ফটাঢোল

খাব নেকি মিক্সাৰ – পাৰ্থ প্ৰতীম শৰ্মা

তেতিয়া মই নৱম শ্ৰেণীত। উঠি অহা বয়স। কাৰোবাৰ হাঁহিত সুখ বিচাৰি ফুৰাৰ বয়স৷ নতুনকৈ প্ৰেমত পৰিবলৈ শিকাৰ বয়স, কাৰোবাৰ এটা চাৱনিত দিনটো ভাল হৈ যোৱাৰ বয়স। ইজন-সিজনক দেখি মোৰো প্ৰেম কৰিবলৈ মন গ’ল। মই বোলো- এই কথাই কথা নহয়। কোনোবা এজনীক ময়ো চাব লাগিল। লগৰ গোটেইবোৰৰে প্ৰেয়সী আছে, গতিকে মোৰো এজনী থকা উচিত। হেন জানি ময়ো নিজলৈ বুলি এগৰাকীৰ সন্ধানত নামিলোঁ। বহুত বিচাৰি বিচাৰি এদিন এজনীৰ মুখৰ হাঁহিত সেই ‘স্পাৰ্ক’ বিচাৰি পালোঁ। মোতকৈ এক শ্ৰেণী তলৰ। মই বোলো বেছ! এইজনীয়েই

Read more

কাম কৰা মানুহ – অভিজিৎ মেধি

  ~ কাম কৰা মানুহ ~ ২০১২ চনৰ কথা। আগশাৰীৰ জাপানীজ অট’মোবাইল কোম্পেনী এটাৰ চেন্নাইস্থিত অফিচৰ পৰা ইস্তাফা দি একেখন চহৰতে ফ’ৰ্ড মটৰছত যোগদান কৰিছিলোঁ। কাৰণ মূলতঃ দুটা: মাহৰ শেষত দুটামান বেছিকৈ পইচা আৰু কষ্টকৰ জাপানীজ কৰ্ম সংস্কৃতিৰ পৰা পলায়ন। সেইসময়ত এলাহ মোৰ সিৰাত তেজৰ দৰে বৈ থাকিছিল। জাপানীজ কোম্পেনীৰ অফিচটোত পুৱা চাৰে সাত বজাতে গৈ পাব লাগে, অফিচত ভৰি দিয়াৰ লগে লগে নৃত্য-নাটিকা আৰম্ভ। দহ মিনিটৰ বাবে স্পীকাৰত কিবা জাপানীজ গান বাজি যাব আৰু লগে লগে থিয় হৈ হাত-ভৰি

Read more

এইম ইন লাইফ – মণিষা কাকতি

এইবাৰ সি লক্ষ্যত উপনীত হ’বই হ’ব। প্ৰস্তুতি একেবাৰে তুংগত। ক’তো অকণো খুঁত ৰখা নাই। এমাহতকৈও বেছি হ’ল নিজকে সাজু কৰাৰ। তিলতিলকৈ বুলি যে কয়, তেনেকৈ তৈয়াৰ কৰিছে নিজকে সি। নকৰিলেও উপায় নাই। লক্ষ্যই যে টাফ্। বিশেষকৈ ল’ৰাবোৰৰ বাবে। ছোৱালীবোৰৰ এইক্ষেত্ৰত প্লাছ পইণ্ট বহুত। ভাবিলে মাজে মাজে খঙো উঠে তাৰ। কিয় যে ল’ৰা হৈ জন্মগ্ৰহণ কৰিলে! কিন্তু এইবাৰ সি হাৰ নামানে। ভগৱানকো নৈবদ্যৰ টোপ দিয়া হৈ গৈছে ইতিমধ্যে। নাই, অলপো সুৰুঙা নাৰাখে সি এইবাৰ। সকলো ফালে পাৰফেক্ট হ’বই লাগিব। পাৰিলে এইক্ষেত্ৰত

Read more

ডেঞ্জাৰাছ নষ্টালজিয়া – তৃষ্ণা টি ভূঞা

নষ্টালজিয়া আৰু প্ৰেমৰ নিচা একেই বুলি কয় বহুতে৷ ইয়াৰ পৰিধি পিচে প্ৰেমতকৈও ডাঙৰ৷ সাধাৰণ ভাষাত কোৱা “the good old days” মানে সেই সোণোৱালী পুৰণি দিনবোৰৰ স্মৃতি অৰ্থাৎ নষ্টালজিয়াই আমাৰ মন জীপাল ৰাখে জীৱনৰ বহুত ওখোৰা-মোখোৰা মুহুৰ্ততো৷ ময়ো মোৰ বাল্যকালৰ এটি নষ্টালজিয়া আপোনাসৱৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ৷ মোৰ শৈশৱ কালছোৱাৰ বেছিভাগ সময় মাৰ বাহিৰে আন দুজনী মৰমীয়াল মহিলাৰ লগত অতিবাহিত হৈছে৷ সেয়া হৈছে মোৰ আইতা আৰু আমাৰ ঘৰত সৰুৰেপৰা থকা কিৰণ নামেৰে বাইদেউ এজনীৰ লগত৷ মাৰ চাকৰিৰ কাৰণে বেছিভাগ সময় এওঁলোকৰ

Read more

লোভেই পাপ,পাপেই…. – ৰাজশ্ৰী শৰ্মা

আমি যেতিয়া সৰু আছিলোঁ, মানে এই ধৰক আজিৰ পৰা পঁচিছ বছৰমান আগতে। তেতিয়া মবাইল ফোন নাছিল, নেটফ্লিক্স নাছিল, ইণ্টাৰনেটতো নাছিলেই আনকি আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ ঘৰত ৰঙীন টিভিও নাছিল। মানুহবোৰ পিচে মৰমীয়াল আছিল আৰু আমাৰ দৰে সৰু ল’ৰা ছোৱালীবোৰ মহা অঘাইটং। তেনেকুৱা দিনবোৰত আমাৰ বাবে হোটেলৰ খোৱা পৰিঘটনাটি কিবা অস্পৃশ্য কথা আছিল। যেনে এই যে মামা আহিল ঠাণ্ডাৰ বন্ধত কোচিনৰ পৰা, তিনি দিন ৰেলত থাকি, হোটেলত খাই। সি কিন্তু চিধ্ধাই ঘৰৰ ভিতৰত সোমাবহি নোৱাৰিব। বাহিৰত কাপোৰ সলাই একেবাৰে মায়ে

Read more

বেংকৰ বিলৈ – চিকু শৰ্মা

মই পইছা থ’বলৈ আমাৰ কাষতে থকা পাঞ্জাব নেচেনেল বেংকটোলৈ গʼলোঁ। ইফালে জেঠ মহীয়া মস্ত গৰম। পাংখা চলি থাকিলেও কোনোবাই ফুৱাই থকা যেন লাগে। এনেও জানেইতো সকলোৱে কিবা এটা ভুল হʼলেই বেংকৰ মানুবোৰে কেনেকৈ উঠে। ইফালে এই বেংকটোত এ চি ৰ ব্যৱস্থাও নাই। প্ৰায় এমাহমান আগতে বেংকৰ একাউণ্টবোৰ ৰন্ধনগেছ এজেন্সিৰ লগত সংযোগ কৰিব লগা হৈছিল। ৰন্ধন গেছ লোৱাৰ পিছত কিবা অলপ পইছা বেংকত সোমাইছিল। মই পইছা জমা কৰা ফ্ৰমখন ফিলাপ কৰি শাৰীপাতি থিয় হৈ আছোঁ। মোৰ কাষতে থকা শাৰীটো আছিল পাচবুক

Read more

কিবাহে হ’ল – কমল তালুকদাৰ

এসপ্তাহ মান আগৰ কথা, ঠাণ্ডাটো অলপ বেছিকৈ পৰিছিল, মানে অইনদিনাতকৈ অলপ বেছি আছিল। সেয়েহে সন্ধিয়া অলপ সোনকালে ঘৰলৈ ঘূৰি আহিলোঁ। ভাবিলোঁ অলপ জুহালত বহি জুইৰ উমনিকে লওঁ। সেইদিনা মনটো অৱশ্যে অলপ প্ৰফুল্ল প্ৰফুল্ল লাগি আছিল, পাওনা পইচা কেইটামান পাবলৈ আছিল মহন্ত দাদাৰ পৰা, বাটত লগ পাই দি দিলে, তাকো ছ-মাহ ঘূৰাৰ পিছত। সেই কেইটা হাতত লৈ ঘৰলৈ ঘূৰি আহিলোঁ। আহি চোতালত ভৰি দিছোঁ, এনেতে এটি বৰ সুন্দৰ গোন্ধ আহি নাকত লাগিল। ইফাল সিফাল চাই গোন্ধৰ উৎস বিচাৰিলোঁ, লাহে লাহে অনুমান

Read more

পৰুৱাই পাইছিল – নীতুমণি বৰঠাকুৰ

মই ক্লাছ ফাইভত পঢ়ি থকা সময়ৰে ঘটনা। গৰম বন্ধ পৰাত ক’ত যাম ক’ত নাযাম কৰি থকা দেখি আইতাই ফুৰিবলৈ যাবলৈ লগ ল’লে। ফুৰিবলৈও লগ ল’লে এনেডোখৰ ঠাইলৈ ঘৰৰ পৰা মাত্ৰ তিনি কিলোমিটাৰমান দূৰ। আচলতে আমাৰ দিনৰ কাৰণে সেইখিনি দূৰলৈ ফুৰিবলৈ যোৱাও ফূৰ্তিৰে কথা। আইতাই লগ লোৱাত ওলালোঁ এদিন দুপৰীয়া বাইদেউৰ (জেঠাইৰ জীয়েক)ঘৰলৈ বুলি। দুপৰীয়া একমান বজাত আইতা আৰু বৰমাৰ লগত খোজ কাঢ়ি ওলাই গ’লোঁ। তেতিয়া ওচৰত গাড়ী বা ৰিক্সা একো নাছিল। বোলো আজি গৰমৰ বন্ধত ফুৰিবলৈ আহিছোঁ বাইদেউৰ ঘৰত দকছি

Read more

দক্ষ বান্দৰ – সৌৰভ শৰ্মা

এজাক বান্দৰ আছে। সিহঁতে সৰ্বসন্মতিক্ৰমে এজন ৰজা নিৰ্বাচন কৰে। এইবাৰৰ ৰজাজনে যিজন দক্ষ বান্দৰৰ ওপৰত নিৰ্ভৰশিল; পূৰ্বৰ ৰজাজনেও তেওঁকে নিৰ্ভৰ কৰিছিল। কাৰণ পূৰ্বৰজন নিৰ্বাচনৰ সময়ত তেওঁ সিফলিয়া আছিল। পিছত কিবা ক্ষোভতে এই ফলিয়া হ’ল আৰু বৰ্তমানৰ জনক ৰজা পাতিহে এৰিলে। এই দক্ষ বান্দৰ জনৰ গুণ-গৰিমা বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। তেওঁৰ দক্ষতা অন্য হাবিৰ বান্দৰেও জানে। নজনাকৈ দুই এক থাকিলেও কথা নাই। কাৰণ তেওঁৰ দক্ষতাৰ ঢাক-ঢোল পিটিবলৈ ভৃত্য আছে, মিডিয়া আছে। মুঠৰ ওপৰত দক্ষ বান্দৰজনৰ বিষয়ে প্ৰচাৰ কৰোঁতা আৰু শুভাকাংক্ষীৰ

Read more

সময়ৰ চকৰি : অভিজিত মেধি

মোৰ ঠিক চাৰি বছৰ বয়স হওঁতেই মায়ে তেতিয়া দ্বিতীয় শ্ৰেণীত পঢ়া বাইদেউজনীৰ লগত বিনা পইচাত স্কুল পঠিয়াবলৈ আৰম্ভ কৰি দিছিল। বৰচাপৰি প্ৰাথমিক বিদ্যালয়, ঘৰৰ ওচৰৰে স্কুল, নামভৰ্ত্তি কৰাৰ একো লেঠা নাই। এতিয়া যাওকচোন, সময় হ’লে নাম লগাই দিম নহয়- কথাবোৰ এনেহেন আৰু! চৰকাৰী স্কুলত নাম লগোৱাৰ যথাগত বয়স তেতিয়া ছয় বছৰ। কিন্তু দাদা-বাইদেউহঁতক দেখি দেখি চাৰিবছৰ বয়সতে মই আখৰকেইটা চিনি পোৱা হৈছিলোঁৱেই, নাম নলগোৱাকৈ স্কুলত কিছুদিন বহাৰ পাছত পঢ়িব পৰাও হৈ গ’লোঁ। তাকে দেখি পাছৰ বছৰত মায়ে বিশ টকা মাচুল

Read more
1 50 51 52 53 54 72