ফটাঢোল

বৰুৱানীৰ সপোন – চাও খুন শিৱা

“বেলি ওলাবলৈ নাপাওঁতেই আল পৈচান ধৰিব হয়েই। হ’ল বুলি ফিকা চাহ কাপ নিজে কৰি খাব নোৱাৰা নেকি?” চাহৰ কাপটো টেবুলখনত ঠেকেছা মাৰি বৰুৱানীয়ে ঠেঁহ পাতি উঠিল। পেপাৰ পঢ়ি থকা বৰুৱাই চশমাজোৰৰ ফাঁকেৰে চাই বোলে “সোনকালে উঠাটো স্বাস্থ্যৰ পক্ষে ভাল।” ”হ’ব.. ইটো ভাল সিটো ভাল কৰি, লেল চেলাই দেখুৱাব নালাগে। কাম কৰা বাইজনী দুদিন হ’ল নহা; আজি আহিব নাই খবৰ কৰি আহক গৈ ..” বৰুৱাৰ কথাত বাৰুৱানীয়ে ভুল ধৰাৰ সুবিধা নাপায়ে, আজি পাইছে। “তুমি শুই থাকোঁতেই, খবৰ কৰিলোঁ। পানী শুকুৱা নাই

Read more

এক দিন কা ভগৱান – মণিষা কাকতি

“আত্মাৰাম, ঐ আত্মাৰাম? উঠচোন উঠ!” “হা! কোন?” আত্মাৰাম ধহমহাই বিছনাত উঠি বহিল। এই দোভাগ ৰাতিখন কোনে তাৰ নাম লৈ ফুচফুচাই মাতে? সপোন দেখা নাইতো? লেলাৱটীখিনি হাতেৰে মচি উৎসুকতাৰে ইফালে-সিফালে চাই কোঠাটো পৰীক্ষা কৰিলে সি। এন্ধাৰ যদিও নিশ্চিত হ’ল যে এইমুহূৰ্ত্তত সি নিজ কোঠাৰ বিছনাতে আছে। কিন্তু মাতিলে কোনে তাক? চোৰ-ডকাইত সোমাল নেকি? চোৰে আকৌ চুৰ কৰিবলৈ আহি নাম কাঢ়ি মাতিব কিয়? তেন্তে? ওহো, ভূত-চুত হ’বই নোৱাৰে। সেইবোৰ সি বিশ্বাস নকৰে। ভগৱানক অৱশ্যে বিশ্বাস কৰে। সেইবুলি ভগৱানতো হ’ব নোৱাৰে। “মই ভগৱানেই

Read more

চান্দাসুৰ(দুৰ্গা মাই কি জয়!) – পাৰ্থ প্ৰতীম শৰ্মা

যুদ্ধ শেষ হওঁ হওঁ! দেৱী দুৰ্গাই মহিষাসুৰৰ বুকুত উদ্দেশ্যি ত্রিশূল মাৰি পঠিয়ালে। দেৱীৰ বাহন, সিংহটোই মহিষাসুৰৰ আঁঠুত কামোৰ বহুৱাই দিলে। ত্ৰিশূলে মহিষাসুৰৰ বুকু ভেদি গ’ল। মহিষাসুৰৰ শেষ সময়! সিফালে চিত্ৰগুপ্তই হিচাপ-পাতি আৰম্ভ কৰিছেই। চিত্ৰগুপ্তই যমৰাজক কৈছে বোলে মহিষাসুৰ বৰ ভয়ানক অসুৰ, ইয়াৰ বাবে কিবা বেলেগ শাস্তিৰো ব্যৱস্থা হ’ব লাগে। যমৰাজে ইতিমধ্যে তেওঁৰ এজেন্ট এজনক সাজু হ’বলৈ নিৰ্দেশ দিলে। সকলো বিধাতাৰ লিখনিমতেই হৈ আছিল। কিন্তু, তেনেতে মহিষাসুৰে তাচ্ছিল্যৰ হাঁহি মাৰি ক’বলৈ আৰম্ভ কৰিলে- “হে দেৱী, মোক বাৰু দুৰ্বল পাই মাৰি পেলালা!

Read more

মাৰ্ঘেৰিটা পিজ্জা – হেমন্ত কাকতি

বিদেশ ভ্ৰমণ বুলি ক’লে শুনিবলৈ ভালেই লাগে৷ আপুনি তাত গৈ কি কি এনজয় কৰিব, কি পিন্ধিব, ক’ত ক’ত ফুৰিব, কোন হোটেলত থাকিব, চলাফুৰা কেনেকৈ কৰিব ইত্যাদি সকলো প্লেনিং স্বদেশত থাকোতেই সকলোৱে সাধাৰণতে কৰি পেলায়৷ তাতে আকৌ আমাৰ দৰে ‘অভাৰ স্মাৰ্ট’ জীয়েক-পুতেক-ঘৈণীয়েক থাকিলেতো আপোনাৰ পইচাকেইটা মানে ডলাৰখিনি খৰচ কৰিবলৈ উলিয়াই দিয়াৰ বাহিৰে বিশেষ কোনো কামেই নাইকিয়া হয়৷ আমাৰ ক্ষেত্ৰতো প্ৰায় তেনেকুৱাই হৈছিল৷ ইণ্ডোনেচিয়াৰ বালি নামৰ দ্বীপটোত ফুৰিবলৈ সমূহ পৰিয়াল লৈ গৈছিলোঁ যোৱা মে মাহত৷ আমি যোৱাৰ আগতে সকলো প্লেনিং কৰিয়েই গৈছিলোঁ

Read more

বাঘ আৰু হৰিণাৰ সাধু – অনুৰূপ মহন্ত

এখন ডাঙৰ হাবিত এটা বাঘৰ দল আছিল। বাঘ বোৰৰ মাজত সকলোতকৈ শক্তিশালীজন ৰজা আছিল আৰু তেওঁৰ ছত্র ছায়াতেই বাকী বিলাক বাঘে মিলাপ্ৰীতিৰে বাস কৰিছিল। সেই হাবি খনত বহুত বিলাক হৰিণাও আছিল। বাঘ বিলাকে ভোক লাগিলেই সেই হৰিণা বিলাক মাৰি খাইছিল। লাহে লাহে হাবি খনত হৰিণাৰ সংখ্যা কমি আহিছিল আৰু এদিন সকলো হৰিণা বাঘৰ মুখত পৰি মৃত্যু হ’ব বুলি হৰিণা সমাজত সকলোৰে চিন্তাৰ বিষয় হৈ পৰিছিল। এইটো বিষয়ত হৰিণা সমাজত এদিন এখন ডাঙৰ সভা অনুষ্ঠিত হ’ল। গোটেইখন হাবিৰে জাকে জাকে হৰিণা

Read more

বিষয়:পতি – মনজিৎ

পৰিচয় : পতি এবিধ অত্যন্ত ঘৰচীয়া, দুঠেঙীয়া, তেনেই নিমাখিত প্রাণী। দেখাত ঠিক মানুহৰ দৰেই। স্থান : দিনৰ ভাগত অফিছ নামৰ ‘য়েছ বছ’, ‘য়েছ বছ’ বুলি ভাইব্রেটিং ম’ডত মূৰ জোকাৰি থকা ঠাইডোখৰত আৰু ৰাতিৰ ভাগত “ৰিম’টতো এবাৰমান চুবলে পোৱা হ’লে” বুলি অসহায় ভাৱ এটা লৈ মনমোহন মুদত টিভিৰ সমুখত বহি থকা অৱস্থাত পোৱা যায়। গঠন আৰু বৰণ : পতি দুঠেঙীয়া হোৱাৰ লগতে এমূৰীয়া, এনকীয়া, দুকাণীয়া আৰু দুচকুৱা হয়। সদাজাগ্রত কাণ আৰু সদা জাপ খাই ৰোৱা ওঁঠেৰে পতিক সকলো সময়তে বেছ শান্ত

Read more

পেখম – কাবেৰী মহন্ত

মীনাভাৱীৰ আচল ঘৰ ৰাজস্থানৰ টংক বোলা চহৰখনৰ এখন গাঁৱত। জয়পুৰৰ প্ৰায় গাতে লাগি থকা চহৰখনৰ বাহিৰে ভাৱীজীয়ে বেলেগ ঠাই ফুৰি পোৱা নাছিল সৌ সিদিনা লৈকে। যদিও ভাৱীজীৰ পতিদেৱে চাকৰিৰ নামত ভাৰতৰ যথেষ্ট স্থানত থকাৰ সুবিধা পাইছে তথাপিও ভাৱীক সদায় নিজৰ গাঁৱৰ ঘৰতে ৰাখিছিল৷ ছয় সাত মাহৰ মূৰত গাঁৱৰ ঘৰলৈ যোৱা ভাইচাহাবে তাৰমাজতে তিনিটা সন্তানৰ বাপেকীও হল অৱশ্যে! সম্ভৱ 13 -14 বছৰতে বিয়াত বহা ভাৱীজীৰ ডাঙৰটো লৰা পুতেক কম ভাইচাহাবৰ ভায়েক যেনেই লাগে। মীনাভাৱীকো মাকতকৈ বায়েক যেনহে লাগে। সেই মীনাভাৱীয়েই টংক

Read more

ৰাইটাৰছ ব্লক – অত্ৰেয়ী গোস্বামী

কিমান দিন হ’ল বাৰু?দিন নহয় আচলতে কেইবামাহো হ’ল৷ কথাটো সি নিজেই মন কৰিছে৷ এই অলসতাৰ কাৰণ কি সি নিজেই ভাবি পোৱা নাই আৰু সেইবাবে সি যিমান অস্থিৰ হ’ব লাগিছিল সিমান হোৱা দেখা নাযায়৷ সি তাৰ অস্থিৰতাখিনি সযতনে লুকুৱাব জানে৷ সি ভাবিছে৷ বহুত সময় ভাবিছে৷ উৱাদিহ নোপোৱা হৈছে৷ তথাপি কাৰণ এটা উলিয়াব নোৱাৰা কথাটোৱেহে তাক আমনি কৰিছে৷ এনেকৈ হ’লে তাৰ বিপদ হ’ব৷ সেয়া নিশ্চিত৷ মানুহে তাক পাহৰি যাব৷ মনত থাকিবলগীয়াকৈ সি দিলেনো কিমান?অৱশ্যে যি দিলে সেয়া অতি উচ্চ মানৰ৷ এই কথাটোৱে

Read more

ফেচবুক গ্ৰুপৰ সদস্য আৰু এদমিন – ধূৰ্জতি কাকতি

এটা মৌ বাঁহত যেনেকৈ বিভিন্ন ধৰণৰ কাম কৰা কৰ্মী মৌ থাকে ফেচবুকৰ গ্ৰুপ এটাতো তলত দিয়া বিভিন্ন ধৰণৰ সদস্য থাকে। ৰাণী মৌ: এওঁলোক হ’ল গ্ৰুপৰ এদমিন৷ গ্ৰুপ এওঁলোকৰ মতেই চলে৷ তেওঁলোকৰ বিষয়ে বেলেগকৈ তলত বিস্তাৰিতভাবে আলোচনা কৰা হৈছে৷ সেনাপতি: এওঁলোক হৈছে গ্ৰুপৰ মদাৰেটৰ, ক্ষমতা থাকিলেও শেষত ৰাণী মৌ বা এদমিনৰ মতে চলিব লাগে ৷ বিশেষ ক্ষমতা নাই৷ এওঁলোকৰ চাকৰি এদমিনৰ ওপৰতহে নিৰ্ভৰ কৰে। বিশিষ্ট সদস্য: এওঁলোক গ্ৰুপৰ একো পদবীত নেথাকিলেও গ্ৰুপৰ বিশিষ্ট সদস্য৷ লিখে মেলাৰ টেলেন্ট আৰু ফেচবুকৰ পপুলাৰিটিৰ কাৰণে

Read more

যাত্ৰা – সুকুমাৰ গোস্বামী

অৱশেষত সিদ্ধান্ত লোৱা হ’ল যে স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰিম অসমৰ বাহিৰৰ এখন উন্নত বিশ্ববিদ্যালয়ত। এই সিদ্ধান্তৰ প্ৰধান কাৰণ আছিল সেই সময়ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ লেহেমীয়া পৰীক্ষা ব্যৱস্থা, যাৰ ফলস্বৰূপে ২ বছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰোঁতে প্ৰায় ৩.৫ বছৰ লাগিছিল। শৈক্ষিক পৰিবেশ তথা পৰীক্ষা পদ্ধতিৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা নামৰ ক্ষেত্ৰত সহমতলৈ আহিছিলো আৰু সেইটো হ’ল পুনা বিশ্ববিদ্যালয়। সেই সময়ত অসমৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে সেই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। বন্ধু আবুল কালাম আছিল এই ক্ষেত্রত সবাতোকৈ আগৰণুৱা। প্ৰৱেশ পৰীক্ষাৰ পদ্ধতি,

Read more
1 46 47 48 49 50 84