ফটাঢোল

আমাৰ বেটা-বেটীবোৰ – কৃষ্ণা বৰা ফুকন

– মাইনা, কি নাম তোমাৰ? – নমস্কাৰ৷ মোৰ নাম শ্ৰী প্ৰিয়াংকু পল্লৱ কাশ্যপ, মই হ’লী ৱাটাৰ স্কুলৰ ক্লাছ টুত পঢ়োঁ। এনেকুৱাকৈ চিনাকি হ’বলগীয়া হোৱা মানুহৰ ঘৰলৈ দ্বিতীয় বাৰ যাবলৈ মোৰ বৰ ভয় লাগে। মই সাধাৰণতে মানুহৰ ঘৰে ঘৰে ঘূৰি-ফুৰি বৰ এটা ভাল নাপাওঁ। দুই এঘৰে সেয়ে মোক বেয়াই পায় নোযোৱাৰ কাৰণে, বোলে – “আমিবোৰৰ ঘৰলৈনো তই ক’ত আহিবি?”, “আজি হাইঠা মাটিত পৰিল অ’…”, “ৰাতিপুৱা বেলিটো পশ্চিমফালে ওলাইছিল হয়নে? তই যে আজি আমাৰ পদূলিটো চিনি পালি!” জাতীয় ডাইল’গবোৰ সেয়ে মোৰ পুৰণি

Read more

পেহী মূতা – ভাস্কৰ জ্যোতি বৰুৱা

বিয়া-বাৰুত বিলনীয়া হৈ পাইছেনে ? আজিকালি কেটাৰিং ছাৰ্ভিছ থকা বিয়াৰ কথা কোৱা নাই। আগতে ডেকা ল’ৰাই লাগি ভাগি দিয়া বিয়াৰ কথা কৈছো। আমাক চিনাকি মানুহ এজনে তাহানি বিয়া এখনৰ খোৱা ঘৰত দেখা পাই সুধিছিল, “তোমালোকে ইয়াতো লাগি আছা নেকি?” হয়, ঘৰৰ পৰা বহু দূৰত লগৰ ল’ৰাৰ সম্পৰ্কীয়ৰ ঘৰতো আমাক দেখা গৈছিল বিলনীয়া ৰূপত। এনে বিয়াবোৰত এটি বিশেষ চৰিত্ৰক আমি প্ৰায়ে লগ পাইছিলো। কেতিয়াবা গৃহস্থৰ ওচৰ চুবুৰীয়া হিচাপে, নতুবা কেতিয়াবা গৃহস্থৰ সম্পৰ্কীয় ৰূপত। কেতিয়াবা যদি তেওঁ‌ এজন যুৱক, কেতিয়াবা আকৌ তেওঁ‌

Read more

ৰাশিফল বিচাৰ- ৰিণ্টুমণি দত্ত

এই মাহটো আপোনাৰ কেনে যাব? দিনে ৰাতিয়ে ফেচবুকত গ্ৰীণ লাইট জ্বলাই, পু্ৱা গধূলি ইনবক্সত গুড মৰ্ণিং, হাই, হেল্ল’ কৰি পৰম আশাৰে বাট চাই থকা আপোনাৰ জীৱনলৈ কাৰোবাৰ সঁহাৰি আহিবনে? সন্ধিয়া অলপ ‘বহি’ দেৰিকৈ ঘৰ সোমালে আপোনাৰ পত্নীয়ে আপোনাক কি উপকৰণেৰে স্বাগতম জনাব? কাষ ঘৰৰ নেওগৰ ল’ৰা-ছোৱালীয়ে পঢ়া বিখ্যাত স্কুলখনত ছিট পাবনে আপোনাৰ পোনাটিয়ে? মাৰ্চ এণ্ডিং বুলি বাঢ়িবনে অলপ টেবুলতলীয়া সৰবৰাহ? নে ২৫ লাখ টকাৰে আপুনি কব নোৱাৰাকৈয়ে ক্ৰয় কৰিলে এটি ৰঙাঘৰৰ পেট্ৰন টিকেট? কিমান লাইক পৰিব আপোনাৰ বিউটি প্লাছ লগোৱা

Read more

খাৰখোৱা বুফে  – বিক্ৰমজিৎ কাকতি

‘বুফে’ পাৰ্টি বোৰ যেতিয়া ফ্ৰান্সৰ পৰা আহি আমাৰ এই বন্ধপ্ৰদেশ পালেহি তেতিয়াৰ পৰা তাৰ ৰেহৰূপ মানে গৌহাটীয়া লোকেল ভাষাত “থপৰা“ চেঞ্জ হৈ গল৷ অন্নপ্ৰাসন্নৰ পৰা মৃতকৰ ভোজলৈকে লাহে লাহে খাৰখোৱা buffetএ অধিকাৰ কৰিবলৈ আৰম্ভ কৰিলে৷ ইউৰোপত এই buffet পাৰ্টিত যিবোৰ খোৱা পৰিবেশন কৰা হৈছিল তাত এনে ধৰণৰ খাদ্য দিয়া হয় যিবোৰ খাবলৈ Knife ব্যৱহাৰ কৰিব লগা নহয় যাতে মানুহে সহজতে কাঁটা অথবা চামুছৰে খাব পাৰে৷ কিন্তু আমাৰ খাৰখোৱা buffetত কেতিয়াবা এনে খাদ্য পৰিবেশন কৰা হয় যত কাঁটা অথবা চামুচ বাদেই

Read more

টীপু পুৰাণ – নীলাক্ষী দেৱী ডেকা

আমাৰ টীপুৱে কিয় গাৰ্লফ্ৰেণ্ড নবনাই সেইটো আপোনালোকৰ জ্ঞানাৰ্থে জনাব বিচাৰোঁ যে তাৰ মাকৰ ৰাতিপুৱা দুটা ল’ৰাক স্কুললৈ সাজু কৰোতে হোৱা কষ্টখিনি টীপুৱে বুজে৷ তাৰে লগতে যদি টীপুৰ গাৰ্লফ্ৰেণ্ডকো স্কুলৰ বাবে পিন্ধাই উৰাই সাজু কৰিব লগা হয় মাকৰ কিমান বেছি কষ্ট হব তাকেই ভাবক৷ গতিকে টীপুৱে গাৰ্লফ্ৰেণ্ড নবনায়৷ কোনো ল’ৰা ফ্ৰেণ্ডো নবনাই কাৰণ সিহঁতে ধোখা দি দিব৷ এইখিনিলৈকে কথাবোৰ ঠিকেই আছিল৷ কিন্তু ময়ো টীপুৰ মাকহে৷ সকলো কথা হজম হলেও এই ধোখা দিয়াৰ কথাটো মোৰ মুঠেও হজম হোৱা নাই৷ গাৰ্লফ্ৰেণ্ড নবনাই বাৰু

Read more

তিতা -কেঁহা – হিমাংশু ভাগৱতী

চুন ৰহা হে না তু ৰো ৰহা হু মেই .. এখন দেশত লোহিত নদীয়াল বাস কৰিছিল । বাস কৰিছিল মানে ,খিলঞ্জীয়া নাগৰিক। লোহিত নদীয়ালৰ বয়স কিমান ভালকৈ কোনেও নাজানে, আচলতে কোনেও জানিব নিবিচাৰে । উৎসৱে পাৰ্বনে নহ’লে নহয় ধৰণৰ এক পৰম্পৰা হৈ গৈছে কাৰণেহে সেইবোৰ দিনত লোহিত নদীয়ালক সকলোৱে বিচৰাৰ দৰে কৰে , এনেয়ে ক’ত পৰি থাকে খবৰ নাই । খবৰ লবলৈ কাৰো আহৰি নাই , সকলো ব্যস্ত যে ; ইমান কাম থাকে সকলোৰে। এইবিলাক লৈ লোহিত নদীয়ালৰ কোনো আক্ষেপো

Read more

পেটকুলি – ধুৰ্জ্যতি কাকতি

এখন গাঁৱত বুঢ়া এটা আছিল ৷বুঢ়া আছিল মস্ত কুৰ্চুটিয়া আৰু পেটকুলি ৷ সদায় পৰৰ দুখত সুখী৷ ভাই ভাইৰ মাজত কাজিয়া লগোৱা, পতি পত্নীৰ মাজত কাজিয়া লগোৱা, সকলো সামাজিক কামত বাধা দিয়া,উন্নতিৰ কামত বাধা দিয়া, সৰু সুৰা কথাতে মানুহৰ ওপৰত কেচ দিয়া, বুঢ়াৰ সেইয়াই কাম ৷ তাতেই বুঢ়াৰ ফুৰ্ত্তি ৷ উপায় নেপাই গাঁৱৰ মানুহে বুঢ়াক একঘৰীয়া কৰিলে ৷লাহে লাহে বুঢ়াৰ বেমাৰ হ’ল ৷ কোনেও খবৰ নকৰিলে ৷ বুঢ়াই গম পালে এনেকে হলে নহ’ব ৷ মৰি পৰি থাকিব কোনেও গম নাপাব।গতিকে এদিন

Read more

এনেই যা তা -অমিতাভ মহন্ত

– দাদা, দাদা! ! – কি হ’ল? ? – মোক বচাওক দাদা৷ – এক মিনিট৷ আজি আমাক নতুন ইউনিফৰ্ম দিছে৷ আগতে চেলফী এখন মাৰি লওঁ৷ – দাদা, সেইবোৰ পিছত কৰিব৷ পলম কৰিলে মই মৰি যাম৷ – আগতে মোৰ হাতখন এৰক হে৷ হাতখন বন্ধ কৰি ৰাখিলে কেনেকৈ বচাম৷ – অহ, চ’ৰী চ’ৰী৷ দুখ পাইছে? – অলপ টানিছে৷ ষ্টিল ইট্ ইজ অ’কে৷ কওঁক এতিয়া৷ – মোক বচাওক প্লিজ৷ – চাওক এটা কথা আগতেই ক্লিয়াৰ কৰি দিওঁ৷ বচোৱা কামটো নৰমেলী পুলিচ আৰু ডাক্তৰৰ৷

Read more

দাদাৰ কনফিদেন্স – বৈদুৰ্য বৰুৱা

কিছুমান সৰু কথা কেতিয়াবা জীৱনলৈ মনত ৰৈ যায়৷ কিছুমানে হয়তো এনেকুৱা কথাত একো ৰস নাপাব৷ সকলো লোকৰে ৰস স্বাদনৰ অনুভূতি বোৰ বেলেগ বেলেগ৷ আটাইতকৈ লাজ লাগি যোৱা কথাটো হ’ল ধৰক আপুনি কাৰোবাক এটা ৰস লগা কথা কৈ আছে; আপুনি নিশ্চিত যে আপোনাৰ এই কথাটোত ব্যক্তি গৰাকীয়ে বা কেইজনে ৰস পাবই৷ কিন্তু আপোনাৰ কথাও শেষ হ’ল শ্ৰোতাজনে আপোনালৈ প্ৰশ্নবোধক দৃষ্টি এটাৰে চাই সুধিলে “ তাৰ পাছত? “..! অথবা মিচিকিয়া হাঁহি এটা মাৰি থৈ দিলে! তেতিয়া আপোনাৰ লগে লগে অনুভৱ এটা অনুভৱ

Read more

আত্মা-নুসন্ধান- অভিজিত কলিতা

মানৱ সভ্যতাৰ আদিযুগৰে পৰা, কেতিয়াও মানুহৰ পিছ নেৰা এটা প্ৰশ্ন হ’ল- এই নিৰন্তৰ জন্ম মৃত্যুৰ ৰহ্স্য। ক’ৰ পৰা আহো আমি, কিয় আহো এই পৃথিৱীলৈ, মৃত্যু কি? কি আছে এই কুলিকাময় মৃত্যুৰ সিপাৰে? সঁচাকে কৰবাত আছেনে স্বৰ্গ, আছেনে নৰক? মৃত্যুৰ পাছত আমি আমাৰ পাপ খণ্ডাবলৈ সঁচাকৈয়ে বাৰে বাৰে বিভিন্ন ৰূপত ঘুৰি আহোনেকি? ইত্যাদি ইত্যদি। আৰু মানুহে জনা হোৱাৰ পৰাই এই প্ৰশ্নৰ উত্তৰ বিছাৰি আহিছে। কোনোবাই শাস্ত্ৰ পঢ়িছে, ধ্যান-তপস্যা কৰিছে, কোনোবাই বৈজ্ঞানিক উপায়েৰে পৰীক্ষা নিৰীক্ষা কৰিছে। পিছে কোনেও একেবাৰে খাটাংকৈ কথাটো কৈ

Read more
1 81 82 83 84