খটাধৰৰ কেৰিয়াৰ – যুগল লোচন দাস
খটাধৰক লৈ মহা চিন্তা দিবাকৰ আৰু কণিকাৰ। সিয়েই একমাত্ৰ সন্তান। আগলৈ-পিচলৈ বুলিবলৈ খটাধৰেই। পিচে মাক-দেউতাকৰ মৰমৰ কোবত খটাধৰে এতিয়ালৈকে জীৱনৰ কোনো লক্ষ্যই দেখুৱাব পৰা নাই। একেটা মাত্ৰ পো, আদৰৰ নহব’নো কিয়, মাটিত থ’লে পৰুৱাই খাব, মূৰত থ’লে ওকনিয়ে খাব। খটাধৰ অৱশ্যে দুয়োৰে মূৰত উঠিয়েই ডাঙৰ হৈছে আৰু এতিয়া সি মৰমৰ কোবত মূৰৰ পৰা ননমাই হ’ল। স্কুললৈ ঠিকেই যায়, কিন্তু পঢ়া-শুনাত সমূলি মন নাই। কোনোমতে ৩০ৰ ঘৰত নম্বৰকেইটা টানি-টুনি যোগ কৰি আগবাঢ়ি গৈ আছে। তাক পঢ়াৰ কথা ক’লে খটাধৰে চকু দুটা
Read more