ফটাঢোল

দাতা (DATA) কৰ্ণ : মনজিৎ

সোনমইনাৰ ফেছবুকৰ পোষ্ট “লক ডাউনত একেবোৰ মানুহকে দেখি দেখি আমুৱাইছেগৈ।” কমেণ্টত সেই বিষয়ে চৰ্চা। হয়ভৰ দি এজাক বন্ধু বান্ধৱ। মইনামতীৰ চকু পৰিল তাত। তাৰপাছত মহাভাৰত আৰম্ভ। “অ প্ৰেমত পৰাৰ দিনত মোক চাবলৈ ৰাতি আহিও মোৰ ঘৰ ওলোৱাহি, মনিবেগত সদায় মোৰ ফটো। আৰু এতিয়া ফেইচবুকত পোষ্ট- মোক দেখি দেখি আমনি পাইছা। চব মতা মানুহবোৰ একেই। পতাবৰ বাবে যি কোনো কাম কৰিবলৈ সাজু হৈ যায়। পতাই লোৱাৰ পিছত দুদিনতে আমুৱালে। নাথাকোঁ তোমাৰ লগত, লকডাওন খুলিলেই মাৰ ঘৰলৈ যাম গৈ।” লাইক কমেণ্টৰ ‌আশাত

Read more

জিভাৰ সুখৰ বতৰা- নাজিয়া হাচান

ৰাতিপুৱা শোৱাৰপৰা উঠিয়ে মানুহগৰাকীয়ে সদায় ঘৰৰ প্ৰতিজন সদস্যৰে টুথব্ৰাছ কেইডাল চাবোনেৰে ধুই লৈ, গৰম পানীত ডুবাই ডুবাই থৈ দিয়ে। ল’ৰা ছোৱালী হালকে ধৰি গৃহস্থয়ো চকু মোহাৰি মোহাৰি বেচিনটোৰ সন্মুখত থিয় হৈ সেই ব্ৰাছ কেইডাল মগটোত থকা গৰম পানীৰ পৰা উলিয়াই উলিয়াই নিতৌ ব্ৰাছ কৰাত লাগে। :: মাজনী, বাবা এয়া গাখীৰ বিস্কুট। খোৱাহি আহি।―টেবুলত বস্তুখিনি থৈ এইবাৰ ল’ৰা ছোৱালীহালক মানুহগৰাকীয়ে  চিঞৰিলে। :: হাতখন ধুইছা নে? :: ঔ মা, এতিয়া দেখোন ব্ৰাছ কৰি মুখ হাত ভালকৈ ধুই আহিলোঁ। আকৌ হাত..? :: নাই

Read more

অথঃ অনলাইন ক্লাছ সম্বাদ : শ্ৰী খনিন্দ্র ভূষণ মহন্ত

ক’ৰণাৰ প্রভাৱত লক-ডাউনে অনা অনাকাংক্ষিত বন্ধত আমাৰ গতানুগতিক শিক্ষা-ব্যৱস্থাত যতি পৰিল। বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় সকলোতে তলা। তেনেতে ওপৰ মহলৰ পৰা নির্দেশ আহিল: ‘অনলাইন ক্লাছ’ কৰাব লাগে। কেনেকৈ কি ব্যৱস্থা কৰিম, সেয়া সম্পূর্ণ নিজৰ। দিনৰ দিনটো শুই-বহি থকাৰ অভ্যাস তেনেকৈ নাই বাবেই নেকি, লাহেকৈ আমনি লাগিবলৈ লৈছিল। গতিকে কৰি ভালপোৱা কামটোত ব্যস্ত থাকিবলৈ পোৱাত ভালেই পালোঁ। সেইখিনিলৈকে সকলো ঠিকেই আছিল। মূল গণ্ডগোলবোৰ আৰম্ভ হ’ল পাছতহে। লক-ডাউনৰ এই সময়ছোৱাত ‘অনলাইন ক্লাছ’ৰ নামত আহৰণ কৰা কেইটামান সোণসেৰীয়া অভিজ্ঞতা তলত উল্লেখ কৰিলোঁ- স্নেপশ্বট ১

Read more

বুদ্ধিৰ জলঙাৰে : বিজু বুঢ়াগোহাঁই

অইন দিনাৰ দৰেই শ্ৰেণীকোঠালৈ সোমাই গ’লোঁ। মই গুৱাহাটীৰ নিম্ন প্ৰাথমিক বিদ্যালয় এখনৰ শিক্ষয়িত্ৰী। চতুৰ্থ শ্ৰেণীৰ এটা শাখাত অসমীয়া আৰু ইংৰাজী পঢ়াও। প্ৰথমে অসমীয়াৰ পিৰিয়ডটো কৰোঁ আৰু তাৰপিছত ইংৰাজীৰটো কৰোঁ। সেইদিনাও একেদৰেই কৰিম বুলি আৰম্ভ কৰিলোঁ। কিন্তু প্ৰথম পিৰিয়ডটো শেষ হোৱাৰ আগে-আগে ছাত্ৰ-ছাত্ৰীসকল এজনৰ পিছত এজনকৈ বাহিৰলৈ যাবলৈ অনুমতি বিচাৰি মোৰ কাষলৈ আহিল। মই সাধাৰণতে প্ৰথম পিৰিয়ডত কাকোৱেই বাহিৰলৈ যাবলৈ নিদিওঁ। কিন্তু সেইদিনা অলপ বেলেগেই কাৰবাৰ, যাবলৈ নিদিলে হেনো পেনতেই ওলাব। সেয়ে ময়ো যাবলৈ দিলোঁ। প্ৰথমে দুজন-দুজনকৈ আঠজনমান গ’ল। ময়ো ৰেহ-ৰূপ

Read more

জীৱনৰ লক্ষ্য : বন্যাজ্যোতি দত্ত

: ডাঙৰ হ’লে কি হ’বা তুমি? : ডাক্তৰ হ’ম। চবকে এগাল-এগাল বেজী দিম । অ’ জিকমিক বা, ডাক্তৰ হোৱাৰ পিছত মই নহয় পুলিচো হ’ম। চবকে লাঠিৰে ঢেৰ কোবাম।  হাঃ হাঃ বহুত মজ্জা হ’ব ন? অকণমানিটোৰ কথাত বাগৰি বাগৰি হাঁহিলোঁ। কিমান সৰলতাৰে ভৰা ইহঁতৰ সৰু সৰু মনবোৰ… অলপো কৃত্ৰিমতা নাই, জটিলতা নাই। সৰুকালৰ মইজনীলৈ মনত পৰি গ’ল। কিমান যে নাভুত-নাশ্ৰুত কাণ্ড কৰি ফুৰিছিলোঁ মই! পৃথিৱীত যদি মস্ত জেদী, নাওঁ বুৰিলেও টিঙৰ পৰা ননমা, কালৈকো কেয়াৰ নকৰা, বনৰীয়া কিহবাৰ উদাহৰণ দিব লগা

Read more

অসমীয়া সাহিত্যত ইঞ্জিনীয়াৰৰ স্থান- অভিজিত কলিতা

কোৱা শুনিছোঁ সাহিত্য হেনো সমাজৰ দাপোণ। কথাটো সৰলভাৱে মই এনেকৈ বুজিছোঁ যে, দাপোণত যিদৰে আমি নিজকে দেখা পাওঁ, তাকে চাই চুলি ফণিয়াওঁ, মুখত কিবা কিবি ঘঁহো, প্ৰথম প্ৰেমত পৰোঁতে তালৈকে চাই লাজ কৰোঁ, সাহিত্যৰ পৰাও সমাজখনে সেই সকলোবোৰ ফেচিলিটি পাব লাগে। কিন্তু দাপোণতনো আমি কেনেকৈ দেখোঁ?  বিজ্ঞানৰ সূত্ৰমতে দাপোণত সকলো বস্তু ওলোটাকৈ দেখা যায়, সোঁটো বাঁও হৈ যায়, বাঁওটো সোঁ। এইখিনিতে এটা খু-দুৱণি নথকা নহয়, যদি সোঁটো বাঁও হয়, তেনে ওপৰটোও তল কিয় নহয়? বা সাহিত্যত আচলতে সমাজখন ওলোটাকৈ, কিন্তু

Read more

লকডাউন পাৰ্ট-2 সঞ্জীৱ ভট্টৰ দ্বিতীয় বিবাহ- অলকেশ ভাগৱতী

: হেল্লো অলকেশদা, আমাৰ সকলো কেতিয়াবাই আহি পালে৷ আপুনি আহি পোৱা নাই যে? কিমান দেৰি হ’ব? : আৰে বৰ দৰকাৰী কাম এটাত ফচি গৈছোঁ ৰ’বা৷ আৰু এঘণ্টামান লাগিব মোৰ৷ তোমালোকে আৰম্ভ কৰাচোন৷ : হেই, ইমান দেৰি নকৰিব৷ সোনকালে আহক৷ অ’, আৰু আহোঁতে পাৰিলে আপেল দুটামান লৈ আহিবচোন৷ লগতে ক’লা নিমখ অকণমানো ল’ব৷ : OK, লৈ ল’ম৷ গৈ আছোঁ দিয়া যিমান সোনকালে পাৰোঁ৷ : OK, দাদা৷ দেবজিতৰ ফোনটো থৈ উঠিয়েই দৌৰাদৌৰিকৈ কামখিনি কৰিলোঁ৷ তাৰ পিছত ওচৰৰ দোকান এখনৰ পৰা আপেল আৰু

Read more

নৱগ্ৰহৰ জি এচ টি- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: গুৰুজী, মোৰ শনিৰ দশা কেনেকুৱা চলি আছে এইকেইদিন এবাৰ চাই কওকচোন। বিপদবোৰে দেখোন মোৰ লগ নেৰাই হৈছে। পৰহি ঘৰৰ পদূলিতে ভুল দিশত আহি ষাঁড় গৰু এটাই খুন্দিয়াইছে, যোৱাকালি বজাৰৰ পৰা এক কিলো আলু কিনিছিলোঁ তাৰো আধাকেজি মান বেয়া ওলাল। কিবা নহয় কিবা বিপদ হৈয়ে আছে মোৰ। : বাচা, যোৱা জেঠ মাহৰ পৰা শনিয়ে লম্ভিছে তোক, এক বছৰৰ গ্যাৰাণ্টেড ভেলিডিটি লৈ আহিছে। লগত ৰাহু আৰু কেতুও খাবলৈ নোপোৱা কুকুৰটোৰ দৰে পিছে পিছে আহিছে শনি মহাৰাজৰ। বিপদ নিশ্চিত।কালসৰ্প যোগ চলিছে বাচা

Read more

বৰুৱা এণ্ড বৰুৱানী দ্যা গ্ৰেইট- লখিমী হাজৰিকা

খেটেঙকৈ লোহাৰ জপনাখন খুলি পদূলিৰে বৰুৱানী পাৰ হৈ গ’ল। বৰুৱাই কাকতখনৰ আঁৰেৰে পিছফালৰ পৰা আপাদমস্তক এবাৰ চালে। নতুনকৈ কিনা পালাজ’ নে প্লাজো সেই কাবুলীৱালাই পিন্ধা টাইপৰ পেণ্টটোৰ সৈতে মাজনীৰ তালৈ যাওঁতে লৈ অনা টপটোৰে সৈতে চুটি চুলিখিনিৰে বৰুৱানীক দেখি বৰুৱাৰ মনলৈ অহা ফিলিঙটোক কি নাম দিব তেওঁ নিজেই ধৰিব নোৱাৰিলে। হওঁতে বৰুৱানীৰ স্বাস্থ্য-পাতি একেবাৰে বেয়া নাছিল। পিঠাগুড়ি, সান্দহ, গৰু গাখীৰে, ভীমকলে সানি জলপান খোৱা মানুহ বৰুৱানী। ঢেকী দিয়া, পথাৰত ভুঁই ৰোৱা মানুহ। গতিকে তেতিয়া লোডোৰ পোডোৰ নাছিল এতিয়াৰ দৰে। এতিয়া

Read more

কঁঠালৰ আঠা- প্ৰণীতা গোস্বামী বৰঠাকুৰ

ৰৈ ৰৈ ৰতি, মইনামতী তোমালোকৰ ঘৰলৈ…. ৰৈ ৰৈ ৰতি, মইনামতী সদায় যাব পাৰোঁ মই… ৰৈ ৰৈ ৰতি, মইনামতী দিয়া যদি, দিয়া যদি মৰমৰ মাত। দাড়ি খুৰুৱা ক্ৰীমটো মুখত সানি সানি বৰুৱাই বিহুগীত ফাঁকি গুণগুণাই আছিল। : হেৰি, হেৰি, শুনিছেনে… ক’ত গ’ল সাউতকৈ এইজন? বৰুৱানীয়ে পাকঘৰৰ পৰাই বৰুৱাক উদ্দেশ্যি চিঞৰিলে। : কি হ’ল হে, ইমান কিয় চিঞৰিছা, এইমাত্ৰ পাকঘৰৰ পৰা গৈছোঁহে৷ বৰুৱাই আধা ক্ৰীম সানি ব্ৰাছডাল হাতত লৈয়েই শ্ৰীমতীৰ ওচৰ পালেহি। : পাকঘৰৰ পৰা ওলাই গৈছোঁ মানে, আপুনি যেনেকৈহে কৈছে যেন

Read more
1 27 28 29 30 31 72