ফটাঢোল

পত্ৰবন্ধু – কৃষ্ণা বৰা ফুকন

স্কুলত থাকোতে কেইখনমান আলোচনী খুউব পঢ়িছিলো। বিস্ময়, মায়া, তৃষ্ণাতুৰ, ৰহস্য , মৌচাক, প্ৰান্তিক, ৰংঘৰ, পূবালী। কেতিয়াবা দেতাই “ষ্টাৰডাষ্ট” নামৰ ইংৰাজী আলোচনী এখনো আনিছিল। সেইখন অৱশ্যে পঢ়া নাছিলো, মানে নোৱাৰিছিলো। তাত থকা হিন্দী চিনেমাৰ নায়ক নায়িকাৰ ফটোত দাড়ি মোছ, তিল, চেলাউৰী আঁকিছিলো। ওপৰত উল্লেখ কৰা কেইখনমানত পত্ৰবন্ধু নামেৰে শিতান এটা আছিল। ভাইটি আৰু মই পোষ্ট কাৰ্ডত খুউব নাম ঠিকনা পঠাইছিলো। ক’ৰবাত ক’ৰবাত উলাইছিলো আৰু সেই জহতে অসংখ্য চিঠি পাইছিলো, অসমৰ বিভিন্ন ঠাইৰ পৰা। মুকুন্দ দা মানে আমাৰ ডাকঘৰৰ ডাকোৱালজনৰ চাইকেলখন আহি

Read more

সম্পাদকৰ সংসাৰ– লিপিকা কৌশিক

পাচলি বজাৰত সম্পাদক (দোকানীলৈ চাই): হেৰা, এই ৰঙালাওটো বৰ ডাঙৰ, অলপ কাট পেষ্ট কৰি দিবাহে ! চাহৰ হোটেলত সম্পাদক : পইচা কমকৈ ৰাখক, শিঙৰাৰ ভিতৰত কেৰেককৈ মস্ত আদা এডোখৰ চোবালো, কি স্পেলচেক কৰে আপুনিহে জানে দেই! শ্বপিং মলত সম্পাদক: দোকান বেছি হ’ল বুলিয়ে সৱ ফোল্ডাৰতে সোমাব নালাগে, ভাল চাই ছৰ্টলিষ্ট কৰি যি কিনিব খুজিছা কিনা। ভাতৰ টেবুলত সম্পাদক: হেৰা, দাইলত নিমখ কম হৈছেহে, অলপ এডিট কৰি দিয়া। আৰু মাংসখিনিও বৰ চুটি হৈছে, দীঘল কৰি দিয়া। কৃষ্ণ প্ৰভু! মাংস কেনেকৈ দীঘল

Read more

ফটাপ্ৰেম – বৰ্ণালী ফুকন

ক্লাছ এইটৰ পৰা আমাৰ লগৰ দুই এজনী প্ৰেমত পৰিবলৈ ধৰিছে। টিফিনত আমি কেইজনীমানে সিহঁতক বেৰিকুৰি ধৰো, প্ৰেম কাহিনী শুনিবলৈ। প্ৰেমিকৰ চিঠি দুই এখন পঢ়াৰো সৌভাগ্য ঘটিল। তেজেৰে লিখা চিঠি পঢ়ি শিঁয়ৰি উঠো। কিমান ভাল পালে বাৰু এনেকৈ তেজেৰে প্ৰেমিকালৈ চিঠি লিখিব পাৰে। তাহাঁতৰ প্ৰেম কাহিনীয়ে আপ্লুত কৰে আমাক। আমি প্ৰেমিক নথকা কেইজনীয়ে নিজৰ ফুটা কপালখনকে দুখ দিওঁ। আমি কেইজনীয়ে কথা পাতো, তেজেৰে নালাগে বাৰু চিঞাহীৰেই লিখচোন আমালৈ চিঠি এখন কোনোবাই। মনৰ দুখ মনতে মাৰ যায়। আইনাখনৰ আগত নিজকে চাই ভাবো,

Read more

মিছেছ কলিতাৰ চিন্তা–জীমণি গগৈ

মি:কলিতা: হেৰা, এইবাৰ মাইনাৰ বাৰ্থডে’ত কাকতি, শৰ্মা, আৰু বৰুৱাৰ পৰিয়ালৰ কোনো নাহিল যে ? মিছেছ কলিতা: মাতিলেহে আহিব। মি:কলিতা: নামাতিলা নেকি? আগৰকেইবাৰত মাতিছিলা যে? মিছেছ কলিতা: যোৱা কিছুদিনত মোৰ কেইবাটাও আপডেটত তেওঁলোকে এটাও লাইক, কমেণ্ট দিয়া নাই। চ’ এইবাৰ নামাতিলোঁ যাহ্!! ★★★★

Read more

কইনা চাবলৈ- দিগন্ত কুমাৰ ভট্টাচাৰ্য্য

-“কথা এটা শুনিলোঁ, ৰক্তৰ বিয়াখন নহ’বগৈ বোলে” ৰক্তবীজৰ আইতাকে ভৰি মালিচ কৰি থকা বাইগৰাকীক ক’লে। -“মইতু জানুৱেই, এইবাৰো নহ’বো বুলি। তাৰ মনেই নাই হান পাইছু। পিছে কিয়া নু? আপী পছন নহ’ল না কি দেখাত?” বাইৰ হাতৰ স্পীড কম হয়। বেছি স্পীডত মালিচ কৰিলে হাতখনৰ লগত গোটেই গাটো লৰে, কাণখনো কঁপে। কাণখন কঁপিলে আইতাকে সেহাই সেহাই কৰা ‘বিয়া কিয়া নু নহ’ল’ বৰ্ণনাৰ দুই-এটা প্ৰয়োজনীয় শব্দ কাণত নোসোমালে শুনাৰ মজাটো নাথাকিব। -“কিবা বোলে বেনামী চিঠি আহিছে ছোৱালীৰ কথা লগাই” -“চিঠি দিছি? কুনিনু?”

Read more

ৰূমমেট– মেঘালী দিহিঙীয়া

(১) সন্ধিয়া ৬ বাজি ৩০ মিনিট- -“ঐ, বিকাজীৰ ভুজিয়াখিনি আছেনে শেষ হ’ল?” -“আছে, কিয়?” -“চাহ একাপ খাওঁ” -“ৰ, মই বনাইছোঁ” -“অঁ বনাচোন, আদা দিবি হাঁ। স্পেচিয়েলকৈ বনা।” সন্ধিয়া ৭ বাজি ৫ মিনিট- -“উৱা, চাহ ক’ত? আধাঘণ্টা লগাইছ যে ৰঙাচাহকণ বনাওঁতেই?” -“অহ চ’ৰী চ’ৰী। একদম পাহৰি গৈছিলো। পত্ কে বনাই আনিছো ৰ, ৫ মিনিট।” ৰূমমেটে খৰখেদাকৈ চেণ্ডেল চোঁচৰাই কিটচেনলৈ যোৱাৰ শব্দ। কাণত ফোনটো। সিমূৰত ‘বি এফ’। (২) ৯ বাজি ১৫ মিনিট- -“মই ভাত আৰু দালি বহাই দিছো, তই ভাজিখন বনাবি হাঁ।

Read more

মণিকুন্তল (দ্বিতীয় খণ্ড)– গীতাশ্রী কলিতা

প্ৰথম খণ্ডত: পদুমনি গাঁৱৰ বৰা পোষ্টমাষ্টৰৰ বৰ জীয়ৰী মণি। সহজ সৰল মনৰ দীপলিপ গাভৰু মণি। গাঁৱৰে ল’ৰা কুন্তলৰ তাইলৈ মন। তাৰ গভীৰ দুচকুৰ চাৱনিত মণিয়ে প্ৰত্যক্ষ কৰিছে তাইৰ প্ৰতি অলেখ ভালপোৱা। লাহে লাহে মণিৰো মন গলিছে। আজিকালি দিনটোত এবাৰ হ’লেও তাক নেদেখিলে থাকিব নোৱাৰা হৈছে তাই। তাতে বহাগৰ বতৰ, কুন্তলক দিবলৈ বুলি মৰমৰ বিহুৱানখনো মনে মনে বৈ থৈছে মণিয়ে। আগৰ খণ্ডটো বিতংভাৱে তলৰ লিংকটোত পঢ়িব পাৰিব: মণিকুন্তল – গীতাশ্ৰী কলিতা ************************************************** এইকেইদিন ৰাতি বিহু মাৰাৰ চলেৰে দিনটোত এবাৰ হ’লেও তাক

Read more

আপদীয়া পদ্য – হেমেন ডেকা

(১) ঘূণপোকে খালে নেকি আগৰ মিলা-প্ৰীতি, সুদূৰ পৰাহত যেন শান্তি-সংহতি, সৰৱ মঞ্চৰ অভিনেতা, নীৰৱ চমঝদাৰ শ্ৰোতা, গেছত পকা কলৰ দৰে হ’ল ৰাজনীতি (২) দিনত সভা-সমিতিত উদাত্ত ভাষণ দি ফুৰে, ৰাতি হ’লে এটুপি ধৰি গিৰিহঁতনীক গালি পাৰে, দলৰ তেৰাই হৰ্তা-কৰ্তা, ৰাইজক দিয়ে প্রেছ বাৰ্তা, দেশৰ স্বাৰ্থত সাংগোপাংগে পথ অৱৰোধ কৰে। (৩) আবিৰ্ভাৱ হয় চিপৰাং পাৰ্টি, ত্ৰাণকৰ্ত্তা নেদেখি হেৰায় চুৰ্ত্তি, অহোৰাত্ৰি মহা ত্ৰাস, অৰ্থকৰী অৰ্থনাশ, কাণে-কাণ মাৰি গাদী ৰয় বৰ্ত্তি। (৪) উদক ৰাখো আমি ভেঁটা ৰখীয়া, বগলীক পাতো দলৰ বিষয়ববীয়া, লোভত মৰে

Read more

সদন – মূল: হৰিশংকৰ পাৰসাই (অনুবাদ: হিমাংশু ভাগৱতী)

দেশৰ সংসদত এদিন হাহাকাৰ লাগিল। সেই হাহাকাৰৰ ৰাজনৈতিক কোনো কাৰণ নাছিল, কাৰণ আছিল এটা বৰ ৰসাল ঘটনা। এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ অকস্মাৎ চুলি খুৰোৱাক লৈ লাগিছিল হাহাকাৰটো। কালিলৈকে মন্ত্ৰীজনৰ মূৰটো জপৰা চুলিৰে ভৰি আছিল, ৰাতিৰ ভিতৰতে চুলি নোহোৱা কেনেকৈ হ’ল? সকলোৱে কথাটো আলোচনা কৰিবলৈ ল’লে। বিভিন্ন অনুমান কৰিবলৈ ধৰিলে। কোনোবাই ক’লে- মূৰত ওকণি হৈছিল কিজানি, আন কোনোবাই আকৌ ক’লে- মগজুত বিচাৰ বুদ্ধি ভৰাবলৈ বোধহয় চুলিৰ আৱৰণখন গুছাই ল’লে, আকৌ কোনোবাই ক’লে- পৰিয়ালৰ কোনোবা ঢুকালে বোধহয়। কিন্তু মন্ত্ৰীক আগৰ দৰে প্ৰসন্ন ভাবতে

Read more
1 25 26 27 28 29 42