ফটাঢোল

বাসনা-বৰ্ণালী ফুকন

“যদি তুমি অসমীয়া, দেশৰ বাবে ওলাই আহা” “জয় আই অসম” শ্ল’’গানেৰে মুখৰিত হ’ল বিষ্ণুৰাভা খেলপথাৰ৷ হাজাৰ হাজাৰ মানুহে আহি ভীৰ কৰিছেহি গোটেই খেলপথাৰখনত৷ : হেৰি! শুনিছেনে? – ৰূপালীয়ে পাকঘৰৰ ফালে চাই ৰূপমক চিঞৰিলে৷ কিছুদিনৰ পৰা ৰূপমে তাইৰ কথাবোৰ আওকাণ কৰা কথাটো তাই লক্ষ্য নকৰা নহয়৷ : এই মানুহটো যে! হয় দেই! পুৱাই মোৰ মূৰটো…… – ভোৰভোৰাই ভোৰভোৰাই ৰূপালীয়ে নেইলপলিছটো ড্ৰেছিং টেবুলখনতে ঠেকেচি থৈ পাকঘৰৰ মুখত থিয় হ’লহি। : বোলো হেৰি, কাষৰ ঘৰৰ বৰুৱায়ো মোৰ মাতটো শুনি কি হৈছেনো হয় ফুকননী

Read more

জীৱনৰ জীয়া কাহিনী- ইলি তালুকদাৰ

শিক্ষয়িত্ৰী আছিলোঁ। বিদ্যালয় বন্ধ হ’লে দুই এঘৰলৈ থকাকৈ গৈছিলোঁ। বিশেষকৈ গৰমৰ বন্ধ, পূজাৰ বন্ধ, আৰু ডিচেম্বৰ মাহৰ বছৰেকীয়া পৰীক্ষা যোৱাৰ পিছৰ বন্ধত ফুৰিবলৈ যোৱাটো কৰ্তব্য বুলি ধৰি লৈছিলোঁ। ফুৰিবলৈ যাবলৈ দুঘৰেই বাচি লৈছিলোঁ। ১ – ল’ৰাৰ মামাকৰ ঘৰ, ২ – তাৰ মাহীয়েকৰ ঘৰ। বছৰেকীয়া পৰীক্ষা আহিল। বহুত ফুচুলনি আৰু মোৰ ফণীৰ কোব পৰাৰ পাছত গধূলি সাতমান বজাৰ পৰা ৯ মান বজালৈ টেবুলৰ কাষত থাকে। মাজতে ৪ বাৰমান ইউৰিনেললৈ যায়। চাৰিবাৰমান পাকঘৰত সোমাই কি ৰান্ধিছোঁ তাৰো খবৰ লয়। কিবাকৈ পৰীক্ষাটো শেষ

Read more

জেড জি উই লভ ইউ-শ্ৰুতিমালা মিশ্ৰ

পৌৰাণিক যুগৰ আখ্যান এয়া। মই বৃদ্ধা হোৱাৰ আগৰেই কাহিনী এইটো। পঞ্চম নে ষষ্ঠ শ্ৰেণীত থকাৰে কথা। সেইবাৰ আমাৰ নলবাৰীৰ গৰ্ডন স্কুলৰ ফিল্ডত অসম শিশু মহোৎসৱ হৈছিল। আমাৰ স্কুলৰ পৰা আমি কেইগৰাকীমানক চিলেক্ট কৰি তাত উদ্বোধনৰ দিনাখন ৰিবন ডেঞ্চ কৰিবলৈ বুলি পঠিয়াইছিল। আমি পুৱা ৭টাতে ফিল্ডত হাজিৰ। হাতত ৰঙচঙীয়া ৰিবন লৈ সুন্দৰ ডেঞ্চ দিলোঁ। সেইখিনি সময়ত জুবিন গাৰ্গ আমাৰ সকলোৰে উমৈহতীয়া ক্ৰাশ্ব মেটেৰিয়েল। পাখি এলবামখন ওলাইছিলহে মাত্ৰ। গান সৱ মুখস্থ। মোৰ সৰুকৈ লেখা এটাও প্ৰকাশ হৈছিল সেইবাৰ অসম শিশু মহোৎসৱৰ souvenir-ত,

Read more

এ টি এম পিন-হেমন্ত কাকতি

ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা সকলে গম পাব যে কি কি ধৰণৰ কাষ্টমাৰৰ লগত ‘ডিল’ কৰিবলগীয়া হয়৷ কিছুমান গ্ৰাহক খুবেই ‘ভাল’, মানে দামটো কোৱাৰ পিছত অলপো নভবাকৈ টকা দি বস্তুটো লৈ লয় কিন্তু কিছুমানৰ লগত ‘ডিল’ কৰা যথেষ্ট কষ্টসাধ্য কাম৷ মই সেইসকল দোকানিক চেল্যুট দিওঁ, যিয়ে শাৰীৰ দোকান চলায়৷ ধৰক আপোনাৰ শাৰীৰ দোকান আছে৷ দুগৰাকী মহিলা আহি আপোনাৰ তাত থকা প্ৰায় বিশখন শাৰী সকলো খুলি চাই চাই অৱশেষত এখনো পচন্দ নকৰাকৈ গুচি যায়৷ তাৰ পিছত যেতিয়া পুনৰ শাৰীবোৰ জাপি জাপি

Read more

টোপ – অসীমা শইকীয়া দত্ত

ইলেকচনৰ বতৰ৷ ৰাষ্টাৰে গাড়ীবোৰ ভোঁ-ভোঁৱাই গৈছে। আবতৰীয়া ঢোলৰ মাতত কুলিকেইজনীয়েও ফাগুনতে বহাগ বুলি অসম পালেহি হ’বলা, ফাগুনতে কুলিয়ে কণী পাৰি দিব লগা গতি কৰি পেলালে ইলেকচনে৷ চোতালৰ পৰা ডিঙি মেলি কণপোনাৰ মাকে ভোৰভোৰাই চাই আছিল। হাততে বজাৰৰ মোনাটো লৈ ওচৰৰ দোকানখনলৈ বুলি ওলাল। আলু,  পিয়াঁজ একো নাই ঘৰত। যিহে ৰাষ্টাত জিন্দাবাদৰ গাড়ী, ওলাবলৈকে ভয়। কণপোনাৰ মাকে জপনা খুলি ৰাষ্টালৈ ওলাইছে মাত্ৰ, সিমূৰৰপৰা আহি থকা জয়ন্তৰ চিঞৰ, : অ’ খুইদৌ ভোটটো এইবাৰ আমাৰ দলকে দিব। জানেই চেণ্ট্ৰেলত কোন। বেলেগক দি একো

Read more

মেক‌আপ আৰু ম‌ই-জিমী শ‌ইকীয়া

ম‌ই সৰুৰেপৰাই মেক‌আপৰ প্ৰতি সচেতন। লিপষ্টিকক লিবিইচটিক বুলি কোৱা বয়সৰে কথা। লিপষ্টিক চিপষ্টিক ঘঁহি ওঁঠে ওঁঠে নলগাকৈ আঁ কৰি ঘূৰি ফুৰোঁ। আনকি লিপষ্টিক ঘঁহাৰ পিছত যিমান লোভনীয় মিঠাই থাকিলেও নাখাইছিলোঁ। আলহীৰ ঘৰলৈ গৈ তেতিয়াহে থাকিছিলোঁ যদি লিপষ্টিক কিনি দিম বুলি কয়। যদিও ম‌ই সৰুতে কাজলটোৰ ৰঙৰে আছিলোঁ, তথাপি চকুত কাজল এলেপা ঘঁহিহে সুখ পাইছিলোঁ।  ইমানেই মেক‌আপ কৰাত ম‌ই সিদ্ধহস্ত হৈ পৰিছিলোঁ যে আইনা নহ’লেও আণ্ডাজতে চকু আৰু ওঁঠৰ ৰং সলাই পেলাব জানিছিলোঁ।  পিচে এবাৰ ঘটিল নহয় অঘটন। এফালে যাবলৈ উথপথপকৈ

Read more

জীৱনৰ ৰং-ৰূপম ঠাকুৰীয়া

তলমূৰ কৰি লিখি থকাৰ মাজতে মই গম পালোঁ মানুহ এজন আহি মোৰ কাষত থিয় দিছেহি। মই মূৰ তুলি চোৱা নাই। লিখা কামখিনি শেষ কৰি লওঁ বুলি ভাবিছোঁ। মই লিখি থকা বাবে হয়তো মানুহজনে মতা নাই। অলপ সময় পাৰ হৈ গ’ল। লিখা বন্ধ কৰি মই মূৰ তুলি মানুহজনলৈ চালোঁ। বয়সীয়াল মানুহ। পিন্ধনত ধূতি-কামিজ। কিছু পৰিমাণে মলিয়ন। বেছ কিছুদিন ধৰি একেলেথাৰিয়ে পিন্ধি কিছু লেতেৰা হৈ পৰা “থ্ৰি প্লাই” মাস্কখনে মুখ আৰু নাকৰ পৰিৱৰ্তে থুতৰিত অৱস্থান কৰিছে। তেওঁ আৰু মোৰ দূৰত্বটো অলপ বেছি

Read more

সংসাৰৰ সোণসেৰীয়া সাধু-মনজিত  

সোণমইনাৰ ফেইচবুকৰ পোষ্ট,  “লক ডাউনত একেবোৰ মানুহকে দেখি দেখি আমুৱাইছেগৈহে দেই।”  কমেণ্টত সেই বিষয়ে বিশদ চৰ্চা। হয়ভৰ দি এজাক বন্ধু বান্ধৱ। স্বাভাৱিকভাৱেই মইনামতীৰ শেনচকু পৰিল নহয় তাত। তাৰপিছত মহাভাৰত আৰম্ভ। : অঁ, প্ৰেমতপৰাৰ দিনত মোক চাবলৈ ৰাতি আহিও মোৰ ঘৰ ওলোৱাহি, মনিবেগত সদায় মোৰ ফটো আৰু এতিয়া ফেইচবুকত পোষ্ট, মোক দেখি দেখি আমনি পাইছা। সৱ মতা মানুহবোৰ একেই। পতাবৰ বাবে যিকোনো কাম কৰিবলৈ সাজু হৈ যায়।   পতাই লোৱাত পিছত দুদিনতে আমুৱালে। নাথাকোঁ তোমাৰ লগত লকডাউন খুলিলেই মাৰ ঘৰলৈ যামগৈ।

Read more

বৰুৱানীৰ বিলৈ-পল্লৱী কৌশিক শৰ্মা

ৰাতিপুৱাই বৰ ধুনীয়া সপোন এটা দেখি সাৰ পালে মিছেছ বৰুৱাই। আনন্দ মনেৰে শোৱনি কোঠাৰপৰা বাহিৰলৈ ওলাই আহিল তেওঁ। বাহিৰখন কুঁৱলীয়ে চানি ধৰিছিল। গেটৰ লগতে থকা শেৱালিজোপা ডাল ভৰি ফুলি, আমোল-মোলাই তুলিছিল চৌপাশ। মিঠা সুগন্ধি অলপ বতাহত ভাঁহি আহি বৰুৱানীৰ নাকতে লাগিল। গোন্ধটো উজাই উশাহৰ লগত একাত্ম কৰি লৈ লাহে লাহে তেওঁ শেৱালিজোপাৰ দিশে আগুৱাই গ’ল আৰু তলসৰা শেৱালিবোৰ চাদৰৰ আঁ‌চলতে বুটলি মুখৰ ভিতৰতে কবিতা এটা গুণগুণাবলৈ ধৰিলে। শেৱালিজনী বৰ অভিমানী, সূৰুযৰ সৈতে তাইৰ নমতা-নমতি… : হ’ৰা আজি ৰাতিপুৱাই দেখোন মুখেৰে

Read more

য়া আলি ৰহম- সমুজ্জ্বল কাশ্যপ

ফোনৰ স্ক্ৰীনত বহুদিনৰ মূৰত চিনাকি নামটো দেখি আচৰিত হৈছিলোঁ, উঠোৱাৰ লগে লগে সিফালৰপৰা সি চিঞৰি উঠিছিল  : মই কৈছোঁ। ইমানকৈ ফোন কৰোঁ নুঠাৱ কিয়? ডাঙৰ কাম এটা আছে, মাৰ্চৰ ২৫ তাৰিখে গুৱাহাটীলৈ আহ। : মানে? এনেদৰে হঠাতে কেনেকৈ যাম! : সেইবোৰ নাজানো, তোৰ ম’বাইলত টিকট পঠিয়াইছে গৰিমাই আৰু একো কথাই নুশুনো। হয়। সেয়া জুবিন গাৰ্গ। এনেদৰে মাজে মাজে ফোন কৰি দম দিয়ে। তাৰ মতেই কৰিবলগীয়া হয় সকলো। সময়ত মোৰ কোনো কথাই শুনিবলৈ অপ্ৰস্তুত। বয়সত যথেষ্ঠ পাৰ্থক্য আছে যদিও আমি ভাল

Read more
1 12 13 14 15 16 72