ফটাঢোল

অক্সিজেন – মৃদুল নাথ

“আই লাভ ইউ!” হঠাতে মোৰ মুখৰ পৰা ওলোৱা শব্দকেইটা শুনি মানুহজনীয়ে “হা” কৈ মুখখন মেলি মোৰ ফালে একেথৰে চাই ৰ’ল। চকুৰ পতাও লৰচৰ নকৰা দেখি বুজি পালোঁ, তেওঁ ভীষণভাবে আচৰিত হৈছে। আচৰিত হ’বলগীয়া কথাই বাৰু, বিয়াৰ পিছত কেতিয়াবা মানুহজনীক মই এইদৰে কৈ পাইছোঁ নে নাই, সেয়া মনত পেলাবলৈ চেষ্টা কৰিলোঁ। ওহোঁ, মনত নপৰে। গতিকে মানুহজনী আচৰিত হৈ মোৰ ফালে এনেদৰে চাই থকাটোত মই অলপো আচৰিত নহ’লোঁ। আচৰিত সিদিনা ময়ো হৈছিলোঁ, যেতিয়া দেখিছিলোঁ হিমাংশুৱে জ্যোতিৰেখাক সমজুৱাকৈ কৈ দিলে, আই লাভ ইউ।

Read more

শেষ-দেবজিত শৰ্মা

“ঐ উৎপল, তোৰ কোঠাটো অলপ ঠিককৈ ৰাখিবি৷ ৰাতিৰ বাছত গুৱাহাটীৰ পৰা কাকতিদা আহিব৷” উৎপল মোৰ ৰূমমেট৷ ঘটনাৰ সময় ২০১২ চন মান হ’ব৷ উৎপল খুবেই অপৰিপাটি, তাৰ কোঠাটো দেখিলে মানুহৰ কোঠা নে চিৰিয়াৰ যুদ্ধস্থলী ধৰিবই নোৱাৰি৷ কোনোবা আলহী আহিম বুলি ক’লে তাৰ কোঠাটোক লৈয়ে মোৰ টেনশ্যন হয়৷ যিহেতু তাৰ কোঠাটো দুৱাৰ খুলিলেই প্ৰথমে প্ৰথমে পায়৷ গতিকে তাক অলপ পৰিপাটি কৈ ৰাখিবলৈ উপদেশ দিলোঁ৷ কাকতিদা যদিও মেডিকেল লাইনৰ মানুহ তথাপি কিবা এটা যোগসূত্ৰত এবাৰ চিনাকি হোৱাৰ পাছত আন বহুতৰ দৰেই মোৰ বাবেও

Read more

নৈশ যাত্ৰা-নীলাক্ষি কাকতি

আস! লিহিৰি হাতখনে চুলিখিনিৰ মাজে মাজে খেলিবলৈ আৰম্ভ কৰিছে৷ এক অব্যক্ত তৃপ্তিত চকুহাল মুদ খাই গৈছে৷ কি যে এক ভাললগা অনুভৱ! হঠাতে- : হেৰি৷ আপুনি গোটেই মানুহজন মোৰ গাৰ ওপৰতেই পৰিছে যে? অথনিৰে পৰা আপোনাৰ ভৰ মই লৈ আছোঁ৷ চাওঁ৷ অলপ সিফালে যাওক৷ মোৰ নামিবৰ হ’ল৷ তপাকৈ ফুটবলহেন মানুহজনে অৰূপক প্ৰায় কান্ধত ঠেলা মাৰি দিয়াৰ দৰে ক’লে৷ : অহ্‌! ক্ষমা কৰিব৷ টোপনি আহি গৈছিল৷ অৰূপ বৰুৱা৷ বয়স প্ৰায় ত্ৰিশ বছৰ৷ ঔষধৰ কোম্পানী এটাৰ চেলচ্‌ এক্‌জিকিউটিভ৷ কোম্পানীৰ কামত তাৰ অসমৰ বিভিন্ন

Read more

অথঃ সংসাৰ সংবাদ-হেমেন নাথ

“…বড়ি বাত’ পে’ নহী, ছ’টি বাত’ পে’ ধ্যান দ’, ছ’টি ছ’টি বাত’ পে’…….”  “কিহত মগ্ন হা? কিহত মচগুল?” কি আচৰিত! ‘বাৰ বাৰ দেখ’ চিনেমাখন চাই আছিলোঁ, অসমীয়া ডাইলগ মাৰিলে যে! চিনেমাহলৰ পৰ্দাখন নোহোৱা হৈ গ’ল। অঃ, সমুখত দুৰ্গতিনাশিনী। মোৰ কাণৰ পৰা তেৰাই হে’ডফোন আজুৰি উলিয়াই মোবাইলো ইতিমধ্যে হস্তগত কৰিছে। টিঙিচকৈ উঠি আহিল নহয় খঙটো। লগ-গে লগ-গে তাৰ ওপৰত পানী ঢালি দিছোঁ। মানে খঙৰ ওপৰত। আৰে ভাই দস্তুৰমত পইছা ভৰি য়োগা ক’ৰ্ছ কৰিছোঁ, সাধাৰণ খঙটোকে যদি দমন কৰিব নোৱাৰোঁ! মই যথাসম্ভৱ

Read more

ভিতৰচ’ৰা – কমলেশ দাস

চাফ’কেশ্যনত উশাহ ল’বলৈ কষ্ট হোৱা যেন লাগিলেও উঠি গৈ দুখনমান খিড়িকী খুলি দিবলৈ এলাহ লাগিল ৰশ্মিৰ। আচলতে অধীৰ অপেক্ষাৰে ৰৈ থকা টোপনিৰ নিচাটোকো বিদায় দিবলৈ মন যোৱা নাই। মাক ঢুকোৱাৰ পিছত অশুৱনি সংকেত দিয়া জহনিত নোযোৱা কাউৰীকেইটা, অমংগলীয়া মাত মতা মেকুৰীজনী আৰু অসময়ত অহা হাৰামখোৰ ফোন কলবোৰলৈ থকা ভয়লৈ কেৰেপ নকৰা হৈছিল ৰশ্মিয়ে। দুৰ্বল জেগাত আঘাত দিব পৰাবোৰ চেদেলি-ভেদেলি হৈছে বুলি মনলৈ অহাৰ লগে লগে আনন্দৰ শীতল বতাহ এছাটিয়ে ৰশ্মিৰ দেহা মন শাঁত পেলালে৷ ৰাতি পুৱালেও ইমান সোনকালে উঠিনো কি

Read more

অলকানন্দা-মানসী বৰা

শংকুৰাজৰ অলকানন্দা গানটো দিনে দিনে ইমানযে ভাল লগা হৈ আহিছে। গানটো শুনাৰ লগে লগে গায়িকা হোৱাৰ হেঁপাহটোও নিমিষতে ঠন ধৰি উঠে।ঘৰে-বাহিৰে, পাকঘৰে-বাথৰূমে যেতিয়াই তেতিয়াই  গুণগুণাই অন্য এক জগতত ভ্ৰমি ফুৰোঁ মই। সেয়ে বিয়াৰ অভ্যৰ্থনাত ভাস্কৰে বৰষাক এই গানটোৰে  প্ৰপ’জ কৰিছিল আৰু বৰষাই কান্দি দিছিল!ক্লীপটোকে  মনলৈ আহি যায়। কল্পনাৰ জগতত ভ্ৰমী অমুকীৰ মনটোও কোনোবা এখিনি প‍ায়গৈ। বুজাই বঢ়াইহে যেনেতেন বাস্তৱলৈ ঘূৰাই আনোঁ‌। গায়িকা হোৱাৰ সেই পুৰণা বাসনা বুকুতে আছেঁ, সোমাই থাকিবলৈকে দিছোঁ।  আজিক‍ালি গাড়ীৰে কেনিবা গ’লেও  অলকানন্দাই বাজিব লাগিব। ছোৱালীৰ জন্মদিনৰ

Read more

বেঙৰ মাণিক-কমল নেওগ

জুলাই মাহ৷ দোভাগ ৰাতি৷ উৎকট গৰম৷ টোপনি অহা নাই৷ বিছনা এৰি বাহিৰৰ লাইটটো দি চোতালখনলৈ চালোঁ৷ চোতালৰ পূৱ দিশত ভঁৰালৰ মুখতে থকা তুলসীজোপাৰ তলত এটা বামুণভেকোলা বহি আছে৷ বৰঘৰৰ পিছফালে থকা কুঁৱাৰ পাৰলৈ  গৈ প্ৰস্ৰাৱ কৰি আহি বাহিৰৰ লাইটটো অফ্ কৰি চকী এখন পাৰি চোতালতে আন্ধাৰে-মুন্ধাৰে বহি ল’লোঁ৷ হাতত টৰ্চটো৷ টৰ্চটো এনেয়ে এবাৰ ইফালে-সিফালে মাৰি চালোঁ৷  টৰ্চটো বন্ধ কৰাৰ পিছতে তুলসীজোপাৰ তলত কিবা এটা জিলিকি থকা দেখিলোঁ৷ ক্ষন্তেক সময় সেই পোহৰটো নিৰীক্ষণ কৰি আকৌ টৰ্চটো জ্বলাই চালোঁ৷ জিলিকি থকা বস্তুটো

Read more

আইডি ছাৰ্চ-বৰ্ণালী এচ মূদৈ

ফেচবুক ফ্ৰেইণ্ড অনুৰাধাই হঠাৎ মেচেজ কৰিলে। ছোৱালীজনীৰ সৈতে আগতে কেতিয়াও মেচেজত কথা পতাই নাই। অৱশ্যে কমেণ্টত কথা হয় মাজে মাজে। আৰম্ভণিতে অনুৰাধাই মেচেজ কৰিলে, : বা এটা হেল্প কৰিবা, ইমাৰজেঞ্চি (মই অলপ অবাক হৈ চাই থাকিলোঁ মেচেজটোৰ ফালে, মনে মনে ভাবিলোঁ, এইগৰাকীক আকৌ মোৰ পৰা এনে কি সাহায্য লাগে।) যিয়ে নহওক, মই : অঁ কোৱা তোমাক কেনে ধৰণে সহায় কৰিব পাৰোঁ? অনুৰাধা : এটা ফেচবুক একাউণ্ট ছার্চ কৰি দিব, মই নামটো দিওঁ ৰ’ব ২মিনিট অপেক্ষা কৰক। (মই অলপ আইডিয়া কৰিলোঁ

Read more

গাঁৱলীয়া লাল চাহ -প্ৰণৱ সিংহ

২০১৬ চনৰ কথা। আৰোহন মাইক্ৰ ফাইনেঞ্চত ৫ মাহ কাম কৰিছিলোঁ। মালিগাঁৱৰ ট্ৰেইন গেটখনেদি ডিউটিলৈ যাওঁতে সদায় ছোৱালী এজনীৰ সৈতে দেখাদেখি হয়। প্ৰথমে চকুৱে চকুৱে তাৰ পাছত হাঁহিৰে, একেবাৰে শেষত কথা-বতৰাৰে চা-চিনাকি হ’ল। এমাহমানৰ পাছত কথা হ’ল যে ক’ৰবাত লগ কৰিম। দেওবাৰ আছিল। গুৱাহাটীখনত দেওবাৰ হ’লে অলপ হ’লেও ব্যস্ততা কমে। গুৱাহাটীখন এনেই খেলিমেলি পাওঁ কোনফালে গ’লে কোনফালে ওলাম বহুতক সুধিব লাগে। তাতে লগত ছোৱালী, অপ্ৰস্তুত হ’মেই।  চিঙৰা, পৰঠা, ঘুগুনীৰ বাদে একো চিনি নোপোৱাজন যেতিয়া ৰেষ্টুৰেণ্টলৈ যায় মোৰ কি গতি হ’ব ভাবি

Read more

আকস্মিক-চবিনা ইয়াছমিন

ঘটনাটো সৌ সিদিনাখনৰ৷ মানে মে’ মাহৰ প্ৰথমটো দিনৰ কথা৷ ক’ভিড বিশ্বমাৰীৰ ভয়াবহ পৰিস্থিতিয়ে মোক চৌদিশৰ পৰা চেপি পেলাইছিল৷ ইমান অনিশ্চয়তাই বুকুত ঘৰ কৰিছিলহি যে খোৱা-বোৱাৰ ক্ষেত্ৰতো মই অৱহেলা কৰিবলৈ লৈছিলোঁ৷ মানুহজন ঘৰৰ পৰা ওলাই গ’লেই বকোঁ বোলো, “যাব নালাগে এনেকুৱা দিনত৷ ঘৰতে থাকা৷” এওঁ বোলে, “মই ঘৰত বহি থাকিলে খাবা কি? একো নহয় যিখিনি সাৱধানতা ল’ব লাগে লৈছোঁ৷ তুমি ভয় কৰি নাথাকিবা ইমান৷” এওঁৰ বুজনিলৈ মই কাণসাৰ কৰা নাই৷ ভেকচিন ল’বলৈ দিনে ৰাতিয়ে তিনিদিন ধৰি বেয়াকৈ কামুৰিছোঁ৷ এওঁ মোৰ উৎপাতত

Read more
1 10 11 12 13 14 72