ফটাঢোল

ব্যঙ্গ মুকাভিনয়ৰ ঈশ্বৰ – চাৰ্লি চেপলিন – ভাস্কৰজ্যোতি দাস

চাৰ্লি চেপলিনৰ প্ৰথম পৰিচয় হ’ল এয়ে যে তেওঁ মুলত: এজন বৃটিছ অভিনেতা৷ সম্পূৰ্ণ নাম চাৰ চাৰ্লচ স্পেনচাৰ চেপলিন জুনিয়ৰ৷ ১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে জন্মলাভ কৰা চাৰ্লি চেপলিনে হলিউড ছবিজগতৰ প্ৰথমৰ পৰা মধ্যকালৰ ভিতৰৰ সময়খিনিত তেওঁ অজস্ৰ ছবি পৰিচালনা কৰিছিল৷ বৰ্তমানৰ ভি এফ এক্স যুগৰ বিপৰীতে তেতিয়াৰ ক’লা-বগা আৰু নিৰ্বাক ছবিবোৰেৰে তেওঁ সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল৷ চাৰ্লি চেপলিনৰ মুকাভিনয়ৰ ৰসালতা আৰু কাহিনীৰ বাস্তৱধৰ্মীতাক সমগ্ৰ পৃথিবীয়ে স্বীকৃতি দিছিল৷ এতিয়াও চাৰ্লি চেপলিনৰ এখন চিনেমা চালে একে অনুভৱেই হয়৷ মুঠতে চিনেমা

Read more

পৰিৱৰ্তন -মৌচুমী বৰি

বুমন দাদাৰ কথা ভাবি জীমণি প্ৰায়ে হতাশ হয়৷ কিয় এনেকুৱা হ’ল সি? সৰুৰ পৰা ডাঙৰলৈ সকলোৱে তাক সুযোগ সুবিধা পালেই দম দিয়ে, গালি দিয়ে৷ কিন্তু সি নিৰ্বিকাৰ হৈ থাকে৷ কাকো ওলোটাই একো নকয়৷ তাৰ এই প্ৰতিক্ৰিয়াহীনতাৰ সুযোগ সকলোৱে লয়৷ সি যেন এটা অকৰা অজলা মূৰত ঘিউ নথকা ল’ৰা — ঠিক তেনেকুৱা ভাৱ প্ৰকাশ কৰে সকলোৱে৷ অথচ, ঘৰৰ বজাৰ-সমাৰৰ পৰা ভাত ৰন্ধা লৈকে সকলো কামেই বুমন দাই নিয়াৰিকৈ কৰি যায়৷ বুমন দাক দেখিলে এনে লাগে– সি যেন মানুহৰূপী এটা ৰবটহে৷ যিয়ে

Read more

গুৰুবাণী – হেমন্ত কাকতি

মোৰ মৰমৰ শিষ্যগণ, ভক্তবৃন্দ আৰু অতিকৈ মৰমৰ সুন্দৰীসকল- প্ৰথমতে, মোৰ আশ্ৰমলৈ সকলোকে হিয়াভৰা আদৰণি জনালোঁ৷ মনত অতিকৈ শুভ চিন্তাৰ উদয় হোৱা হেতুকে তোমালোকে এনে এখন কৰ্মশালাত ভাগ লোৱাৰ সুবিধা পাইছা৷ ভক্তগণ শুনা, হয়তো পূৰ্বজন্মৰ কোনো পুণ্যৰ বাবেই এইহেন ভাৰত বৰিষত জন্ম লোৱাৰ সুবিধা পাইছা আৰু কিবা extraordinary কামৰ ফলস্বৰূপে এই আসাম মূলুকত৷ কিন্তু জানাই নহয়, সময় বৰ কঠিন। শক্তিপীঠৰ এই মূলুকত অজস্ৰ শক্তি চাৰিওফালে বিয়পি থকাৰ পিচতো আমাৰ spirits আজি all-time low কিন্তু outrage আজি all-time high. কিয় জানানে? আছলতে

Read more

ৰঘূমলাৰ দৰে – পৰী পাৰবীন

: “অই প্ৰকল্প৷ ক’ত আছ তই?” : “উজানবজাৰৰ ফেৰীঘাটত আছোঁ৷ কিয় সুধিলি?” : “এই বে…..(অশ্লীল)৷ কি মূৰটো কৰিছগৈ তাত? মই ৰুমত পৰি আছোঁ অকলে৷ কিবা এটা লৈ আন৷” তাই কি বিচাৰিছে বুজিলো মই৷ তাৰমানে তাই আজিও মোক এৰি নিদিব৷ কিবা এটা লৈ আন মানে, তাইৰ লগত মই ৰাতি এপৰলৈকে বহি থাকিব লাগিব৷ তাইৰ লাগবান্ধ নোহোৱা কথাবোৰ শুনিব লাগিব৷ মাজে মাজে মোৰ মতামত দাঙি ধৰিব লাগিব৷ উবেৰ এখন মাতি পঠিয়ালো৷ উজানবজাৰৰ পৰা খ্ৰীষ্টীয়ান বস্তিৰ হোটেল গ্ৰেণ্ড ষ্টাৰলাইন৷ মাজতে নামি কিবা এটা

Read more

প্ৰায়শ্চিত্ত – অঞ্জলি গগৈ বৰগোহাঞি

আজিকালি পূজা আহিলেই মই বৰ অস্থিৰ হৈ পৰোঁ। আচলতে এতিয়া অস্থিৰ হৈ লাভ নাই বুলিও জানো! চৰকাৰী চাকৰি কৰা তাতে আকৌ আগত অফিচাৰ নাম ফলক এখন আঁ‌ৰি থোৱা, আমাৰ দৰে মানুহৰ বাবে পূজা মানে কিমান বোজা আপুনি কি বুজিব! যত দোষ মোৰ এই চেহেৰাটো! চেহেৰাটো বুলি যে ক’লোঁ কিয় কৈ আছোঁ ৰ’ব। আচলতে ডেকা বয়সত মইও সেই হেণ্ডচামেই আছিলোঁ, তাতে আপোনাৰ অলপ চেনি টাইপৰো। কিমানজনীৰ লগত লীলা কৰিলোঁ নিজেই হিচাপ দিব নোৱাৰিম। শেষত গৈ যিগৰাকীৰ লগত সংসাৰ কৰিলোঁ, তেৱোঁ‌ আছিল

Read more

বেবেৰিবাং – অমিতাভ মহন্ত

বিয়াগোম ফেচবুক চেলিব্ৰেটি বিশিষ্ট বৰ্মনে ঘড়ী ঘণ্টা, পঞ্জীকা আদি চাই ঠিক দহ বাজি পয়ত্ৰিশ মিনিট আৰু বাৰ চেকেণ্ডত দেশ, জাতি আৰু সমাজ উদ্ধাৰকাৰী ষ্টেটাচ এটা প্ৰসৱ কৰিলে৷ শনিবাৰৰ ৰাতিপুৱা৷ বৰ্মনৰ অফিচ সেইদিনা বন্ধ৷ গতিকেই ঠেং ঠুং মেলি হালধীয়া বক্সাৰটো পিন্ধি আৰামত বাহিৰৰ চোফাখনত বাগৰি ল’লে৷ বেমাৰী মুৰ্গীৰ দৰে চকু মুদ খাই আহিলেও কাণদুখন সম্পুৰ্ণ জাগ্ৰত কৰি ৰাখিছে৷ অপেক্ষা সেই বিশেষ শব্দৰ… ন’টিফিকেচনৰ৷ যোৱা চাৰিমাহৰ হিচাপ উলিয়াই থৈছে বিশিষ্ট বৰ্মনে৷ আজিকালি তেওঁৰ একোটা ষ্টেটাছত গড়ে ৫৪৭টা লাইক পৰে৷ জাতীয়তাবাদ, আলফা আৰু

Read more

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য্য

১) বিত্ত সচিব দৌৰি আছে কান্ধত লৈ মোনা চাৰিওফালে ধনেই ধন চপাবলৈ আন কোঢ়োনা হাতত লৈ ৰচিদ বহী ফটাফট কৰিছে চহী দেউক দিবলৈও নোজোৰে পিছে চাউল এক দোণা৷ ২) দীঘলীপুখুৰীৰ পাৰত তোমালোকে কৰিলা প্ৰতিবাদ ওকণি ভৰ্ত্তি চুলিহে আঁতৰালা নিদিলা ভাল সংবাদ সংবাদ শীৰ্ষলৈ অহাৰ মন পোৱা যদি নগদ ধন কাপোৰ খুলিবলৈয়ো নকৰিবা হ’বলা অলপো লাজ৷ ৩) শিক্ষকক নিন্দা কৰাজন বৈৰী সমাজৰ জাতি গঢ়োঁতাৰ বিৰুদ্ধে কথা বৰ বৰ অভিভাৱক শিক্ষক ছাত্ৰ ত্ৰিকোণীয়া প্ৰচেষ্টা মাত্ৰ এজনে নোৱাৰে কৰিব তিনিও লগ হৈ কৰ৷

Read more

ঘোষিকা – বৰ্ণালী ফুকন

মই তেতিয়া নৱম মান শ্ৰেণীৰ ছাত্ৰী৷ ছাত্ৰী একতা সভাৰ মিটিং চলি আছে, লগৰ কেইজনীৰ সৈতে চানা চোবাই শেষৰ ফালৰ বেঞ্চ এখনত বহি আছো৷ হঠাৎ কথা নাই বতৰা নাই মঞ্চত ঘোষণা কৰিলে -এতিয়া পৰৱৰ্তি কাৰ্যসূচী আগুৱাই নিবলৈ শ্ৰীমতি বৰ্ণালী ফুকণক অনুৰোধ কৰিলো৷ অপ্ৰত্যাশিত ভাবে নিজৰ নামটো শুনি ইফালে সিফালে চাই ভুল শুনিলো বুলি চানা দুটমান মুখত ভৰাই চোবাবলৈ ধৰোতেই পোনৰ ঘোষণা কৰিলে -পৰৱৰ্তি কাৰ্যসূচী আগবঢ়াই নিবলৈ শ্ৰী বৰ্ণালী ফুকণক অনুৰোধ কৰিলো৷ এইবাৰ বুজি উঠিলো ইয়াৰ পৰা সাৰি যোৱাৰ কোনো উপায় নাই৷

Read more

গণতন্ত্ৰ – মূল: ড° নৰেন্দ্ৰ কোহলী; অনুবাদ: হিমাংশু ভাগৱতী (একে নামৰ লেখাৰ ভাবানুবাদ)

ভোলাৰামৰ সাংঘাতিক ল’ৰালৰি৷ হাতত এডাল লাঠি আৰু এখন পতাকা লৈ সি প্ৰায় লৰ দিয়াৰ দৰে খোজ দিছে৷ “ক’লৈ যাৱ অ’ই? “ মই সুধিলোঁ৷ “ষ্টে’ছন৷ “ “ৰে’লত ক’ৰবালৈ যাবি? ? “ “নহয়৷ ৰে’লত জুই লগাবলৈ গৈ আছোঁ‌৷ “ “কিয়? “ মই আচৰিত হৈ সুধিলোঁ, “বেচেৰা ৰে’লখনে তোৰ কি ক্ষতি কৰিলে৷ সেইখন চৰকাৰী সম্পত্তিহে৷ “ “তেন্তে দেশে বিহাৰত আমাৰ দলৰ চৰকাৰ কিয় নবনালে? ? “ সি খঙত ক’লে৷ “আমাৰ চৰকাৰ নহ’লে আমি দেশত জুই লগাই দিম৷ “ “এয়াটো গণতান্ত্ৰিক কথা নহ’ল৷ “

Read more

ঠিকাদাৰ – সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

“হেল্ল’ শইকীয়া চাৰ হয় নে বাৰু?” “হয়, কোনে কৈছে?” “চাৰ, মই ৰাতুল, আপোনাক অফিচত লগ ধৰি থাকোঁ যে মাজে মাজে, সেই যে ছয়গাওঁৰ ৰাস্তাটো! চিনিব পাৰিছেনে চাৰ?” “অ’ হয় হয়, পাৰিছোঁ পাৰিছোঁ।” “চাৰ, উৰুকা আৰু মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আপোনাক।” “ঠিক আছে বাৰু, তোমালৈও শুভেচ্ছা থাকিল। তোমাৰ কামটো মই কৰিব চেষ্টা কৰি আছোঁ, অতি সোনকালে ভাল খবৰটো পাবা তুমি।” “হ’ব চাৰ, মই বিশেষ কথা এটাৰ কাৰণেহে ফ’ন কৰিলোঁ আপোনাক।” “কোৱাচোন কি কথা?” “চাৰ, উৰুকাৰ বাবে মাছ কিনিলে নেকি আপুনি?” “নাই

Read more
1 18 19 20 21 22 42