ফটাঢোল

মিছেছ শইকীয়ানী — নয়নমণি দত্ত নেওগ

আজি মিছেছ শইকীয়ানী আৰু শইকীয়াৰ বিবাহ বাৰ্ষিকীৰ উপলক্ষ্যে দুই এঘৰ লোকক নিমন্ত্ৰণ জনাই এটি সৰু পাৰ্টি আয়োজন কৰিলে৷ : হেৰা এইপিনে আহাচোন, মোৰ এই ব্লাউজৰ পিছফালৰ ৰছীকেইডাল ভালদৰে বান্ধি দিয়া আৰু এই নেকলেচডালৰ হুকটো ভালকৈ লগাই দিবা দেই আৰু তুমি ৰেডী হ’লাগৈ নে? সকলোবোৰ যোগাৰ ঠিকঠাকে কৰিলা নে? : মমমম……সকলোবোৰ কৰিলোঁ আৰু যদি কিবা কৰিবলৈ আছে ইয়াতেই কৈ লোৱা। নহ’লে পাৰ্টিত এনেই মিছাতে তুমি নিজৰ নামেই ল’বা। : কি ক’লা! আকৌ এবাৰ কোৱাচোন৷ : একো নাই অ’, এনেই তোমাক মৰমতে

Read more

পাৰিবনে ? — ঈশান জ্যোতি বৰা

মৰমৰ দাদা, পোনপ্ৰথমেই ৰঙালী বিহুৰ আদৰ-সাদৰ, সেৱা আৰু নমস্কাৰ জনালোঁ। আপুনি জানিবলৈ পাই সুখী হ’ব যে বিহুত লুচি, পিঠা, মটৰৰ সব্জিকে ধৰি আন বিহুজাতীয় খাদ্যবোৰ সৃষ্টি কৰিবলৈ দুই লিটাৰ খাঁটি সৰিয়হৰ তেল ইতিমধ্যেই আপোনাৰ জালুকবাৰীৰ ঠিকনাত পঠিয়াই দিছোঁ। খাই কেনে পালে, জনাবচোন। আচলতে দাদা, বেলেগ কথা এটা জানিবলৈহে মই এই ই-চিঠিখন লেখাৰ ভীষণ তাড়না অনুভৱ কৰিলোঁ৷ তাকে কওঁ। আমি সৰুতে টিভিত ঔঁম নমঃ শিৱায় চাইছিলোঁ৷ তাতেই প্ৰথমবাৰৰ বাবে শিৱৰ তাণ্ডৱ নৃত্য চোৱাৰ সৌভাগ্যকণ হৈছিল৷ বাপৰে! কি যে এক অদ্ভুত অনুভূতি!

Read more

মোবাইলৰ কামাল — মৌচুমী গগৈ

সিদিনা শাহুমায়ে ফোন কৰি জনালে যে তেওঁৰ পেহীয়েকৰ ল’ৰা অৰ্থাৎ মোৰ মানুহজনৰ মোমায়েক এজনৰ গা বেয়া । চাকৰি সূত্ৰে বৰ্তমান গুৱাহাটীৰে বাসিন্দা, গতিকে এই মামাহঁতৰ ঘৰত যাতে সময় উলিয়াই খবৰ এটা কৰি আহো । সেই মতে যোৱা সোমবাৰে সন্ধিয়া সময়ত মামাহতঁৰ ঘৰলৈ গমন কৰিলো । মামা চাকৰিৰ পৰা ৰিটায়াৰ হোৱা তিনিবছৰ হৈছে । আমাক দেখি মামা আৰু মামীয়ে খুব ভাল পালে । মামীয়ে বহুত দিন পিছত যোৱাৰ বাবে ভাত খাবলৈ জোৰ কৰিলে । আমি নালাগে বুলি কোৱা স্বতেও ইতিমধ্যেই মামাৰ

Read more

মোৰ কথাৰে — কঙ্কণা মহন্ত

(১) চমচম কি জয় য়ে উন দিনোঁ কি বাত হেই, যেতিয়া ল’ৰা ছোৱালীৰ এৰেঞ্জড মেৰেজ হৈছিল। মোলৈ হঠাৎ এটা বৰ ভাল চাকৰি কৰা, অসমৰ বাহিৰত থকা, একে কাষ্টৰ (তেতিয়া সেইটো আটাইতকৈ দৰকাৰী পইণ্ট আছিল) ল’ৰা এটাৰ ৰিস্তা আহিল। ৰিস্তা আহিলো আৰু মই গম নোপোৱাকৈ মোক ঘৰতে চাই পচন্দো কৰি থৈ গ’ল। দৰা অহা নাছিল বাৰু। মোৰ বিয়া হ’বলৈ একেবাৰে মন নাই অথচ কেঞ্চেল কৰাৰ একো কাৰণো পোৱা নাই। আনৰ দৰে মই সাঁজি কাছি চাহৰ ট্ৰে লৈও ওলোৱা নাই যে সেইটো

Read more

চিঠিবোৰ আৰু মই — সৱিতা গোহাঁই গগৈ

“তোমাৰ হেনো নাম পত্ৰলেখা, পত্ৰ তুমি নেলেখা হ’লাহয়তো মোৰ পুৰণা ঠিকনা তোমাৰ মনত নাই!!” শিক্ষয়িত্ৰী আছিলোঁ৷ শ্ৰেণীত বহুত চিঠি লিখিবলৈ শিকাইছিলোঁ৷ পৰীক্ষাৰ বহী চোৱাৰ পৰা শ্ৰেণীত লিখিবলৈ দিয়ালৈকে, বিভিন্ন ৰকমৰ চিঠি পঢ়াৰ অভিজ্ঞতা হৈছিল ৷ প্ৰেমপত্ৰবোৰ একা ! তাৰেই এখন পত্ৰৰ কথা আজীৱন  মনত থাকি গ’ল৷ ছাত্ৰজন আছিল সপ্তম শ্ৰেণীৰ৷ ছাত্ৰী আছিল পানবজাৰ ছোৱালী বিদ্যালয়ৰ৷ প্ৰেমৰ গজালি গজাৰ বয়স৷ ছোৱালীজনীয়ে ল’ৰাটোলৈ লিখা চিঠি৷ চিঠিখনৰ কথাবোৰ আছিল এনেধৰণৰ ৷ “তুমি যদি মোক পাবলৈ বিচৰা, তুমি এইটো কৰিব লাগিব, এইটো নালাগিব৷” নম্বৰ

Read more

উৎসৱ — ৰাজীৱ হাজৰিকা

আজি তাইৰ বিয়া। দস্তুৰমত এটি সুখৰ দিন, এটি আনন্দৰ দিন। অহাই আহিছে, যোৱাই গৈছে, খোৱাই খাইছে, পেলোৱাই পেলাইছে… উৎসাহমুখৰ এটি পৰিৱেশ। মই যে কিমান সুখী হ’ব লাগিছিল ! তথাপিও নাই, পৰা নাই। অকণো সুখী হ’ব পৰা নাই মই।মায়ে কৈছিল, “সোণপাহিৰ বিয়া, গম পাইছ নহয়, অলপ চকু ৰাখিবি, যিহে চোৰৰ কোব।” আহিছো, বহিছো, ৰাখিছো চোৰৰ ওপৰত নজৰ। বহি বহি জঠৰ হ’লে এঙামুৰি এটাও দিছো। একোতে ভাগ ল’বলৈ মন যোৱা নাই যদিও আগফাল-পিছফাল সকলোতে পাক এটা মাৰিছো। উফ্, পিছফালৰ ৰান্ধনী ঘৰৰ পৰা

Read more

বিজয়ৰ নামঘোষা বিভ্ৰাট — প্ৰদীপ বৰা

আজি বছেৰেকৰ গৰু বিহু আই গৰাকীৰ লগত ওলাল নামঘৰলৈ৷ গ্ৰেণ্ড আইটেন মেগনাখনত পৰিবাৰক উঠাই ল’লে বাওফালৰ চিটত ছেল্ফ মাৰে গাড়ী ষ্টাৰ্ট নহয়৷ স্ক্ৰীনত কাৰখনৰ চিম্বলটো ওলালেহে বোলে ষ্টাৰ্ট হ’ব৷ কি কৰা যায়৷ বৌৱে ক’লে আজি গৰু বিহু আমাৰ গৰু নাই নোৱাবলৈ ধুৱাবলৈ গাড়ীখনকেতো তুমি ধুৱাব পাৰিলাহেঁতেন৷ তুমিতো মাহ হালধি পিচি দিব পাৰিলাহেঁতেন৷ বৌ নামি গৈ মাহ হালধি পিচাত লাগিল৷ বিজয়ে আকৌ ছাবিটো পকাই দিলে এইবাৰ কোমল মাটেৰে গাড়ীখন ষ্টাৰ্ট হোৱাৰ জাননী দিলে৷ বৌৱে পিচা মাহ হালধি আৰু পানী এবাল্টি লৈ

Read more

আইনা ভঙাদি ভাগিব হিয়াখনি…… — দিপাংকৰ চৌধুৰী

ভাগিল মানে দুফাল-ফালকৈ ভাগিল মোৰ কলিজাডালি। লগৰজনে বুজাইছিল, “প্ৰেমত নপৰিবি বুজিছ। একদম কামোৰ অ’!”ম‌ই মনতে ভাবোঁ, “বেটা কমটি আপোনপেটীয়া নহয়। অমৃত খাই মোক মিছাতে বিহ বুলি ভয় খুৱাইছে চা।” সঁচাকৈয়ে বৰকৈ মন গৈছিল, দোৰঘোৰ প্ৰেমত পৰিবলৈ। এই প্ৰেমৰ বেমাৰটো সংক্ৰমিত হৈছিল মোৰ সহকৰ্মী এজনৰ পৰা। সি যেতিয়া একেলগে বাছত এটা চিটত প্ৰেয়সীৰ সৈতে অহা যোৱা কৰিছিল, বিদ্যালয়ৰ জিৰণিৰ সময়ত যেতিয়া ইটোৱে সিটোৰ টিফিন খালে নে নাই সুধি খবৰ লৈছিল আৰু প্ৰেমালাপত মগ্ন হৈ আছিল,ঠিক সেই সময়তে মোৰো হৃদয়খনে তেনেকুৱা কিবা

Read more

বিদেশ-ভ্ৰমণ – ঈশান জ্যোতি বৰা

বিদেশত থকা বিজয় বহুদিনৰ মূৰত ঘৰলৈ উভতি আহিছে৷ বহুদিনৰ মূৰত আজি সি তাৰ বন্ধু নৰেন, অৰুণ, অনিল আৰু মুকেশৰ মুখকেইখন দেখিছে৷ আটাইৰে মাজত আজি কত যে কথা! কিমান যে বতৰা! আহক, সময় ব্যয় নকৰি আমিও পোনেপোনে উপস্থিত হওঁগৈ পাঁচ বন্ধুৰ সেই ৰঙচঙীয়া আড্ডাস্থলীত- ________________________________________________________________ “বুজিছ নৰেন, প্ৰথমেই মই ব্ৰাজিল পালোঁগৈ৷ ফুটবল যে খেলে ৰ’ণাল্ডো..” – পাণৰ চুকত সানি থোৱা চূণকণ অনিলৰ দোকানৰ বেৰখনত লিপি বিজয়ে বিদেশ-ভ্ৰমণৰ বিচিত্ৰ অভিজ্ঞতাৰ বৰ্ণনা আৰম্ভ কৰিলে৷ “অঁ অঁ মনত পৰিছে৷ চুলি যে কান্ধলৈকে পৰা!” –

Read more

সময়বোৰ – চন্দন মহন্ত

সময়বোৰ পাৰ হৈ যায়৷ মনত পৰে কথাবোৰ কেতিয়াবা৷ কিমান দিনৰনো আগৰ কথা৷ জলজল পটপটকৈ জিলিকি আছে এতিয়াও৷ : ল’ৰাহঁত পাৰিবিনে? : পাইম চাৰ৷ : অঁ পা বাউ৷ আকৌ ইফালে : ঐ তই দও মাই অফিচ পা বেতদাল লৈ আহগেচোন যা৷ স্কুলঘৰটো ইটাৰ, মাজত বাঁহৰ বেৰ দিয়া৷ তিনিটা ক্লাছ, ফাইভ ছিক্স ছেভেন৷ ছেভেনৰ দেবেন আৰু লোহিতৰ মাজত কুমাকুম যুঁজ৷ বেৰ ভাঙি ছেভেনৰ পৰা ছিক্স পালেহি৷ হেড চাৰ নাই বাকী দুজন চাৰ অফিচৰ ভিতৰত৷ এটাই গৈ ক’লেগৈ চাৰ ইহঁত দুটাই কাজিয়া লাগি

Read more
1 51 52 53 54 55 84