ফটাঢোল

মোৰ ‘মৃত্যু’ৰ কাৰণ – মণিষা কাকতি

আপোনাৰ মন যায় নে কেতিয়াবা, দুদিনমানৰ কাৰণে মৰি চাবলৈ? যদিহে মৃত্যুৰ পিছতো পুনৰাই জীৱন লাভৰ কিবা উপায় থাকিলহেঁতেন, তেন্তে? যেনেকৈ আমি দুই-চাৰিদিনৰ বাবে আলহীৰ ঘৰত ফুৰিবলৈ যাওঁ তেনেকৈ মৃত্যুৰ সিপাৰে ফুৰিবলৈ যাব পৰা হ’লে? ফেচবুকত যিদৰে নিজৰ একাউণ্টটো ডিএক্টিভেট কৰি ৰাখিব পাৰোঁ সেইদৰে জীৱনটোও এমাহ দুমাহলৈ ডিএক্টিভেট কৰি ৰাখিব পাৰিলে? ‘আউট অব জীৱন’ বা ‘মৃত্যুৰ কোলা’ত থকা সময়খিনিত জীৱিত যিকোনো ব্যক্তি বা পদাৰ্থৰ লগত যোগাযোগ অসম্ভৱ। অৰ্থাৎ পৰলোকত থকা কালছোৱাত ইহলোকৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিব, মানে একদম ‘নৌ ছিগনেল’

Read more

অভিমান – ময়ূৰী শৰ্মা বৰুৱা

গৃহস্থৰ জিঅ’ফ’ন আৰু মোৰ জীঅ’নি। মে’ড ফৰ ইচ্ছ আদাৰ! সকলো কুশলে চলি আছিল। দুয়োটা ফ’নে আমাক বিশেষ অসুবিধাত পেলোৱা মনতে নপৰেচোন! আমাৰ হাতে, বেগে, পকেটে(কেতিয়াবা মাটিত পৰিও) সিহঁত সুস্থ হৈয়ে আছিল। কেতিয়াবা কেতিয়াবা নেটৱৰ্কৰ বেমাৰ হ’লে, সিহঁতৰো গা চেঁচা পৰি যায়, মুখৰ মাত নোহোৱা হয়! তথাপি সকলো ভালেৰে আছিলোঁ, কুশলে আছিলোঁ। পিচে এদিন গৃহস্থই আৰু এখন জিঅ’ চিমৰ কথা ক’লে, বোলে লাগে বুজিছা, লৈয়ে লওঁ নহ’লে! ময়ো বিশেষ নাভাবি হয়ভৰ দিলোঁ। চিম আহি ঘৰ সোমাল। কিন্তু মোৰ জীঅ’নি থ্রীজি ফ’ন,

Read more

বানপানী আৰু মোৰ শৈশৱ – জিতু শৰ্মা

জন্মসূত্ৰে আমাৰ ঘৰ ডিব্ৰুগড় চহৰৰ গাতে লাগি থকা অমৰাগুৰি গাঁৱত। ডিব্ৰুগড় জিলাৰ বিখ্যাত বাগ্মীবৰ নীলমনি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ (পূৰ্বৰ জৰ্জ ইন্সিটিউচন) পাছফালেই অৱস্থিত আমাৰ গাঁওখন। স্কুলখন সকলোৱে চিনি পায়। মথাউৰিৰ বাহিৰৰ ব্ৰহ্মপুত্ৰৰ পাৰতে আমাৰ গাঁও। প্ৰত্যেক বছৰে বানে জুৰুলা কৰা আমাৰ গাঁও। সৰুৰেপৰা ব্ৰহ্মপুত্ৰৰ পানীৰ লগত খেলি ডাঙৰ দীঘল হৈছোঁ। মনত পৰাৰেপৰা (চনটো পাহৰিছোঁ) ক, খ শ্ৰেণীমানতেই আমি নাও বাবলৈ, সাতুৰিবলৈ শিকিছিলো। আমাৰ প্ৰাথমিক বিদ্যালয়খন ঘৰৰপৰা অকণমান দূৰৈত আছিল। আমি তৃতীয় শ্ৰেণী পাছ কৰিহে হাইস্কুলত নাম ভৰ্তি কৰিছিলো। আমি

Read more

চিত্ৰহাৰ – নিলাক্ষী কাকতি

এই ঘটনাটো মই পঞ্চম মান শ্ৰেণীত পঢ়ি থাকোঁতে ঘটা৷ সৰুতে মই সাংঘাটিক দুষ্ট আছিলোঁ৷ কিন্তু ধৰা নপৰা দুষ্ট৷ মানে দুষ্টামি মই ঠিকেই কৰিছিলোঁ কিন্তু তাৰ চিন মোকাম নথৈছিলোঁ৷ মোৰ দুষ্টামিৰ সহযোগী আছিল মোৰ ভাইটি৷ পিচে মই এলাপেচা বিধৰ নাছিলোঁৱেই৷ য’ত মই মাৰ খোৱাৰ সামান্যতমো অৱকাশ থাকে তাতহে তাক পাৰ্টনাৰ বনাই লৈছিলোঁ৷ ফলত ঘটনা সংঘটিত কৰি মই “মাছৰ ঝোলৰ পৰা মাছ টুকুৰা বিচাৰি খাব নজনা” টাইপ ভাৱ এটা ফুটাই তুলিছিলোঁ৷ সমস্ত দোষ ভাইটিৰ গাত পৰাৰ পিছত সি সদায় মাৰ খাইছিল৷ পিচে

Read more

ভিন্নস্বাদ – ৰঞ্জিত কুমাৰ শৰ্মা

ক্ৰিকেট-ক্ৰিকেট-ক্ৰিকেট (ক্ৰিকেট ৱৰ্ল্ড কাপ, ২০১৯। স্থান: ইংলেণ্ড আৰু ৱেলছ। ছেমি ফাইনেলত নিউজিলেণ্ডৰ হাতত টীম ইণ্ডিয়াৰ পৰাজয়।) প্ৰাতঃভ্ৰমণত– নিতৌ প্ৰাত:ভ্ৰমণলৈ ওলোৱা চাৰিজনীয়া দলটোত আজি অশীতিপৰ চৌধুৰী নাই। সদায়েই কেউজনতকৈ আগতেই ঘৰৰ পৰা ওলাই অহা, দলটোৰ আটাইতকৈ জ্যেষ্ঠ চৌধুৰী আজি নহাত বাকী তিনিজন বন্ধুৱে ঘৰলৈ ওভতাৰ পথত চৌধুৰীৰ ঘৰত সোমাল। চৌধুৰীয়ে চোতালতে পাইচাৰী কৰি আছিল। তিনি বন্ধুৱে চৌধুৰীক প্ৰাত:ভ্ৰমণলৈ নোযোৱাৰ কথা সুধিলে– : চৌধুৰী, আজি নোলালযে! গা বেয়া নেকি? : নহয়হে। কালি বৰ বেয়া লাগিল বুজিছেনে। চাওকচোন গ্ৰুপত একেবাৰে ওপৰত থাকিও নিউজিলেণ্ডৰ

Read more

অৰ্ধাংগীনি – ৰিজু বৰা

বিয়া হৈ এখন ভৰা ঘৰৰ বোৱাৰী হলোঁহি। আঠমঙলা হৈ গ’ল। অলপ বাহিৰ ভিতৰ কৰিব পৰা হ’লোঁ। মানে লাজটো অলপ কম হ’ল। এদিন পিছবেলা পিছ চোতালত বহি আছোঁ পিৰা এখন পাৰি। জা দুজনীও বহি আছে লগত। বৰজনা আহিল আৰু মোৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। বৰজনাঃ জেওৰা ব’ব জানা? মইঃ (আচৰিত হৈ) ওঁহো। বৰজনাঃ খৰি কাটিব জানা? মইঃ (মনতে পুৰা খঙত) ওঁহো। বৰজনাঃ কোৰ মাৰিব জানা? মইঃ (একদম ভয়ত) ওঁহো… মনতে ভাবিছোঁ, আৰু বা কি কি জানোঁ সোধে অ’! হেৰ’ বোলো

Read more

অগতানুগতিক – জিতা ফুকন

ৰাইজ নমস্কাৰ৷ মই আপোনালোকৰ আগত মোৰ বিষয়ে কথা দুটামান কওঁ বুলি ওলালোঁঁ৷ মই জোতা৷ মোৰ শ্ৰীমতীৰ নাম মোজা দেই৷ আমি পতি পত্নী দুয়ো বৰ মিলাপ্ৰীতিৰে থাকোঁঁ৷ কোনে কেতিয়া মোক আৱিস্কাৰ কৰি আজিৰ এই অৱস্থাত আপোনালোকৰ পদতল পোৱালেহি ক’ব নোৱাৰোঁ দেই৷ আপোনাসৱৰ পদতলত ঠাই পালেও মই নিজক লৈ বৰ গৌৰৱ অনুভৱ কৰোঁ বুজিছে৷ কাৰণ মই নহ’লে কাৰো সাজসজ্জাই সম্পূৰ্ণ নহয়৷ ভাবকচোন বৰ ধুনীয়া কাপোৰ এসাজ পিন্ধি ওঁঠে মুখে ৰং এগাল লেপি, মণি মুকুটাৰে ডিঙি কাণ শুৱনি কৰিলেও, মই যদি তলফালে নাথাকোঁ

Read more

ৰোমন্থন – চিত্ৰলেখা দেৱী

শৈশৱৰ হাঁহি-কান্দোন, তিতা-মিঠা সোঁৱৰণীয়ে আজিও মনত দোলা দি থাকে। আমি বাই-ভনী তিনিজনীৰ সৈতে সমুখৰ ঘৰৰ বুধিন দাদা ও একেলগে খেলা-ধূলা কৰি ডাঙৰ দীঘল হৈছিলোঁ। সি আমাতকৈ ডাঙৰ বাবে বেছি কথা জানে বুলি ভাবিছিলোঁ। সিও এই সুযোগ লৈ আমাক নানানটা অলীক কথা কৈ আভুৱা ভাৰিছিল। এবাৰ সিহঁতৰ ঘৰৰ পাছফালে এটা ডাঙৰ পুখুৰী খন্দাইছিল।মাটি কটা ‘নুনিয়া’বোৰ যোৱাৰ পাছত আধা খন্দা পুখুৰীতো আমাৰ খেলাৰ প্ৰধান ঠাই হৈ পৰে। গধূলি সময়ত আমাৰ আইতাই গৈ আমাক মাতি ননালৈকে আমি তাতে থাকোঁ। বুধিন দাদাৰ বায়েক কল্পনা

Read more

পৰিক্ৰমা – লোনা বৰা

এইজনীৰ গাত মঙহ বুলিবলৈ নাই, হাড় কেইডাল অকল, চুলেই ভাঙিব যেন, কি গা মচিম, থাক এনেকৈ…” মায়ে মোক গা ধুৱাবলৈ লৈ প্ৰত্যেক দিনাই বকে, লগতে মাজে-মাজে হাতখনো চলাই, থাই, থাই শব্দ হোৱাকৈ…..খং আৰু দুখ, বাকী দুইটা লোদোৰ-পোদোৰ ভাই-ভনীৰ তুলনাত মই অত্যন্ত ক্ষীণ হোৱা বাবে। একেবাৰে সৰুতে ঠিকেই আছিলোঁ। স্কুল এডমিছন লোৱাৰ পৰাই ক্ষীণাবলৈ ধৰিলোঁ…. গতিকে মানুহৰ মুখৰ নানানটা কথা -জেওৰা খুটি…. – বাঁহ খৰি – কেতেং….. কত যে নাম আৰু মোৰ ক্ষীণোৱা গতি দেখি মা, দেউতাই ঘিওঁৱে, মৌৱে খুৱাবলৈ ধৰিলে……পৰিণতি,

Read more

গৰমৰ বন্ধ আৰু মোৰ কিছু অনুভৱ – গিতিমা দাস

গৰমৰ বন্ধ বুলিলেই সকলোৱে মামাকৰ ঘৰলৈ ফুৰিবলৈ যায়, কিন্তু মোৰ সেই সৌভাগ্য নহ’ল। কাৰণ মোৰ মামাৰ ঘৰ একেবাৰে ওচৰত, যাব খুজিলে দিনটোত কেইবাৰ অহা যোৱা কৰিব পাৰি আঙুলিৰ মূৰত হিচাব কৰিব লাগিব। আগৰ দিনৰ গৰম বন্ধ মানে স্কুল পঢ়া শুনা সকলো যেন এমাহৰ বাবে ধোৱাচাঙত। গৰম বন্ধ দিয়াৰ দিনটো বৰ ভাল লাগে। প্ৰাথমিক বিদ্যালয়ত থাকোতে ৩০ জুনৰ দিনা ৰাতিপুৱাই সোনকালে উঠি অলপ ফুল লৈ ৭:৩০ মান বজাত স্কুললৈ যাবলৈ হাহাকাৰ লগাওঁ। স্কুলত যে সেইদিনা বুট খোৱাই, তাৰো বৰ সুকীয়া সোৱাদ।

Read more
1 44 45 46 47 48 84