ফটাঢোল

মি উইথ ডগচ ইন গোৱা–পৰীশ‍্যামলী ভূঞা

গোৱা ফুৰিবলৈ গ’লে যে হাতত লাঠি এডাল লৈ প্ৰতি সময়ত কুকুৰ খেদাই খেদাই ঘূৰি ফুৰিবলগীয়া হ’ব সপোনতো ভবা নাছিলোঁ । গৈ পোৱাৰ দিনাই গধূলিলৈকে বিচ্চত বহি ঘূৰি আহোঁতে গোটেই ৰাস্তা লাউড ভলিউমত কুকুৰৰ ভুকভুকনি শুনি শুনি আহি ৰুম পালোহি। পুৱা সোনকালে উঠি আকৌ বিচ্চলৈ যোৱাৰ প্লেন মোৰ। পোহৰ দেখিয়েই এওঁক মাত লগালোঁ , : শুনিছানে, গোৱালৈ ফুৰিবলৈ আহি পুৱা দেৰিলৈকে ফস্তি মাৰি শুই থাকিবলৈ আমি কিবা ভাগৰ পলুৱাবলৈ আহিছোঁ নেকি? উঠাচোন, মৰ্ণিং ৱাক কৰি আহোঁগৈ ব’লা, বিচ্চত চানৰাইজো চাই আহিম।

Read more

বক্তৃতা-নাজিয়া হাচান

এক কথাত,নিজৰ বুলিবলৈ অহংকাৰ কৰিব পৰা গুণ হ’লে মোৰ এটা বুলিবলৈয়ো নাই। ..পিছে আন বহুতৰে কিন্তু সেই গুণবোৰ হ’লে থাকে ৷ সেইটো একেবাৰে সঁচা। কিন্তু থাকিল বুলিয়ে নিজে নিজে তাৰ শলাগ লৈ থাকিলে ভাল নেলাগে আৰু শুনি। ..এইযে মানে কিছুমানে নিজে নিজৰ গুণমখাক গায় বাই থাকে— যে তেওঁ নিজে এজন বৰ শুদ্ধ চিন্তা ধাৰাৰ ব্যক্তি, এজন জ্ঞানী, তেওঁ খুব অমায়িক সহজ সৰল, তেওঁ লক্ষী, খুব সাহসী লগতে তেওঁ জীৱনত বহু বহু সুখীও…ইত্যাদি ইত্যাদি। ইংৰাজীত এটচেটেৰা বুলিও কয়। কাৰণ, লিখি থাকিলেতো

Read more

আমাৰ এওঁ–জিমি শইকীয়া

আৰম্ভণি- “আমাৰ” আৰু “এওঁ “, দুটি শব্দ মিলি এটা এনেকুৱা শব্দ সৃষ্টি কৰে যিটি উভয় লিংগ বাচক”আমাৰ এওঁ। ” মহিলাই ক’লে জানিব স্বামীৰ কথা কৈছে আৰু পুৰুষে ক’লে জানিব পত্নীৰ কথা কৈছে। উৎপত্তি: আমাৰ এওঁ শব্দৰ উৎপত্তি সন্দৰ্ভত যথেষ্ট মতবাদ আছে। দৰাচলতে আগৰ দিনত নিজৰ স্বামীৰ নাম ল’ব নোৱাৰিছিল,পত্নীৰ নামো ল’ব নোৱাৰিছিল বিভিন্ন সমস্যাৰ বাবে। তেতিয়াই আমাৰ এওঁৰ জন্ম হ’ল। আমাৰ এওঁৰ সমাৰ্থক হিচাপে ইহঁতৰ বাপেক/মাক,বৰপোনাৰ বাপেক/মাক,আমাৰ সিজন, আমাৰ গৰাকী আৰু বৰ্তমান মোৰ মিষ্টাৰ,মোৰ মিছেছ আদি শব্দ ব্যৱহাৰ কৰা হয়।

Read more

আত্মবিশ্লেষণ –মৌচুমী গগৈ

ৰিমলীক স্কুলৰ গাড়ীত উঠাই দি আহি প্ৰণামীয়ে গাড়ীৰ চাবিটো লৈ ওলাই আহিল ।গাড়ীখন উলিয়াই গেটখন বন্ধ কৰোঁতেই প্ৰণামীৰ চকুত পৰিল ,ৰাস্তাৰ সিপাৰে থকা ঘৰটোৰ বাৰান্দাত বহি থকা দত্তনী বৰমাৰ ফালে ।ৰাতিপুৱা খবৰ কাগজখন পঢ়ি চাহ খোৱাটো তেখেতৰ নিত্য নৈমিত্তিক কৰ্ম ।প্ৰণামীয়ে বৰমাক সুপ্ৰভাত বুলি সম্ভাষণ জনালে যদিও তেখেতে বেকা হাঁহি এটাৰেহে প্ৰত্যুত্তৰ দিলে ।প্ৰণামীয়ে ভালদৰেই জানে যে তাই গাড়ী শিকিবলৈ লোৱাটো তেখেতে বৰ এটা সহজভাৱে লব পৰা নাই।তাৰ বাবে প্ৰণামীৰ কোনো আক্ষেপো নাই কাৰণ সমাজত এতিয়াও কিছুমান মানুহে সাতামপুৰুষীয়া নিয়ম

Read more

মৃত্যুৰ আগৰ চিন্তা — সোনটো ৰঞ্জন বৰুৱা

আপোনালোকে মোৰ এই কথাখিনিত হয়টো সহমত নহব পাৰে।পিছে মই আজি কিছুদিনৰ পৰা মৃত্যুৰ পদধ্বনি শুনিবলৈ পাইছোঁ । এনে লাগে যেন মৃত্যু সমীপত উপস্থিত হৈছেহি। নিজৰ কিছুমান গতিবিধি অধ্যয়ন কৰি মই এই বিষয়ে লাহে লাহে আশ্বস্ত হৈ গৈ আছোঁ। বহুদিন ধৰি কাৰো লগত কাজিয়া কৰা নাই। মাৰপিট এৰাৰ এটা যুগ হল বুলিব পাৰি। কাৰো লগত কোনো বিবাদ নাই, কোনো বিৰোধো নাই। গালি দিয়াও বন্ধ কৰি দিলোঁ কেতিয়াবাই। সমাজক, ব্যৱস্থাক, ব্যক্তিক.. সকলোকে ।কোনোৱে কিবা কলেও চুপচাপ শুনি থাকোঁ । নিজৰ দৃষ্টিত স্থিতপ্ৰজ্ঞৰ

Read more

প্ৰেম উপৰান্ত–ৰামানুজ গোস্বামী

সেই ৰঙাফোনৰ দিনৰে কথা।গুৱাহাটী-শিৱসাগৰ ফোন কৰিবলৈ হ’লে STD ৰ বাবে আগত 0 ৰ সলনি ৯৫ লগোৱাৰ সংস্কৃতি আৰম্ভ হৈছে।কলেজৰ পৰা ওলাই মই তেতিয়া আছাম এচবেচটছত সহকাৰী অভিযন্তা। কাজেই “ইজ্জত”ৰ নামতে মোলৈ অহা ফোনবোৰ অভ্যৰ্থনা কক্ষৰ যুৱতী গৰাকীয়ে প্ৰডাকশ্যন প্লাণ্টলৈ প্ৰেৰণ কৰি মোৰ লগত যোগাযোগ ঘটাই দিয়ে। মাজে মধ্যে দুই এটা চকলেট তেওঁক দি ৰখাটোৱেও সম্ভৱ সহায় কৰিছিল প্ৰায়বোৰ ফোন পাবলৈ। শ্বিফটত ডিউটি কৰা মানুহ,সেয়ে ডিউটিৰ ইভিনিং /নাইট্ শ্বিফট্ থাকিলেও মোৰ ফোনৰ খৱৰ তেওঁ মোক দিছিল। :আপোনাৰ ফোন এটা আহিছিল..একো নকলে..মই

Read more

আমাৰ কি আহে যায়– সদানন্দ ভূঞা

পুৰণি হেৰাই গ’ল, নতুনৰ আগমন হ’ল । পুত্ৰ-জীয়ৰী পৰ হ’ল, পিতৃ-মাতৃ বৃদ্ধাশ্ৰমলৈ গ’ল । আপোন পৰ হ’ল, পৰেই আপোন হ’ল । নিজে গঢ়া ঘৰখন ঠান-বান হৈ গ’ল । পুত্ৰ-জীয়ৰী চহকী হ’ল, পিতৃ-মাতৃ অনাথ হ’ল । তাতেই কি হ’ল? আমাৰ কি আহে যায় । বিৰোধী ৰজা হ’ল, ৰজা বিৰোধী হ’ল । বগা ৰজাৰ গাদী গ’ল, পখৰা ৰজা হ’ল । পখৰা বগা হ’ল, বগা পখৰা হ’ল । বগাই ৰাজভোগ কৰে, পখৰাই জ্বলি মৰে । তাতেই কি হ’ল।? আমাৰ কি আহে যায় ।

Read more

নমুনা -চিত্ৰলেখা দেৱী

বছৰটো শেষ হ’বৰেই হ’ল। ভাবিলোঁ – ইহঁতে গোটেই বছৰটো কি শিকিলেনো আজি পৰীক্ষা লোৱা যাওক।হওঁতে বছৰটোত গোট পৰীক্ষা, ছমহীয়া পৰীক্ষা আৰু বছৰেকীয়া পৰীক্ষাকেইটা আছেই ইহঁতৰ পৰীক্ষা ল’বলৈ। তথাপিও শ্ৰেণীত লোৱাৰো এক সুকীয়া মজা আছে। প্ৰথমতে আজি অসমীয়া ভাষাত কেইটামান বাক্য ৰচনাকে কৰিবলৈ দিওঁ বুলি ভাৱিলোঁ আৰু প্ৰত্যেককে একোটা বেলেগ বেলেগ বিষয় দিলোঁ বাক্য ৰচনা কৰিবলৈ। শিক্ষকে যিমানে চোকা পহৰা নিদিয়ক কিয় সিহঁতে ইটোৱে সিটোৰ পৰা চাই লিখিবই৷ লাগিলে ইটোৱে লিখা ৬ টো সিটোৱে ‘ভ’ বুলি বা ১/২ টো ই বুলিয়েই

Read more

জোৰানাম: — উষা মহন্ত

শিৱসাগৰ জিলাৰ ভিতৰুৱা গাঁও এখনৰ বন্ধু এজনৰ আমন্ত্ৰণ ক্ৰমে বন্ধুৰ ভনীয়েকৰ বিয়ালৈ বুলি যাত্ৰা কৰিলোঁ। বন্ধু মানে ফেচবুকৰ চিনাকি বন্ধু। বৰ সাদৰ নিমন্ত্ৰণ। মোৰ বাবে তেওঁ হেনো বাছষ্টপত ৰৈ থাকিব। মাথো ফোন কৰিলেই হ’ল। শ্ৰীমতীয়ে ক’লে, : চাবা আক’ শিৱসাগৰৰ বিয়া, তাকো গাঁৱৰ।জোৰানামেৰে থেকেছি পেলাব। মোৰ অভিজ্ঞতা আছে৷ তেওঁৰ পৰা বিয়ানাম, জোৰানাম এইবোৰৰ বিষয়ে প্ৰাথমিক জ্ঞানখিনি আহৰণ কৰি পুৱা সাত বজাৰ বাছত গৈ প্ৰায় চাৰি মান বজাত শিৱসাগৰ বাছষ্টেণ্ডত নামি নামতিলৈ যোৱা মেজিকত উঠিলোঁ। খৰাগড় তিনিআলিত নামি বন্ধুৰ বাবে অপেক্ষা

Read more

ঠাণ্ডাৰ সমাধান–দিপ্তী শৰ্মা

ঠাণ্ডা ৰ দিনত আমি বিভিন্ন ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হও।আজি তাৰে কেইটামান সমস্যাৰ সমাধান দেও বুলি ভাবিলো। ১। ঠাণ্ডা ৰ আৰম্ভণিতে এটা বহুত ডাঙাৰ সমস্যা হ’ল ফেন দিলি গৰম লাগেই আৰু কাপোৰ উৰি ললি ঠাণ্ডা লাগেই।সেয়েহে এই দিন কেইটাত এটা কাম কৰবা পাৰেই।সেইটো হ’ল এখান পাতাল কাপোৰ উৰি ১-২ ত ফেন খান চলেই দিলিয়ে হ’ল।ধুনীয়া লাগেই। ২। এই ঠাণ্ডা ৰ দিনত তিৰি গিলাকে কবাত গেলি ব্লাউজ সলেই দেহাটোক কষ্ট দিয়াৰ দৰকাৰ নাই।ব্লাউজৰ ওপৰত চুৱেটাৰ বা গৰম উৰা কাপোৰ থাকেয়ে।সেইকাৰণে এই

Read more
1 57 58 59 60 61 84