ফটাঢোল

শৈশৱৰ দুষ্টালি – চিন্ময় দাস

তেতিয়া মই চতুৰ্থ শ্ৰেণীত আছিলোঁ। মোৰ লগত তিনিজন আৰু আছিল। সৌৰভ(লাডেন) চন্দন(মাইকেল)আৰু ধৃমান। থ্ৰি ইডিয়ট্‌চ চিনেমাখনৰ দৰেই আমাৰ কাহিনী আছিল। তেতিয়া বাৰিষাকাল আছিল। আমাৰ আকৌ বৰশী বোৱাৰ বৰ হেঁপাহ। কিন্তু খাল বিলত পানী বেছি হোৱাৰ বাবে বৰশী বাব নোৱাৰা হ’লোঁ। সেয়ে আমি আলোচনা কৰিলোঁ যে এখন কলগছৰ ভুঁৰ যদি বনাও তেন্তে বৰশী পাতিবলৈ যাব পাৰিম। কিন্তু এতিয়া কলগছ কাৰ পৰা লওঁ? আমাৰ চাৰিওটাৰ ঘৰত কলগছ নাই। আমি য’ত বৰশী পাতিছিলোঁ, তাৰ কাষতে কলৰ বাগিছা এখন আছিল। তাতেই চাৰিওজন সোমাই পৰিলোঁ।

Read more

ৰত্ন পেগু পুৰাণ (হাঁহ কাণ্ড) – অৰবিন্দ গোস্বামী

আউলি-বাউলি চুলি। কঁকালত এখন অসমীয়া গামোচা। উৰ্দ্ধাংশ বস্ত্ৰবিহীন। দেখিলেই গম পোৱা যায় যে, সি যেন অত্যন্ত চিন্তিত। আমাৰ মেছৰ ডাঙৰ নিমজোপাৰ তলত এযোৰ কাঠৰ টেবুল আৰু চকী লৈ চলে পেগুৰ বন্ধ বাৰৰ অধ্যয়ণ। টেবুলত এজাপমান কিতাপ-বহী, বিড়িৰ পেকেট আৰু দিয়াশলাই সদাই বান্ধি ৰাখে এখন ৰঙা কাপোৰেৰে। এই ফটাকানি সদৃশ টুকুৰাটো সি কোনটো যুগৰপৰা ব্যৱহাৰ কৰা দেখিলে সন্দেহ হয়। কাৰণ দেখাত মধ্যযুগীয় যেন লাগে যদিও এজন মানুহৰ বয়স ইমান হ’ব নোৱাৰে। ভগৱান প্ৰদত্ত ধুনীয়া চেহেৰাটোৰ সহায়ত হঠাৎ প্ৰেমত পৰা পেগুৱে নিজৰ

Read more

কোন কি – দিগন্ত কুমাৰ ভট্টাচাৰ্য

ক’লেজত থাকোতে মই খঙাল আছিলোঁ। সকলোৱে জানিছিল মই ছ’ৰ্ট টেম্পাৰড্। লগতে অলপ বুদ্ধু, অঁকৰা। উল্টা-পুল্টা পকাই কোৱা কথা শুনিলে মোৰ তাঁৰ ছিগি যায়। এই ‘তাঁৰ’ মানে মগজুত থকা শিৰা-ধমনীক বুজোৱা হৈছে। এই শিৰা-ধমনী এডাল ছিগিলে হেনো খঙতে ভ্ৰম বকিবলৈ আৰম্ভ কৰে। মোৰো তেনে হৈছিল। যিয়েই নহওক, এবাৰ আন্ত:ক’লেজ প্ৰতিযোগিতা এখন হ’ব বুলি শুনিছিলোঁ। ঔৎসুকতা এইকাৰণেই বাঢ়িছিল কিয়নো প্ৰতিযোগিতাখন আছিল কিছু পৃথক। এটা ছিক্ৰেট গেম ধৰণৰ। ক’লেজ টিমবোৰক ভিন্ন কাম দিয়া হ’ব অ’ন দা স্প’ট। হিডেন ট্ৰেজাৰ জাতীয় অলপ। তাতকৈও বেলেগ।

Read more

পলিটিক্স নকৰিবা বন্ধু–হেমন্ত কাকতি

ঘটনাটোৱে সমগ্ৰ অসম পুলিচৰ নিদ্ৰা হৰণ কৰিছিল৷ ঘটনাৰ আৰম্ভণি হৈছিল স্বয়ং মন্ত্ৰীছাৰৰ দিচপুৰস্থিত বাসভৱনৰ পৰা দুটা twins ৰ নিৰুদ্দেশ সম্পৰ্কে অহা ফোনকল এটাৰ পৰা৷ শেষ বাৰৰ কাৰণে দুয়োকে একেলগে দেখা গৈছিল আগদিনা গধুলি৷ কিন্তু পিছদিনা ৰাতিপুৱা দুয়ো ক’ত অন্তৰ্ধ্যান হৈ আকাশ বতাহৰ লগত মিলি গ’ল কোনেও নেজানে৷ ন’ জনীয়া পৰিয়াল এটাৰ পৰা দুটা ‘মিছিং’! এতিয়া সাতটা আছে৷ ছাৰৰ ‘সুখ’ এতিয়া অতীতৰ গৰ্ভত বিৰাজমান৷ বাকী থকা সাতটাৰ সুৰক্ষাৰ ওপৰত এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্নচিহ্ন উঠিছে৷ “আমি লাচিতৰ দেশৰ অসম পুলিচ ছাৰ! চাহ পানী

Read more

মাতৃভাষা দিৱসৰ সাৰুৱা ভাষণ – দেৱজিত শইকীয়া

আজি আমি “মাতৃভাষা দিৱস” অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট বুদ্ধিজীৱী তথা ফেচবুকৰ মাধ্যমৰে হাজাৰজনৰ মাজত একেৰাহে কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ৰাজনৈতিক তথা চলচিত্ৰ সমালোচক, অসমীয়া ভাষাৰ সমীক্ষক হিচাপে জনপ্ৰিয় হোৱা মাইকেল মধুসুধন কলিতা দেৱক৷ এইয়া মঞ্চত আজিৰ বিশিষ্ট বক্তা মাইকেল মধুসুধন কলিতাদেৱ৷ তেখেতক তেখেতৰ সাৰুৱা বক্তিতাৰে আমাক উপকৃত কৰিব বুলি আশা ৰাখিলোঁ৷ নমস্কাৰ, আজিৰ সভাৰ সভাপতি ডাঙৰীয়া, ডাইচত উপবিষ্ট বিশিষ্ট ব্যক্তি সকল আৰু মোৰ মৰমৰ ৰাইজসকল৷ চেক্ৰেটেৰী ডাঙৰীয়াৰ লগতে সভাৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ যে, মোক আজি এই সভাত স্পেচিয়েল

Read more

সাপ – অভিজিত মেধি

চাকৰিৰ ট্ৰেন্সফাৰ হোৱাত নতুন চহৰখনত ভৰি দিছিলোঁ। চহৰখনত ভাড়াঘৰ পোৱাটো বৰ টান কাম আছিল। ঘৰ পালেও প্ৰায়বোৰ ঘৰতে পানীৰ নাটনি, পানীৰ সমস্যাটো চহৰজুৰি বিয়পি আছে। ইপিনে মই দিনে দুবাৰ গা ধুই ভালপোৱা মানুহ। বিচাৰি বিচাৰি হাবাথুৰি খালেও অৱশেষত বৰ্তমানৰ ঘৰটো পালোঁ যেনিবা। মালিকজনো ভাল মানুহ যেনেই লাগিল। চুটি-চাপৰ, শকতকৈ। মানুহজনৰ মাত-কথাও বৰ মৰমিয়াল। তেওঁৰ ঘৰত দিনে চৌব্বিশ কেলেই, পঁচিশ ঘণ্টাও পানী থাকে হেনো মাজে মাজে। পানীৰ প্ৰ’ব্লেম পালে মোৰ পৰা ভাড়া লোৱাটো দূৰৰে কথা, উল্টাই তেওঁহে হেনো মোক দহহেজাৰ টকা

Read more

অথঃ নাৰদ পুৰাণ-সোণৰ অসম-সঞ্জীব কুমাৰ ভট্টাচাৰ্য্য

নাৰায়ণঃ নাৰায়ণঃ নাৰদৰ মাত শুনি প্ৰভু বিষ্ণুই এটা আঠু বেকা কৰি টোপনিৰ পৰা এঙামুৰি দি উঠি বহিল। আহা নাৰদ,বহা।ইমানদিনে তোমাৰ খবৰ বাতৰি নেদেখি মই চিন্তিতই হৈছিলোঁ,বোলো অসমত গৈ মোক পাহৰি বেলেগৰ লগ লাগিলা নেকি?বাৰু,কোৱাচোন কি খবৰ আনিলা অসম প্ৰদেশৰ,সোণৰ অসমৰ মৰ্যদা দিব পাৰি নে নোৱাৰি। প্ৰভু,সেইখন সোণৰেই দেখোন।ক’লা সোণ,পনীয়া সোণ সকলো বিৰাজমান।নতুনকৈ আকৌ কিয় ঘোষণা কৰিব লাগে। নহয় হে নাৰদ,তুমি ৰাজনৈতিক কথাবোৰ নুবুজা,ইমানদিনে তাৰ ৰাইজে দাবী জনাই আহিছে সোণৰ অসম কৰি দিব লাগে।মই সেই কথাটোৱেই পাত্তা পোৱা নাই,ঘটনাটো কি?সেইখন দেখোন

Read more

চিনাকি – বৰ্ণালী ফুকন

বৃত্তিত মই এজন বিশেষ পদৱী ধাৰি চৰকাৰী চাকৰিয়াল। মোৰ জিলাখনত এক সুকীয়া স্থান আছে।মোৰ এই বিশেষ পদৱীৰ বাবে মোক সকলোৱে সমীহ কৰি চলে। মোৰ খঙৰ আগত অফিচৰ কৰ্মচাৰী কপি থাকে। লৰচৰ হোৱা এটা সজীৱ ফাইল মোৰ চকুৰ ইছাৰাত মৃত হৈ পৰিব পাৰে। গতিকে মোক সমীহ কৰি নচলিলে মোৰ সৈতে জড়িত সকলোৰে বিপদ। আৰু এই শিক্ষক -শিক্ষয়িত্ৰীবোৰ মোৰ আগত বেঙে মুতা গৰু। মোৰ অনুমতি অবিহনে মোৰ অফিচৰ কোঠাত ভূমুকি মৰাৰ কাৰো সাধ্য নাই। মই ঘণ্টাৰ পিছত ঘণ্টা কোনোবা শিক্ষক বা শিক্ষয়িত্ৰীক

Read more

তেখেত লেখক – সোণটো ৰঞ্জন বৰুৱা

তেখেত লেখক, মানে ব্যংগ লেখক ৰঞ্জন বৰুৱা। তেখেতৰ লেখাত নিহিত আটাইতকৈ বৃহৎ ব্যংগটো হ’ল যে তেখেত ব্যংগ লেখক। মানুহজন অৱশ্যে হাঁহিমুখীয়া। বিড়ম্বনাও পিচে তাতেই। এনেই মানুহ হাঁহিমুখীয়া ধেমেলীয়া, তাতে লিখাৰ চখ। মুঠতে পাঠকৰ মূৰৰ ওপৰত যেন ধুমুহাৰ লগতে বিজুলী বজ্ৰপাত, শিলাবৃষ্টিৰ সমিল ধৰ্ষণ। অতি প্ৰখৰ হিউমাৰৰ অধিকাৰী তেওঁ। জীৱনৰ প্ৰতিটো মুহূৰ্তৰ আনন্দ ল’ব পাৰে। এটাৰ পাছত এটাকৈ প্ৰতিটো ঘটনাৰ ওপৰত উত্তম ব্যংগ লিখি যাব পাৰে। আৰু সেই ব্যংগ পঢ়ি নিজেই হাঁহি হাঁহি বাগৰি যায়। খিলখিল, অট্টহাস্য হাঁহিৰে নিজেই বাগৰি থাকে।

Read more

ইচ্‌কুল আৰু বিদ্যালয়ৰ বিষয়ে গৱেষণামূলক ৰচনা (গৰমে গৰমে পৰিৱেশন) – বাসৱদত্ত দাস

দ°™ (ডুপ্লিকেট) মাননীয় বাসৱদত্ত দাস ডাঙৰীয়া (চুৱা)পাতনি : যিসকল ধুম্‌ৰা পণ্ডিতে ‘ইচ্‌কুল’ আৰু ‘বিদ্যালয়’ এই দুই পৃথক অনুষ্ঠানক একেটিয়ে বুলি জ্ঞান কৰি আহিছে, মোৰ এই গৱেষণামূলক লেখাটোৱে তেওঁলোকৰ ভ্ৰান্তি আঁতৰ কৰিব; মানিবেক গ্যাৰাণ্টিৰে ১০০ শতাংশ নিশ্চিতি দি কৈছোঁ। মাথো এই অত্যন্ত গহীন বিষয়ৰ লেখাটো অখণ্ড মনোযোগ প্ৰদান কৰি ধৈৰ্য্যসহকাৰে অধ্যয়ন কৰক; কাৰণ এই লেখাটোৱে দেশ-বিদেশত সমাদৃত হৈ বহুতো বঁটা আঁজুৰি ছিঙি আনিবলৈ সক্ষম হৈছে । ধিক্কাৰ™ বঁটা (বুকাৰৰ বাপেক), লেবেল™ বঁটা (নোবেলৰ আতাক), মাৰপিট™ বঁটা (জ্ঞানপীঠৰ আজো আতাক), সাহিত্যনো কেনি™

Read more
1 53 54 55 56 57 84