেতিয়াই নেদেখা লাজটোৱে আহি

Read more

শিমলু তলৰ ম’হযখ- মানসী বৰা

আলিমূৰত বাছৰ পৰা নমাৰ পিছতে ফেৰফেৰীয়া বতাহ এচাটিয়ে চুই গৈছিল ভাইমণক। ইফালে-সিফালে চাই গাঁৱলৈ সোমাই যোৱা বাটটোৰে সি এখোজ দুখোজকৈ আগবাঢ়িল। নৰ-মনিচ বুলিবলৈ সমূলি নাছিল। আচলতে গাড়ী পাওঁতেই তাৰ বহুত দেৰি হৈছিল। দিন চুটি বাবে এন্ধাৰো সোনকালে হৈছিল।  সাতমান বাজিল। তাতে চিপ্ চিপ্ বৰষুণ। অলপ দূৰ আহিয়ে ভাইমণৰ অলপ ভয় ভয় লাগিল। অকলশৰে গোটেই বাটছোৱা যাবলৈ সাহসেই নোহোৱা হৈ পৰিল তাৰ। তথাপি উপায় নাই, যাবই লাগিব। ভৰিৰ ছেণ্ডেলযোৰৰ শব্দকেইটা আৰু ঝিলিৰ মাতৰ বাদে আৰু একো শব্দ তাৰ কাণত নপৰিল। বুকুখন

Read more

লুচি : সুস্মিতা দাস।

ওপজাৰে পৰা চিনাকি যিটো সুৰ, সেই সুৰৰ শব্দত সাৰ পাই যায় তাই। টোপনি নাভাঙে। মাক সোমাই আহিছে কোঠাটোলৈ নিঃশব্দে। সেয়া মাকৰ দুহাতৰ চাৰিপাত মিহি খাৰুৰ জুনজুননিৰ শব্দ। অভ্যাসবশতঃ চকুদুটা অকণমান মেলি ৱাল ঘড়ীটোলৈ চাই, সময় পাঁচ বাজি দহ মিনিট। অইন দিনাৰ দৰে আজি মাকে তাইক নজগায়। খিৰিকীখন খুলি দি, ফেনখন বন্ধ কৰি কোঠাটো সাৰি নিয়ে তেওঁ। যাবৰ পৰত ফেনখন অন কৰি ফেনৰ স্পিড কমাই তিনিলৈ আনে৷ আঁঠুৱাখনো লাহেকৈ খুলি জাপি থয়। শোৱক তাই আজি অলপ দেৰিলৈ। যিহেতু আজি দেওবাৰ। আঁঠুৱাখন

Read more

আধৰুৱা প্ৰেম : মৃদুলা গগৈ

ক্ৰিৰিং … ক্ৰিৰিং…. : হেল্ল’….. : মৃদুলা হয় নে ? : হয়৷ কোনে ক’লে বাৰু ? : মই পলাশ৷ উচপ খাই গলোঁ মই৷ ঠিকেই শুনিছোঁতো! বুকুখনে ঢপঢপ কৰিছে৷ মুখৰ মাতটো পেটৰ ভিতৰলৈ যেন সোমাই গৈছে! : শুনিছানে? : হয় শুনি আছোঁ৷ : ভালে আছা? : আছোঁ৷ ক’ত পালা মোৰ নম্বৰ? : তোমাৰ ভাইটিৰ পৰা ল’লোঁ৷ : উম..পিছত ফোন কৰিম মই৷ কাইলৈ পৰা পূজা যে ব্যস্ত আছোঁ অলপ৷ : এইটোৱে মোৰ নম্বৰ৷ তোমাৰ ফোনলৈ ৰৈ থাকিম৷ পূজাৰ শুভেচ্ছা জনালোঁ৷ : তোমালৈও

Read more

সাহসেই মূলধন : ৰীতা লীনা সোণোৱাল।

নগেন মাষ্টৰৰ মেজাজটো বৰ ঠিক নহয়। মানুহজন প্ৰায়ে খঙত থাকে। সেই মানুহজনে যেতিয়া ঘটিব নলগীয়া অঘটন এটা আমাৰ আগত খুহুটীয়া ভাষাৰে বৰ্ণনা কৰে, আমি হাঁহিত ৰ’ব নোৱৰা হওঁ। অলপ দিনৰ আগতে ঘটনা এটা ঘটিছিল তেওঁৰ ঘৰৰ কাষত৷ সেইদিনা দেওবাৰ বুলি নগেন মাষ্টৰ অলপ দেৰিলৈকে বিছনাত পৰি আছিল৷ দেৰি মানে কি আৰু? পুৱা ছয় বাজি গৈছিল। অন্য বাৰবোৰত পুৱা পাঁচ বজাত শোৱাৰ পৰা উঠে। সেইদিনা অলপ দেৰি হৈছিল। তেনেতে নগেন মাষ্টৰৰ ঘৰৰ কাষৰ মানুহঘৰৰ পৰা হুলস্থূলৰ শব্দ ভাঁহি আহিল। হুলস্থূল মানে

Read more

পুলিচগিৰি – অভিজিৎ গোস্বামী

ঘটনাৰ সময় ২০১৪ চন, এই গুৱাহাটী মহানগৰৰ কাহিনী। সেইসময়ত মই ডালমীয়া চিমেণ্টত কৰ্মৰত আছিলোঁ। মোৰ অধীনত কামৰূপ গ্ৰাম্য জিলাৰ উত্তৰ গুৱাহাটীৰ পৰা ৰঙিয়ালৈকে প্ৰায়বোৰ জেগাই পৰিছিল। গতিকে প্ৰায় ৰাতিপুৱাই বাইক লৈ ওলাই গৈ দিনটো কাম কৰি গুৱাহাটীৰ হাতীগাঁৱত থকা ভাৰাঘৰলৈ সন্ধিয়া উভতি আহিছিলোঁ। কেতিয়াবা উত্তৰ গুৱাহাটীৰ পৰা ফেৰি যোগেদিও আহিছিলোঁ। সেইটো সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত এখনেই দলং আছিল। আনখনৰ কাম চলিহে আছিল চাগে। গতিকে সেই ৰাস্তাত অহা-যোৱা কৰা ৰাইজে কেনে এটা ট্ৰেফিকজামৰ সন্মুখীন হ’ব লগীয়া হৈছিল সেইটো ভুক্তভুগীয়েহে জানে। প্ৰায়ে দুইৰ

Read more
1 21 22 23 24 25 84